ইউক্লিডৰ জ্যামিতিৰ পৰিচয়
Exercise 5.2 (অনুশীলনী 5.2)
1. ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা ?
সমাধানঃ পৰস্পৰ কটাকটি কৰা দুডাল বেলেগ বেলেগ ৰেখা একেডালে ৰেখাৰ সমান্তাৰাল হ’ব নোৱাৰে ।
2. ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তাৰাল ৰেখাৰ অৱস্হিত সুচায়নে ? ব্যাখ্যা কৰা
সমাধানঃ যদি একেডাল সৰলৰেখা l একেডাল সৰলৰেখা m আৰু n ক ছেদ কৰিলে l এটা ফালে থকা অন্তঃস্হ কোণৰ সমষ্টি দুই সমকোণৰ সমান হয়, তেন্তে ইউক্লীডৰ পঞ্চম স্বীকাৰ্য অনুযায়ী m আৰু n- l -ৰ এইটা ফালে কেতিয়াও এটা বিন্দুত লগ নালাগে । এতিয়া আমি জানো যে l -ৰ আনটো ফালে থকা অন্তঃকোণৰ সমষ্টি দুটা সমকোণৰ সমান ।
গতিকে ৰেখা দুডাল l-ৰ আনটো ফালেও কেতিয়াও এটা বিন্দুত লগ নালাগে ।
এতেকে দেখা গল যে m আৰু n- কেতিয়াও লগ নালাগে আৰু সেইবাবে সিহঁত সমান্তৰাল ।
No comments:
Post a Comment