বিজ্ঞান
অধ্যায় ১ -আমাৰ চাৰিওকাষৰ বস্তুবোৰ
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. তলৰ কোনটো পদার্থ নহয়।
(a) চকী।
(b) বায়ু।
(c) প্রেম।
(d) আকাশ।
উত্তৰঃ (c) প্রেম।
2. ভৰৰ SI একক ——
(a) কিলোগ্রাম।
(b) কিলোমিটাৰ।
(c) কিলোজুল।
(d) কিলোৱাট।
উত্তৰঃ (a) কিলোগ্রাম।
3. পদাৰ্থৰ অৱস্থা ——
(a) এটা।
(b) দুটা।
(c) তিনিটা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) তিনিটা।
4. দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাক বোলা হয়—
(a) আসৃতি।
(b) ব্যাপন।
(c) লীন তাপ।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (b) ব্যাপন।
5. বৰফৰ গলনাংক হ’ল —
(a) 27316k
(b) 273.16k
(c) 27361k
(d) 273.61k
উত্তৰঃ (b) 273.16k ।
6. তলৰ কোনটো পদাৰ্থ জুলীয়া অৱস্থাপ্রাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়।
(a) পানী।
(b) বৰফ।
(c) গোটা কার্বন ডাই অক্সাইড।
(d) (a) আৰু (b) দুয়োতাই।
উত্তৰঃ (c) গোটা কার্বন ডাই অক্সাইড।
7. আর্দ্রতা কম হলে বাষ্পীভৱনৰ মান—
(a) কমে।
(b) বাঢ়ে।
(c) (a) আৰু । (b) দুয়োটাই।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।
৪. তলৰ কোনটো পদার্থ প্রবাহী —
(a) কঠিন পদার্থ।
(b) তৰল পদার্থ।
(c) কঠিন আৰু তৰল দুয়োটাই।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (b) তৰল পদার্থ।
9. চাপৰ একক হৈছে—
(a) কেলভিন।
(b) ছেলছিয়াছ।
(c) ছেণ্টিগ্রেড।
(d) পাস্কাল।
উত্তৰঃ (d) পাস্কাল।
10. তলৰ কোনটো পদাৰ্থৰ আন্তঃআণৱিক আকর্ষণ বল সৰ্বাধিক—
(a) গেছীয় পদাৰ্থৰ।
(b) তলৰ পদাৰ্থৰ।
(c) গোটা পদাৰ্থৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) গোটা পদাৰ্থৰ।
11. এক বায়ুমণ্ডলীয় চাপ আৰু গলণাংক উষ্ণতাত একক কিলোগ্রাম কঠিন পদার্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বোলা হয়।
(a) উতলাংক।
(b) গলণাংক।
(c) বাষ্পীভবন।
(d) বিগলণৰ লীন তাপ।
উত্তৰঃ (d) বিগলনৰ লীন তাপ।
12. পানীৰ উতলাংক S.I. এককত হৈছে –
(a) 100K.
(b) 373K.
(c) 363K
(d) 473K
উত্তৰঃ (b) 373K.
13. তাপৰ প্ৰভাৱত জুলীয়া অবস্থাপ্রাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেষ্টীয় অবস্থালৈ বা গেষ্টীয়ৰ পৰা কঠিন হোৱা প্রক্রিয়াক বোলা হয়_____
(a) বাষ্পীভবন।
(b) উর্ধপাতন।
(c) ব্যাপন।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) উর্ধপাতন।
14. বায়ুৰ চাপ হ্রাস পালে জুলীয়া পদাৰ্থৰ উতলংক____
(a) একে থাকে।
(b) বৃদ্ধি পায়।
(c) হ্রাস পায়্।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) হ্রাস পায়।
15. পদাৰ্থৰ কণিকাবোৰৰ থাকে____
(a) গতিশক্তি।
(b) স্থিতিশক্তি।
(c) মাধ্যাকর্ষণ শক্তি।
(d) (a) আৰু (b) দুয়োটা।
উত্তৰঃ (a) গতিশক্তি।
16. তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ নহয়____
(a) কপাহী কাপোৰে পানী শোষণ কৰিব পাৰে।
(b) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি।
(c) নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভবন হয়।
(d) চাপ প্রয়োগ কৰি পদাৰ্থৰ অৱস্থা পৰিবৰ্তন কৰিব পাৰি।
উত্তৰঃ(c) নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভবন হয়।
17. কেলভিন স্কেলত 0°Cৰ মান হ’ব____
(a) 273K
(b) 2.73K
(c) 27.3K
(d) 237K
উত্তৰঃ (a) 273K.
18. পদার্থ এটাক গেছীয় অৱস্থাৰ পৰা তললৈ ৰূপান্তৰ কৰাক কোৱা হয়____
(a) বাষ্পীভৱন।
(b) ঘনীভৱন।
(c) লীন তাপ।
(d) আদ্রতা।
উত্তৰঃ (b) ঘনীভৱন।
19. এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত
এক কিলোগ্রাম কঠিন পদার্থ দুলীয়া অৱস্থালৈ নিবলৈ যি পৰমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বোলা হয়____
(a) পৰম আদ্রতা।
(b) উষ্ণতা।
(c) গলনাংক।
(d) বিগলনৰ সীন তাপ।
উত্তৰঃ (d) বিগলনৰ সীন তাপ।
20. স্পঞ্জক চাপ বা হেচা প্ৰয়োগ কৰি সংকুচিত কৰিব
পাৰি। ই এবিধ____
(a) তৰল পদাৰ্থ।
(b) কঠিন পদার্থ ।
(c) গেছীয় পদার্থ ।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (b) কঠিন পদার্থ।
অতি চমু প্রশ্ন উত্তৰঃ
1. প্রাচীন ভাৰতীয় দার্শনিক পদার্থবিলাকক কেনেদৰে শ্ৰেণীবিভাজন কৰিছিল?
উত্তৰঃ মৌলিক কণিক-পঞ্চ-তত্ত্ব যেনে – বায়ু, পৃথিবী, দুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি ভাৰতীয় দার্শনিক সকলে ধাৰণা কৰিছিল।
2. CNGৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ CNG- Compressed natural gas.
3. LPG সম্পূর্ণ নাম কি?
উত্তৰঃ LPG – Liquefied petroleum gas.
4. গলনাংক বুলিলে কি বুজা?
উত্তৰঃ এক বায়ুমণ্ডলীয় চাপত, যি উষ্ণতাত কোনো এটা গোটা বস্তু গলি তৰল অৱস্থা পায় সেই উষ্ণতাৰ গলনাংক বোলে।
5. শুকান বৰফ মানে কি?
উত্তৰঃ গোটা কার্বন ডাই অক্সাইডক ওকান বৰক বোলে।
6. বাষ্পীভৱন বুলিলে কি বুজা?
উত্তৰঃ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয় পদার্থ ভাপলৈ পৰিৱৰ্তিত হোৱাকৈ বাষ্পীভৱন বোলে।
7. পানীৰ তিনিটা অৱস্থাৰ নাম লিখা।
উত্তৰঃ পানীক তিনিটা অৱস্থাত পোৱা যায়। গোটা (বৰফ), পানী (সাধাৰণ পানী) আৰু ভাপ (পানীৰ ভাপ)
8.তলৰ উষ্ণতা কেইটাক ছেলছিয়াছ উষ্ণতালৈ পৰিবৰ্তন কৰা।
(a) 283K
(b) 475K
উত্তৰঃ (a) 283 – 273 = 10°C
(b) 475 – 273 = 202°C
9. তলৰ উষ্ণতা কেইটাক কেলভিন উষ্ণতালৈ পৰিবৰ্তন কৰা।
(a) 35°C
(b) 173°C
উত্তৰঃ (a) 35 + 273 = 208K
(b) 173 + 273 = 446 K
10. তলৰ উষ্ণতা কেইটাত পানীক কি অৱস্থাত পোৱা যাব—
(a) 40°C
(b) 0°C
(c) 105°C
উত্তৰঃ (a) সাধাৰণ পানী।
(b) বৰফ (গোটা)।
(c) পানীৰ ভাপ।
11. ৰুমৰ উষ্ণতাত পানী তৰল হয় কিয়?
উত্তৰঃ এটা ৰুম সাধাৰণতে 20°Cৰ পৰা 40°C উষ্ণতালৈ থাকে। গতিকে পানী তৰল হয় ৷
12. পাচকেলৰ চিহ্ন কি?
উত্তৰঃ Pa.
13. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা পানী, চেনী, অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনী।
14. এটা গোটা বস্তুৰ এটা ভৌতিক ধৰ্ম উল্লেখ কৰা।
উত্তৰঃ গোটা বস্তুৰ এটা নিৰ্দিষ্ট আয়তন আছে।
15. তৰলৰ এটা ভৌতিক ধৰ্ম উল্লেখ কৰা।
উত্তৰঃ ইয়াৰ নিজা আকাৰ নাই।
16. ঘনত্বৰ একক কি?
উত্তৰঃ Kgmk⁻³
17. বাষ্পীভৱনৰ বেগ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে লিখা।
উত্তৰঃ তৰলৰ পৃষ্ঠকালি, উষ্ণতা, আৰু বায়ুৰ আৰ্দ্ৰতা।
18. এক এটমছফিয়েৰ আৰু পাচকেলৰ মাজৰ সম্পর্ক লিখা।
উত্তৰঃ 1 atmosphere = 1.01 × 10⁵ পাস্কেল।
19. এতিয়া বিজ্ঞানীসকলৰ মতে পদাৰ্থৰ পাঁচটা অৱস্থা কি কি?
উত্তৰঃ কঠিন, জুলীয়া, গেছীয়, প্লাজমা আৰু বোসআইনষ্টাইন কনডেনছেট।
20. গ্ৰহ-নক্ষত্ৰত প্লাজমাৰ সৃষ্টি কেতিয়া হয়?
উত্তৰঃ অতি উষ্ণতাত গ্রহ-নক্ষত্ৰত প্লাজমাৰ সৃষ্টি হয়।
21. বিগলন মানে কি বুজা?
উত্তৰঃ গোটা বস্তু তৰল অৱস্থা প্রাপ্ত হোৱাকে বিগলন বোলে।
22. ঘনীভৱন বুলিলে কি বুজা?
উত্তৰঃ গেছৰ পৰা তৰল অৱস্থা প্রাপ্ত প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে।
23. বাষ্পীভৱন বুলিলে কি বুজা?
উত্তৰঃ তৰল অৱস্থাৰ পৰা গেছীয় অৱস্থা প্রাপ্ত প্ৰক্ৰিয়াটোক বাষ্পীভৱন (Vaporisation) বোলে ৷
24. BECৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ BEC – Bose-Eienstein condensation.
25. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা — পানী, বৰফ, পানীৰ ভাপ।
উত্তৰঃ পানীৰ ভাপ < বৰফ < পানী।
26. প্ৰতিপ্ৰভ বা ফ্লুৰছেণ্ট টিউবত কি গেছ থাকে?
উত্তৰঃ হিলিয়াম আৰু আন গেছ থাকে।
27. BEC কেনেদৰে গঠন হয়?
উত্তৰঃ অতি কম ঘনত্বৰ গেছ (বায়ুৰ ঘনত্বৰ এশ বা এহেজাৰ ভাগৰ এভাগ) অতীব কম উষ্ণতালৈ চেঁচা কৰিলে BEC উৎপন্ন হয়।
28. গৰমত আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত।
উত্তৰঃ কপাহী কাপোৰ।
29. আমি গৰমত কিয় কপাহী কাপোৰ পিন্ধিব লাগে?
উত্তৰঃ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীয়ভৱন হোৱাত সহায় কৰে।
No comments:
Post a Comment