বিজ্ঞান
অধ্যায় ২ - আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. সংকৰ ধাতু হ’ল—
(a) মৌল।
(b) সমসত্ব মিশ্রন।
(c) বিশুদ্ধ পদার্থ।
(d) অসমসত্ব মিশ্রন।
উত্তৰঃ (b) সমসত্ব মিশ্রন।
2. পিতলৰ সংযুক্তি হ’ল—
(a) 30% জিংক আৰু 70% কপাৰ।
(b) 30% কপাৰ আৰু 70% জিংক।
(c) 90% কপাৰ আৰু 20% জিংক।
(d) 20% কপাৰ আৰু 90% জিংক।
উত্তৰঃ (a) 30% জিংক আৰু 70% কপাৰ।
3. বায়ুত থকা নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমাণ
হল—
(a) 21%
(b) 12%
(c) 78%
(d) 87%
উত্তৰঃ (c) 78%
4. মেগনেছিয়া দুগ্ধ তলৰ কোন প্ৰকাৰৰ দ্ৰৱ—
(a) এৰচল।
(b) চল।
(c) ফেন।
(d) জেল।
উত্তৰঃ (b) চ’ল।
5. গাখীৰৰ পৰা মাখন পৃথকীকৰণত ব্যৱহাৰ কৰা—
(a) বর্ণলেখন পদ্ধতি।
(b) পৰিস্ৰাৱন পদ্ধতি।
(c) বাষ্পীভৱন।
(d) অপকেন্দ্ৰীক পদ্ধতি।
উত্তৰঃ (d) অপকেন্দ্ৰীক পদ্ধতি।
6. তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ।
(a) বৰন।
(b) চিলিকন।
(c) অক্সিজেন।
(d) জার্মেনিয়াম।
উত্তৰঃ (c) অক্সিজেন।
7. তলৰ কোনটো এটা ধাতরীয় দ্যুতিগুণ সম্পন্ন অধাতু—
(a) ক্ল’ৰিন।
(b) ব্র’মিন।
(c) ফ্ল’ৰিন।
(d) আয়ডিন।
উত্তৰঃ (d) আয়ডিন।
৪. তলৰ কোনটো এটা তৰল ধাতু—
(a) যিংক।
(c) চডিয়াম।
(b) পাৰা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) পাৰা।
9. তেজত থকা ঔষধীয় দ্ৰৱ্য পৃথকীকৰণত ব্যৱহাৰ কৰা হয়—
(a) বর্ণলেখন।
(b) বাষ্পীভৱন।
(c) উর্দ্ধপাতন।
(d) আংশিক পাতন।
উত্তৰঃ (a) বর্ণলেখন।
10. এলকহল আৰু আয়ডিনেৰে গঠিত দ্ৰৱক কি বুলি জনা যায়?
(a) আয়াডিন।
(b) টিংছাৰ আয়ডিন।
(c) এলকহল।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ(b) টিংছাৰ আয়ডিন।
11. তলৰ কোনটো ধাতু হাতৰ তলুৱাত লগে গলি যায়—
(a) কেলছিয়াম।
(b) চিজিয়াম।
(c) ছডিয়াম।
(d) লিথিয়াম।
উত্তৰঃ (b) চিজিয়াম।
12. তলৰ কোনটো এটা ৰাসায়নিক পৰিবৰ্তন—
(a) পানী আৰু গাখীৰৰ মিশ্ৰন।
(b) বালি পাৰনীৰ মিশ্রন।
(c) লোত মামৰে ধৰা।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (c) লোত মামৰে ধৰা।
13. তলৰ কোনটো এটা তৰল অধাতু—
(a) ব্ৰমিন।
(b) অক্সিজেন।
(c) নাইট্ৰ’জেন।
(d) হাইড্ৰ’জেন।
উত্তৰঃ (a) ব্ৰমিন ।
14. তলৰ কোনটো এটা মিশ্ৰৰ উদাহৰণ—
(a) ভিনেগাৰ।
(b) মাৰ্বল।
(c) সাগৰৰ পানী।
(d) ওপৰৰ এটাওঁ নহয়।
উত্তৰঃ (c) সাগৰৰ পানী।
15. তলৰ কোনটোৱে টেণ্ডেল প্ৰভাৱ দেখুৱাই—
(a) প্রলম্বন।
(b) দ্ৰৱ।
(c) কলয়ড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (c) কলয়ড।
16. তলৰ কোনটো উক্তি সত্য নহয়—
(a) দ্ৰৱসমূহ সুস্থিৰ।
(b) আমাৰ দেহত খাদ্যৰ পাচন এটা ৰাসায়নিক পৰিবৰ্তন।
(c) গাখীৰ টেঙা হোৱাটো এটা ভৌতিক পৰিবৰ্তন।
(d) হাইড্ৰ’জেন গেছ দাহ্য।
উত্তৰঃ (c) গাখীৰ টেহা হোৱাটো এটা ভৌতিক পৰিবৰ্তন।
17. তলৰ কোনটো বিদ্যুৎৰ সুপৰিবাহী অধাতু?
(a) হীৰা।
(b) গ্রেফাইট।
(c) নাইট্ৰ’জেন।
(d) অক্সিজেন।
উত্তৰঃ (b) গ্রেফাইট।
18. বায়ুত অক্সিজেন গেছৰ শতকৰা পৰিমাণ কিমান?
(a) 12%
(b) 1.2%
(c) 21%
(d) 2.1%
উত্তৰঃ (c) 21%
19. দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথকীকৰণ সংপৃক্ত দ্রৱ বুলিলে কি বুজ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা—
(a) পৃথকীকৰণ চুপিৰ সহায়ত।
(b) উর্দ্ধপাতন পদ্ধতি।
(c) বর্ণলেখন।
(d) পাতন পদ্ধতি।
উত্তৰঃ (a) পৃথকীকৰণ চুপিৰ সহায়ত।
20. তলৰ কোনজন বিজ্ঞানীয়ে প্ৰথমতে মৌল শব্দটো ব্যৱহাৰ কৰিছিল—
(a) ৰবাৰ্ট বয়ল।
(b) এলবাৰ্ট আইনষ্টাইন।
(c) এছ এন বোস।
(d) জন ডেল্টন।
উত্তৰঃ (a) ৰবাৰ্ট বয়ল।
অতি চমু প্রশ্ন উত্তৰঃ
1. কলয়ডৰ এটা সাধাৰণ উদাহৰণ দিয়া।
উত্তৰঃ কুৱলী।
2. গাখীৰ কি?
উত্তৰঃ গাখীৰ হ’ল পানী, চৰ্বী আৰু প্ৰটিনৰ মিশ্রন।
3. সংকৰ ধাতু বুলিলে কি বুজা?
উত্তৰঃ দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰনক সংকৰ ধাতু বোলে।
4. দ্ৰৱ কি?
উত্তৰঃ দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বোলে।
5. এটা গোটা দ্ৰৱৰ উদাহৰণ দিয়া।
উত্তৰঃ সংকৰ ধাতু।
6. এটা গেছীয় দ্ৰৱৰ উদাহৰম দিয়া। উত্তৰঃ বায়ু।
উত্তৰঃ নেমু পানী।
10. অসংপৃক্ত দ্ৰৱ বুলিলে কি বুজা?
উত্তৰঃ সংপৃক্ত দ্রৱণত থকা পৰিমানতকৈ কম দ্রাব্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে।
11. টিংছাৰ আয়ডিন কি?
উত্তৰঃ গোটা আয়ডিন তলৰ এলকহলত দ্রবীভূত কৰিলে যি দ্ৰৱ পোৱা যায় তাক টিংছাৰ আয়দিন বোলে।
12. পিতল কি?
উত্তৰঃ পিতল এটা সংকৰ ধাতু। ইয়াত 30% যিংক আৰু 70% কপাৰ থাকে।
13. টিণ্ডেলৰ ক্ৰিয়া বুলিলে কি বুজা?
উত্তৰঃ কলয়ডীয় কণিকাবোৰ আকাৰত সৰু যদিও ইহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰ ৰশ্মিৰ এনেধৰণৰ বিচ্ছুৰণক টিণ্ডেল ক্ৰিয়া বোলে ৷
14. ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা কি?
উত্তৰঃ ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা
= দ্রাব্যৰ ভৰ / দ্রৱণৰ ভৰ × 100
15. আয়তন শতাংশত দ্ৰৱণৰ গাঢ়তা কি?
উত্তৰঃ আয়াতন শতাংশত দ্ৰৱণৰ গাঢ়তা
= দ্রাব্যৰ ভৰ / দ্রৱণৰ আয়ন × 100
16. প্রলম্বন কি?
উত্তৰঃ এটা অসমত্ব মিশ্ৰণ য’ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকে প্রলম্বন বোলে।
17. কলয়ডীয় দ্রৱণ কি?
উত্তৰঃ এটা অসমত্ব মিশ্রণ য’ত গোটা পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণত সুষমভাৱে বিস্তাৰিত হৈ থাকে। ইয়াকে কলয়ডীয় দ্ৰৱ বোলে।
18. কলয়ডীয় দ্ৰৱ আৰু প্ৰলম্বনৰ মাজৰ এটা সাদৃশ্য লিখা।
উত্তৰঃ কলয়ডীয় দ্ৰৱ আৰু প্ৰলম্বন দুয়োটাই অসমত্ব মিশ্রন।
19. কলয়ডীয় দ্রব আৰু প্ৰলম্বনৰ মাজৰ এটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ প্ৰলম্বনত পদাৰ্থৰ কণিকাবোৰ খালী চকুৰে দেখা যায় কিন্তু কলয়ডীয় দ্ৰৱত কণিকাবোৰ খালী চকুৰে দেখা নাযায়।
20. কি পদ্ধতিৰে এচিটন আৰু পানীৰ মিশ্ৰণৰ পৰা এচিটন পৃথক কৰিব পাৰি?
উত্তৰঃ পাতন প্রণালী।
21. কি পদ্ধতিৰে কলা চিয়াহীৰ ৰঞ্জক পৃথকীকৰণ কৰিব পাৰি?
উত্তৰঃ বৰ্ণলেখন পদ্ধতি।
22. পানী আৰু কেৰচিনৰ মিশ্ৰণৰ পৰা কি পদ্ধতি ব্যৱহৰ কৰি পানী আৰু কেৰ’চিন পৃথককৰিব পাৰি?
উত্তৰঃ ফাণেল পৃথকীকৰণ (চুপি পৃথকীকৰণ)।
23. এম ‘নিয়াম ক্লৰাইড আৰু লৱণৰ মিশ্ৰণৰ পৰা লৱণ কি পদ্ধতি ব্যৱহাৰ কৰি পৃথকীকৰণ কৰা হয়?
উত্তৰঃ উর্ধপাতন।
24. পানী আৰু চিয়াহীৰ মিশ্ৰণৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি পানী আৰু চিয়াহী পৃথকীকৰণ কৰা হয়?
উত্তৰঃ বাষ্পীভৱণ।
25. বায়ুত থকা গেছবোৰ কি কি অনুপাতত থাকে?
উত্তৰঃ (i) অক্সিজেন 20% বায়ুত ৷
(ii) নাইট্ৰ’জেন 78% বায়ুত।
(iii) অন্যান্য গেছসমুহ বাকী 2% থাকে।
No comments:
Post a Comment