js

Saturday, September 21, 2024

SEBA Class IX Science Chapter 7 MCQ Assamese Medium

বিজ্ঞান

অধ্যায় - জীৱৰ বিচিত্ৰতা



বহুবিকল্প বাছনি প্রশ্নোত্তৰ:



1. জীৱ জাগতৰ পঞ্চ ৰাজ্য পদ্ধতি কোনে প্রৱর্তন কৰিছিল—

(a) অনিষ্ট হেকেল।

(b) ৰবাৰ্ট হোৱাইটেকাৰ।

(c) ৰবাৰ্ট হুক।

(d) কার্ল ওৱেছি।

উত্তৰঃ (b) ৰবাৰ্ট হোৱাইটেকাৰ।

2. জীৱসমূহৰ সিহঁতৰ সাদৃশ্য আৰু পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন গোটত ভাগ কৰা পদ্ধতিক পোৱা হয়—

(a) বংশগতি বিদ্যা।

(b) ভ্রূণ বিদ্যা।

(c) বৰ্গীকৰণ।

(d) পৰিবেশ বিদ্যা।

উত্তৰঃ (c) বৰ্গীকৰণ।

3. শ্ৰেণী বিভাজনৰ ক্ষদ্রতম এককটা হ’ল— 

(a) জাতি।

(b) প্রজাতি।

(c) বর্গ।

(d) গোত্র।

উত্তৰঃ (b) প্রজাতি।

4. তলৰ কোনটো ভেঁকুৰ ৰাজ্যৰ অন্তৰ্ভূক্ত—

(a) এচ্ পাৰজিলাচ।

(b) পেৰামেছিয়াম।

(c) এনাবিনা।

(d) উল্‌ভা।

উত্তৰঃ (a) এচ্ পাৰজিলাচ।

5. তলৰ কোনজন “অৰিজিন অফ স্বেচ্ছি” গ্ৰন্থখনৰ ৰচক—

(a) কেৰ’লাছ লিনিয়াছ।

(b) আনষ্ট হেকেল।

(c) চাৰ্লচ ডাৰউইন।

(d) ৰবাৰ্ট হোৱাইটেকাৰ।

উত্তৰঃ (c) চাৰ্লচ ডাৰউইন।

6. ভেকুৰৰ মৃতজীৱী বুলি কোৱা হয় কাৰণ—

(a) ইহঁতে পত্ৰহৰিৎৰ সহায়ত সলোক-সংশ্লেষণ কৰে।

(b)ইহঁতে চিলিয়াৰ সহায়ত চলাচল কৰে বাবে। 

(c) ইহঁতৰ কোষবেৰখন চিটিন নামৰ শৰ্কৰাৰে গঠিতবাবে।

(d) ইহঁতে গেলা পঁচা আৱৰ্জনাৰ পৰা খাদ্য আহৰণ কৰে।

উত্তৰঃ (d) ইহঁতে গেলা পঁচা জৈৱ আৱৰ্জনাৰ পৰা খাদ্য আহৰণ কৰে।

7. তলৰ কোনটো সমাঙ্গদেহী উদ্ভিদৰ উদাহৰণ—

(a) স্পাইৰ’গাইৰা।

(b) ফিউনেৰিয়া।

(c) ঢেকীয়া।

(d) ৰিক্‌চিয়া।

উত্তৰঃ  (a) স্পাইৰ’গাইৰ।

8. তলৰ কোনবিধ বিশেষ ধৰণৰ ভেকুৰ আৰ বিশেষ ধৰণৰ শেলাইৰ সহজীৱীতাৰ উদাহৰণ—

(a) আদ্যপ্রাণী।

(b) লাইকেন।

(c) মৃতজীৱী উদ্ভিদ।

(d) সমাঙ্গদেহী উদ্ভিদ।

উত্তৰঃ (b) লাইকেন।

9. তলত কোনবিধ উদ্ভিদ প্ৰধানকৈ_____

(a) সমাঙ্গদেহী উদ্ভিদ।

(b) মচবৰ্গৰ উদ্ভিদ।

(c) গুপ্তবীজী উদ্ভিদ।

(d) ঢেঁকীয়াজাতীয় উদ্ভিদ।

উত্তৰঃ  (a) সমাঙ্গদেহী উদ্ভিদ।

10. তলৰ কোনবিধ নগ্নবীজী উদ্ভিদৰ উদাহৰণ—

(a) মিঠা আলু।

(b) ডিঅ’দাৰ।

(c) পেফিঅ’পেডিলাম।

(d) ঢেঁকীয়া জাতীয় উদ্ভিদ।

উত্তৰঃ (b) ডিঅ’দাৰ।

11. তলৰ কোনবিধ উদ্ভিদত মুখ্য মূল গাঠনি পোৱা যায়—

(a) মচবৰ্গৰ উদ্ভিদত।

(b) ঢেঁকীয়া জাতীয় উদ্ভিদ।

(c) সমাঙ্গদেহী উদ্ভিদত।

(d) দ্বিবীজপত্রী উদ্ভিদত।

উত্তৰঃ  (d) দ্বিবীজপত্রী উদ্ভিদত।

12. তলৰ কোনবিধ প্রাণীয়ে উদ্ভিদৰ দৰে একে ঠাইতে খামুচি থাকে।

(a) এমিবা।

(b) স্পঞ্জিলা।

(c) পেৰামেচিয়াম।

(d) হাইড্রা।

উত্তৰঃ (b) স্পঞ্জিলা।

13. তলৰ কোনবিধ উদ্ভিদে ঠাই সলাই—

(a) সৰল গছ।

(b) ক্লেমাইড’ম’নাছ।

(c) ইকুইজিটাম।

(d) ৰিকচিয়া।

উত্তৰঃ (b) ক্লেমাইড ‘ম’নাছ।

14. অমেৰুদণ্ডি প্রাণীৰ কোনটো ভাগত____ অন্তৰ্ভূক্ত কৰা হৈছে—

(a) বলয়ী প্রাণী।

(b) ঘূৰণীয়া কৃমি।

(c) চেপেটা কৃমি।

(d) ৰন্ধী প্রাণী।

উত্তৰঃ (c) চেপেটা কৃমি।

15. তলৰ কোনবিধ কৃমিয়ে মানুহৰ দেহত শোধা____ / সৃষ্টি কৰে—

(a) প্লেনেৰিয়া।

(b) উচেৰিয়া।

(c) ঘূৰণীয়া কৃমি।

(d) ফিটা কৃমি।

উত্তৰঃ (b) উচেৰিয়া।

16. তলৰ কোনটো কণী পৰা স্তন্যপায়ী প্রাণী—

(a) কাঙ্গাৰো।

(b) বাদুলী।

(c) একিডনা।

(d) মানুহ।

উত্তৰঃ (c) একিডনা।

17. জীৱৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটো কৰিছিল—

(a) ৰবাৰ্ট হোৱাইটেকাৰ।

(b) কেৰোলাচ লিনিয়াচে।

(c) লিউৱেন হুকে।

(d) কার্ল ওৱেচিয়ে।

উত্তৰঃ (b) কেৰোলাচ লিনিয়াচে।

18. ঘঁৰিয়াল হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা—

(a) 2 টা।

(b) 3 টা।

(c) 4 টা।

(d) 5 টা।

উত্তৰঃ (b) 2 টা।

19. তলৰ কোনটো উক্তি সত্য নহয়—

(a) সকলোবোৰ মেৰদণ্ডী প্রাণীয়েই উষ্ণৰক্তী।

(b) গুপ্তবীজী উদ্ভিদবোৰ সপুষ্পক উদ্ভিদ ।

(c) প্লেটিপাছ হ’ল কণী পাৰা স্তন্যপায়ী।

(d) পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী।

উত্তৰঃ (a) সকলোবোৰ মেৰুদণ্ডী প্রাণীয়েই উষ্ণৰক্তী।

20. কোনবিধ মাছৰ অন্তঃকংকাল কোমলাস্থিৰে গঠিত।

(a) ৰৌ মাছ।

(b) ছার্ফ।

(c) বৰালি।

(d) কাৱৈ মাছ।

উত্তৰঃ (b) ছার্ফ।

অতি চমু প্রশ্ন উত্তৰ:



1. ৰবাৰ্ট হোৱাইটেকাৰে জীৱ-জগতখনক কি কি পাঁচটা ভাগত ভাগ কৰিছিল?

উত্তৰঃ হোৱাইটেকাৰে জীৱজগতখনক পাঁচটা ৰাজ্যত ভাগ কৰিছিল। যেনে– মনেৰা‚ প্ৰটিষ্টা‚ ভেকুৰ‚ উদ্ভিদ আৰু প্ৰাণীৰাজ্য।

2. মনেৰা ৰাজ্যৰ জীৱৰ উদাহৰণ দিয়া। 

উত্তৰঃ  বেক্টেৰিয়া ‚ নীল সেউজ শেলাই বা চায়ন বেক্টেৰিয়া আৰু মাইক’প্লাজমা আদি। 

3. প্ৰটিষ্টা ৰাজ্যৰ জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ এককোষী শেলাই‚ ডায়েটম‚ আদ্যপ্রাণী আদি। 

4. ভেঁকুৰ জাতীয় জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ ইষ্ট।

5. উদ্ভিদ ৰাজ্যৰ জীৱৰ উদাহৰণ দিয়া। 

উত্তৰঃ ক্লৰ’ফিল থকা সকলো উদ্ভিদ এই শ্ৰেণীৰ উদাহৰণ। 

6. প্ৰাণী ৰাজ্যৰ জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ কোষবেৰহীন সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত বহুকোষী জীৱবিলাকেই এই ৰাজ্যৰ অন্তৰ্গত।

7. সমাংগদেহী উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ সৰ্পিল শেলাই‚ ইউল’থ্রিক্স‚ ক্লেড’ফৰা‚ কাৰা আদি।

. মচ জাতীয় উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ ফিউনেৰিয়া‚ মার্কেনশ্বিয়া আদি। 

9. ঢেঁকীয়া জাতীয় উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ পানী টেঙেচী‚ ঢেঁকীয়া‚ ইকুইজিটাম আদি।

10. নগ্নবীজি উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ সৰল গছ‚ ডিঅদাৰ আদি।

11. গুপ্তবীজি উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ পেফিঅ’পেডিলাম আৰু মিঠা আলু।

12. গুপ্তবীজী উদ্ভিদৰ প্ৰকাৰ দুটাৰ নাম লিখা।

উত্তৰঃ একবীজপত্রী আৰু দ্বিবীজপত্রী।

13. একবীজপত্রী বুলিলে কি বুজা

উত্তৰঃ যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা এখন সেইবিলাক উদ্ভিদক একবীজপত্রী উদ্ভিদ বোলে। 

14. দ্বিবীজপত্রী উদ্ভিদ বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা দুখন সেইবিলাক উদ্ভিদক দ্বিবীজপত্রী উদ্ভিদ বোলে।

15. একবীজপত্রী উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ পেফিতা’ভেডিলাম।

16. দ্বিবীজপত্রী উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ মিঠা আলু।

17. ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দিয়া। 

উত্তৰঃ ইউপ্লেক্টেলা‚ চাইকন‚ স্পঞ্জিলা আদি।

18. একনলদেহী প্রাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ  হাইড্রা‚ জেলিমাছ‚সামুদ্রিক এনিমন‚ চিলেনটেৰেটা আদি।

19. চেপেটা কৃমি প্ৰাণীৰ উদাহৰণ দিয়া। 

উত্তৰঃ প্লেনেৰিয়া আৰু যকৃত কৃমি। ইয়াৰে প্লেনেৰিয়া মুক্তভাৱে জীয়াই থাকে কিন্তু যকৃতকৃমি পৰজীৱি।

20. ঘূৰণীয়া কৃমি প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ উচেৰিয়া বা ফাইলেৰিয়া।

21. বলয়ী প্রাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ নেৰিচ, কেচু‚ জোক আদি। 

22. সন্ধিপদী প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ মিছামাছ‚ পখিলা‚ মাখি‚ মকৰা‚ বৃশ্চিক‚ কেকোৰা আদি।

23. কোমলদেহী প্রাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ কাইটন‚ অক্টোপাচ‚ আপেল শামুক আৰু ইউনিঅ’ আদি।

24. কণ্টকচমী প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ এণ্টিডন, সামুদ্রিক তিয়হ, সামুদ্রিক অচিন আদি। 

25. প্রট’কৰডেটা প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ বেলান’গ্লাছছ, হার্ডমেণিয়া, এম্মিঅক্সাছ আদি প্রট’কৰডেটা প্ৰাণীৰ উদাহৰণ।

26. মেৰুদণ্ডী প্রাণীক পাঁচটা ভাগত ভাগ কৰা হয়। এই ভাগবোৰ লিখা।

উত্তৰঃ (i) মৎস্য (ii) উভচৰ (iii) সৰীসৃপ (iv) পক্ষী আৰু (v) স্তন্যপায়ী।

27. মৎস্য প্রাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ কাৱৈ মাছ, উৰণীয়া মাছ, ৰৌ-মাছ, মতা সামুদ্রিক ঘোৰা, সিংহ মাছ আদি। 

28. উভচৰ প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ ভেকুলী, চুক ভেকুলী, চালামাণ্ডাৰ আদি। 

29. সৰীসৃপ প্রাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ কাছ, কেমেলিয়ন, ৰাজফেটি, উৰণীয়া জেঠী ঘৰ জেঠী আদি।

30. পক্ষী প্ৰাণীৰ উদাহৰণ দিয়া। 

উত্তৰঃ কাউৰী, ঘৰচিৰিকা, পাৰ চৰাই, বগা ষ্টক আদি।

31. স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ দিয়া। 

উত্তৰঃ মেকুৰী‚ মানুহ‚ এন্দুৰ‚ তিমিমাছ‚ বাদুলী আদি।

32. মৎস্য প্ৰাণীৰ দুটা সাধাৰণ বৈশিষ্ট্য লিখা।

উত্তৰঃ (i) ইহঁত জলচৰ প্ৰাণী। (ii) ইহঁত কণী পাৰে।

33. উভচৰ প্ৰাণীৰ দুটা সাধাৰণ বৈশিষ্ট লিখা।

উত্তৰঃ (i) ইহঁত পানী আৰু মাটি দুয়োটাতে বাস কৰে। (ii) ইহঁত কণী পাৰে।

34. সৰীসৃপৰ দুটা সাধাৰণ বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ (i) ইহঁত নিম্নৰৰ্ত্তী প্রাণী।

(ii) হাওঁফাওঁৰ জৰিয়তে উশাহ-নিশাহ লয়। 

35. পক্ষীৰ দুটা সাধাৰণ বৈশিষ্ট উল্লেখ কৰা। 

উত্তৰঃ (i) ইহঁত গৰম ৰক্তী প্ৰাণী। 

(ii) সিহঁত কণী পাৰে।

36. স্তন্যপায়ী প্ৰাণীৰ দুটা বৈশিষ্ট উল্লেখ কৰা। 

উত্তৰঃ (i) স্তন্যপায়ী প্রাণী উষ্ণৰক্তী প্রাণী।

(ii) সন্তানক গাখীৰ খুৱাই।

37. কোণ গোষ্ঠীৰ প্ৰাণীয়ে আটাইতকৈ সংখ্যাত বেছি হ’ব পাৰে?

উত্তৰঃ সন্ধিপদী প্রাণী।

38. ঘৰিয়ালৰ হৃদপিণ্ড কেইটা কোটালীযুক্ত

উত্তৰঃ 4 টা



No comments:

Post a Comment

পাচলি শস্যত সাৰ প্ৰয়োগৰ বিভিন্ন পদ্ধতি কি কি?

  পাচলি শস্যত সাৰ প্ৰয়োগৰ বিভিন্ন পদ্ধতি কি কি?  উত্তৰ: শাক-পাচলি শস্যত সাৰ প্ৰয়োগৰ পদ্ধতি মাটিৰ প্ৰকাৰ, শস্যৰ প্ৰয়োজনীয়তা, বৃদ্ধিৰ প...