বিজ্ঞান
অধ্যায় ৬ - কলা
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিক বোলা হয়—
(a) অংগ।
(b) অংগ তন্ত্র।
(c) কলা।
(d) কোষ।
উত্তৰঃ (c) কলা।
2 তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ বৃদ্ধিত সহায় কৰে—
(a) নিবেশিত ভাজক কলাই।
(b) অগ্রস্থ ভাজক কলাই।
(c) পার্শ্বীয় ভাজক কলাই।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) অগ্রস্থ ভাজক কলাই।
3. পেৰেণকাইমা কলাৰ জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰা কলাবিধক বোলা হয়—
(a) ক্ল’ৰেণকাইমা।
(b) বায়ুকলা।
(c) কলেনকাইমা।
(d) ভাজক কলা।
উত্তৰঃ (b) বায়ু কলা।
4. ভাজক কলাৰ কোষবোৰ—
(a) বিভাজন ক্ষম।
(b) বিভাজন ক্ষমাহীন।
(c) (a) আৰু (b) দুয়োটা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) বিভাজন ক্ষম।
5. তলৰ কোনবিধ কলাৰ বাবে উদ্ভিদ স্থিতিস্থাপকতা গুণসম্পন্ন ——
(a) ক্ল’ৰেণকাইমা।
(b) শ্লেৰেণকাইমা।
(c) এবেন কাইমা।
(d) ক’লেন কাইমা।
উত্তৰঃ (d) ক’লেন কাইমা।
6. প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনেই হ’ল—
(a) স্নায়ু ক’লা।
(b) আচ্ছাদক ক’লা।
(c) সংযোজক ক’লা।
(d) পেশি ক’লা।
উত্তৰঃ (b) আচ্ছাদক কলা।
7. নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ’ল—
(a) স্কেৰেণকাইমা।
(b) ক’লেনকাইমা।
(c) এৰেন কাইমা।
(d) ক্লৰেণ কাইমা।
উত্তৰঃ (a) স্কেৰেণকাইমা।
8. তেজ বা ৰক্ত হৈছে এবিধ—
(a) আচ্ছাদক কলা।
(b) স্নায়ুকলা।
(c) সংযোজক কলা।
(d) অস্থি কলা।
উত্তৰঃ (c) সংযোজক কলা।
9. এডাল অস্থিক আন এডাল অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধক বোলা হয়—
(a) টেগুন।
(b) লিগামেন্ট।
(c) উপাস্থি।
(d) মেদকলা।
উত্তৰঃ (b) লিগামেন্ট।
10. তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰৱ্যক বোলা হয়।
(a) লোহিত ৰক্ত কণিকা।
(b) শ্বেতৰক্ত কণিকা।
(c) প্লাজমা।
(d) অনুচক্রিকা।
উত্তৰঃ (c) প্লাজমা।
11. টেণ্ডনে তলত দিয়া কোন যোৰৰ মাজত সংযোগী কলা হিচাপে থাকে—
(a) পেশী আৰু হাড়।
(b) পেশী আৰু পেশী।
(c) হাড় আৰু হাড়।
(d) অস্থি আৰু উপাস্থি।
উত্তৰঃ (a) পেশী আৰু হাড়।
12. মৰুজ উদ্ভিদৰ বহিত্বকখন ঢাকি ৰখা পদার্থবিধ হ’ল—
(a) চুৱেৰিন।
(b) কিউটিন।
(c) কর্ক।
(d) ওপৰৰ তিনিওটা।
উত্তৰঃ (b) কিউটিন।
13. উদ্ভিদৰ কোনবিধ কলাৰ আটাইবিলাক কোষেই মৃত—
(a) পেৰেনকাইমা।
(b) ফ্ল’ৱেম।
(c) জাইলেম।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) জাইলেম।
14. চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায়—
(a) অন্ত্ৰত।
(b) শ্বাসনলীত।
(c) ছালত।
(d) ৰেটিনাত।
উত্তৰঃ (b) শ্বাসনলীত।
15. হৰিৎকণা থকা পেৰেণকাইমীয় কোষবিলাক বোলা হয়—
(a) ক’লেনকাইমা।
(b) ক্ল’ৰেণকাইমা।
(c) স্কেৰেণকাইমা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) ক্ল’ৰেণকাইমা।
16. তলৰ কোনবিধ কলাই উদ্ভিদৰ পাতত প্রস্তুত হোৱা আহাৰ গছজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে—
(a) জাইলেম।
(c) জাইলেম আৰু ফ্ল’ৱেম দুয়োটাই।
(d) পেৰেণকাইমা।
উত্তৰঃ (b) ফ্ল’ৱেম।
17. প্রাণী দেহৰ ভাৰবহন কৰা কলাবিধ হ’ল—
(a) টেণ্ডন।
(b) উপাস্থি।
(c) অস্থি।
(d) লিগামেন্ট।
উত্তৰঃ (c) অস্থি।
18. হৃদপেশিৰ বিশেষ বৈশিষ্ট্য হৈছে ই এক প্ৰকাৰৰ—
(a) অনৈচ্ছিক পেশি ।
(b) ঐচ্ছিক।
(c) অনৈচ্ছিক আৰু ঐচ্ছিক পেশি দুয়োটাই।
(d) অনৈচ্ছিক আৰু ঐচ্ছিক পেশি এটাও নহয়।
উত্তৰঃ (a) অনৈচ্ছিক পেশি।
19. তলৰ কোনটো উক্তি অসত্য—
(a) জলজ উদ্ভিদত বায়ু কলা থাকে।
(b) হৃদ পেশিবোৰ এক প্ৰকাৰ অনৈচ্ছিক পেশ।
(c) তেজ এবিধ সংযোজক কলা।
(d) স্নায়ুকোষৰ দীঘল প্ৰবৰ্দ্ধতালক ডেণ্ড্ৰাইট বোলে।
উত্তৰঃ (d) স্নায়ুকোষৰ দীঘল প্ৰবৰ্দ্ধতালক ডেণ্ড্ৰাইট বোলে।
20. স্নায়ুকোষৰ কোনটো অংশত কোষকেন্দ্ৰ পোৱা যায়—
(b) এক্সন।
(c) ডেন্ড্ৰাইট।
(d) স্নায়ুকোষ।
উত্তৰঃ (a) দেহ কোষ।
অতি চমু প্রশ্ন উত্তৰ:
1. কলা কাক বোলে?
উত্তৰঃ নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য্য দক্ষতাৰে
কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিক কলা বোলে।
2. উদ্ভিদৰ কলা কেনে ধৰণে শ্রেণীবিভাজন কৰা হয়?
উত্তৰঃ উদ্ভিদৰ কলাক দুই ধৰণে শ্ৰেণীবিভাজন কৰা হয়।
(i) ভাজক কলা আৰু।
(ii) স্থায়ী কলা।
3. ভাজক কলা বুলিলে কি বুজা?
উত্তৰঃ উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয়। এই অঞ্চলটো বিভাজনশীল কলাৰে গঠিত। সেইবাবে এই কলাবোৰক ভাজক কলা বোলে।
4. ভাজক কলা কেইধৰণে বিভাজন কৰিব পাৰি লিখা।
উত্তৰঃ ভাজক কলা তিনি ধৰণে ভাগ কৰিব পাৰি:
(i) অগ্রস্থ ভাজক কলা।
(ii) পার্শ্বীয় ভাজক কলা।
(iii) নিবেশিত ভাজক কলা।
5. অগ্রস্থ ভাজক কলা ক’ত থাকে?
উত্তৰঃ অগ্ৰস্থ ভাজক কলা বিলাক উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকে।
6. পার্শ্বীয় ভাজক কলা ক’ত থাকে।
উত্তৰঃ ই কাণ্ডত থাকে।
7. নিবেশিত ভাজক কলা কাক বোলে?
উত্তৰঃ নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঠিৰ কাষত থাকে।
8. ভাজক কলা কিহেৰে গঠিত?
উত্তৰঃ ভাজক কলা চেলুল’জৰ দ্বাৰা গঠিত।
9. বিভেদন কাক বোলে?
উত্তৰঃ ভাজক কলাৰ কোষবোৰ স্থায়ী আকাৰ-আকৃতি ধাৰণ কৰি নিৰ্দিষ্টভাবে কোনো কাৰ্য্য কৰিবৰ বাবে সাজু হৈ উঠে। ইয়াকে বিভেদন বোলে।
10. বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ নাম লিখা।
উত্তৰঃ স্থায়ী কলাক দুই ধৰণে ভাগ কৰিব পাৰি:
(i) সৰল স্থায়ী কলা।
(ii) জটিল স্থায়ী কলা।
11. সৰল স্থায়ী কলাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ পেৰেণকাইমা কলা।
12. বিভিন্ন ধৰণৰ সৰল স্থায়ী কলাৰ উদাহৰণ দিয়া।
উত্তৰঃ (i) পেৰেণকাইমা।
(ii) কলেন কাইমা আৰু।
(iii) স্লেৰেণকাইমা।
13. পেৰেণকাইমা মানে কি বুজা?
উত্তৰঃ কোষবিলাকৰ কেইশাৰীমান লগ হৈ প্ৰাৰম্ভিক কলাৰ বন্ধনটো গঠন হয়। এইবোৰককেই পেৰেণকাইমা কলা বোলে।
14. ক্লৰেণ কাইমা কাক বোলে?
উত্তৰঃ যিবোৰ পেৰেণকাইমা কলাত পত্ৰহৰিৎ থাকে আৰু সালোক সংশ্লেষণ কৰে। তাক ক্লৰেণ কাইমা বোলে।
15. কলেন কাইমা বুলিলে কি বুজা?
উত্তৰঃ উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো অন্য এবিধ কলাৰ বাবে সম্ভৱপৰ হৈ উঠে। সেইবোৰ কলাক কলেন কাইমা কলা বোলে।
16. স্কেৰেণকাইমা কলা কাক বোলে?
উত্তৰঃ যিবোৰ কলাৰ বাবে উদ্ভিদ দেহ কঠিন আৰু দৃঢ় হয়। সেইবোৰ কলাক স্কেৰেণকাইমা কলা বোলে।
17. বায়ুকলা কাক বোলে?
উত্তৰঃ জলজ উদ্ভিদৰ ক্ষেত্ৰত‚পেৰেণকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্যবর্তী স্থানত থাকি উদ্ভিদ জোপাক পানীত ওপঙি থকাত সহায় কৰে। তেনেধৰণৰ পেৰেণকাইমাক বায়ুকলা বোলে।
18. স্কেৰেণকাইমা কলাৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ নাৰিকলৰ বাকলি।
19. স্কেৰেণকাইমা কলাৰ এটি বিশেষত্ব লিখা।
উত্তৰঃ এই কলাৰ কোষবিলাক মৃত।
20. কি ৰাসায়নিক পদাৰ্থৰ বাবে স্কেৰেণকাইমা কলাৰ কোষবিলাকৰ কোষবেৰ টান আৰু দৃঢ় হয়?
উত্তৰঃ লিগণিন নামৰ ৰাসায়নিক পদাৰ্থৰ বাবে।
21. দুটা জটিল কলাৰ উদাহৰণ দিয়া।
উত্তৰঃ জাইলেম আৰু ফ্লোৱেম।
22. জাইলেম কলা কি কি কোষেৰে গঠিত?
উত্তৰঃ জাইলেম বিলাক ট্ৰেকাইড‚ নলীকা‚জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত্ৰৰ দ্বাৰা গঠিত।
23. ফ্লোৱেম বিলাক কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম চাৰিপ্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত:
(i) চালনি নলীকা।
(ii) সংগীকোষ।
(iii) ফ্লোৱেম তন্ত্ৰ আৰু।
(iv) ফ্লোৱেম পেৰেণকাইমা।
24. প্রাণীকলাৰ ভাগবোৰ লিখা।
উত্তৰঃ আচ্ছাদক কলা‚ সংযোজক কলা‚পেশীকল স্নায়ুকলা আদি।
25. তেজ কোন শ্ৰেণীৰ কলা?
উত্তৰঃ সংযোজক কলা বোলে।
26. আচ্ছাদক কলা কাক বোলে?
উত্তৰঃ প্ৰাণীদেহক সুৰক্ষা দিয়াৰ বাবে বাহ্যিক আৱৰণিখনেই হ’ল আচ্ছাদক কলা।
27. ঐচ্ছিক পেশী বুলিলে কি বুজা?
উত্তৰঃ প্ৰাণীৰ ইচ্ছামতে সংকুচিত নাইবা প্ৰসাৰিত কৰিব পৰা পেশীক ঐচিছক পেশী বোলে।
28. ঐচ্ছিক পেশীৰ উদাহৰণ দিয়া।
উত্তৰঃ হাতখন বা ভৰিখন।
29. অনৈচ্ছিক পেশী বুলিলে কি বুজা?
উত্তৰঃ প্ৰাণীয়ে ইচ্ছা কৰিলে যিবোৰ পেশী লৰচৰ কৰিব নোৱাৰে নাইবা লৰচৰ বন্ধও কৰিব নোৱাৰে। তেনেবোৰ পেশীক অনৈচ্ছিক পেশী বোলে।
30. কোন ধৰণৰ পেশীত অনুপ্রস্থ ৰেখা নাথাকে।
উত্তৰঃ অৰেখিত পেশীত।
31.অৰেখিত পেশীসমূহ ক’ত পোৱা যায়?
উত্তৰঃ চকুৰ আইৰিচ‚ জৰায়ু‚ হাওঁফাওঁৰ ব্ৰংকাই আদিত অৰেখিত পেশী থাকে।
32. অনৈচ্ছিক পেশীৰ উদাহৰণ দিয়া।
উত্তৰঃ হৃদপেশীবোৰ এক প্ৰকাৰৰ অনৈচ্ছিক পেশী।
33. প্লাজমা কাক বোলে?
উত্তৰঃ তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰৱ্যক প্লাজমা বোলে।
34. R.B.C.ৰ সম্পূর্ণ নাম কি?
উত্তৰঃ R.B.C. – Red blood cells.
35. W.B.C. ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ W.B.C — White blood cells.
36. তেজৰ কাম কি?
উত্তৰঃ তেজে গেছ, খাদ্য, হৰমণ, বৰ্জিত পদার্থ বিভিন্ন অংগলৈ পৰিবহন কৰে।
37. অস্থি কোন শ্ৰেণীৰ কলা?
উত্তৰঃ সংযোজক কলা।
38. উপস্থি কোনশ্রেণীৰ কলা?
উত্তৰঃ সংযোজক কলা।
39. মেদকলা কাক বোলে?
উত্তৰঃ ছালৰ তলত, আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক মেদকলা বোলে।
40. কোনবোৰ কলাই তাপ অন্তৰক হিচাপে কাম কৰে।
উত্তৰঃ মেদ কলাই।
41. টেকাইড আৰু নলীকাবোৰৰ আকাৰ কেনেকুৱা।
উত্তৰঃ চুঙাকৃতিৰ।
42. জাইলেম আৰু ফ্লোৱেমৰ এটি সাদৃশ্য লিখা।
উত্তৰঃ দুয়োটাই সংবহন কলা।
No comments:
Post a Comment