js

Friday, September 13, 2024

SEBA Class IX Social Science [GEOGRAPHY] Chapter 4 MCQ [Assamese medium]

 সমাজ বিজ্ঞান : ভূগোল

অধ্যায় ৪ঃ অসমৰ ভূগোল
Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:


1. অসম ৰাজ্য ক’ত অৱস্থিত?
(ক) উত্তৰ-পূৱ অঞ্চলত।
(খ) উত্তৰ অঞ্চলত।
(গ) দক্ষিণ পশ্চিম অঞ্চলত।
(ঘ) পূৱ-দক্ষিণ অঞ্চলত।
উত্তৰঃ (ক) উত্তৰ-পূৱ অঞ্চলত।

2. উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশ পথস্বৰূপ বুলিলে কি বুজো?
(ক) বৰাক উপত্যকা।
(খ) ব্রহ্মপুত্র উপত্যকা।
(গ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ উপত্যকা।

3. উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিলে কি বুজা?
(ক) ধুবুৰী।
(খ) কোকৰাঝাৰ।
(গ) গুৱাহাটী।
(ঘ) শিলচৰ।
উত্তৰঃ (গ) গুৱাহাটী।

4. উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনটো?
(ক) তেজপুৰ।
(খ) ডিব্ৰুগড়।
(ঘ) গুৱাহাটী।
(গ) বৰপেটা।
উত্তৰঃ (ঘ) গুৱাহাটী।

5. অসমৰ ভূ-প্রকৃতি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?
(ক) চাৰিটা।
(খ) তিনিটা।
(গ) দুটা।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) চাৰিটা।

6. ব্রহ্মপুত্র নদী উপত্যকা কিমান দীঘল?
(ক) ৬২০ কি.মি.
(খ) ৭২০ কি.মি.
(গ) ৭৪০ কি.মি.
(ঘ) ৬২৫ কি.মি.
উত্তৰঃ (খ) ৭২০ কি.মি.

7. ব্ৰহ্মপুত্র নদী কিমান দীঘল?
(ক) ৬৪০ কি.মি.
(খ) ৫৪০ কি.মি.
(গ) ৭৪০ কি.মি.
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) ৬৪০ কি.মি.

৪. পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ কোনটো?
(ক) মাজুলী।
(খ) উমানন্দ।
(গ) কাছোমাৰী।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) মাজুলী।

9. পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপ কোনটো?
(ক) শিলবৰী।
(খ) শিয়ালমাৰীকাছোমাৰী।
(গ) উমানন্দ।
(ঘ) ৰঙাগড়া পথাৰ।
উত্তৰঃ (গ) উমানন্দ।

10. কাৰ্বি মালভূমিক কোন উপত্যকাই দ্বিখণ্ডিত কৰিছে?
(ক) ব্রহ্মপুত্র উপত্যকা।
(খ) বৰাক উপত্যকা।
(গ) কপিলী উপত্যকা।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) কপিলী উপত্যকা৷

11. টুৱেনচাং কোন ৰাজ্যত অৱস্থিত?
(ক) অসম।
(খ) অৰুণাচল।
(গ) ত্ৰিপুৰা।
(ঘ) নাগালেণ্ড।
উত্তৰঃ (ঘ) নাগালেণ্ড।

12. অসমৰ জলবায়ু কোন জলবায়ুৰ দ্বাৰা প্ৰবাহিত?
(ক) ক্রান্তীয়।
(খ) মৌচুমী।
(গ) সাগৰীয়।
(ঘ) নৈপৰীয়া।
উত্তৰঃ (খ) নৈপৰীয়া।

13. অসমৰ কোন জিলাত বৰষুণৰ পৰিমাণ আটাইথকৈ কম?
(ক) দৰং।
(খ) কামৰূপ (ৰঙিয়া)।
(গ) নগাওঁ (লামডিং)।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) নগাওঁ (লামডিং)।

14. মৃত্তিকা বুলিলে কি বুজো?
(ক) পানী।
(খ) মাটি।
(গ) বায়ু।
(ঘ) সাগৰ।
উত্তৰঃ (খ) মাটি।

15. ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি পাহাৰীয়া মৃত্তিকাক কেইটা ভাগত ভগাব পাৰি?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) দুই।

16. কুৰি শতিকাৰ মাজভাগত ‘জংঘলৰ ৰাজ্য’ বুলি জনাজাত আছিল?
(ক) অসম।
(খ) মণিপুৰ।
(গ) মিজোৰাম।
(ঘ) ত্ৰিপুৰা।
উত্তৰঃ (ক) অসম।

17. অসমত কেইখন অভয়াৰণ্য আছে?
(ক) ২০ খন।
(খ) ২২ খন।
(গ) ১৮ খন।
(ঘ) ১৬ খন।
উত্তৰঃ (গ) ১৮ খন।

18. বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?
(ক) ওৰাং।
(খ) কাজিৰঙা।
(গ) নামেৰি।
(ঘ) ডিব্ৰু-ছৈখোৱা।
উত্তৰঃ (ঘ) ডিব্ৰু-ছৈখোৱা।

19. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহঁৰ বাবে বিখ্যাত?
(ক) হাতী।
(খ) গঁড়।
(গ) ম’হ।
(ঘ) হলৌ বান্দিৰ।
উত্তৰঃ (খ) গঁড়।

20. অসমৰ প্ৰথম ৰাজধানী ক’ত আছিল?
(ক) শ্বিলং।
(খ) ক’হিমা।
(গ) গুৱাহাটী।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) শ্বিলং।

21. দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হয়?
(ক) ১৯৭০ চনত।
(খ) ১৯৮০ চনত।
(গ) ১৯৯৫ চনত।
(ঘ) ১৯৭৩ চনত।
উত্তৰঃ (ঘ) ১৯৭৩ চনত।

22. অসমৰ বৰ্তমান মাটিকালি কিমান?
(ক) ৭৮৪০০ বর্গকি.মি.
(খ) ৮০০০১ বর্গকি.মি.
(গ) ৮৮০৫০ বর্গকি.মি.
(ঘ) ৭৮৪৩৮ বর্গকি.মি.
উত্তৰঃ (ঘ) ৭৮৪৩৮ বর্গকি.মি.

23. বি. টি এ. ডি কিমান চনত গঠিত হৈছিল?
(ক) ২০০১ চন।
(খ) ২০০৩ চন।
(গ) ২০০৩ চন।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) ২০০৩ চন।

24. বিটিএডিৰ মুঠ জিলা কেইখন?
(ক) ৪ খন।
(খ) ৫ খন।
(গ) ১ খন।
(ঘ) ৬ খন।
উত্তৰঃ (ক) ৪ খন।

25. অসমৰ কোনখন জিলাক পাহাৰীয়া জিলা বুলি গণ্য কৰা হয়?
(ক) গোৱালপাৰা।
(খ) কাৰ্বি আংলং।
(গ) লক্ষীমপুৰ।
(ঘ) বঙাইগাঁও।
উত্তৰঃ (খ) কাৰ্বি আংলং।

26. মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা হ’ল—
(ক) কাৰ্বি আংলং।
(খ) ধেমাজী।
(গ) বিশ্বনাথ।
(ঘ) শোণিতপুৰ।
উত্তৰঃ (ক) কাৰ্বি আংলং।

27. নদীবোৰৰ পানীত জলপ্রবাহ কিয় দেখা নাযায়?
(ক) স্ৰৱণ।
(খ) বহিঃস্ৰৱণ।
(গ) অন্তঃস্ৰৱণ।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) অন্তঃস্ৰৱণৰ বাবে।

28. তটবান্ধ কেনেকৈ সৃষ্টি হয়?
(ক) সাগৰৰ পানী আহি।
(খ) নদীৰ পাৰত গেদ জমা হৈ।
(গ) বালি আৰু মাটি জমা হৈ।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) নদীৰ পাৰত গেদ জমা হৈ।

29. কার্বি মালভূমি কোন মালভূমিৰ অংশ বিশেষ?
(ক) অৰুণাচল মালভূমি।
(খ) পামিৰ মালভূমি।
(গ) মেঘালয় মালভূমি।
(ঘ) শ্রীসূর্য মালভূমি।
উত্তৰঃ (গ) মেঘালয় মালভূমি।

30. মৃত্তিকা প্ৰধানকৈ কেনেকৈ উৎপত্তি হয়?
(ক) শিলা ক্ষয়প্রাপ্ত হৈ।
(খ) শিলা ভাঙি গুৰি হৈ।
(গ) শিল জমা হৈ।
(ঘ) আৱৰ্জনা হৈ।
উত্তৰঃ (ক) শিলা ক্ষয়প্রাপ্ত হৈ।

31. অসমৰ অৰণ্যবোৰক কেইভাগত ভাগ কৰিব পাৰি?
(ক) চাৰি।
(খ) ছয়।
(গ) তিনি।
(ঘ) পাঁচ।
উত্তৰঃ (ঘ) পাঁচ ভাগত।

32. চান্দডুবি বিল কোন জিলাত অৱস্থিত?
(ক) কামৰূপ।
(খ) দৰং।
(ঘ) বৰপেটা।
(গ) ধুবুৰী।
উত্তৰঃ (ক) কামৰূপ জিলাত।

অতি চমু প্রশ্ন উত্তৰ:

1. অসমৰ গাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ভূটান আৰু বাংলাদেশ।

2. অসমৰ দুখন প্রধান নদীৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক।

3. উত্তৰ পূৰ্বাঞ্চলৰ প্ৰবেশদ্বাৰ বুলিলে কাক বুজায়?
উত্তৰঃ গুৱাহাটী মহানগৰক।

4. অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ৷

5. উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন?
উত্তৰঃ গুৱাহাটী।

6. ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ দুখন উপনৈৰ নাম লিখা।
উত্তৰঃ সোৱণশিৰি, ডিব্ৰুং।

7. ব্ৰহ্মপুত্ৰ দক্ষিণপাৰৰ দুখন উপনৈৰ নাম লিখা।
উত্তৰঃ ধনশ্রী, জাঁজী।

৪. পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো?
উত্তৰঃ মাজুলী।

9. বৰাক নদীৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা।
উত্তৰঃ চিৰি, দিক্‌চা।

10. বৰাক নদীৰ দক্ষিণপাৰৰ দুখন উপনৈৰ নাম লিখা।
উত্তৰঃ সোণাই, চিংলা।

11. অসমৰ সৰ্ববৃহৎ জিলা কোনটো?
উত্তৰঃ কাৰ্বি আংলং।

12. অসমত শীতকালত গড় হিচাপে উষ্ণতাৰ পৰিমাণ কিমান?
উত্তৰঃ ৭° ছেণ্টিগ্রড।

13. মৃত্তিকা গঠনৰ দুটা কাৰকৰ নাম লিখা।
উত্তৰঃ মূল পদাৰ্থ আৰু জলবায়ু।

14. অসমত পোৱা মৃত্তিকাবোৰ কেইপ্ৰকাৰৰ?
উত্তৰঃ চাৰি প্ৰকাৰৰ।

15. অসমত পোৱা দুবিধ মৃত্তিকাৰ নাম লিখা।
উত্তৰঃ পাহাৰীয়া মৃত্তিকা, গিৰিপদ মৃত্তিকা।

16. লেটেৰাইট মৃত্তিকা অসমৰ ক’ত পোৱা যায়?
উত্তৰঃ ডিমা হাছাও আৰু কাৰ্বি আংলং মালভূমি অঞ্চলত।

17. অসমৰ প্ৰধান ঋতু কেইটা কি?
উত্তৰঃ গ্ৰীষ্ম, বর্ষা, শৰত, হেমন্ত, শীত আৰু বসন্ত।

18. অসম কি জলবায়ুৰ অন্তৰ্গত?
উত্তৰঃ মৌচুমী জলবায়ুৰ অন্তৰ্গত।

19. অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহ কোন মাহত হয়?
উত্তৰঃ জুন, জুলাই আৰু আগষ্ট মাহত।

20. অসমত বর্ষাকাল কেতিয়াৰ পৰা কেতিয়ালৈকে হয়?
উত্তৰঃ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে।

21. অসমৰ প্ৰাক-মৌচুমীকালৰ সময় কেতিয়া আহে?
উত্তৰঃ মাৰ্চ মাহৰ পৰা মে’ মাহলৈকে।

22. বি. টি. এ. ডি (BTAD) সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰঃ Bodoland Territorial Area District.

23. বি. টি. এ. ডিৰ জিলা কেইখন?
উত্তৰঃ চাৰিখন ৷

24. বি. টি. এ. ডিৰ জিলা চাৰিখন কি কি?
উত্তৰঃ কোকৰাঝাৰ চিৰাং, বাক্সা আৰু ওদালগুৰি৷

25. বি. টি. এ. ডি কিমান চনত গঠন হৈছিল?
উত্তৰঃ ২০০৩ চনত।

26. অসমৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা?
উত্তৰঃ চাৰিটা।

27. বৰাইল পৰ্বতে কাক সংযোগ কৰিছে?
উত্তৰঃ পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক।

28. পাহাৰীয়া অঞ্চলত কি খেতি কৰে?
উত্তৰঃ ঝুম খেতি।

29. প্ৰাকৃতিক উদ্ভিদৰ ক্ষেত্ৰত চহকী ৰাজ্যখনৰ নাম কি?
উত্তৰঃ অসম।

30. অসমৰ অৰণ্যক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ ৫টা ভাগত ভাগ কৰা হৈছে।

31. বার্ষিক বৃষ্টিপাত্ৰ পৰিমাণ ৩০০ ছেণ্টিমিটাৰ হোৱা ঠাইত কি অৰণ্যত হয়?
উত্তৰঃ ক্রান্তীয় চিৰসেউজীয়া অৰণ্যত হয়।

32. বৰ্ষাৰণ্য কাক বোলে?
উত্তৰঃ ৩০০ চেণ্টিমিটাৰ বা তাতকৈ বেছি বৰষুণ হোৱা ঠাইত ক্রান্তীয় চিৰসেউজীয়া অৰণ্য পোৱা যায় বাবে তাক বৰ্ষাৰণ্য বোলে।

33. নৈপৰীয়া অৰণ্য কাক বোলে?
উত্তৰঃ নৈ-বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ-ভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায়। এনে অৰণ্যক নৈপৰীয়া অৰণ্য বোলে।

34. নৈ-পৰীয়া অৰণ্য থকা এখন অভয়াৰণ্যৰ নাম লিখা।
উত্তৰঃ পবিতৰা।

35. অৰণ্য কাক বোলে?
উত্তৰঃ ক্রান্তীয় বনাঞ্চলবোৰৰ কিছুমানত ডাঙৰ গছ-গছনি লোপ পোৱাত চাপৰ জোপোহা গছৰ বননি দেখা যায় ৷ এনে বননিক অৰণ্য বোলে ৷

36. কিহৰ ভিত্তিত অসমৰ ভূ-প্রকৃতি গঢ় লৈ উঠিছে?
উত্তৰঃ অসমৰ ভূ-তাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ-প্রকৃতি গঢ় লৈ উঠিছে।

37. নিম্ন হিমালয়ৰ পৰ্বত-পাহাৰবোৰ কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ টাৰ্চিয়েৰি বালি-শিলৰ দ্বাৰা গঠিত।

38. ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে কি বুজায়?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়।

39. ব্রহ্মপুত্র নদীখন অসমত কিমান বহল?
উত্তৰঃ গড়ে প্রায় ৬ৰ পৰা ৮ কিলোমিটাৰ বহল।

40. ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সৰু-বৰ আকাৰৰ কিমান বালিচৰ আছে?
উত্তৰঃ ৬০০ ৰো অধিক বালিচৰ আছে।

41. মাজুলী নদী-দ্বীপ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ যোৰহাট জিলাত অৱস্থিত ৷

42. মাজুলীৰ কি সমস্যাই জন-জীৱন বিপর্যস্ত কৰি তুলিছে?
উত্তৰঃ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জন-জীৱন বিপর্যস্ত কৰি তুলিছে।

43. মাজুলীৰ মাটিকালি বছৰি কিয় কমি গৈছে?
উত্তৰঃ গৰাখহনীয়াৰ বাবে কমি গৈছে ৷

44. অসমৰ সু উচ্চ পাহাৰখনৰ নাম কি?
উত্তৰঃ বৰাইল।

45. বৰাক সমভূমি কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে।

46. বৰাক সমভূমিক আন কি নামেৰে জনা যায়?
উত্তৰঃ কাছাৰ সমভূমি নামেৰে জনা যায়।

47. কাৰ্বি মালভূমিক কিহে দুটা খণ্ডত ভাগ কৰিছে?
উত্তৰঃ কপিলী উপত্যকাই ভাগ কৰিছে।

48. বৰাইল পৰ্বতে কাক সংযোগ কৰিছে?
উত্তৰঃ বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পর্বত আৰু পশ্চিমৰ মেঘাল মালভূমিক সংযোগ কৰিছে।

49. অসম ভৌগোলিকভাৱে কোনটো জলবায়ুৰ অন্তর্গত?
উত্তৰঃ অসম উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তর্গত।

50. অসমৰ জলবায়ু মূলতঃ কোনটো বতাহৰ দ্বাৰা প্রভাবান্বিত?
উত্তৰঃ মৌচুমী বতাহৰ দ্বাৰা প্রভাবান্বিত।

51. গ্রীষ্মকালত মৌচুমী বতাহক কিহে বাধা দিয়ে?
উত্তৰঃ গ্রীষ্ম কালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰৱাহিত উষ্ণ তথা আর্দ্র মৌচুমী বতাহক বাধা প্রদান কৰিছে।

52. বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমানে কিয় বৰষুণ দিয়ে?
উত্তৰঃ বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে।

53. বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য হোৱাৰ কাৰণ কি?
উত্তৰঃ মৌচুমী বতাহৰ শক্তি আৰু লগত অনা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে।

54. অসমৰ গ্ৰীষ্মকালৰ বৰষুণ কি প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়?
উত্তৰঃ অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...