js

Friday, September 13, 2024

SEBA Class IX Social Science [GEOGRAPHY] Chapter 3 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ভূগোল

অধ্যায় ৩ঃ ভাৰতবৰ্ষৰ ভূগোল

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:


1. ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?
(ক) দক্ষিণ গোলাৰ্ধ।
(খ) উত্তৰ গোলাৰ্ধ।
(গ) পূৱ গোলাৰ্ধ।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) উত্তৰ গোলাৰ্ধ।

2. ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত?
(ক) এছিয়া।
(খ) ইউৰোপ।
(গ) আফ্রিকা।
(ঘ) অষ্ট্ৰেলিয়া।
উত্তৰঃ (ক) এছিয়া মহাদেশৰ।

3. ভাৰতবৰ্ষ এখন ____ ৰাষ্ট্ৰ। (খালী ঠাইত কি বহিব)?
(ক) খণ্ড।
(খ) দিখণ্ডিত।
(গ) অখণ্ড।
(ঘ) ৰাজতন্ত্র।
উত্তৰঃ (গ) অখণ্ড।

4. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?
(ক) আফ্রিকা।
(খ) উত্তৰ আমেৰিকা।
(গ) ইউৰোপ।
(ঘ) এছিয়া।
উত্তৰঃ (ঘ) এছিয়া।

5. পূৱা-পশ্চিমাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড হৈছে–
(ক) ২৯৩৩ কি.মি. বিস্তৃত।
(খ) ৩২১৪ কি.মি. বিস্তৃত।
(গ) ১৫,২০০ কি.মি. বিস্তৃত।
(ঘ) ৫০০০ কি.মি. বিস্তৃত।
উত্তৰঃ (ক) ২৯৩৩ কি.মি. বিস্তৃত।

6. আয়তনৰ দিশত ভাৰতৰ স্থান কিমান?
(ক) সপ্তদশ।
(খ) দ্বিতীয়।
(গ) সপ্তম।
(ঘ) নৱম।
উত্তৰঃ (গ) সপ্তম।

7. ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি?
(ক) থৰ।
(খ) ছাহাৰা।
(গ) গোবী।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) থৰ।

8. থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?
(ক) অসম।
(খ) ৰাজস্থান।
(গ) বিহাৰ।
(ঘ) গোজৰাট।
উত্তৰঃ (খ) ৰাজস্থান।

9. অসমৰ কোনখন উত্তৰ ভাৰতৰ নদী?
(ক) নর্মদা।
(খ) কৃষ্ণা।
(গ) কাবেৰী।
(ঘ) গঙ্গা।
উত্তৰঃ (ঘ) গঙ্গা।

10. ভাৰতবৰ্ষত কেইটা প্রাকৃতিক ভাগত ভাগ কৰিছে?
(ক) চাৰিটা।
(খ) তিনিটা।
(গ) দুটা।
(ঘ) এটা।
উত্তৰঃ (ক) চাৰিটা।

11. পৃথিৱীৰ সৰ্বোচ্চ পর্বতমালা কোনখন?
(ক) পামিৰ।
(খ) কাঞ্চনজংঘা।
(গ) শ্রীসূর্য।
(ঘ) হিমালয়।
উত্তৰঃ (ঘ) হিমালয়।

12. হিমালয় পর্বতমালাৰ পৰা বৈ অহা নদী তিনিখন হৈছে— ব্ৰহ্মপুত্ৰ, গঙ্গা আৰু ____
(ক) ধনশ্রী।
(খ) পাগলাদিয়া।
(গ) নর্মদা।
(ঘ) সিন্ধু।
উত্তৰঃ (ঘ) সিন্ধু।

13. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বাৰ্ষিক গড়ে কিমান বৰষুণ হয়?
(ক) ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছে.মি.।
(খ) ১০০ ছেণ্টিমিটাৰৰ পৰা ৩০০ ছে.মি.।
(গ) ২০০ ছেণ্টিমিটাৰৰ পৰা ৪০০ ছে.মি.।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছে.মি.।

14. ভাৰতবৰ্ষত ঋতুকেইটা অনুভূত হয়?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) ছয়।
উত্তৰঃ (গ) চাৰি।

15. জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?
(ক) প্রথম।
(খ) দ্বিতীয়।
(গ) তৃতীয়।
(ঘ) চতুর্থ।
উত্তৰঃ (খ) দ্বিতীয়।

16. ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন?
(ক) অসম।
(খ) ৰাজস্থান।
(গ) মহাৰাষ্ট্ৰ।
(ঘ) উত্তৰ প্ৰদেশ।
উত্তৰঃ (ঘ) উত্তৰ প্ৰদেশ।

17. আভ্যন্তৰীণ প্ৰব্ৰজন কেইপ্ৰকাৰৰ?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) দুই।

18. ভাৰতে কেতিয়া স্বাধীন হৈছিল?
(ক) ১৯৪৭ চনৰ ২৬ আগষ্ট।
(খ) ১৯৪৭ চনৰ ২ ডিচেম্বৰ।
(গ) ১৯৪৭ চনৰ ১৫ আগষ্ট।
(ঘ) ১৯৪৭ চনৰ ১৪ আগষ্ট।
উত্তৰঃ (গ) ১৯৪৭ চনৰ ১৫ আগষ্ট।

19. ভাৰতবৰ্ষত কেইখন কেন্দ্রীয় শাসিত অঞ্চল আছে?
(ক) ছয় খন।
(খ) সাতখন।
(গ) আঠখন।
(ঘ) নখন।
উত্তৰঃ (খ) সাতখন।

20. অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী ক’ত?
(ক) পানাজী।
(খ) ছিমলা।
(গ) লক্ষ্ণৌ।
(ঘ) অমৰাৱতী।
উত্তৰঃ (ঘ) অমৰাৱতী।

21. চেৰাপুঞ্জীত বছৰি কিমান ছেণ্টিমিটাৰ বৰষুণ হয়?
(ক) ২৪০ ছে.মি.
(খ) ১২৪০ ছে.মি.
(গ) ১০৫০ ছে.মি.
(ঘ) ১২৫০ ছে.মি.
উত্তৰঃ (ঘ) ১২৫০ ছে.মি.

22. ভাৰতৰ উদ্ভিদবোৰক কেইভাগত ভাগ কৰিছে?
(ক) ছয় ভাগত।
(খ) পাঁচ ভাগত।
(গ) চাৰি ভাগত।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) ছয় ভাগত।

23. ভাৰতৰ কিমান শতাংশ লোক কৃষিজীৱি।
(ক) ৬০ শতাংশ।
(খ) ৫০ শতাংশ।
(গ) ৭০ শতাংশ।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) ৭০ শতাংশ।

24. পার্বত্য অঞ্চলত প্ৰধানকৈ কি গছ পোৱা যায়?
(ক) শাল গছ।
(খ) সৰল গছ।
(গ) নিমগছ।
(ঘ) খৈৰা গছ।
উত্তৰঃ (খ) সৰল গছ।

25. মেনগ্র’ভ উদ্ভিদ কোন ঠাইত জন্ম হয়?
(ক) মালভূমি অঞ্চলত।
(খ) উপকূল অঞ্চলত।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চলত।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) উপকূল অঞ্চলত।

26. প্রেইৰী কোন মহাদেশত অৱস্থিত?
(ক) দক্ষিণ আমেৰিকা।
(খ) এছিয়া।
(গ) উত্তৰ আমেৰিকা।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) উত্তৰ আমেৰিকা।

27. বছৰি ৫০ ছেণ্টিমিটাৰতকৈ কম বৰষুণ কোন অঞ্চলত হয়?
(ক) মৰুভূমি অঞ্চলত।
(খ) উপকূল অঞ্চলত।
(গ) পাহাৰীয়া অঞ্চলত।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) মৰুভূমি অঞ্চলত।

28. চিৰসেউজীয়া অৰণ্য কোন অঞ্চলত পোৱা যায়?
(ক) ব-দ্বীপীয় অঞ্চলত।
(খ) হিমালয়ৰ ওপৰি অঞ্চলত।
(গ) আন্দমান অঞ্চলত।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) হিমালয়ৰ ওপৰি অঞ্চলত।

29. টেথিছ সাগৰৰ উত্তৰৰ ভূ-খণ্ডক কি বোলে?
(ক) আয়াৰলেণ্ড।
(খ) গণ্ডোৱলেণ্ড।
(গ) আঙ্গাৰলেণ্ড।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) আঙ্গাৰলেণ্ড।

30. হিমালয় পর্বতমালা কোন যুগত সৃষ্টি হৈছে?
(ক) প্রাক-ঐতিহাসিক।
(খ) টাৰচিয়েৰি।
(গ) ঐতিহাসিক।
(ঘ) আধুনিক।
উত্তৰঃ (খ) টাৰচিয়েৰি।

31. চিল্কা হ্রদ কোন ৰাজ্যত অৱস্থিত?
(ক) নাগালেণ্ড।
(খ) পশ্চিমবংগ।
(গ) চিকিম।
(ঘ) উৰিষ্যা।
উত্তৰঃ (ঘ) উৰিষ্যা।

32. এছিয়া মহাদেশৰ কোন অংশত ভাৰতবৰ্ষ অৱস্থিত?
(ক) উত্তৰ।
(খ) দক্ষিণ।
(গ) পূৱ।
(ঘ) পশ্চিম।
উত্তৰঃ (খ) দক্ষিণ অংশত।

33. হিমালয় পর্বত ভাৰতৰ কোন দিশত অৱস্থিত?
(ক) উত্তৰ।
(খ) দক্ষিণ।
(গ) পূৱ।
(ঘ) পশ্চিম।
উত্তৰঃ (ক) উত্তৰ দিশত।

34. ভাৰতৰ সোঁমাজেদি কি ৰেখা গৈছে?
(ক) মকৰক্ৰান্তি ৰেখা।
(খ) বিষুৱ ৰেখা।
(গ) কর্কটক্রান্তি ৰেখা।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) কৰ্কট ক্রান্তি ৰেখা।

35. ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?
(ক) ৩,০২০০০৮৩ বর্গকিলোমিটাৰ।
(খ) ২,২৮৭,২৬৩ বর্গকিলোমিটাৰ।
(গ) ৪ কোটি বর্গ কিলোমিটাৰ।
(ঘ) ৩,২৮৭,২৬৩ বৰ্গকিলোমিটাৰ।
উত্তৰঃ (ঘ) ৩,২৮৭,২৬৩ বর্গ কিলোমিটাৰ।

36. উত্তৰ ভাৰতৰ নদীবোৰৰ গতিবোৰ হ’ল- উচ্চগতি, মধ্যগতি আৰু ____?
(ক) সৰলগতি।
(খ) বক্রগতি।
(গ) নিম্নগতি।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) নিম্নগতি।

37. গঙ্গানদী ক’ৰ পৰা ওলাইছে?
(ক) কাশ্মীৰৰ পৰা।
(খ) গঙ্গোত্ৰী নামৰ হিমবাহৰ পৰা।
(গ) অৰুণাচলৰ পাহাৰৰ পৰা।
(ঘ) নেপাল ভূমিৰ পৰা।
উত্তৰঃ (খ) গঙ্গোত্রীনামৰ হিমবাহৰ পৰা।

38. নর্মদা আৰু তাপ্তী নদী ক’ত পৰিছেগৈ?
(ক) কাম্বে উপসাগৰত।
(খ) আৰৱসাগৰত।
(গ) ভাৰত মহাসাগৰত।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) কাম্বে উপসাগৰত।

39. কাম্বে উপসাগৰ আৰু গোৱাৰ মাজৰ উত্তৰ অংশটোৰ নাম কি?
(ক) কন্যাকুমাৰী।
(খ) লাডাখ।
(গ) লেহ।
(ঘ) কংকন উপকূল।
উত্তৰঃ (ঘ) কংকন উপকূল।

40. আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কিমানটা দ্বীপ আছে?
(ক) ১৯০
(খ) ২১৫
(গ) ২০০
(ঘ) ২০৪
উত্তৰঃ (খ) ২১৫ টা।

41. লাক্ষাদ্বীপ ৰাজ্যত দেশৰ কিমান শতাংশ লোকে বাস কৰে?
(ক) ১০ শতাংশ।
(খ) ১ শতাংশ
(গ) ৫ শতাংশ।
(ঘ) ০.০১ শতাংশ।
উত্তৰঃ (ঘ) ০.০১ শতাংশ।

42. ডেৰাডুন কোন ৰাজ্যৰ ৰাজধানী?
(ক) ঝাৰখণ্ড।
(খ) হাৰিয়ানা।
(গ) উত্তৰাখণ্ড।
(ঘ) কেৰেলা।
উত্তৰঃ (গ) উত্তৰাখণ্ড।

43. জনসংখ্যাৰ দিশত তৃতীয় স্থানত থকা ৰাজ্যখনৰ নাম কি?
(ক) বিহাৰ।
(খ) মহাৰাষ্ট্ৰ।
(গ) গুজৰাট।
(ঘ) মধ্যপ্রদেশ।
উত্তৰঃ (ক) বিহাৰ।

অতি চমু প্রশ্ন উত্তৰ:

1. ভাৰতৰ উপকুল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ৬,১০০ কিলোমিটাৰ ৷

2. ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ১৫,২০০ কিলোমিটাৰ৷

3. ভাৰতত ভূ-প্রাকৃতিক বিভাগ কেইটা?
উত্তৰঃ চাৰিটা।

4. ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন?
উত্তৰঃ ৭ খন।

5. বর্তমান ভাৰতৰ ৰাজ্য কেইখন?
উত্তৰঃ ২৯ খন।

6. ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ তেলেংগানা।

7. আন্দামান দ্বীপপুঞ্জৰ ৰাজধানী ক’ত?
উত্তৰঃ পোর্টব্লেয়াৰ ৷

৪. নিকোবৰ অঞ্চলত কেইটা দ্বীপ আছে?
উত্তৰঃ ১১ টা।

9. গোৱাৰ পৰা কুমাৰীকালৈ দক্ষিণৰ অংশটোৰ নাম কি?
উত্তৰঃ মালাৱাৰ উপকূল।

10. ভাৰতৰ উদ্ভিদবোৰক কেইভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ ছয় ভাগত।

11. চিৰসেউজীয়া উদ্ভিদ কাক বোলে?
উত্তৰঃ বছৰৰ কোনো ঋতুতে গছৰ পাত নসৰা উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে।

12. ব-দ্বীপীয় অঞ্চলৰ এবিধ উদ্ভিদৰ উদাহৰণ দিয়া।
উত্তৰঃ নাৰিকল গছ।

13. এবিধ মূল্যৱান প্রাকৃতিক সম্পদ হৈছে—
উত্তৰঃ উদ্ভিদ।

14. আমেৰিকাৰ মাটিকালি পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ?
উত্তৰঃ ৭.২ শতাংশ।

15. ভাৰতৰ জলন্ত সমস্যা কি?
উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণ।

16. তেলেংগানা ৰাজ্য কোনখন ৰাজ্য ভাগ হৈ গঠন কৰা হৈছিল?
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ।

17. ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰৰ নাম লিখা?
উত্তৰঃ নেপাল।

18. ভাৰতৰ সাধাৰণ নিৰ্বাচন কেই বছৰৰ অন্তত হয়?
উত্তৰঃ ৫ বছৰৰ অন্তত।

19. বৃটিছ সকলে ভাৰতত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰঃ প্রায় দুশ বছৰ।

20. ভাৰতৰ এখন মৰুভূমিৰ নাম লিখা।
উত্তৰঃ থৰ মৰুভূমি।

21. পশ্চিমবংগৰ ৰাজধানী ক’ত?
উত্তৰঃ কলকাতা।

22. আয়তনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি?
উত্তৰঃ সপ্তম।

23. পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন?
উত্তৰঃ চীন দেশ।

24. কেৰেলাৰ ৰাজধানী ক’ত?
উত্তৰঃ তিৰুৱনন্তপুৰম।

25. ভাৰতৰ এখন কেন্দ্রীয় শাসিত অঞ্চলৰ নাম লিখা।
উত্তৰঃ নতুন দিল্লী।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...