js

Tuesday, July 22, 2025

Class 10 Assamese lesson 10 অৰুণিমা সিনহা Question answer

 (১) চমুকৈ উত্তৰঃ লিখা।

(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? 
উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুনিমা সিনহাৰ ঘৰ ক'ত ?(৬০)
উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ উত্তৰঃ প্ৰদেশত ।

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল ?
উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল । আৰু নিজৰ এভাৰেষ্ট বিজয় সপোন কেনেদৰে বাস্তৱায়িত কৰিব পাৰিব তেওঁৰ পৰা তাৰ পৰামৰ্শ বিচাৰিছিল ।

 
(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল ?
উত্তৰঃ অৰুণিমাই মাউণ্ট এভাৰেষ্টত ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল । তেওঁ তাত ডেৰ ঘণ্টা সময় ধৰি আছিল।

(২)অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উত্তৰঃ অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত এদল ডকাইতৰ মুখামুখি হ'বলগীয়া হৈছিল । ডকাইতৰ দলটোৱে ৰেলযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে আ-অলংকাৰ কাঢ়ি লৈ গৈছিল। ডকাইতৰ দলটোৱে অৰুণিমা সিনহাৰ ডিঙিত থকা চেইনডালো বিচাৰিছিল কিন্তু তেওঁ চেইনডাল দিবলৈ অমান্তি হৈছিল। চেইনডাল দিবলৈ অমান্তি হোৱা বাবে অৰুণিমাক ডকাইত দুজনে খঙতে চলন্ত ৰে'লগাড়ীৰ পৰা বাহিৰলৈ পেলাই দিছিল । ঠিক সেই সময়খিনিতে ওচৰৰে আহি থকা আন এখন ৰে'লগাড়ীত খুন্দা খাই তেওঁ ছিটিকি পৰিছিল । 
 এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আন খন ভৰিত লোৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হ'ল।


(৩)অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?
উত্তৰঃৰেলযাত্ৰাত ডকাইতৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। সেইবাবে তেওঁৰ সপোন পূৰাবলৈ তেওঁ চাৰি মাহৰ মূৰত হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। 
 বাচেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনিৰ দুচকুত সপোন , প্ৰত্যাহবান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে, এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব।
 টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল । প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ অনুশীলন কৰি থাকিল । আৰু বহু বাধা-বিঘিনীৰ অন্তত ২০১৩ চনৰ ২১ মে তাৰিখে তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল। এনেদৰেই অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে তেওঁক সহায় কৰিছিল ।
 

(৪) এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ?
উত্তৰঃএভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ পৰামৰ্শমতে মনত অদম্য সাহস আৰু দুচকুত হাজাৰ সপোন লৈ উত্তৰঃ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগ দিলেগৈ। আৰু তাত বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ অনুশীলন কৰি থাকিল ।
 শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ । ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰুপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল । কেতিয়াবা এনেকুৱাও হৈছিল আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিততে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত তিনিঘণ্টাও লাগি গৈছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল।


(৫) অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে ?
উত্তৰঃলাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল ২১৭৯৮ ফুট । অৰুণিমা সিনহাক পৰ্বতাৰোহণৰ অভিযানত সহায় কৰা শ্বেৰপাজনে অৰুণিমা সিনহাৰ তেজেৰে তুমুৰলি হোৱা ভৰিৰ অৱস্থা দেখি কেবাবাৰো প্ৰাণ বচাবলৈকে উভতি যোৱাৰ পৰামৰ্শ দিছিল যদিও অৰুণিমাই কোনো কথা নামনি চেষ্টা অব্যাহত ৰাখিছিল। সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল । এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল সেইবাবে শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতেই তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল। 
 বতৰৰ এনে প্ৰতিকূল অৱস্থাৰ কাৰণেই অৰুণিমা সিনহাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে ।


(৬)অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰঃমাউণ্ট চামচেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাৰ পিছত অৰুণিমাৰ মনোবল আৰু অধিক দৃঢ় হ'ল । তাৰ পিছত অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা পানী আৰু অক্সিজেন লৈ গৈছিল । চাৰি নং কেম্প পাওঁতে তেওঁৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল। লগত যোৱা শ্বেৰপাৰজনে অক্সিজেন শেষ হ'লে বিপদ হোৱাৰ কথা বাৰে বাৰে সোঁৱৰাই দিছিল । তথাপিও অৰুণিমাই উভতি নাযাওঁ বুলি কৈছিল। 
 এনেদৰেই অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোঁতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল, আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত নিশা প্ৰায় ৮ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তেওঁ তাত প্ৰায় ডেৰ ঘণ্টা সময় আছিল আৰু সেইদিনাখন তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে ।

(৭) 'একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।' -কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰঃ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। 
 জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰঃ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ চাব্বিছ বছৰীয়া যুৱতী গৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভীমুখী ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাব লগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল।
 যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতা সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰুপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰুপান্তৰিত কৰি জগতলৈ চানেকি দেখুওৱাইছে অৰুণিমা সিনহাই।


(৮) ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল ?
উত্তৰঃ পংগু অৱস্থাতো অৰুণিমা সিনহাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা তীব্রতৰ হৈ উঠা কালছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে অৰুণিমা সিনহাক অনুপ্ৰাণিত কৰিছিল । কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰঃণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।


 (৯)চমুটোকা লিখা।

 বাচেন্দ্ৰি পাল
উত্তৰঃবাচেন্দ্ৰী পাল এভাৰেষ্ট বিজয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ১৯৮৪ চনৰ ২৩ মে’ তাৰিখে তেওঁ সফলতাৰে এভাৰেষ্ট আৰোহণ কৰে। গাঢ়ৱাল জিলা নাকুৰি গাঁৱত ১৯৫৪ চনৰ ২৪ মে'ত বাচেন্দ্ৰী পালৰ জন্ম হয়। 

টেনজিং নৰগে ( টেনজিং নৰগেৰ জন্ম হয় ১৯১৪ চনৰ ২৯ 'মে' তাৰিখে নেপালৰ খম্বু জিলাত । এডমণ্ড হিলাৰী ৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে । টেনজিং নৰগেই হ'ল প্ৰথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী । ১৯৮৬ চনৰ ১ মে তাৰিখে তেওঁৰ মৃত্যু হয় ।

ষ্টিফেন হকিং ষ্টিফেন হকিং ৰ
 সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং ৷ ১৯৪২ চনৰ ৮ জানুৱাৰীত, অৰ্থাৎ গেলিলিঅ’ গেলিলিৰ তিনিশ (৩০০)তম মৃত্যুবাৰ্ষিকী পূৰ্ণ হোৱা দিনটোতে তেওঁৰ জন্ম হৈছিল ৷ তেঁও ডেকা বয়সত 'মটৰ 
নিউৰণ ডিজিজ' নামৰ এবিধ ৰোগত আক্রান্ত হয় । তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ড॰ ফ্ৰেংক হকিং আৰু ইছাবেল হকিং। ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত নিজা বাসগৃহত তেওঁৰ দেহাৱহান হয়।


ভাষা -বিষয়ক
১০।সন্ধি ভাঙাঃ
 (সংশয়, পৰ্বতাৰোহণ, উৎসাহ , হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন )
উত্তৰঃ 
সংশয় সম + শয়
পৰ্বতাৰোহণ পৰ্বত + আৰোহণ
উৎসাহ উৎ + সাহ
হিমালয় হিম + আলয়
প্ৰত্যাহ্বান প্ৰতি + আহ্বান
বিপদাপন্ন বিপদ + আপন্ন


(১১) তলৰ শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱা - 
(অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল ) 
উত্তৰঃ 
অনুৰাগ অনু + ৰাগ
অনুভৱ অনু + ভৱ
অভিনয় অভি + নয়
প্ৰতিফল প্ৰতি + ফল

No comments:

Post a Comment

Class 10 Assamese lesson 10 অৰুণিমা সিনহা Question answer

 (১) চমুকৈ উত্তৰঃ লিখা। (ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?  উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুনি...