Redirect Image

js

Wednesday, July 23, 2025

Class 6 social science lesson 2 Assamese Medium ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ পাঠ ২ (পৃথিৱীৰ আকাৰ আৰু আকৃতি) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 6 social science lesson 2 Assamese Medium ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ পাঠ ২ (পৃথিৱীৰ আকাৰ আৰু আকৃতি) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ




💕 (১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া -
(ক) কৰ্কট ক্ৰান্তি কাক বোলে ?
উত্তৰ👉👉 পৃথিৱীৰ সোমাজৰ কাল্পনিক বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩ ১/২° ডিগ্ৰী উত্তৰ অক্ষাংশ কাল্পনিক ৰেখাডালকেই কৰ্কট ক্ৰান্তি বোলা হয়। 


💕 (খ) তাপ মণ্ডল তিনিটা কি কি ? (২৪)
উত্তৰ👉👉তাপ মণ্ডল তিনিটা হ'ল - গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল, আৰু শীতমণ্ডল।


💕 (গ) অক্ষৰেখা কাক বোলে ? (২৪)
উত্তৰ👉👉 বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে । এইবোৰকে অক্ষৰেখা বোলে।


💕 (ঘ) দ্ৰাঘিমাৰেখা কাক বোলে ? (২৪)
উত্তৰ👉👉 পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে।


💕 (ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয় ? (২২)
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে। ফলত এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি আৰু বছৰৰ প্ৰায় সকলো সময়তে ইয়াৰ উত্তাপ প্ৰায় সমানে থাকে সেইবাবে গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম হয়। 


💕 (চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ? (২২)
উত্তৰ👉👉বিষুৱ ৰেখা গ্ৰীষ্ম বা  উষ্ম  মণ্ডলত অৱস্থিত ।


💕 (ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে ?
উত্তৰ👉👉 অতিপাত শীতৰ বাবে মেৰু অঞ্চলত বছৰৰ প্ৰায় বাৰ মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ হ'ল ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে।



         ✅(২) কেৱল উত্তৰ দিয়া -
💕 (ক) কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে ? (২১)
উত্তৰ👉👉কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে ।

💕 (খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে ?
উত্তৰ👉👉 পৃথিৱীৰ দুয়োটা মূৰ সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালক মেৰুদণ্ড বোলা হয় । এই মেৰুদণ্ডই পৃথিৱীৰ কেন্দ্রৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে ।

💕 (গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে ?
উত্তৰ👉👉গোলকৰ উত্তৰ ফালে উত্তৰ মেৰু থাকে ।

💕 (ঘ) বিষুৱ ৰেখা অক্ষাংশ কিমান ?
উত্তৰ👉👉 0º অক্ষাংশ

💕 (ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?
উত্তৰ👉👉 মই উত্তৰ গোলাৰ্ধৰ বাসিন্দা।


    ✅(৩) শুদ্ধ উত্তৰটেত শুদ্ধ চিন দিয়া-
💕 (ক) মূখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে-
      👉 (১) ৯০°
      👉 (২) ০°
      👉 (৩) ৬৬°
উত্তৰ👉👉 (২) ০°

💕 (খ) শীত মণ্ডলৰ অৱস্থান হৈছে - 
      👉 (১) মেৰু অঞ্চলত
      👉 (২) বিষুৱীয় অঞ্চল
উত্তৰ👉👉 (১) মেৰু অঞ্চলত।


💕 (গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব ? (২১)
  👉 (১) ৬৬ ১/২° দক্ষিণ অক্ষাংশ
  👉 (২) ২৩ ১/২° দক্ষিণ অক্ষাংশ
  👉 (৩) ২৩ ১/২°  উত্তৰ অক্ষাংশ
উত্তৰ👉👉 (২) ২৩ ১/২° দক্ষিণ অক্ষাংশ
 
💕 (ঘ) ১° ৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব-
      👉 (১) ১৮০ ডাল
      👉 (২) ৩৬০ ডাল
      👉 (৩) ৯০  ডাল
উত্তৰ👉👉 (২) ৩৬০ ডাল


✅ (৪) (ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?
উত্তৰ👉👉  বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম হ'ল - গ্ৰীষ্মমণ্ডল ।


💕 (খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে ? (22)
উত্তৰ👉👉 সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে গোট মাৰি বৰফ অৱস্থাত থাকে ।

 

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...