Class 7 science lesson 2 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ ২ (প্ৰাণীৰ পৰিপুষ্টি) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
✅ অনুশীলনী : 💕
✅ (১) খালী ঠাই পূৰ কৰা ।
💕 (ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হল' ------------, ------------,------------, ------------ আৰু ------------ ।
উত্তৰ👉👉 অন্ত:গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ, মলত্যাগ ।
💕 (খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ------------ ।
উত্তৰ👉👉 যকৃৎ ।
( যকৃৎ হ'ল মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু গধুৰ গ্ৰন্থি । ইয়াৰ ওজন প্ৰায় 1.6 কিল'গ্ৰাম । )
💕 (গ) পাকস্থলীয়ে হাইড্ৰ'ক্ল'ৰিক এছিড আৰু ------------ ৰস উলিয়ায় যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে । (১৬)
উত্তৰ👉👉 পাচক ।
💕 (ঘ) ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱৰ্ধ থাকে যাক ------------ বোলে । (১৭)
উত্তৰ👉👉 ভিলাই ।
💕 (ঙ) এমিবাৰ খাদ্য ------------ ত হজম হয় । (২০)
উত্তৰ👉👉খাদ্য-ৰিক্তিকাত ।
✅ (২) যদি বাক্যবোৰ সঁচা হয় 'শু' চিন দিবা আৰু মিছা হ'লে 'অ' চিন দিবা ।
💕 (ক) শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়। (শু/অ)
উত্তৰ👉👉 অশুদ্ধ
💕 (খ) জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। (শু/অ) (১৪)
উত্তৰ👉👉 শুদ্ধ
💕 (গ) পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে। (শু/অ) (১৪)
উত্তৰ👉👉 শুদ্ধ
💕 (ঘ) ৰোমন্থকে গিলি খোৱা ঘাহঁ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। (শু/অ) (১৮)
উত্তৰ👉👉 শুদ্ধ
✅ (৩) নিম্নলিখিত শুদ্ধ উত্তৰত '☑️' চিন দিয়া -
💕(ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়।
(i) পাকস্থলীত
(ii) মুখত
(iii) ক্ষুদ্ৰান্ত্ৰত
(iv)বৃহদন্ত্ৰত
উত্তৰ👉👉 (iii) ক্ষুদ্ৰান্ত্ৰত
💕 (খ)পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় । (১৭)
(i) পাকস্থলীত
(ii) খাদ্যনলীত
(iii) ক্ষুদ্ৰান্ত্ৰত
(iv) বৃহদন্ত্ৰত
উত্তৰ👉👉 (iv) বৃহদন্ত্ৰত
💕 (৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা : (১৭)
উত্তৰ👉👉
স্তম্ভ ১ স্তম্ভ ২
👇খাদ্যৰ উপাদান পাচনৰ ফলাফল👇
👉 কাৰ্ব'হাইড্ৰেট ------ চেনি
👉 প্ৰ'টিন --------- এমিন' এছিড
👉 স্নেহ পদাৰ্থ ------ ফেটি এছিড বা গ্লিছাৰললৈ ।
✅ (৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ? (১৭)
উত্তৰ👉👉 ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বুলি কোৱা হয়।
ভিলাইৰ অৱস্থিতি ক্ষুদ্ৰান্তৰ বেৰত ।
ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে । প্ৰতিটো ভিলাইৰ পৃষ্ঠৰ ওচৰত পাতল আৰু সৰু তেজৰ নলীৰ জালিকা আছে । ভিলাইৰ পৃষ্ঠ ভাগে পাচন হোৱা খাদ্য বস্তুবোৰ শোষণ কৰে । শোষণ হোৱা পদাৰ্থবোৰক তেজৰ ক্ষুদ্ৰ নলীৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ।
✅ (৬) পিত্তৰস ক'ত উৎপন্ন হয় ? খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় ? (১৬)
উত্তৰ👉👉 পিত্তৰস যকৃৎত উৎপন্ন হয় । পিত্তৰসে চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰায় ।
✅ (৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব'হাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা। (১৮)
উত্তৰ👉👉 ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব'হাইড্ৰেটটোৰ নাম হ'ল - ছেলুল'জ ।
ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদন্ত্ৰৰ মাজত অন্ধান্ত্ৰ বা ছিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে । ইয়াত খাদ্যৰ ছেলুল'জবোৰ নিদিৰ্ষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয়, যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে ।
✅ (৮) আমি কিয় গ্লক'জৰ পৰা ততালিকে শক্তি পাওঁ ?
উত্তৰ👉👉 আমি গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ কাৰণ গ্লুক'জ হ'ল খাদ্যৰ সৰলতম অৱস্থা । তেজে পোনপটিয়াকৈ শোষণ কৰি ল'ব পাৰে আৰু অক্সিজেনৰ উপস্থিতিত ভাগি ততালিকে শক্তি উৎপন্ন কৰে ।
✅ (৯) তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জৰিত -
💕 (ক) খাদ্যত শোষণত ---------- । (১৬)
উত্তৰ👉👉 ক্ষুদ্ৰান্ত্ৰ।
💕 (খ) খাদ্য চোবোৱাত -------------- । (১২)
উত্তৰ👉👉 মুখগহ্বৰ।
💕 (গ) বেক্টেৰিয়া ধ্বংস কৰাত ----- । (১৬)
উত্তৰ👉👉 পাকস্থলী।
💕 (ঘ) খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ----- । (১৬)
উত্তৰ👉👉 ক্ষুদ্ৰান্ত্ৰ।
💕 (ঙ) মল সৃষ্টি হোৱাত --------। (১৭)
উত্তৰ👉👉 বৃহদ্ৰন্ত্ৰ ।
💕 (১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা ।
উত্তৰ👉👉 সাদৃশ্য = মানুহ আৰু এমিবাৰ খাদ্য পাচনৰ মূল প্ৰক্ৰিয়াটো একে ।
পাৰ্থক্য = এমিবাই খাদ্য খাদ্য ৰিক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত ।
💕 (১১) স্তম্ভ ১ৰ বিষয়বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্ত বিষয়বোৰ মিলোৱা -
👇স্তম্ভ ১ স্তম্ভ ২👇
(ক) লালটি গ্ৰন্থি = (গ) লালটি নিঃসৰণ কৰে। (১৪)
(খ) পাকস্থলী = (ঘ) এছিড বাহিৰ কৰে। (১৬)
(গ) যকৃৎ = (ক) পিত্তৰস নিঃসৰণ হয় । (১৬)
(ঘ) মলাশয় = (খ) পাচন নোহোৱা খাদ্যৰ সঞ্চয় । (১৭)
(ঙ) ক্ষুদ্ৰান্ত = (ঙ)পাচন সম্পূৰ্ণ হয়। (১৭)
(চ) বৃহদন্ত্ৰ = (চ) পানীৰ শোষণ । (১৭)
✖️✖️ (ছ) মল ত্যাগ কৰা।