Redirect Image

js

Monday, July 28, 2025

SEBA Class 10 Science Chapter 13: বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্রিয়া MCQ

Class 10 Science Chapter 13
(বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্রিয়া)

MCQ

1. চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য-
(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।
(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।
(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।

Ans : (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

2. প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্রত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ'ল- 
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(d) ওপৰৰ এটাও নহয়।
Ans : (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

3. প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য -
(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম।
(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা।
(c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।
(d) কুণ্ডলীত প্ৰবাহৰ মান' বঢ়ালে কুণ্ডলীৰ অন্তৰ্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাড়ে।

Ans : (c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

4. চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহমুক্ত পৰিবাহীত প্ৰয়োেগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে-
(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।
(b) চৌম্বক ক্ষেত্ৰখনৰ মান
(c) পৰিবাহীৰ দৈর্ঘ্য
(d) ওপৰৰ আটাইকেইটা।

Ans : d) ওপৰৰ আটাইকেইটা।

5. চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োেগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ'ল-
(a) চৌম্বক ক্ষেত্ৰৰ দিশ
(b) পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ
(c) (a) আৰু (b) দুয়োটা
(d) ওপৰৰ এটাও নহয়

Ans : (c) (a) আৰু (b) দুয়োটা

6. চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল-
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(d) ওপৰৰ এটাও নহয়।

Ans : (b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি

7. এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়?
(a) বৃহৎ সংখ্যক পাকৰ কুণ্ডলী
(b) স্থায়ী চুম্বক
(c) আৰ্মেচাৰ

Ans : (b) স্থায়ী চুম্বক

৪. বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ'ল-
(a) গেলভেন'মিটাৰ
(b) এমিটাৰ
(c) ভল্টমিটাৰ
(d) ওপৰৰ এটাও নহয়।

Ans : (a) গেলভেন'মিটাৰ

9. চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ'ল-
(a) কুণ্ডলীৰ গতিৰ দিশ
(b) চৌম্বক ক্ষেত্ৰৰ দিশ
(c) (a) আৰু (b) দুয়োটা
(d) ওপৰৰ এটাও নহয়
Ans : (c) (a) আৰু (b) দুয়োটা

10. চৌম্বক ক্ষেত্রত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল-
(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি
(d) ওপৰৰ এটাও নহয়।

Ans : (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি

11. ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ'ল-
(a) 25Hz
(b) 50Hz
(c) 100Hz
(d) 5Hz

Ans : (b) 50Hz

12. ভাৰতত AC ৰ দিশ সলনি হয় প্ৰতি-
(a) 0.01 ছেকেণ্ড
(b) 0.02 ছেকেণ্ড
(c) 1 ছেকেণ্ডত
(d) 5 ছেকেণ্ডত
Ans: (a) 0.01 ছেকেণ্ড

13. ভাৰতত সজীৰ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভবভেদৰ মান-
(a) 100V
(b) 250V
(c) 200V
(d) 220V
Ans : (d) 220V

14.প্রবাহযুক্ত ক্ষেত্ৰেৰ মান নির্ভৰ

14. প্রবাহযুক্ত চ'লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ'ল
(a) কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহ
(b) কুণ্ডলীৰ ব্যাসার্দ্ধ
(c) কুণ্ডলীৰ পাকৰ সংখ্যা
(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা

15. এটা AC জেনেৰেটৰত ব্যৱহৃত হয়-
(a) দুটা স্লিপ ৰিং
(b) এটা ফলা আঙুঠি
(c) (a) নাইবা (b)
(d) ওপৰৰ এটাও নহয়

Ans : (a) দুটা স্লিপ ৰিং

No comments:

Post a Comment

Indian Economy MCQ Set-20

Indian Economy MCQ Set-20 Q.1  Which of the following is the biggest contributor of foreign exchang...