Metals and Non-metals MCQ
1. আটাইতকৈ নমনীয় ধাতুটো –
(a) সোণ।
(b) ৰূপ।
(c) তাম।
(d) এলুমিনিয়াম।
উত্তৰঃ (a) সোণ।
2. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু –
(a) সোণ।
(b) ৰূপ।
(c) এলুমিনিয়াম।
(d) সীহ।
উত্তৰঃ (b) ৰূপ।
3. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো-
(a) গেলিয়াম।
(b) চিজিয়াম।
(c) সীহ।
(d) পাৰা।
উত্তৰঃ (d) পাৰা।
4. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো-
(a) আয়'ডিন।
(b) ক্ল'ৰিণ।
(c) ব্র'মিন।
(d) ছালফাৰ।
উত্তৰঃ (c) ব্ৰ'মিন।
5. দ্যুতি থকা অধাতুটো –
(a) কার্বন।
(b) ছালফাৰ।
(c) ফ'ছফৰাছ।
(d) আয়'ডিন।
উত্তৰঃ (d) আয়'ডিন।
6. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি-
(a) মেগনেছিয়াম।
(b) ছ'ডিয়াম।
(c) সীহ।
(d) গেলিয়াম।
উত্তৰঃ (b) ছ'ডিয়াম।
7. তলৰ কোনটো এটা উভধর্মী অক্সাইড –
(a) Na₂O
(b) K₂O
(c) CuO
(d) Al₂O₃
উত্তৰঃ (d) Al₂O₃
৪. তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্রবণীয় –
(a) Na₂O
(b) Fe₂O₃
(c) CuO
(d) PbO
উত্তৰঃ (a) Na₂O
9. Cu, Al, Na, F – এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্রমত সজালে হ'ব –
(a) Cu > Na > Fe > Al
(b) Na > Al > Cu > Fe
(c) Na > Al > Fe > Cu
(d) Al > Na > Fe > Cu
উত্তৰঃ (c) Na > Al > Fe > Cu
10. তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে?
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰঃ (a) Na
11. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Ag
(d) Al
উত্তৰঃ (c) Ag
12. তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্রিয়া কৰে?
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰঃ (c) Na
13. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্রিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
উত্তৰঃ (b) Mg
14. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্রিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
উত্তৰঃ (c) Fe
15. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
উত্তৰঃ (a) Cu
16. তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO3 ৰ লগত বিক্ৰিয়া কৰি H₂ গেছ উৎপন্ন কৰে?
(a) Cu, Co
(b) Mg, Mn
(c) Al, Fe
(d) Na, K
উত্তৰঃ (b) Mg, Mn
17. লঘু এচিডৰ লগত Fe, Al, Zn, Mg ৰ বিক্ৰিয়াবেগৰ নিম্নক্ৰমটো হ'ল-
(a) Al > Fe > Zn > Mg
(b) Zn > Al > Mg > Fe
(c) Fe > Al > Zn > Mg
(d) Mg > Al > Zn > Fe
উত্তৰঃ (d) Mg > Al > Zn > Fe
18. তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰ'জেনক অপসাৰিত নকৰে?
(a) Pb
(b) Zn
(c) Cu
(d) Fe
উত্তৰঃ (c) Cu
19. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?
(a) ছিলাভৰ।
(b) গ'ল্ড।
(c) যিংক।
(d) মাৰকিউৰি।
উত্তৰঃ (c) যিংক।
20. তলৰ আটাইতকৈ সক্রিয় ধাতুটো হ'ল –
(a) সোণ।
(b) পটেছিয়াম।
(c) এলুমনিয়াম।
(d) ছ'ডিয়াম।
উত্তৰঃ (b) পটেছিয়াম।
21. K, Ag, Cu, Zn - ধাতুকেইটাক সক্রিয়তাৰ নিম্নক্ৰমত সজালে হ'ব-
(a) K > Ag > Zn > Cu
(b) Zn > K > Ag > Cu
(c) Zn > Cu > K > Ag
(d) K > Zn > Cu > Ag
উত্তৰঃ (d) K > Zn > Cu > Ag
22. ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সৰ্বাধিক সহায় কৰে—
(a) ধাতু আৰু পানীৰ মাজৰ বিক্ৰিয়াই।
(b) ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়াই।
(c) ধাতু আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াই।
(d) ধাতুৱে আন ধাতুৰ লৱণৰ স্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্রিয়াই।
উত্তৰঃ (d) ধাতুৱে আন ধাতুৰ লৱণৰ স্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্রিয়াই।
23. তলৰ কোন দুটা ধাতু প্ৰকৃতিত মুক্ত আৰু যৌগ দুয়োটা অৱস্থাতেই পোৱা যায়?
(a) গ'ল্ড, প্লেটিনাম।
(b) গ'ল্ড, ছিলভাৰ।
(c) ছিলভাৰ, কপাৰ।
(d) প্লেটিনাম, কপাৰ।
উত্তৰঃ (c) ছিলভাৰ, কপাৰ।
24. তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ?
(a) কপাৰ।
(b) যিংক।
(c) ছিলভাৰ।
(d) পাৰা (মাকিউৰি)।
উত্তৰঃ (d) পাৰা (মাকিউৰি)।
25. ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। এই
পদ্ধতিক কোৱা হয়-
(a) দন্ধীকৰণ।
(b) শোধন।
(c) বিজাৰণ।
(d) তাপজাৰণ।
উত্তৰঃ (d) তাপজাৰণ।
26. কাৰ্বনেট আকৰক ধাতৱ আক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয় –
(a) দন্ধী কৰণ।
(b) তাপজাৰণ।
(c) বিজাৰণ।
(d) শোধন।
উত্তৰঃ (a) দন্ধী কৰণ।
27. ধাতৱ অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত হয়?
(a) জাৰণ।
(b) তাপজাৰণ।
(c) বিজাৰণ।
(d) দন্ধীকৰণ।
উত্তৰঃ (c) বিজাৰণ।
28. উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ হয়?
(a) কার্বন বিজাৰণ।
(b) বিদ্যুৎ বিজাৰণ।
(c) প্রতিস্থাপন।
(d) জাৰণ।
উত্তৰঃ (b) বিদ্যুৎ বিজাৰণ।
29. তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইড (Al2O3) ৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায়?
(a) দন্ধীকৰণ।
(b) তাপজাৰণ।
(c) কাৰ্বন বিজাৰণ।
(d) বিদ্যুৎ বিজাৰণ।
উত্তৰঃ (d) বিদ্যুৎ বিজাৰণ।
30. খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা
প্রক্রিয়াটো হ'ল-
(a) দন্ধীকৰণ।
(b) শোধন।
(c) গাঢ়ীকৰণ।
(d) বিজাৰণ।
উত্তৰঃ (c) গাঢ়ীকৰণ।
31. আকৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অশুদ্ধি আঁতৰ কৰা পদ্ধতিটো হ'ল-
(a) গাঢ়ীকৰণ।
(b) শোধন।
(c) দন্ধীকৰণ।
(d) তাপজাৰণ।
উত্তৰঃ (b) শোধন।
32. বায়ুৰ সংস্পৰ্শত ছিলভাৰে ইয়াৰ পৃষ্ঠত এটা ক'লা বৰণৰ পদাৰ্থ উৎপন্ন কৰে। এই পদার্থটো হ'ল –
(a) Ag₂S
(b) AgNO3
(c) AgCl
(d) Ag₂O
উত্তৰঃ (a) Ag₂S
33. কপাৰে সেমেকা কাৰ্বন ডাইঅক্সাইডৰ সংস্পৰ্শলৈ আহিলে ইয়াৰ পৃষ্ঠত এক সেউজীয়া পদার্থ উৎপন্ন কৰে। এই পদাৰ্থটো হ'ল –
(a) Cu (NO₃)₂
(b) CuO
(c) CuCl₂
(d) CuCO₃
উত্তৰঃ (d) CuCO₃
34. লোৰ লগত নিকেল আৰু ক্ৰ'মিয়াম মিহলাই পোৱা সংকৰ ধাতুটো হ'ল –
(a) ব্র'ঞ্জ।
(b) পিতল।
(c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)।
(d) ছ'ল্ডাৰ।
উত্তৰঃ (c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)।
35. তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে-
(a) Cu + Zn
(b) Cu + Sn
(c) Pb + Sn
(d) Fe + C
উত্তৰঃ (a) Cu + Zn
36. তলৰ কোনটোৱে ব্ৰঞ্জৰ সংযুতি সূচাইছে-
(a) Cu + Zn
(b) Pb + Sn
(c) Cu + Sn
(d) Mg + Al
উত্তৰঃ (c) Cu + Sn
37. তলৰ কোনটোৱে ছ'ল্ডাৰৰ সংযুতি সূচাইছে-
(a) Cu + Sn
(b) Cu + Zn
(c) Fe + C
(d) Pb + Sn
উত্তৰঃ (d) Pb + Sn
38. তলৰ কোনটো এটা এমালগাম?
(a) Na + Hg
(b) Fe + C
(c) Cu + Sn
(d) Pb + Sn
উত্তৰঃ (a) Na + Hg
39. তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ ঘাত সহনশীল?
(a) ছ'ডিয়াম।
(b) তাম।
(c) সোণ।
(d) এলুমিনিয়াম।
উত্তৰঃ (c) সোণ।
40. তলৰ কোনটোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 প্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰঃ (d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
41. লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব?
(a) গ্ৰীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্ৰলেপ দি।
(d) ওপৰৰ সকলো।
উত্তৰঃ (c) যিংকৰ প্ৰলেপ দি।
42. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত প্ৰৱণীয়। সম্ভৱপৰ মৌলটো –
(a) কেলচিয়াম।
(b) কার্বন।
(c) ছিলিকন।
(d) আইৰণ।
উত্তৰঃ (a) কেলচিয়াম।
43. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হ্যা, শিংকৰ নহয়। কিয়নো -
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
উত্তৰঃ (c) যিংক টিনতকৈ অধিক সক্রিয়।
js
Monday, July 28, 2025
SEBA Class X Science Metals and Non-metals MCQ
Subscribe to:
Post Comments (Atom)
SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020
Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020 PROSE SECTION: (Section-A) 1. A Letter to God G.L. Fuentes ...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment