js

Thursday, July 31, 2025

SEBA Class X Assamese Questions and Answers

 

 

Class 10 Assamese Chapter

 

1 বৰগীত

শ্ৰী শ্ৰী মাধৱদেৱ

 

 

1. অতি চমু উত্তৰ দিয়া:

 

() মাধৱদেৱৰ জন্ম কেতিয়া আৰু কত হেছিল ?

 

উত্তৰঃ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়

 

() মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি ?

 

উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ মনোৰমা ভূঞা

 

() মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ কৰিছিল ?

 

উত্তৰঃ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল

 

() মাধৱদেৱে কত শংকৰদেৱৰ সৈতে মিলিত হয় ? 

 

উত্তৰঃ ধুৱাহাট বেলগুৰিত

 

() মাধৱদেৱৰ গুৰু কোন আছিল ?

 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ

 

() মাধৱদেৱে ৰচনা কৰা সর্বশ্রেষ্ঠ গ্ৰন্থখন কি ?

 

অথবা,

 

মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তস্ত কি ?

 

 

উত্তৰঃ নামঘোষা

 

() মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে?

 

উত্তৰঃ আদিকাণ্ড ৰামায়ণ

 

() মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান ?

 

উত্তৰঃ ১৫৭টা

 

() মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি ?

 

 

উত্তৰঃ দাস্যমূলক ভক্তিস

 

() মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক ?

 

উত্তৰঃ বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ ঘটিছে

 

Group – A পদ্যাংশ

 

নেৰিবা ৰান্ধৰ মোক জীৱনে মৰণে’— কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাৰ অনুৰোধ কৰিছে?

 

উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে

 

সনক সনন্দ যোগী যাহুকু ধিয়ায়’ — মনক সনন্দ আজি যোগীসকলে কাক খ্যান কৰে বুলি কৈছে?

 

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে

 

 

কৰি কিহত আতুৰ হোৱা বুলি কৈছে?

 

উত্তৰঃ কবিয়ে বিষয় বাসনাত কাতৰ হোৱা বুলি কৈছে

 

 

বৰগীতটি কোনে ৰচনা কৰা?

 

উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা

 

বৰগীতটি কি ৰাগত ৰন্ধা আছে?

 

কৰিরেৰাঘৰबूলি কাৰ সােধন ফৰিছে?

 

উত্তৰঃ কবিয়েভগৱানক ৰাজৰ বুলি সম্বোধন কৰিছে

 

মোহপাশ মানে কি?

 

উত্তৰঃ সাংসাৰিক মায়াৰে আৱৰি থকাকে মোহপাশ বুলি কোৱা হয়

 

মহাপুৰুষ মাধৱদেৱৰ জন্ম ক, কেতিয়া হৈছিল?

 

উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকু-

 

পুখুৰীৰ ১৪৮৯ চনত হৈছিল

 

মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

 

উত্তৰঃ পিতাৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা

 

মাকৰ দেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিত্তম কি?

 

উত্তৰঃ নামঘোষা

 

১০ নামখোৰাক কিন্তু হেজাৰী ঘোষণা বুলি কোৱা হয়?

 

উত্তৰঃ নামঘোবাত মুঠ এহেজাৰটা ঘোষা আছে সেইবাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়

 

১১ নামঘোৰাৰ আন এটা নাম কি?

 

উত্তৰঃ হেজাৰী ঘোষা

 

১২ মাধৱদেৱৰ আখ্যান মূলক ৰচনাৰাজি কি কি?

 

উত্তৰঃ ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ

 

১৩ মাধৱদেৱৰ তত্বমূলক ৰচনাৰাজি কি কি?

 

উত্তৰঃ জন্মৰ্হস্য, ভক্তিৰত্নাৱলী, নামমালিকা৷

 

১৪ মহাপুৰুষ মাধৱদেৱ বিৰচিত একমাত্ৰ নাট খনিৰ নাম কি?

 

উত্তৰঃ অর্জন ভঞ্জন বা দধিমথন

 

১৫ মাধৱদেৱ ৰচিত ঝুমুৰা সমূহ উল্লেখ কৰা

 

উত্তরঃ চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন বিহাৰ

 

১৬ পাঠ্যপুথিত অন্তর্গত বৰগীতটিত কি ভাব প্রকাশ পাইছে?

 

উত্তৰঃ মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে

 

 

১৭ ভৰুতৰ বাবে কি পৰম ধন?

 

উত্তৰঃ হৰিৰ চৰণ যুগল হল ভক্তৰ বাবে পৰম ধন

 

১৮ ভকতৰ বাবে জীৱনস্বৰূপ কি?

 

উত্তৰঃ ভকতৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ৷

 

১৯৷মোহ-পাশশব্দৰ অৰ্থ কি?

 

উত্তৰঃ মোহপাশ মানে হল মায়াৰ বান্ধোন

 

২০ বৰগীত বুলিলে কি বুজা?

 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত নির্দিষ্ট সংখ্যক গীতকে বৰগীত বুলি কোৱা হয়

 

২১ বৰগীত সমূহ কেনেকুৱা ধৰণৰ?

 

উত্তৰঃ বৰগীতসমূহ উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশ পূৰ্ণ, শাস্ত্ৰীয় ৰাগযুক্ত আৰু অধ্যাত্বক ভাৱ গধূৰ

 

২২ মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল?

 

উত্তৰঃ বাৰকুৰি গীত

 

 

২৩ শংকৰদেৱে ৰচনা কৰা কিমানটা বৰগীত এতিয়ালৈ পোৱা গৈছে

 

উত্তৰঃ একুৰি চৈধ্যতা বা ৩৪ টা

 

২৪ মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল?

 

উত্তৰঃ ১৯১ টা বা নকুৰি এঘাৰটা

 

২৫ বৰগীতৰ যিকোনো দূটা লক্ষ্য লিখা?

 

উত্তৰঃ () বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গাঁত

 

 

() বৰগীতৰ ভাষা ব্ৰজাৱলী

 

২৬ মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট?

 

উত্তৰঃ শিশু কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুট

 

২৭ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা

 

নাপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়

 

উত্তৰঃ

 

শব্দ     আধুনিক ৰূপ

নাপাৱন্ত নাপায়

কেনে    কেনেদৰে

ভৈলোহো লো

তুমিসে  তুমিয়ে

জনেৰ   সকলৰ

কহয়    কয়

ভাৱ বিষয়ক

 

চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:

 

() … নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ” –কবিয়ে জীৱনে মৰনে নোৱাৰিবৰ বাবে কাক অনুৰােধ কৰিছে ?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণ ’ ( ভগৱানক অনুৰােধ কৰিছে

 

( ) সনক , সনন্দ যােগী যাহাকু ধিয়ায় সনক , সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰঃ সনক , সনন্দ আদি যােগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে

 

 

( ) কবি কিহত আতুৰ হােৱা বুলি কৈছে ?

 

উত্তৰঃ কবি বিষয় বন্ধনত আতুৰ হােৱা বুলি কৈছে

 

( ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰঃ বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা

 

( ) বৰগীতটি কি ৰাগত বন্ধা আছে ?

উত্তৰঃ বৰগীতটি বসন্তৰাগত বন্ধা আছে

 

( ) কবিয়ে বান্ধববুলি কাক সম্বােধন কৰিছে ?

উত্তৰঃ কবিয়ে বান্ধববুলি নাৰায়ণক সম্বােধন কৰিছে

 

( ) মােহপাশমানে কি ?

উত্তৰঃ মােহপাশমানে মায়াৰ জৰী অর্থাৎমায়াৰ বান্ধোন

 

বৰগীতটিৰ মূলভাব লিখা

 

উত্তৰঃ মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে

 

ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি নাপায় , সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ

 

বিষয়বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে ভকতৰ ত্রাণকর্তা ভগৱান সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে

 

ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হবলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে

 

৩৷ বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

 

উত্তৰঃ বৰগীতটোৰ ৰচক হল শ্ৰীমন্ত শংকৰদেৱৰ প্রিয়তম শিষ্য মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ খ্রীষ্টাব্দত তেখেতেৰ পিতৃ আছিল গােবিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনােমা

 

বর্তমান বাংলাদেশৰ বাকাতৰাজেন্দ্র অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা গ্রহণ কৰিছিল ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰানৱবৈষ্ণৱ ধর্ম গ্রহণ কৰি ধর্মচর্চাত মনােনিবেশ কৰে

কবিমাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিতলতদিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি

 

( ) আখ্যানমূলক ৰচনাঃ আদিকাণ্ড ৰামায়ণ আৰুৰাজসূয় কাব্য

( ) তত্ত্বমূলক গ্রন্থ নামঘােষা , জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী আৰু নামমালিকা

( ) নাটকঃঅর্জুনভঞ্জন , চোৰধৰা , পিম্পৰা গুচোৱা , ভােজন বেহাৰ আৰুভূমি লেটোৱা

 

( ) গীতঃ বৰগীত আৰু ভটিমা

নামঘােষাহল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ ইয়াত এহেজাৰ ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষাও বােলা হয় মাধৱদেৱৰ বৰগীতৰ সংখ্যা হল ১৫৭ টা মাধৱদেৱৰ বৰগীতৰ মূলভাব বাৎসল্য যদিও দাস্য ভাৱৰ বৰগীতাে ৰচনা কৰিছে

 

বর্ণনাৰ সজীৱতা , ভাষাৰ মাধুর্য , কবিপ্ৰাণৰ উচ্ছ্বাস আদি সার্থকৰূপত প্রকাশ পাইছে বাবেই সংখ্যাত কম হলেও তেওঁৰ সাহিত্যকর্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নির্ণয় কৰিছে অর্থাৎ অসমীয়া সাহিত্যতজালিকটা পুষ্পহাৰৰ দৰে তেওঁৰ নাম চিৰস্মৰণীয় এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে

 

ব্যাখ্যা কৰাঃ

 

( ) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা

অধমে জানিবাে কেনে তােমাৰ মহিমা

উত্তৰঃ ব্যাখ্যেয় বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ ৰিচিতহৰি হেৰৰে বাপ পশিলােশৰণেশীর্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে বৰগীতাকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্রকাশ কৰিছে

 

বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ

 

সনক , সনন্দ আদি যোগসিদ্ধ পুৰুষ সকলেও যিজনক ধ্যান কৰে , সকলাে বেদে যাক বিচাৰি নাপায় , সহস্রমুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে সেইজনা অৱতাৰী পুৰুৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব

এইদৰে , ভগৱানৰ অপাৰ মহিমা সাধাৰণ লােক দূৰৰ কথা যােগী পুৰুষ , বেদৰাে যে জ্ঞাতনহয় , তাকে কবিয়ে প্রকাশ কৰিছে

 

( ) “ আতুৰ ভৈলােহাে হৰি বিষয় বিকলে

কৰিয়াে উদ্ধাৰ মােক চৰণকমলে

 

উত্তৰঃ ব্যাখ্যেয় বৰগীতাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিতহৰি হেৰৰে বাপ পশিলাে শৰণেশীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে

সংসাৰৰ বিষয় বাসনাত আতুৰ হৈপৰা কবিয়ে তাৰপৰা উদ্ধাৰ পাৱলৈ ভগৱানৰ চৰণ কমলত পৰিছে

 

 

ভাৱ সম্প্ৰসাৰণ

সংসাৰৰ মায়ামোহৰ জৰী ডাল অতি বিচিত্র তাৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ , ভগৱানৰ চৰণত শৰণ লােৱা যােগী পুৰুষ সকলৰ ধ্যানৰ বিষয় , সমস্ত বেদৰ বিচার্য , সহস্রমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নােৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নােৱাৰে সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে

 

 

সেয়ে তেওঁতাৰপৰা পৰিত্ৰাণ বিচাৰি , ভগৱানক কাকুতি কৰিছে ভগবানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে ৷ এইদৰে ভগৱানৰ ওচৰত নিজকে সমর্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীত ফাঁকিৰ মাজেৰে প্রকাশ পাইছে

 

( ) “ তােমাৰ চৰণ দুই মােৰ মহা ধন

ভকত জনেৰ নিজ তুমিয়ে জীৱন

 

উত্তৰঃ প্রশ্নোত বৰগীতাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিতহৰি হেৰৰে বাপ পশিলো শৰণেশীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে ভগৱানেই ভকতৰ ত্রাণকর্তা , তেওঁৰ চৰণ যুগলেই যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবেই ব্যাখ্যেয় বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে

 

যােগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে , সমস্ত বেদৰ যি বিচার্য বিষয় , সহস্রমুখ অনন্তই যাৰ গুণ গাই অন্তকৰিব নােৱাৰে , তেনেজনা অপাৰ মহিমাৰ গৰাকীভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণৰ ঢুকি পােৱাৰ আঁতৰত বিষয়বাসনাত আতুৰ হৈ পৰা লােকৰ মুক্তিৰ একমাত্র পথ হল ভগৱানৰ চৰণত শৰণ লােৱাটো

 

কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈপৰিছে সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰবাবেঅলপমান ঠাই বিচাৰিছে ভকতৰ বাবে ভগবানৰ চৰণযুগলেই পৰম ধনৰ দৰে ভকতৰ বাবে ভগৱানেই একমাত্র জীৱন স্বৰূপ এইদৰে ভগৱানেই যে মুক্তিৰ পথ সেয়া এই বৰগীতাকিৰ মাজেৰে প্ৰকাশ পাইছে

 

সনক সনন্দ যােগী যাহকে ধিয়ায় ,

সকল নিগমে যাক বিচাৰি নাপায় ” —ইয়াত কবিয়ে কি প্রসংগত , কাৰ বিষয়ে কিয় , এনেদৰে কৈছে চমুকৈ লিখা

 

উত্তৰ:- ভগৱানৰ অপাৰ মহিমা প্রকাশ কৰাৰ প্রসংগত , ভগৱানৰ বিষয়ে এনেদৰে কৈছে

ভগৱানক পােৱাটো সহজ নহয় সনক সনন্দ আদি যােগসিদ্ধ পুৰুষ সকলেও যিজন পৰম পুৰুষকক ধ্যান কৰে , সকলাে বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পােরা নাযায় , তেওঁৰ মহিমা অপাৰ

 

সহস্রমুখ অনন্তইও যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনাতাে সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে সংসাৰৰ বিষয়বাসনাত আতুৰ হৈ তাৰপৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণলব বিচাৰিছে কিয়নাে ভকতৰ বাবে ভগবানেই

 

একমাত্র জীৱনস্বৰূপ গতিকে এনেজনা পৰমপুৰুষ যিজনৰ মহিমা যােগী পুৰুষ বেদেও বিচাৰি নাপায় তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে সেইবাবেই করিয়ে প্রশ্নোদ্ধত বৰগীতফাকিত কৈছে

 

বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা

 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্য প্রকাশক এক শ্রেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে এই গীতবােৰকে বৰগীত আখ্যা দিয়া হয় বৰগীতৰ কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক

বৰগীতৰ তেনে চাবিটা লক্ষণ হল

 

( ) বৰগীতবােৰ ৰাগতালযুক্ত শাস্ত্রীয় গীত

 

( ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত

 

( ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহেবৰগীত আখ্যা দিয়া হয়

 

( ) ভক্তিৰস প্রকাশক বৰগীতবােৰত দাস্য , সখ্য , বাৎসল্য , শান্ত-ৰসৰাে প্রকাশ ঘটিছে

 

ভাষা বিষয়ক

 

তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

 

নপাৱন্ত , কেনে ভৈলােহাে , তুমিসে , জনেৰ , কহয়

উত্তৰঃ নপাৱস্তনোৱাৰে

কেনেকেনেকৈ

ভৈলােহােলো

তুমিসেতুমিহে

জনেৰজনৰ

কহয়কয়

 

ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা

 

উত্তৰ : অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ব্রজবুলিবা ব্ৰজাৱলীনামে জনাজাত পঞ্চদশ শতাব্দীৰ শেষভাগৰ পৰা উনবিংশ শতাব্দীৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত গীতনাটৰচনা কৰিছিল

 

( ) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায়

 

) এই ভাষাত আৰবী , ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায়

 

( ) অসমীয়া ব্ৰজৱলীভাষাত বিশিষ্ট স্বৰধ্বনি মাত্র ছয়টা ই , , , , , আৰু

 

( ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ

 

( ) ‘ ধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জনধ্বনি অসমীয়া ব্ৰজাৱলীত আদি , মধ্য , আৰু অন্তিম স্থানত উচ্চাৰিত হয়

 

( ) প্রাচীন মৈথেলী , অবধী , ভোজপুৰী আদিৰ দৰে ব্ৰজাৱলীটো বিশেষণ অথবা ক্রিয়া পদত স্ত্রী প্রত্যয় যোগ নহয় , মাথো বিশেষ্যতহে হয়

 

 

( ) ব্রজৱলীত বর্তমান , অতীত আৰু ভবিষ্যতক্রিয়াৰ তিনিওটি কালৰ প্ৰয়ােগ কৰা হয়

 

( ) বহুবচনৰ চিন স্বৰূপেসব ’ , সকল ’ , ‘ গণপ্রত্যয়ৰ প্ৰয়ােগ কৰা হয়

 

( ) অসমীয়া বৈষ্ণৱ গুৰুসকলে প্রয়ােগ কৰা ব্ৰজাৱলীত সংখ্যা শব্দৰ প্ৰয়ােগত সীমাবদ্ধতা পৰিলক্ষিত হয় সংখ্যা শব্দৰ ভিতৰত এক , দুই , তিনি পাঞ্চ , ছয় , সাত ইত্যাদি

 

( ) প্রত্যেক ভাষাৰ সর্বনামত সেই ভাষাৰ বিশেষত্ব পৰিলক্ষিত হয়ব্ৰজাৱলীত অম্মদ , যুগ্মদ , ওদ , য়দ , এতদ , অদম , কিম ইত্যাদি সর্বনামৰ ৰূপৰ উপৰি আন কিছুমান সর্বনামৰ ৰূপ পােৱা যায়

 

) ব্ৰজাৱলীৰ ভাষা ছন্দ মাত্রিক পদান্তৰ অকাৰ লােপ নহয় ছন্দ বৈচিত্র্য দৃষ্টিৰে ব্ৰজাৱলী সাহিত্য অতি চহকী

 

মুঠতে কৃত্রিম সাহিত্যিক ভাষা ব্ৰজাৱলী মৈথিলী , ভােজপুৰী , নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে কৃত্রিম ভাষা হােৱা বাবে ইয়াত প্ৰভাৱ পৰা ভাষাৰ বৈশিষ্ট্যবােৰ দেখা যায়

 

অতিৰিক্ত প্রশ্নোত্তৰ

 

প্রশ্ন ১নেৰিবা বান্ধৱ মোক জীৱনে মৰণে” –‘বান্ধৱশব্দই কাক বুজাইছে? জীৱনে মৰণে নেৰিবৰ বাবে কোনে খাটনি ধৰিছে?

 

উত্তৰঃ উদ্ধৃত কবিতা দুশাৰীতবান্ধৱশব্দই শ্ৰীকৃষ্ণ মহাপ্রভুক বুজাইছে শ্রীকৃষ্ণ ভগৱানক ভক্ত কবি শ্রীশ্ৰীমাধৱদেৱে কাতৰ খাটনি ধৰিছে যেন ভগৱানে তেওঁক জীৱনে মৰণে নেৰে এই খাটনি বা প্রার্থনাৰে কবিয়ে ঈশ্বৰ ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে

 

প্রশ্ন ২কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ

 

কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।

 

—’কৃপাৰ সাগৰকোন? কবিয়ে কি কৃপা কৰিবলৈ কাতৰ কাকূতি কৰিছে?

 

উত্তৰঃ উল্লিখিত কবিতা দুশাৰীতকৃপাৰ সাগৰপদে ভগৱান শ্ৰীকৃষ্ণক বুজাইছে ভক্ত কৰি মাধৱদেৱে ভগৱানৰ মহিমা বুজিব পৰা নাই সংসাৰৰ বিষয়-বাসনাৰ মাজত তেওঁ দুখ-কষ্ট পীড়িত হৈ পৰিছে সেই দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰাৰ কৃপা কৰিবলৈ ভগৱানৰ চৰণত শৰণলৈ ভগৱানক কাতৰ কাকূতি কৰিছে

 

প্রশ্ন ৩কহয় মাধৱ হৰি দাসকু দাস

 

ইয়াতমাধৱকোন? ‘দাসকু দাসপদে কাক বুজাইছে?

 

উত্তৰঃ কবিতা দুশাৰীত উল্লেখ থকামাধৱশব্দই ভক্ত কবি শ্রীশ্ৰীমাধৱদেৱক বুজাইছেদাসকু দাসপদেও ভক্ত কবি শ্রীশ্রীমাধ্যদেৱক নিৰ্দেশ কৰিছে কবি শ্রীশ্রীমাধৱদেৱে নিজকে ভগৱানৰ দাসৰো দাস ৰূপে কল্পনা কৰি নিজৰ নম্ৰতা আৰু আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে

 

প্রশ্ন ৪ শব্দৰ অৰ্থ লিখা :

 

পশিলো, যাহাকু, ধিয়ায়, নপাবন্ত, তুমিসে, ছোড়, মোহপাশ, নাৰায়ণ

 

উত্তৰঃ 

শব্দ

অর্থ

পশিলো

প্ৰৱেশ কৰিলো, সোমালো

যাহাকু

যাক, যি জনক

ধিয়ায়

ধ্যান কৰে, বিচাৰে

নপাৱন্ত

নাপায়

তুমিসে

তুমিয়েই, তুমিয়েহে

ছোড়

এৰা, ত্যাগ কৰা

মোহপাশ

মায়াৰ বন্ধন

নাৰায়ন

শ্ৰীকৃষ্ণ, ভগৱান

 

No comments:

Post a Comment

SEBA দশম শ্ৰেণীৰ General Science Textbook পাঠ্যপুথি

সূচীপত্ৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1 অধ্যায় 2 এছিড, ক্ষাৰক আৰু লৱণ 17 অধ্যায় 3 ধাতু আৰু অধাতু 37 অধ্যায় 4 কাৰ্বন আৰু তাৰ ...