js

Thursday, July 31, 2025

SEBA Class X Science Our Environment MCQ

 Class X Science Our Environment MCQ

1. তলৰ কোনবিধ পদাৰ্থ জীৱ নিম্নীকৰণ অযোগ্য –
(a) কাঠ।
(b) কাগজ।
(c) কপাহী কাপোৰ৷
(d) প্লাষ্টিক।

উত্তৰঃ (d) প্লাষ্টিক।

2. তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশতন্ত্র-
(a) বাগিছা।
(b) পুখুৰী।
(c) হ্রদ।
(d) অৰণ্য।

উত্তৰঃ (a) বাগিছা।

3. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি-
(a) বেক্টেৰিয়া।
(b) ভেঁকুৰ।
(c) নীল-সেউজ শেলাই।
(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) নীল-সেউজ শেলাই।

4. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে-
(a) নীল-সেউজ শেলাই।
(b) বেক্টেৰিয়া।
(c) সেউজীয়া উদ্ভিদ।
(d) পৰজীৱী প্ৰাণী।

উত্তৰঃ (b) বেক্টেৰিয়া।

5. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তর্ভুক্ত-
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।

উত্তৰঃ (a) প্রথম।

6. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলব কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।

উত্তৰঃ (b) দ্বিতীয়।

7. সৰু মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত-
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।

উত্তৰঃ (c) তৃতীয়।

৪. চতুৰ্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয়-
(a) স্বপোষী জীৱ।
(b) সৰু মাংসভোজী প্রাণী।
(c) ডাঙৰ মাংসভোজী প্রাণী।
(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী।

9. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।
(a) 10%
(b) 1%
(c) 90%
(d) 100%

উত্তৰঃ (b) 100%

10. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ'ল-
(a) 1%
(b) 20%
(c) 40%
(d) 10%

উত্তৰঃ (d) 10%

11. তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰ এটাত আটাইতকৈ বেছি হয়-
(a) উৎপাদক।
(b) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী।
(c) দ্বিতীয়ক উপভোক্তা বা সৰু মাংসভোজী প্রাণী।
(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী।

উত্তৰঃ (a) উৎপাদক।

12. অ'জন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদার্থ দায়ী –
(a) অক্সিজেন।
(b) অতি বেঙুনীয়া ৰশ্মি।
(c) ক্ল'ৰ 'ফ্ল'ৰ' কার্বন।
(d) হিলিয়াম।

উত্তৰঃ (c) ক্ল'ৰ 'ফ্ল'ৰ' কাৰ্বন।

13. তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিম্নীকৰণযোগ্য বস্তু আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা।
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।
(c) ফলৰ বাকলি, কেক আৰু নেমু - ৰস।
(d) কেক, কাঠ আৰু ঘাঁহ।

উত্তৰঃ (a), (c), (d)

14. তলৰ কোনটোৱে এডাল খাদ্যশৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহু, আৰু আম।
(b) ঘাঁহ, ছাগলী আৰু মানুহ।
(c) ছাগলী, গৰু আৰু হাতী।
(d) ঘাঁহ, মাছ আৰু ছাগলী।

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

15. তলৰ কোনটো এটা পৰিৱেশ – হিতৈষী অনুশীলনী?
(a) বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কঢ়িওৱা।
(b) অদৰকাৰী লাইট আৰু ফেনৰ চুইচ অফ কৰা।
(c) তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজ কাঢ়ি যোৱা।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

16. যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায়, সিহঁতক বোলা হয়-
(a) নৱীকৰণযোগ্য।
(b) অনৱীকৰণযোগ্য।
(c) জীৱনিম্নিকৰণ।
(d) জীৱ অনিম্নিকৰণ।

উত্তৰঃ (c) জীৱনিম্নিকৰণ।

17. যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়, সিহঁতক বোলা হয়-
(a) নৱীকৰণযোগ্য।
(b) অনৱীকৰণযোগ্য।
(c) জীৱনিম্নিকৰণ।
(d) জীৱ অনিম্নিকৰণ।

উত্তৰঃ (d) জীৱ অনিম্নিকৰণ।

18. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?
(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা।
(b) পুৰণি ফটা কাপোৰ।
(c) প্লাষ্টিকৰ মোনা।
(d) পুৰণি বাতৰি কাকত।

উত্তৰঃ (c) প্লাষ্টিকৰ মোনা।

19. তলৰ দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য?
(a) পলিথিনৰ মোনা।
(b) আমৰ বাকলি।
(c) এলুমিনিয়ামৰ পাত।
(d) কাঁচ।

উত্তৰঃ (b) আমৰ বাকলি।

20. তলৰ কোনটো জীৱ অনিম্নিকৰণ পেলনীয়া দ্রব্য?
(a) ব্যৱহাৰ হোৱা চাহপাত।
(b) ফাটি যোৱা চামৰাৰ বেগ।
(c) খালী হোৱা ঔষধৰ বটল।
(d) খালী ডাঠ কাগজৰ কাৰ্টন।

উত্তৰঃ (c) খালী হোৱা ঔষধৰ বটল।

21. জীৱ অনিম্নিককৰণ পদাৰ্থসমূহ সৰল অৱস্থালৈ ভাঙি নাযায়, কাৰণ
(a) ইহঁত অতিকৈ কঠিন।
(b) ইহঁতৰ ওপৰত তাপ আৰু চাপৰ দৰে ভৌতিক প্ৰক্ৰিয়াবোৰে ক্ৰিয়া নকৰে।
(c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়।
(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়।

22. জীৱ নিম্নিকৰণ পদাৰ্থসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰ ধাৰা ভাঙি যায়?
(a) ভৌতিক।
(b) ৰাসায়নিক।
(c) জৈৱিক।
(d) তাপীয়।

উত্তৰঃ (c) জৈৱিক।

23. তলৰ কোনটো পেলনীয়া দ্রব্য জীৱ নিম্নিকৰণ?
(i) ফাটি যোৱা চামৰাৰ জোতা।
(ii) গাখীৰৰ পেকেট।
(iii) নষ্ট হোৱা খাদ্য।
(iv) পুৰণি কাঁচৰ বটল।
শুদ্ধ উত্তৰটো হ'ল-
(a) (i), (iii)
(b) কেৱল (iii)
(c) (i), (ii), (iii)
(d) (i), (ii), (iii) (iv)

উত্তৰঃ (a) (i), (iii)

24. এটা অঞ্চলৰ সকলো আন্তঃক্রিয়াশীল জীৱই অজৈৱিক উপাদনসমূহৰ লগত একেলগে এটা গঠন কৰে।
(a) পৰিৱেশ।
(b) জৈৱিক সম্প্রদায়।
(c) জীৱমণ্ডল।
(d) পৰিস্থিতি তন্ত্র।

উত্তৰঃ (d) পৰিস্থিতি তন্ত্র।

25. তলৰ কোনবিধ এবিধ বিয়োজক?
(i) বেক্টেৰিয়া।
(ii) শেলাই।
(iii) আদ্যপ্রাণী।
(iv) ভেঁকুৰ।
শুদ্ধ বিকল্পটো হ'ল-
(a) (i), (ii)
(b) (i)
(c) (i), (iv)
(d) (i), (iii)

উত্তৰঃ (c) (i), (iv)

26. খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰত থাকে-
(a) প্রাথমিক উপভোক্তা।
(b) তৃণভোজী প্রাণী।
(c) উপভোক্তা।
(d) উৎপাদক।

উত্তৰঃ (d) উৎপাদক।

27. খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ—
(a) দ্বিতীয়ক উপভোক্তা।
(b) উৎপাদক।
(c) প্রাথমিক উপভোক্তা।
(d) তৃতীয়ক উপভোক্তা।

উত্তৰঃ (c) প্রাথমিক উপভোক্তা।

28. খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ-
(a) দ্বিতীয়ক উপভোক্তা।
(b) তৃতীয়ক উপভোক্তা।
(c) বিয়োজক।
(d) উৎপাদক।

উত্তৰঃ (a) দ্বিতীয়ক উপভোক্তা।

29. এডাল খাদ্য শৃংখলৰ বাবে শক্তিৰ যোগান ধৰে-
(a) স্বপোষী জীৱে।
(b) তৃণভোজী প্রাণীয়ে।
(c) সূর্যই।
(d) বিয়োজক।

উত্তৰঃ (c) সূৰ্যই।

30. পৰিস্থিতি তন্ত্ৰ এটাত বিভিন্ন খাদ্য শৃংখলবোৰ আন্তঃসংলগ্ন হৈ উৎপন্ন হয়-
(a) শক্তি প্রবাহ চিত্র।
(b) খাদ্যজাল।
(c) জৈৱিক বিবর্ধন।
(d) পৌষ্টিক স্তৰ।

উত্তৰঃ (b) খাদ্যজাল।

31. তলৰ খাদ্য শৃংখলডালৰ কোনটো জীৱত জৈৱিক বিবর্ধনৰ মাত্ৰা সৰ্বাধিক হ'ব?
ঘাঁহ → ফৰিং → ভেকুলী → সাপ → ঈগল
(a) ঈগল।
(b) সাপ।
(c) ঘাঁহ।
(d) ভেকুলী।

উত্তৰঃ (a) ঈগল।

32. তলৰ খাদ্য শৃংখলৰ কোনটো জীৱে আহৰণ কৰা শক্তিৰ পৰিমাণ আটাইতকৈ বেছি?
ঘাঁহ → হৰিণা → বাঘ
(a) বাঘ।
(b) হৰিণা।
(c) ঘাঁহ।
(d) আটাইকেইটাই সমান শক্তি আহৰণ কৰে।

উত্তৰঃ (c) ঘাঁহ।

33. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ'জনে – বাধা দিয়ে।
(a) অৱলোহিত ৰশ্মি।
(b) দৃশ্যমান পোহৰ।
(c) অতি বেঙুনীয়া ৰশ্মি।
(d) (a) আৰু (b) দুয়োটাই।

উত্তৰঃ (c) অতি বেঙুনীয়া ৰশ্মি।

No comments:

Post a Comment

SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook

 SEBA বৈচিত্য্যময় অসম(দ্ৰংতপাঠঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে) Textbook জাতি/জনগোষ্ঠী আদিপাঠ কাছাৰৰ জনগোষ্ঠীসকল কোচ ৰাজবংশীসকল চাওতালসকল চাহ জন...