Redirect Image

js

Sunday, July 27, 2025

SEBA Class X Science Periodic Classification of Elements MCQ

SEBA Class X Science Periodic Classification of Elements MCQ 

 1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা –
(a) ছ'ডিয়াম।
(b) এলুমিনিয়াম।
(c) ক্ল'ৰিণ।
(d) ব'ৰণ।
উত্তৰঃ (d) ব'ৰণ।

2. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে-
(a) বাঢ়ে।
(b) কমে।
(c) একেই থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) কমে।

3. তলৰ কোনটো এটা ড'বেৰেইনাৰৰ ট্ৰায়াড?
(a) Li, Na, Ca
(b) K, Sr, Ba
(c) Ca, Sr, Be
(d) Cl, Br, I
উত্তৰঃ (d) Cl, Br, I

4. মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক- এই কথাষাৰি কোনে আগবঢ়াইছিল?
(a) মেণ্ডেলিভ।
(b) ড'বেৰেইনাৰ।
(c) ব'ৰ।
(d) হেনৰী ম'জলে।
উত্তৰঃ (d) হেনৰী ম'জলে।

5. দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li, Be B, C, N, O, F আৰু Ne – ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ?
(a) Li
(b) Be
(c) Ne
(d) F
উত্তৰঃ (a) Li

6. প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্রমে Li, Na, K Rh, Cs, Fr ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ'ল-
(a) Rb
(b) Cs
(c) Li
(d) Fr
উত্তৰঃ (d) Fr

7. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে 
(a) বাঢ়ে।
(b) কমে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) বাঢ়ে।

৪. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে-
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) একে থাকে।

9. আধুনিক পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লৈ মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে-
(a) কমে।
(b) থাকে।
(c) একে থাকে।
(d) প্রথমে বাঢ়ি পিছত কমে।
উত্তৰঃ (d) প্রথমে বাঢ়ি পিছত কমে।

10. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্রন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে-
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।

11. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্রন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে-
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।

12. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লৈ মৌলবোৰৰ ইলেক্ট্রন লাভ কৰাৰ প্ৰৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে-
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।

13. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্রন লাভ কৰাৰ প্ৰৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে -
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।

14. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা K মৌলৰ অক্সাইডৰ সংকেত হ'ল-
(a) KO2
(b) K₂O
(c) K2O3
(d) KO
উত্তৰঃ (b) K₂O

15. এটা মৌল Xয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি X₂O সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বর্গত থাকিব?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ (a) Na

16. নিউলেণ্ডছে তেওঁৰ সময়লৈকে জ্ঞাত ৫৬ টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল। তেওঁৰ তালিকাৰ প্ৰথম মৌলটো যদি হাইড্র'জেন আছিল, তেন্তে ৫৬ তম মৌলটো আছিল –
(a) জিৰক নিয়াম।
(b) ছেলেনিয়াম।
(c) থ'ৰিয়াম।
(d) স্ট্রনছিয়াম।
উত্তৰঃ (c) থ'ৰিয়াম।

17. তলৰ কোনটো ৰসায়ন বিজ্ঞানৰ এক একত্ৰীকৰণ নীতি হিচাপে গৃহীত হৈছিল?
(a) ড'বেৰেইনাৰৰ ট্ৰায়াড।
(b) নিউলেণ্ডছৰ অষ্টক সূত্র।
(c) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা।
(d) আধুনিক পর্যাবৃত্ত তালিকা।
উত্তৰঃ (c) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা।

18. মেণ্ডেলিভৰ তালিকাত থকা পর্যায় আৰু বৰ্গৰ সংখ্যা ক্রমে-
(a) 7, 18
(b) 18, 7
(c) 8, 5
(d) 6, 8
উত্তৰঃ (d) 6, 8

19. আধুনিক পর্যাবৃত্ত তালিকাত থকা পৰ্যায় আৰু বৰ্গৰ সংখ্যা ক্রমে-
(a) 6, 8
(b) 8.6
(c) 7, 18
(d) 18, 7
উত্তৰঃ (c) 7, 18

20. মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভব পর্যায়ক্রমে সলনি হয়। এই সূত্রটোক বোলা হয়-
(a) নিউলেণ্ডছৰ অষ্টক সূত্র।
(b) ড'বেৰেইনাৰৰ ট্ৰায়াড।
(c) মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্র।
(d) আধুনিক পর্যাবৃত্ত সূত্র।
উত্তৰঃ (c) মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্র।

21. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল-
(i) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত।
(ii) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত।
(iii) মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত।
(iv) মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত।
ইয়াৰে শুল্ক বিকল্পটো হ'ল –
(a) কেবল (iii)
(b) (i) আৰু (iii)
(c) (ii) আৰু (iv)
(d) (ii) আৰু (iii)
উত্তৰঃ (b) (i) আৰু (iii)

22. আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল-
(a) মৌলবোবৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্রমত।
(b) মৌলৰে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্রমত।
(c) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ অধ:ক্ৰমত।
(d) মৌলবোৰৰ পাৰমাণৱিক ভৰ অধ:ক্রমত।
উত্তৰঃ (a) মৌলবোবৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত।

23. মৌলবোৰৰ ধৰ্মৰোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয়। এই সূত্রটো আগবঢ়াইছিল-
(a) নিউলেণ্ডছ।
(b) ড'বেৰেইনাৰ।
(c) ম'জলে।
(d) মেণ্ডেলিভ।
উত্তৰঃ (d) মেণ্ডেলিভ।

24. মৌলৰেৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয়। এই সূত্রটোক বোলা হয়-
(a) মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্র।
(b) নিউলেণ্ডছৰ অষ্টক সূত্র।
(c) আধুনিক পর্যাবৃত্ত সূত্র।
(d) ম'জলেৰ সূত্র।
উত্তৰঃ (c) আধুনিক পর্যাবৃত্ত সূত্র।

25. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেক্ট্রনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰঃ (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।

26. মৌল X য়ে XCI₂ সংকেত ফ্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ (b) Mg

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...