1. তলৰ কোনটো এটা আদর্শ ইন্ধনৰ চৰ্ত নহয়-
(a) সহজলভ্য।
(b) প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা।
(c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।
(d) কম খৰচী।
উত্তৰঃ (c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।
2. তলৰ কোনটো এটা প্ৰচলিত শক্তিৰ উৎস নহয়-
(a) জীৱাশ্ম ইন্ধন।
(b) জল বিদ্যুৎ।
(c) তাপভিত্তিক শক্তি প্রকল্প।
(d) সৌৰ শক্তি।
উত্তৰঃ (d) সৌৰ শক্তি।
3. জৈৱ গেছত তলৰ কোনটো গেছ নাথাকে-
(a) হাইড্র'জেন।
(b) নাইট্র'জেন।
(c) মিথেন।
(d) হাইড্র'জেন ছালফাইড।
উত্তৰঃ (b) নাইট্ৰ'জেন।
4. তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস-
(a) জৈৱ ভৰ।
(b) বায়ু শক্তি।
(c) নিউক্লীয় শক্তি।
(d) জীৱাশ্ম ইন্ধন।
উত্তৰঃ (c) নিউক্লীয় শক্তি।
5. তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি-
(a) জোৱাৰ শক্তি।
(b) ভূতাপীয় শক্তি।
(c) তৰংগ শক্তি।
(d) মহাসামূদ্রিক তাপীয় শক্তি।
উত্তৰঃ (b) ভূতাপীয় শক্তি।
6. তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস-
(a) জীৱাশ্ম ইন্ধন।
(b) তাপভিত্তিক শক্তি প্রকল্প।
(c) জলশক্তি প্রকল্প।
(d) নিউক্লীয় শক্তি।
উত্তৰঃ (c) জলশক্তি প্রকল্প।
7. তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস-
(a) বায়ু শক্তি।
(b) জল শক্তি।
(c) জৈৱ-ভৰ।
(d) জীৱাশ্মজাত ইন্ধন।
উত্তৰঃ (d) জীৱাশ্মজাত ইন্ধন।
৪. গৰম পানী পাবলৈ এটা সৌৰ জল হীটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি-
(a) ৰৌদ্রোজ্জ্বল দিন।
(b) ডাৱৰীয়া দিন।
(c) উষ্ণ দিন।
(d) বতাহ বলি থকা দিন।
উত্তৰঃ (b) ডাৱৰীয়া দিন।
9. তলৰ কোনটো জৈৱ-উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়-
(a) কাঠ।
(b) গোবৰ-গেছ।
(c) নিউক্লীয় শক্তি।
(d) কয়লা।
উত্তৰঃ (c) নিউক্লীয় শক্তি।
10. আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্রতিনিধিত্ব কৰে। তলৰ কোনটো
সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়-
(a) ভূতাপীয় শক্তি।
(b) বায়ু শক্তি।
(c) নিউক্লীয় শক্তি।
(d) জৈৱ-উপাদান।
উত্তৰঃ (c) নিউক্লীয় শক্তি।
11. তলৰ কোনটো এটা ভাল শক্তিৰ উৎসৰ গুণ?
(a) প্রতি একক আয়তন বা ভৰ সাপেক্ষে যথেষ্ট পৰিমাণে কাৰ্য কৰে।
(b) সহজলভ্য।
(c) সঞ্চয় আৰু পৰিবহনৰ বাবে সহজ।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
12. আমি বিকল্প শক্তিৰ উৎস বিচাৰো, কাৰণ –
(a) বৰ্তমানৰ শক্তিৰ উৎসমূহ দক্ষ নহয়।
(b) বৰ্তমানৰ শক্তিৰ উৎসমূহ অতিকৈ ব্যয়বহুল।
(c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব।
(d) ওপৰৰ আটাইবোৰ।
উত্তৰঃ (c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব
|
13. জীবাশ্মজাত ইন্ধনসমূহ-
(i) কেতিয়াও শেষ হৈ নাযায়।
(ii) সোনকালে শেষ হৈ যাব।
(iii) অনবীকৰণযোগ্য শক্তিৰ উৎস।
(iv) নবীকৰণযোগ্য শক্তিৰ উৎস।
(a) (i), (iv)
(b) (ii), (iii)
(c) (ii), (iv)
(d) (i), (iii)
উত্তৰঃ (b) (ii), (iii)
14. ইন্ধনৰ দহনৰ প্ৰভাৱ হ'ল-
(i) গোলকীয় উত্তাপন।
(ii) বায়ু প্রদূষণ।
(iii) এছিড বৰষুণ।
(iv) সেউজ – গৃহ প্ৰভাৱ।
শুদ্ধ উত্তৰটো হ'ল-
(a) (i), (ii)
(b) কেবল (iv)
(c) (i), (ii), (ii)
(d) (i), (ii), (ii), (iv)
উত্তৰঃ (d) (i), (ii), (ii), (iv)
15. জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক?
(a) কার্বন।
(b) নাইট্র'জেন।
(c) ছালফাৰ।
(d) ওপৰৰ আটাইবোৰ।
উত্তৰঃ (d) ওপৰৰ আটাইবোৰ।
16. বেছি সংখ্যক তাপভিত্তিক শক্তি প্রকল্প কয়লা বা তৈলক্ষেত্ৰৰ ওচৰত স্থাপন কৰা হয়, কাৰণ-
(a) অন্য স্থানত ইহঁতক স্থাপন কৰিবলৈ অসুবিধাজনক।
(b) কয়লা বা তৈলক্ষেত্ৰৰ ওচৰত স্থাপন কৰিলে অধিক পৰিমাণৰ বিদ্যুৎ উৎপাদনত সহায় হয়।
(c) একেখিনি দূৰত্বলৈ বিদ্যুতৰ সঞ্চালন কয়লা আৰু পেট্ৰ'লিয়ামৰ পৰিবহনৰ তুলনাত বেছি দক্ষতাপূর্ণ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) একেখিনি দূৰত্বলৈ বিদ্যুতৰ সঞ্চালন কয়লা আৰু পেট্ৰ'লিয়ামৰ পৰিবহনৰ তুলনাত বেছি
দক্ষতাপূর্ণ।
17. তলৰ কোনেটো প্রকল্পত ইন্ধন দহন কৰি উৎপন্ন কৰা তাপশক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা
হয়?
(a) তাপশক্তি প্রকল্প।
(b) জলশক্তি প্রকল্প।
(c) নিউক্লীয় ৰিয়েক্টৰ।
(d) ভূতাপীয় শক্তি প্রকল্প।
উত্তৰঃ (a) তাপশক্তি প্রকল্প।
18. জলশক্তি প্রকল্প-
(a) পৰম্পৰাগত আৰু অনবীকৰণযোগ্য শক্তিৰ উৎস।
(b) অপৰম্পৰাগত আৰু অনবীকৰণযোগ্য শক্তিৰ উৎস।
(c) পৰম্পৰাগত আৰু নবীকৰণযোগ্য শক্তিৰ উৎস।
(d) পৰম্পৰাগত আৰু অনবীকৰণযোগ্য শক্তিৰ উৎস।
উত্তৰঃ (c) পৰম্পৰাগত আৰু নবীকৰণযোগ্য শক্তিৰ উৎস।
19. জলশক্তি প্রকল্পত-
(i) তাপ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰা হয়।
(ii) বোঁৱতী পানীৰ গতিশক্তিক স্থিতিশক্তিলৈ ৰূপান্তৰিত কৰা হয়।
(iii) বোঁৱতী পানীৰ গতিশক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰা হয়।
(iv) ওপৰৰ পৰা তললৈ নামি অহা পানীৰ স্থিতিশক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰা হয়।
(a) কেৱল (i)
(b) (ii), (iv)
(c) কেৱল (iii)
(d) কেৱল (iv)
উত্তৰঃ (b) (ii), (iv)
20. নদীবান্ধৰ লগত জড়িত সমস্যা এটা হ'ল-
(a) বৃহৎ অঞ্চলৰ শস্যপথাৰ হেৰুৱাবলগীয়া হয়।
(b) বৃহৎ পৰিস্থিতি তন্ত্র বিনষ্ট হয়।
(c) (a) আৰু (b) এটাও নহয়।
(d) (a) আৰু (b) দুয়োটাই।
উত্তৰঃ (d) (a) আৰু (b) দুয়োটাই।
21. গংগা নদীৰ ওপৰত তেহৰি বান্ধ নিৰ্মাণৰ বিৰোধিতাৰ মুখ্য কাৰণ হ'ল-
(i) বৃহৎ নদীবান্ধে বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট কৰে।
(ii) নদীবান্ধৰ বাবে বৃহৎ জনবসতিৰ অঞ্চল হেৰুৱাবৱগীয়া হয়।
(iii) নদীবান্ধ নির্মাণে ভগনীয়া লোকসকলৰ সন্তোষজনক পুনসংস্থাপনৰ সমস্যাৰ সৃষ্টি কৰে।
(iv) বান্ধসমূহ সীমিত সংখ্যক স্থানতহে মুখ্যতঃ পাহাৰীয় অঞ্চলতহে নিৰ্মাণ কৰিব পাৰি।
শুদ্ধ উত্তৰটো হ'ল-
(a) কেৱল (iii)
(b) (ii), (iii)
(c) (i), (ii), (iii)
(d) (i), (ii), (iii), (iv)
উত্তৰঃ (c) (i), (ii), (iii)
22. সেউজ গৃহ গেছটো হ'ল-
(i) কার্বন ডাই অক্সাইড।
(ii) মিথেন।
(iii) ছালফাৰ ডাই অক্সাইড।
(iv) নাইট্র'জেন ডাই অক্সাইড।
(a) (i)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)
উত্তৰঃ (b) (i), (ii)
23. জৈৱ-গেছত থকা মিথেনৰ শতকৰা পৰিমান-
(a) 50%
(b) 75%.
(c) 80%
(d) 95%
উত্তৰঃ (b) 75%
24. জৈৱ গেছ এটা উত্তম ইন্ধন। কাৰণ-
(i) ইয়াৰ উত্তাপন ক্ষমতা বেছি।
(ii) ই ধোঁৱাবিহীনভাৱে জ্বলে।
(iii) ই দহনৰ পিছত কোনো অৱশিষ্ট নেৰে।
(iv) ইয়াত 75% পর্যন্ত মিথেন থাকে।
শুদ্ধ উত্তৰটো হ'ল-
(a) আটাইবোৰ।
(b) (i), (ii), (iii)
(c) (iv)
(d) (i)
উত্তৰঃ (a) আটাইবোৰ।
25. বায়ুকলে আৱদ্ধ কৰে -
(a) সূৰ্যৰ শক্তি।
(b) বতাহৰ স্থিতিশক্তি।
(c) পানীৰ গতিশক্তি।
(d) বতাহৰ গতিশক্তি।
উত্তৰঃ (d) বতাহৰ গতিশক্তি।
26. তলৰ কোনটো এটা বায়ুশক্তিৰ আসুবিধা?
(a) ই নৱীকৰণযোগ্য।
(b) বছৰটোৰ সৰহভাগ সময় বতাহ বলি থকা ঠাইত বায়ু শক্তি পামবোৰ প্ৰতিষ্ঠা কৰিব পাৰি।
(c) ইয়াৰ অৱৰ্তক ব্যয় নাই।
(d) ই এক নিকা শক্তিৰ উৎস।
উত্তৰঃ (b) বছৰটোৰ সৰহভাগ সময় বতাহ বলি থকা ঠাইত বায়ু শক্তি পামবোৰ প্ৰতিষ্ঠা কৰিব পাৰি।
27. বায়ুশক্তি আহৰণ কৰিবলৈ বায়ুশক্তি পামত বতাহৰ দ্রুতিতকৈ বেছি হ'ব লাগে।
(a) 15 km/h
(b) 50km/h
(c) 150 km/h
(d) 100km/h
উত্তৰঃ (a) 15 km/h
28. বগা বা প্রতিফলনকারী পৃষ্ঠৰ তুলনাত ক'লা পৃষ্ঠাই বেছিতাপ শোষণ কৰে। এই নীতিৰ আধাৰত তলৰ
কোনটো সঁজুলিয়ে কাম নকৰে?
(a) সৌৰ জল হীটাৰ।
(b) সৌৰ কুকাৰ।
(c) সৌৰ কোষ।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (c) সৌৰ কোষ।
29. এটা আদৰ্শ সৌৰ কোষে পৰিসৰত বিভৱভেদ আৰু ক্ষমতাৰ বিদ্যুৎ উৎপাদন কৰে।
(a) 0.1 1V, 0.5 W
(b) 0.5-1V, 0.7 W
(c) 1V, 1W
(d) 0.22V, 220 Ww
উত্তৰঃ (b) 0.5-1V, 0.7 W
30. সৌৰ কোষ নিৰ্মাণ কৰিবলৈ বহুলভাৱে ব্যৱহৃত হোৱা মৌলটো-
(a) সোণ।
(b) তাম।
(c) ব'ৰ'ন।
(d) ছিলিকন।
উত্তৰঃ (d) ছিলিকন।
31. মহাসামুদ্রিক তাপীয় শক্তি ৰূপান্তৰণ প্ৰকল্পবোৰে সঠিকভাৱে কাম কৰিলৈ পৃষ্ঠজল আৰু 2 km পর্যন্ত
গভীৰতাত থকা পানীৰ উষ্ণতাৰ নূন্যতম পার্থক্য হ'ব লাগে-
(a) 290K
(b) 293 K
(c) 20 K
(d) 200K
উত্তৰঃ (b) 293 K
32. তলৰ কোনটো শক্তি সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ 'পানীভাগ আৰু গভীৰ অঞ্চলৰ পানীভাগৰ উষ্ণতাৰ
পাৰ্থক্যৰ আধাৰত আহৰণ কৰা হয়?
(a) জোৱাৰ-ভাতাৰ শক্তি।
(b) তৰংগ শক্তি।
(c) ভূতাপীয় শক্তি।
(d) মহাসামুদ্রিক তাপীয় শক্তি।
উত্তৰঃ (d) মহাসামুদ্রিক তাপীয় শক্তি।
33. নিউক্লীয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াটো হ'ল-
(a) নিউক্লীয় বিযোজন।
(b) নিউক্লীয় সংযোজন।
(c) নিউক্লীয় অপসৰণ।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) নিউক্লীয় বিযোজন।
34. তলৰ কোনটো এটা নিউক্লীয় ইন্ধন-
(a) লুট'নিয়াম।
(b) থ'ৰিয়াম।
(c) ইউৰেনিয়াম।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
js
Sunday, July 27, 2025
SEBA Class X Science: Sources of Energy MCQ
Subscribe to:
Post Comments (Atom)
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment