js

Wednesday, August 13, 2025

SEBA Class X Science অধ্যায় ১৩ বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া Questions and Answers


অধ্যায় ১৩

বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ প্রত্যক্ষ প্রৱাহৰ উৎস কেইটামানৰ নাম লিখা।

উত্তৰঃ শুকান কোষ, গাড়ীৰ বেটাৰী, সৌৰকোষ আদি।

প্রশ্নঃ পৰিৱৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে?

উত্তৰঃ জলবিদ্যুৎ উৎপাদক, তাপ বিদ্যুৎ প্রকল্প, তেজস্ক্রিয় শক্তি উৎপাদক আদি।

প্রশ্নঃ বৈদ্যুতিক মটৰৰ ফলা আঙঠিৰ কাম কি?

উত্তৰঃ আঙঠিটোরে প্রত্যেক আধা পাকৰ মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ দিশ সলনি কৰে। ফলত কুণ্ডলীটো একেটা দিশতে ঘুৰি থাকে।

প্রশ্নঃ বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি কি? HSLC 20

উত্তৰঃ এখন চুম্বক ক্ষেত্ৰত এডাল পৰিবাহীত যান্ত্রিক শক্তি প্রয়োগ কৰি ঘূৰোৱা হয় আৰু ইয়াক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়।

প্রশ্নঃ বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক ফিউজ আৰু ভূমি সংলগ্ন

প্রশ্নঃ চৌম্বকক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ (ক) কোনো প্ৰৱাহ চালিত পৰিবাহীৰ পৰা চুম্বক ক্ষেত্র পাব পাৰি।

(খ) চ’লেনইডৰ মাজেৰে প্ৰবাহ চালিত কৰি প্রবাহ পাব পাৰি।

প্রশ্নঃ চৌম্বকক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্ব্বোচ্চ হয়?

উত্তৰঃ যেতিয়া চালিত প্ৰৱাহৰ দিশ চুম্বকক্ষেত্ৰৰ লম্বদিশত হয়।

প্রশ্নঃ বৈদ্যুতিক মটৰ ব্যৱহৃত কেইটামান সঁজুলিৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক ফেন, কাপোৰ ধোৱা মেচিন, কুলাৰ আদি।

প্রশ্নঃ দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?

উত্তৰঃ আমি জানো চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকর্ষন হয়। যেতিয়া দণ্ড চুম্বকৰ ওচৰত দিগদর্শন যন্ত্র অনা হয় তেতিয়া চুম্বক শলাডালে একে মেৰুৰ মাজত বিকর্ষন আৰু বিপৰীত মেৰুৰ মাজত আকর্ষণ কৰে, ফলত কঁটাডাল বিক্ষেপন হয়।

প্রশ্নঃ এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।

উত্তৰঃ

এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা

প্রশ্নঃ চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভূক্ত কৰা।

উত্তৰঃ (i) চৌম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেঝত সোমায়।

(ii) চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। গতিকে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা।

(iii) চৌম্বকীয় বলৰেখাবোৰৰ কোনো বাস্তব অস্তিত্ব নাই।

(iv) দুডাল বলৰেখাই কেতিয়াও কটাকটি নকবে।

প্রশ্নঃ এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্রবাহ চালিত হৈছে কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়োগ কৰা।

উত্তৰঃ

এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা

কুণ্ডলীটোৰ মাজেৰে ঘড়ীৰ সন্মুখ ফালটো দক্ষিণ মেৰু আৰু টেবুলত লাগি থকা অংশটো উত্তৰ মেৰু নির্দেশ কৰিব। সোঁহাতৰ নিয়ম অনুসৰি কুণ্ডলীৰ ভিতৰত চৌম্বকক্ষেত্ৰৰ দিশ তলৰ পিনে হ’ব আৰু বাহিৰফালে চৌম্বকক্ষেত্ৰৰ দিশ ওপৰ পিনে হ’ব।

প্রশ্নঃ এটা প্রদত্ত অঞ্চলত চৌম্বকক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্রদর্শন কৰি চিত্ৰ অংকণ কৰা।

উত্তৰঃ একেটা অংশত থকা একে চুম্বকীয় বলৰেখাবোৰ সমান্তৰাল ৰেখা নির্দেশ কৰে আৰু ইহঁত সমান সমান দূৰত্বত থাকে।

এটা প্রদত্ত অঞ্চলত চৌম্বকক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্রদর্শন কৰি চিত্ৰ অংকণ কৰা

প্রশ্নঃ শুদ্ধ উত্তৰ বাছি উলিওৱা।

প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বকক্ষেত্র।

(a) শূন্য

(b) ইয়াৰ প্ৰান্তৰফালে ক্রমে কমি যায়।

(c) ইয়াৰ প্ৰান্তৰফালে ক্রমে বাঢ়ি যায়।

(d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।

প্রশ্নঃ চৌম্বক ক্ষেত্রত মুক্তভাবে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধর্ম সলনি হ’ব পাৰে। (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাবে)

(৪) ভব

(b) দ্রুতি

(c) বেগ

(d) ভৰবেগ

উত্তৰ:

(c) বেগ আৰু

(d) ভরবেগ।

প্রশ্নঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।

উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ’ল- বাওঁহাতৰ বুঢ়া, প্রথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্রথমা আৰু মধ্যমা আঙুলি যদি ক্রমে চুম্বকক্ষেত্র আৰু বিদ্যুৎ প্রবাহৰ দিশ সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ সুচাব।

প্রশ্নঃ বৈদ্যুতিক মটৰৰ মূল নীতিটো কি? HSLC ’18

উত্তৰঃ বৈদ্যুতিক মটৰৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্রবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্রই ক্রিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰা।

প্রশ্নঃ বৈদ্যুতিক মটৰৰ ফলা আঙঠিৰ ভূমিকা কি?

উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙঠিটোবে প্রত্যেক আধা পাকৰ মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰাত সহয় কৰে। ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে।

প্রশ্নঃ কু গুলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ চুম্বক শলা এডাল তাঁৰৰ ওচৰলৈ আৰু তাঁৰৰ পৰা আঁতৰাই নি প্রবাহ আবিষ্ট কৰিব পাৰি। ওচৰৰ কুণ্ডলীৰ লগত সংলগ্ন চুম্বক বলৰ পৰিবৰ্তনে আন কুণ্ডলীত প্রবাহ আবিষ্ট কৰে। ইয়াক চিত্ৰৰ সহায়ত প্রদর্শন কৰা হ’ল-

চুম্বক শলা এডাল তাঁৰৰ ওচৰলৈ আৰু তাঁৰৰ পৰা আঁতৰাই নি প্রবাহ আবিষ্ট কৰিব পাৰি

প্রশ্নঃ প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা।

উত্তৰঃ শুকান কোষ, গাড়ীৰ বেটেৰী, সৌৰকোষ আদি।

প্রশ্নঃ বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক

(a) জেনেৰেটৰ বোলা হয়

(b) গেলভেন’মিটাৰ বোলা হয়

(c) এমিটাৰ বোলা হয়

(d) মটৰ বোলা হয়

উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।

প্রশ্নঃ পৰিৱৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে- HSLC ’17

(a) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।

(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভবভেদ উৎপন্ন কৰে।

(c) পৰিৱৰ্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।

(d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে।

উত্তৰঃ (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে।

প্রশ্নঃ হ্রস্ব বর্তনী (Short Circuit) হোৱাৰ সময়ত বর্তনীটোত প্রবাহ

(a) বুজন পৰিমাণে কমি যায়

(b) সলনি নহয়

(c) বুজন পৰিমাণে বৃদ্ধি পায়

(d) অবিৰতভাৱে সলনি হয়

উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায়।

প্রশ্নঃ তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা

(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কৰ্য সম্পাদন কৰে।

(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হ’ব।

(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীব তাঁৰ বোলে।

(a) ভুল,

(b) শুদ্ধ,

(c) শুদ্ধ,

(d) ভুল উত্তৰঃ

প্রশ্নঃ চৌম্বকক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ (ক) কোনো প্রবাহ চালিত পৰিবাহীৰ পৰা চুম্বকক্ষেত্র পাব পাৰি।

(খ) চ’লেনইডৰ মাজেৰে প্রবাহ চালিত কৰি প্রবাহ পাব পাৰি।

প্রশ্নঃ চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ডচুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা। HSLC ’17

উত্তৰঃ বিদ্যুৎ প্রবাহিত হৈ থকা কুণ্ডলী এটাৰ এটা মুৰে উত্তৰ মেৰু আৰু আনটো মুৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। যদি এডাল বিদ্যুৎ প্রবাহিত কুণ্ডলীক মুক্তভাৱে ৰখা হয় তেন্তে ইয়াৰ এটা মূৰে উত্তৰফালে আৰু আনটো মুৰে দক্ষিণফালে থাকিব।
দণ্ডচুম্বকৰ সহায়ত প্রবাহযুক্ত কুণ্ডলী এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি। এডাল চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীৰ এটা মূৰে নিলে যদি আকর্ষণ হয় তোয়াহ’লে সেই মূৰটো দক্ষিণ মেঝ আৰু যিটো মূৰে বিকর্ষিত কৰে সেই মূৰটো উত্তৰ মেৰু হ’ব।

প্রশ্নঃ বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকণ কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি? HSLC ’19

উত্তৰঃ

বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকণ কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যপ্রণালী ব্যাখ্যা কৰা

বৈদ্যুতিক মটৰৰ মূলনীতি- বিদ্যুৎ প্রবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্রই ক্রিয়া কৰা বল প্রয়োগ কবি বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্যুতিক মটৰত ফলা আঙঠিটোৱে পৰিৱৰ্তক হিচাপে কাম কৰে। এই ফলা আঙঠিয়ে পৰিৱৰ্তী বিভৱভেদৰ সৃষ্টি কবে।

প্রশ্নঃ চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্ৰাচ দুডালৰ কাম কি? HSLC ’20

উত্তবঃ

চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা

মূলনীতিঃ এটা জেনেৰেটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। ই বিদ্যুৎ-চুম্বকীয় আৱেশৰ ভিত্তিত কাম কৰে।
কার্যপ্রণালীঃ চৌম্বক ক্ষেত্ৰখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R₁ আৰু R₂ আঙঠি দুটাও তাৰ সৈতে ঘুৰে। AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায়। AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্রবাহ আবিষ্ট কৰে যি বাহিৰৰ বৰ্তনীত ABCD ৰ দিশত চালিত হয়। আধা পাক ঘুৰাৰ পিছত আঙঠি R₁ ব্রাছ B₂ ৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ উঠে। আঙঠি R₂ আৰু B₁ ব্ৰাছ ৰ সংস্পর্শলৈ আহে আৰু AB বাহু তললৈ যায়। ফলত বাহু দুটাত আবিষ্ট প্রবাহ সলনি হৈ মুঠ আবিষ্ট প্রবাহ DCBA ব দিশত হয়। এই অবিৰত প্ৰক্ৰিয়াৰ কাৰণে এক নিদ্দিষ্ট সময়ৰ ব্যৱধানত প্রবাহৰ দিশ সলনি হৈ থাকে আৰু পৰিৱৰ্তী প্রবাহৰ উৎস লাভ কৰে।
ইয়াত ব্রাচ দুডালে বিদ্যুৎ প্রবাহৰ দিশ সলনি কৰে, ফলত কুণ্ডলীৰ ঘূর্ণনৰ দিশ একে হয়।

প্রশ্নঃ আমেছাৰ কাক বোলে?

উত্তৰঃ বাণিজ্যিক মটৰত ব্যৱহাৰ কৰা লোৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আর্মেছাৰ বোলে।

প্রশ্নঃ কুণ্ডলী এটাত আবিষ্ট প্রবাহ কেতিয়া সর্ব্বোচ্চ হয়?

উত্তৰঃ যেতিয়া কুণ্ডলীৰ গতিৰ দিশ চৌম্বকক্ষেত্ৰৰ লম্ব হয়।

প্রশ্নঃ বৈদ্যুতিক মটৰৰ কেইটামান ব্যৱহাৰ লিখা।

উত্তৰঃ বৈদ্যুতিক পাংখ্যা, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্রি প্লেয়াৰ আদিত বৈদ্যুতিক মটৰ ব্যৱহাৰ কাৰ হয়।

প্রশ্নঃ শুদ্ধ উত্তৰটো বাছি উলিওৱা: HSLC ’17

প্রবাহযুক্ত দীঘল চ’লনেয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্রক ক্ষেত্র-

(ক) ইয়াৰ প্ৰান্তৰ ফালে ক্রমেবাঢ়ি যায়।

(খ) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়।

(গ) শূন্য হয়।

(ঘ) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (ঘ) সকলো বিন্দুতে একে থাকে।

প্রশ্নঃ চুম্বক কি?

উত্তৰঃ চুম্বক হৈছে এনে এক পদার্থ যাৰ আকর্ষণ আৰু বিকর্ষণ উভয় বলেই থাকে।

প্রশ্নঃ বিদ্যুৎ চুম্বক কি?

উত্তৰঃ চলেনয়ডৰ অন্তৰ্ভাগত সৃষ্টি হোৱা শক্তিশালী চৌম্বকক্ষেত্রত কোমল লোৰ দৰে কিছুমান চৌম্বক পদাৰ্থক চুম্বকলৈ ৰূপান্তৰ কৰিব পাৰি। এনেদৰে সৃষ্টি হোৱা চুম্বককে ‘বিদ্যুৎ চুম্বক’ বোলে।

প্রশ্নঃ এটা অকলশৰীয়া চুম্বক মেৰু পাব পাৰিনে?

উত্তৰঃ এটা অকলশৰীয়া চুম্বক মেঝ পাব নোৱাৰি।

প্রশ্নঃ এটা চ’লেনয়ডৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি কেনেকুৱা?

উত্তৰঃ চলেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰ বলৰেখাবিলাক চ’লনেয়ডৰ অক্ষৰ সমান্তৰালকৈ থকা সৰলৰেখা। চ’লনেয়ডৰ ভিতৰৰ প্রতিটো বিন্দুতে চৌম্বক ক্ষেত্ৰৰ মান সমান।

প্রশ্নঃ গেলভেনোমিটাৰ কি?

উত্তৰঃ গেলভেনোমিটাৰ হৈছে বৰ্তনীত প্রবাহৰ উপস্থিতি নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ বিশেষ।

প্রশ্নঃ চুম্বকৰ মেৰু কি?

উত্তৰঃ চুম্বক এডালৰ মূৰৰ যি দুটা অঞ্চলত আকর্ষণী আৰু বিকর্ষণী বল সর্বোচ্চ তাকে চুম্বকৰ মেঝ বোলে।

প্রশ্নঃ দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে?

উত্তৰঃ চৌম্বক বলৰেখা এডালৰ কোনো এটা বিন্দুত আঁকা স্পর্শক এডালে সেই বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ নির্ণয় কৰে। সেই বিন্দুটোত যদি কোনো দিগদর্শন যন্ত্র ৰখা হয়, তেন্তে তাৰ কাঁটাডালে স্পর্শকৰ দিশ নির্দেশ কৰিব। যদি দুডাল বলৰেখাই কোনো এটা বিন্দুত কটাকটি কৰে, তেন্তে সেই বিন্দুটোত দুডাল স্পর্শক আঁকিব পৰা যাব। অর্থাৎ বিন্দুটোত ৰখা দিগদর্শন যন্ত্ৰটোৰ কাঁটাডালে একেসময়তে দুডাল স্পর্শকৰ দিশ নির্দেশ কৰিব লাগিব যি কেতিয়াও সম্ভৱ নহয়।

সেয়ে দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে।

প্রশ্নঃ বিদ্যুৎ আৱেশৰ পৰিঘটনাটো কি?

উত্তৰঃ বিদ্যুৎ আৱেশৰ পৰিঘটনাটো হৈছে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱা প্রক্রিয়া।

প্রশ্নঃ বৈদ্যুতিক জেনেৰেটৰ কেইধৰণৰ আৰু কিকি?

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ দুই ধৰণৰ, যথাঃ

(ক) পৰোক্ষ প্রবাহ জেনেৰেটৰ: এইধৰণৰ জেনেৰেটৰে পৰোক্ষ প্রবাহ উৎপন্ন কৰে।

(খ) প্রত্যক্ষ প্রবাহ জেনেৰেটৰ এই ধৰণৰ জেনেৰেটৰে প্রত্যক্ষ প্রবাহ উৎপন্ন কৰে।

প্রশ্নঃ বৈদ্যুতিক বর্তনী আৰু সংজউলিত সাধাৰণতে ব্যৱহাৰ কৰা দুটা নিৰাপত্তাৰ ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বৈদ্যুতিক বর্তনী আৰু সঁজুলি সাধাৰণতে ব্যৱহাৰ কৰা দুটা নিৰাপত্তা ব্যবস্থা হৈছে : (ক) ফিউজ আৰু (খ) ভূমি সংযোগী তাঁৰ।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ বৈদ্যুতিক প্রবাহৰ উপস্থিতি নির্দেশ কৰা সঁজুলি হ’ল-

(a) ভ’ল্টমিটাৰ

(b) এমিটাৰ

(c) গেলভেন ‘মিটাৰ

(d) বেৰ’মিটাৰ

উত্তৰঃ (c) গেলভেন’মিটাৰ।

প্রশ্নঃ তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে। আবিষ্ট প্ৰৱাহৰ দিশ প্রতি- হ’ব

(a) দুপাকত সলনি হ’ব

(b) এপাকত সলনি হ’ব

(c) আধাপাকত সলনি হ’ব

(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি

উত্তৰঃ (c) আধাপাকত সলনি হ’ব।

প্রশ্নঃ তলৰ কোনটোবে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাবে বর্ণনা কৰে-

(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত

(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত

(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রিক বৃত্তৰে গঠিত

উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রিক বৃত্তৰে গঠিত।

প্রশ্নঃ বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে-

(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া

(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া

(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আনিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া

(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্রক্রিয়া

উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আনিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।

প্রশ্নঃ বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক-

(a) জেনেৰেটৰ বোলা হয়

(b) গেলভেন’মিটাৰ বোলা হয়

(c) এমিটাৰ বোলা হয়

(d) মটৰ বোলা হয়

উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।

প্রশ্নঃ এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্রত তাৰ লম্বভাবে সোমাইছে। ইলেক্ট্রনৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ হ’ব-

(a) সোঁফাললৈ

(b) বাওঁফাললৈ

(c) পৃষ্ঠৰ বাহিৰলৈ

(d) পৃষ্ঠৰ ভিতৰলৈ

উত্তৰঃ (d) পৃষ্ঠৰ ভিতৰলৈ।

প্রশ্নঃ চ’লেনইডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ-

(a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ (b) উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ

(c) দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ

(d) কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ

উত্তৰঃ (a) উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

প্রশ্নঃ পশ্চিম দিশলৈ উৎক্ষেপিত ধণাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্র এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব-

(a) দক্ষিণমুৱা

(c) নিম্নমুখী

(b) পূৰমুৱা

(d) উর্ধমুখী

উত্তৰঃ (d) উর্ধমুখী।

প্রশ্নঃ হ্রস্ব বর্তনী হোৱাৰ সময়ত বর্তনীটোত প্রবাহ-

(a) বুজন পৰিমাণে কমি যায়

(b) কোনো সলনি নহয়

(c) অবিৰতভাবে সলনি হয়

(d) বুজন পৰিমাণে বৃদ্ধি পায়

উত্তৰঃ (d) বুজন পৰিমাণে বৃদ্ধি পায়।

 


No comments:

Post a Comment

SEBA Class X Science অধ্যায়-১৬ প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা Questions and Answers

  অধ্যায়-১৬ প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত থকা সমস্যা এটা উল্লেখ কৰা। HSL...