js

Wednesday, August 13, 2025

SEBA Class X Science অধ্যায়-১৪ শক্তিৰ উৎসসমূহ Questions and Answers

 

অধ্যায়-১৪

শক্তিৰ উৎসসমূহ

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা নোৱাৰে?

উত্তৰঃ নোৱাৰে। যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰে প্ৰদূষণ সৃষ্টি কৰিব পাৰে। উৎস ভেদে প্ৰদূষণৰ মাত্রা কম-বেছি আৰু বেলেগ বেলেগ হয়।

প্রশ্নঃ জৈৱ গেছৰ দুটা সুবিধা লিখা।

উত্তৰঃ ইয়াৰ কেলৰিমান বেছি আৰু মিতব্যয়ী।

প্রশ্নঃ শক্তিৰ মুখ্য উৎসবোৰ কি কি?

উত্তৰঃ কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ আদি।

প্রশ্নঃ এলপিজি কি?

উত্তৰঃ পেট্র’লিয়ামৰ আংশিক পাতনৰ ফলত পোৱা আটাইতকৈ কম উতলাংকৰ অংশটোৱেই হৈছে পেট্র’লিয়াম।

প্রশ্নঃ ৰকেটৰ ইন্ধন হিচাপে কি ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ হাইড্র ‘জেন।

প্রশ্নঃ নবীকৰণযোগ্য দুবিধ শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ জলশক্তি আৰু সৌৰ শক্তি।

প্রশ্নঃ দুবিধ ক্ষয়িষ্ণু শক্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ কয়লা আৰু পেট্র’লিয়াম।

প্রশ্নঃ প্রাচীন কালত তাপ শক্তিৰ উৎস কি আছিল?

উত্তৰঃ কাঠখৰি।

প্রশ্নঃ কোনবোৰ উপাদানৰ ফলত আম্লিক বৃষ্টিৰ সৃষ্টি হয়?

উত্তৰঃ জীৱাষ্মজাত ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা কার্বন, নাইট্র’জেন আৰু ছালফাৰৰ অক্সাইডসমূহ।

প্রশ্নঃ শক্তিৰ আদর্শ উৎস কি? HSLC ’19

উত্তৰঃ শক্তিৰ ভাল উৎস হ’ল-

(ক) ইয়াক সহজে পোৱা ধৰণৰ হ’ব লাগে।

(খ) ই পৰিবেশ হিতৈষী হ’ব লাগে।

(গ) ইবোৰ মিতব্যয়ী হ’ব লাগে।

(ঘ) ইয়াক সহজতে জমা কৰি ৰখা আৰু বহন কৰিব পৰা বিধৰ হ’ব লাগে।

(ঙ) প্রতি আয়তন ভৰত ই যথেষ্ট পৰিমাণে কার্যক্ষম হ’ব লাগে।

প্রশ্নঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?

উত্তৰঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল-

(ক) কম পৰিমাণৰ নিউক্লিয় শক্তিৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি।

(খ) প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰত নিউক্লিয় ইন্ধন ভৰালে ই বহু দিনলৈ শক্তি উৎপাদন কৰিব পাৰে।

(গ) প্ৰদূষণৰ মাত্রা অতি কম।

প্রশ্নঃ শক্তিৰ উৎস এটা প্রদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? HSLC ’15, ’20

উত্তৰঃ নোৱাৰে। কেনো উৎসই প্রদূষণমুক্ত হ’ব নোৱাৰে। যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। মাত্র উৎসভেদে প্ৰদূষণৰ মাত্ৰা আৰু প্রকৃতি বেলেগ বেলেগ হয়।

প্রশ্নঃ আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়? HSLC ’18

উত্তৰঃ শক্তিৰ মূল উৎস হৈছে জীবাশ্ম ইন্ধন আৰু এইবোৰ ভূ-গৰ্ভত পৰিসীমিত। এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। ইয়াৰোপৰি জীবাশ্ম ইন্ধন দহন কৰিলে বায়ু প্রদূষিত হয়। সেইবাবে আমি ভবিষ্যতৰ বাবে শক্তিৰ বিকল্প উৎস বিচাৰো।

প্রশ্নঃ আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?

উত্তৰঃ আমাৰ সুবিধাৰ বাবে বায়ুশক্তিক ব্যৱহাৰৰ উপযোগীকৈ বায়ু কল আৰু জলশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা হৈছে।

প্রশ্নঃ কোনধৰণৰ দাপোণ- অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

উত্তৰঃ অৱতল দাপোণ সৌৰ কুকাৰত ব্যৱহাৰ কৰা উৎকৃষ্ট। কাৰণ অবতল দাপোণে যথেষ্ট পৰিমাণে সূৰ্যৰ পোহৰ ৰশ্মি প্রতিফলন কৰিব পাৰে। ফলত ইয়াৰ ফ’কাছত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয়।

প্রশ্নঃ মহাসমুদ্ৰৰ পৰা পাৰ পৰা শক্তিৰ সীমাবদ্ধতা কি কি? HSLC ’16, ’20

উত্তৰঃ মহাসমুদ্ৰৰ পৰা পোৱা শক্তিৰ সীমাবদ্ধতা হ’ল-

(ক) জোৱাৰৰ পৰা পোৱা শক্তি স্থিৰ নহয়। কাৰণ পৃথিৱীৰ খুৱ কম সংখ্যক ঠাইতহে জোৱাৰৰ পৰা শক্তি লাভ কৰাৰ বাবে বান্ধ দিব পৰা যায়।

(খ) ঢৌৰ পৰা আহৰণ কৰা শক্তি সকলো ঠাইতে একে নহয়। যিবিলাক ঠাইত ঢৌৰ তীব্রতা যথেষ্ট বেছি সেইবোৰ ঠাইতহে বেছি পাৰমাণে শক্তি আহৰণ কৰিব পাৰি।

(গ) সাগৰীয় শক্তিৰ বিভৱ বহুত বেছি হলেও ব্যৱসায়িক ক্ষেত্রত এইবোৰৰ ব্যৱহাৰ পর্যাপ্ত নহয়।

প্রশ্নঃ পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) বৌদ্রোজ্বল দিন

(b) ডাৱৰীয়া দিন

(c) গৰম দিন

(d) বতাহে কোবোৱা দিন।

উত্তৰঃ (b) ডাৱৰীয়া দিন।

প্রশ্নঃ তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? HSLC ’19

(a) খৰি

(b) গোবৰ গেছ

(c) নিউক্লীয় শক্তি (d) কয়লা।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?

(a) ভূ-তাপীয় শক্তি

(b) বায়ু শক্তি

(c) নিউক্লীয় শক্তি

(d) জৈৱ উপাদান।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ কি আধাৰত শক্তিৰ উৎসসমূহ-

(a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য

(b) ক্ষয়িষুও যোৱা আৰু অক্ষয়িষুঃ বুলি শ্রেণীভুক্ত কৰিবা? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে?

উত্তৰঃ (a) নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাবে উৎপন্ন হৈয়ে থাকে। যেনে- সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি আদি।
আনহাতে, অনবীকৰণযোগ্য শক্তি গঠন হওঁতে নিযুত নিযুত বছৰৰ প্ৰয়োজন আৰু ই শেষ হ’লে কম সময়ৰ ভিতৰত ঘূৰাই পাব নোৱাৰি।

(b) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে। যেনে- কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি।
আনহাতে, যি শক্তি সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনেবোৰ শক্তিক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে। যেনে- বায়ু শক্তি, জল শক্তি আদি।

(a) আৰু

(b) দুয়োটাই একে।

প্রশ্নঃ এটা আদর্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি?

উত্তৰঃ এটা আদর্শ শক্তিৰ উৎসৰ গুণসমূহ হ’ল-

(ক) এনে ইন্ধনৰ দহনৰ ফলত প্রতি একক ভৰত যথেষ্ট তাপ শক্তি উৎপন্ন হয়।

(খ) এইবোৰ মিতব্যয়ী আৰু সহজে পোৱা যায়।

(গ) এইবোৰ সহজে পৰিবহণ কৰিব পাৰি।

(ঘ) এনে ইন্ধন দহনত ক্ষতিকাৰক গেছ সৃষ্টি নহয় আৰু বায়ু প্রদূষণ নহয়।

প্রশ্নঃ জৈৱ গেছৰ কেইটামান সুবিধা লিখা।

উত্তৰঃ জৈৱ গেছৰ কেইটামান সুবিধা হ’ল-

(ক) ইয়াৰ কেলৰিমান অধিক।

(খ) ই ধোঁৱা সৃষ্টি নকৰাকৈ জ্বলে। ফলত বায়ু প্রদূষণ নহয়। হয়?

(গ) ই মিতব্যয়ী।

প্রশ্নঃ কয়লাক জীবাশ্ম ইন্ধন বুলি কিয় কোৱা

উত্তৰঃ জ্বলনশীল জৈৱ ক’লা বা মুগা বৰণৰ পাললিক শিলাস্তৰ যি নিযুত নিযুত বছৰ ধৰি মাটিত পোত গৈ থকাৰ ফলত অৱক্ষেপণৰ জৰিয়তে সৃষ্টি হয়। সেয়ে কয়লাক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়।

প্রশ্নঃ গোবৰ গেছ কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ গোবৰ গেছ তাপ আৰু পোহৰৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়।

প্রশ্নঃ দুবিধ গেছীয় ইন্ধনৰ নাম লিখা।

উত্তৰঃ প্রাকৃতিক গেছ আৰু গোবৰ গেছ।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ পানী গৰম কৰিবলৈ সৌৰ জলহীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) বৌদ্রোজ্জ্বল দিন

(b) ডাৱৰীয়া দিন

(c) গৰম দিন

(d) বতাহে কোবোৱা দিন

উত্তৰঃ (b) ডাৱৰীয়া দিন।

প্রশ্নঃ তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?

(a) খৰি

(b) গোৱৰ গেছ

(c) নিউক্লীয় শক্তি

(d) কয়লা

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ তলৰ কোনটো নবীকৰণ অযোগ্য সম্পদ?

(a) বায়ুশক্তি

(c) সৌৰশক্তি

(b) জলশক্তি

(d) জীবাষ্মজাত ইন্ধন

উত্তৰঃ (d) জীবাষ্মজাত ইন্ধন।

প্রশ্নঃ কোনখন দেশক বতাহৰ দেশ বুলি কোৱা হয়?

(a) ভাৰত

(b) ইংলেণ্ড

(c) কানাডা

(d) ডেনমার্ক

উত্তৰঃ (d) ডেনমার্ক।

প্রশ্নঃ বায়ুশক্তিক কামত খটুৱাই বিদ্যুৎ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত-

(a) প্রথম

(b) তৃতীয়

(c) পঞ্চম

(d) দশম

উত্তৰঃ (c) পঞ্চম।

প্রশ্নঃ ভাৰতৰ ক’ত আটাইতকৈ ডাঙৰ বায়ুশক্তিৰ পাম স্থাপন কৰা হৈছে?

(a) মহাৰাষ্ট্ৰ

(b) গুজৰাট

(c) দিল্লী

(d) তামিলনাডু

উত্তৰঃ (d) তামিলনাডু।

প্রশ্নঃ তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়?

(a) জৈৱ উপাদান

(b) নিউক্লীয় শক্তি

(c) ভূ-তাপীয় শক্তি

(d) বায়ুশক্তি

উত্তৰঃ (b) নিউক্লীয় শক্তি।

প্রশ্নঃ ভাৰতবৰ্ষই বছৰি সৌৰশক্তি লাভ কৰে আনুমানিক

(a) 5000 TkWh

(b) 2000 TkWh

(c) 3000 TkWh

(d) 1000 TkWh

উত্তৰঃ (a) 5000 TkWh

প্রশ্নঃ নিউক্লীয় শক্তি উৎপাদন কৰা হয়-

(a) তাপ অঘটনৰ দ্বাৰা

(b) বিভাজন পাতনৰ দ্বাৰা

(c) নিউক্লীয় একীভৱনৰ দ্বাৰা

(d) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

উত্তৰঃ (d) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা।

প্রশ্নঃ ……… ৰ পৰা ক’ক উৎপন্ন কৰা হয়।

(a) বিটুমিনাচ কয়লা

(b) কাঠ কয়লা

(c) আইৰণ

(d) কার্বন

উত্তৰঃ (a) বিটুমিনাচ কয়লা।

প্রশ্নঃ সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা ধাতুবিধ হ’ল-

(a) লিথিয়াম

(c) ছিলিকন

(b) আইৰণ

(d) কার্বন

উত্তৰঃ (c) ছিলিকন।

 

No comments:

Post a Comment

SEBA Class X Science অধ্যায়-১৬ প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা Questions and Answers

  অধ্যায়-১৬ প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত থকা সমস্যা এটা উল্লেখ কৰা। HSL...