Redirect Image

js

Wednesday, August 13, 2025

SEBA Class X Science অধ্যায়-১৫ আমাৰ পৰিৱেশ Questions and Answers

 

অধ্যায়-১৫

আমাৰ পৰিৱেশ

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ অ’জ’নে …………. শোষণ কৰে। (খালী ঠাই পূৰণ কৰা)  

(a) অতি বেঙুনীয়া ৰশ্মি

(b) অৱলোহিত ৰশ্মি

(c) তাপীয় ৰশ্মি

(d) বিদ্যুৎ চুম্বকীয় ৰশ্মি

উত্তৰঃ (a) অতি বেঙুনীয়া ৰশ্মি।

প্রশ্নঃ বিয়োজক কাক বোলে?

উত্তৰঃ যিবোৰ অণুজীৱই মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদার্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে সেইবোৰ অণুজীৱক বিয়োজক বোলে।

প্রশ্নঃ পৰিস্থিতি তন্ত্ৰৰ প্রধান উপাদান দুটা কি কি?

উত্তৰঃ জৈৱিক উপাদান আৰু অজৈবিক উপাদান।

প্রশ্নঃ পৰিস্থিতি তন্ত্র এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহ শ্রেণীভূক্ত কৰা হয়?

(a) উৎপাদক

(b) প্রাথমিক উপভোক্তা

(c) দ্বিতীয় উপভোক্তা

(d) বিয়োজক

উত্তৰঃ (d) বিয়োজক

প্রশ্নঃ জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্যৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ আমৰ বাকলি।

প্রশ্নঃ অজ’ন স্তৰ বায়ুমণ্ডলৰ কিামন উচ্চতালৈ বিস্তৃত?

উত্তৰঃ বায়ুমণ্ডলৰ ১৮-৫০ কি.মি. ওপৰত অ’জন স্তৰ বিস্তৃত।

প্রশ্নঃ বায়ুপ’ল কি?

উত্তৰঃ এলকেলিজিন্‌চ ইউট্র ‘ফাচ বেক্টেৰিয়াৰ সহায়ত সৃষ্টি কৰা জীব-সহিষ্ণু সামগ্রীকে বায়’পল বোলে।

প্রশ্নঃ প্লাষ্টিকৰ মোনা জীৱ নিম্নিকৰণ আৱৰ্জনা হয়নে?

উত্তৰঃ নহয়।

প্রশ্নঃ কিহে বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনক বাধা দিয়ে?

উত্তৰঃ অতি বেঙুনীয়া ৰশ্মিয়ে।

প্রশ্নঃ জীব নিম্নিকৰণ পদার্থই পৰিৱেশত প্রভাব পেলাব পৰা যিকোনো দুটা সম্ভাবনাৰ বিষয়ে লিখা।

উত্তৰঃ জীব নিম্নিকৰণ পদাৰ্থবোৰৰ পচনৰ ফলত এইবোৰৰ পৰা মাখি আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়াই খাদ্যবস্তুৰ যোগেদি মানুহৰ শৰীৰলৈ বিয়পায়। এই পদার্থবোৰৰ পচনৰ ফলত বায়ু প্রদূষণ হয়।

প্রশ্নঃ জীব অনিম্নিকৰণ পদার্থই পৰিবেশত প্রভাব পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। HSLC 2020

উত্তৰঃ কিছুমান জীৱ অনিম্নিকৰণ পদার্থই মানুহৰ খাদ্য শৃংখলত সোমাই মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটায়। এই পদার্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে।

প্রশ্নঃ পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা। HSLC ’17

উত্তৰঃ এক নিদ্দিষ্ট সংখ্যক প্রাণীৰ মাজত খাদ্যৰ প্রবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে। উদাহৰণস্বৰূপে ঘাঁহনি এডৰাৰ কথা ধৰা হ’ল-

ঘাঁহনি পোক-পৰুৱা মাছ চৰাই এই শৃংখলটোত ঘাঁহ হ’ল উৎপাদক, গতিকে ইয়াক প্রথম স্তৰত ৰখা হৈছে। মাছ পতংগভোজী, গতিকে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ’ল উচ্চ স্তৰৰ মাংসভোজী, গতিকে ইয়াক চতুর্থ স্তৰত ৰখা হৈছে।

প্রশ্নঃ পৰিস্থিতি তন্ত্রত বিয়োজকৰ ভূমিকা কি? HSLC ’18

উত্তৰঃ বিয়োজকে অণুজীৱৰ জটিল জৈৱ পদাৰ্থবোৰক আৰু জীবিত প্রট ‘প্লাজমবোৰক সৰল অণুলৈ ৰূপান্তৰ কৰাত সহায় কৰে। এই অণুবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণা-গুণ বৃদ্ধি কৰে। এনেদৰে বিয়োজকে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে।

প্রশ্নঃ অ’জ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাৱ পেলায়?

উত্তৰঃ অ’জ’ন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত গেছীয় অণু। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত বিক্রিয়া সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়। পৰিস্থিতি তন্ত্রত ইয়াৰ প্রভাৱ-

(ক) সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীত প্ৰৱেশ কৰাত বাধা দিয়ে। এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ কৰ্কট ৰোগ আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতা ধ্বংশ কৰে।

(খ) অ’জ’ন স্তৰৰ অৱক্ষয়ে গোলকীয় উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলায়।

প্রশ্নঃ পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা। HSLC ’20

উত্তৰঃ তলত দিয়া পদ্ধতিৰ সহায়ত পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্রাস কৰিব পাৰি-

(ক) জীৱ অনিম্নিকৰণ পদার্থ যেনে- প্লাষ্টিক, পলিথিন আদিবোৰ য’তে ত’তে পেলাই নথৈ এইবোৰ জ্বলাই দিয়া।

(খ) জীব নিম্নিকৰণ পদাৰ্থবোৰৰ পৰা প্রয়োজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযোগী কৰি তোলা।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিত কেবল জীব নিম্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a), (c) আৰু (d)

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? HSLC ’20

(a) ঘাঁহ, ঘেহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কয়-

(a) বায়’ল’জি

(b) জুল’জি

(c) চেৰোল’জি

(d) ইক’ল’জি

উত্তৰঃ (d) ইক’ল’জি।

প্রশ্নঃ বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে ক বাধা দিয়ে।

(a) অবলোহিত ৰশ্মি

(b) দৃশ্যমান পোহৰ

(c) অতি বেঙুনীয়া ৰশ্মি

(d) (a) আৰু (c) দুয়োটাই

উত্তৰঃ (c) অতি বেঙুনীয়া ৰশ্মি।

প্রশ্নঃ শক্তিৰ প্ৰবাহ সদায়-

(a) একমুখী দিশত হয়

(b) দ্বি-মুখী দিশত হয়

(c) সঠিককৈ ক’ব নোৱৰি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) একমুখী দিশত হয়।

প্রশ্নঃ জীৱৰ ভিন্নতাৰ কাৰণ-

(a) পৰিৱেশৰ ভিন্নতা

(b) কৰ্মৰ ভিন্নতা

(c) আকাৰৰ ভিন্নতা

(d) গঠনৰ ভিন্নতা

উত্তৰঃ (a) পৰিৱেশৰ ভিন্নতা।

প্রশ্নঃ তলৰ কোনটো জীব নিম্নিকৰণ আৱৰ্জনা নহয়?

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা

(b) পুৰণি ফটা কাপোৰ

(c) প্লাষ্টিৰ মোনা

(d) পুৰণি বাতৰি কাকত

উত্তৰঃ (c) প্লাষ্টিকৰ মোনা।

প্রশ্নঃ তলৰ কোনটো বিয়োজক?

(a) বেক্টেৰিয়া

(c) শেলাই

(b) ভাইৰাছ

(d) এটাও নহয়

উত্তৰঃ (a) বেক্টেৰিয়া।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনায়ে খাদ্য শৃংখল গঠন কৰে?

(a) ঘাঁহ, ঘেঁহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

প্রশ্নঃ সেউজীয়া উদ্ভিদে খাদ্য উৎপাদন কৰিব পাৰে। গতিকে ইয়াক খাদ্য শৃংখলৰ। ………. বখা হৈছে।

(a) প্রথম স্তৰত

(b) দ্বিতীয় স্তৰত

(c) তৃতীয় স্থানত

(d) চতুর্থ স্থানত

উত্তৰঃ (a) প্রথম স্তৰত।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a) (c) (d)

প্রশ্নঃ তলত দিয়া কেনটো জীৰ নিম্নিকৰণ পেলনীয়া দ্রব্য?

(a) পলিথিনৰ মোনা

(b) আমৰ বাকলি

(c) ফালি যোৱা চামৰাৰ মোনা

(d) প্লাষ্টিকৰ বটল

উত্তৰঃ (b) আমৰ বাকলি।

 

No comments:

Post a Comment

Indian Economy MCQ Set-12

Indian Economy MCQ Set-12 Q.1 Who can declare financial emergency in India? A. Prime Minister of India B. Governor of RBI C. President...