Redirect Image

js

Monday, September 22, 2025

মানুহৰ হাওঁ-ফাওঁ (Human Lungs)

 

মানুহৰ হাওঁ-ফাওঁ (Human Lungs)

 

মানুহৰ ক্ষেত্ৰত, শ্বাস-প্ৰশ্বাস প্ৰণালী নাকেৰে আৰম্ভ হয়। নাসাৰন্ধ্ৰৰ (nostril) মাজেৰে বায়ু দেহত প্ৰৱেশ কৰে। নাকৰ বিন্ধাত থকা নোম আৰু শ্লেষ্মাই ভিতৰলৈ অহা বায়ুক ছেকে (Filtration) আৰু পৰিষ্কাৰ কৰাত সহায় কৰে

বায়ুৰ পথ আৰু শ্বাসনলী:

নাসাৰন্ধ্ৰৰ পৰা বায়ু টেটু হৈ শ্বাসনলীয়েদি হাওঁ-ফাঁওলৈ যায়। শ্বাসনলীৰ ভিতৰত কিছুমান উপাস্থিৰে (Cartilage) গঠিত আঙুঠি থাকে, যিবোৰে বায়ু চলাচলৰ সময়ত শ্বাসনলীখনক চেপেটা হৈ লাগি ধৰিবলৈ নিদিয়ে

হাঁওফাঁওৰ গঠন আৰু বায়ুকূপ:

হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ বায়ুকূপ (alveoli) সৃষ্টি কৰে। এই বায়ুকূপবোৰত অসংখ্য ক্ষুদ্র ক্ষুদ্র ৰক্ত কেশিকাই (blood capillaries) জালিকা গঠন কৰে

শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া:

উশাহ লোৱাৰ সময়ত কামিহাড়বোৰ ওপৰলৈ উঠে আৰু মধ্যচ্ছদা (diaphragm) নিম্নগামী হয়, যাৰ ফলত বক্ষ গহ্বৰ ডাঙৰ হয়। ইয়াৰ ফলত হাওঁফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে

গেছ বিনিময়:

দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দিয়ে। একে সময়তে, ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহ আৰু নিশাহৰ সময়ত হাওঁফাঁওত যথেষ্ট অৱশিষ্ট বায়ু থাকে, যাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে

হিম'গ্ল'বিনৰ ভূমিকা:

ডাঙৰ প্ৰাণীবোৰত ব্যাপন চাপে দেহৰ সকলো অংশত অক্সিজেন যথোপযুক্ত পৰিমাণে সৰবৰাহ কৰিব নোৱাৰে। এইক্ষেত্ৰত হাওঁফাঁওত তেজৰ ৰঞ্জক পদাৰ্থই অক্সিজেন বহন কৰি অক্সিজেন কম থকা কলাবোৰত বিতৰণ কৰে। মানুহৰ দেহত থকা এই তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হৈছে হিম'গ্ল'বিন (haemoglobin), যি লোহিত ৰক্ত কণিকাত পোৱা যায় আৰু অক্সিজেনৰ প্ৰতি ইয়াৰ আসক্তি বহুত বেছি। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰবীভূত হয়, সেইকাৰণে দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয়

No comments:

Post a Comment

Indian Economy MCQ Set-13

Indian Economy MCQ Set-13 Q.1 The headquarter of SAARC is located in: A. Dhaka B. New Delhi C. Kathmandu D. Lahore Answer: C. Kathma...