অধ্যায়-৭, নিয়ন্ত্রণ আরু সমন্বয়, (Control and coordination)
১। উদ্ভিদে কিহৰ ফালে গতি কৰে?
উত্তৰঃ উদ্ভিদে সূৰ্যৰ পোহৰৰ ফালে গতি কৰে ।
২। মহ’ৰ এক চলন লিখা ।
উত্তৰঃ ম’হে পাচনৰ সুবিধাৰ কাৰণে খাদ্যৰ কঠিন অংগ পাগুলি থাকে । ই এক মহ’ৰ চলন ।
৩। চলনৰ দ্বাৰা সংঘটিত হোৱা দুটা কাৰ্য লিখা ।
উত্তৰঃ চলনৰ দ্বাৰা সংঘটিত হোৱা দুটা কাৰ্য হ’ল- (ক) উজ্জ্বল পোহৰ পৰিলে আমাৰ চকু কেইটা জাপ খায় আরু (খ) গৰম বস্তুত হাত থাকিলে হাত কোঁচাই নিজক বচোৱা ।
৪। চলন কিহৰ ওপৰত নিৰ্ভৰশীল ??
উত্তৰঃ চলন কোনো ক্রিয়াৰ দ্বাৰা সাধিত হোৱা কাৰ্যৰ ওপৰত নির্ভৰশীল ।
৫। কিহৰ দ্বাৰা বা সহায়ত প্রাণীৰ দেহত নিয়ন্ত্রণ আরু সমন্বয় কাৰ্য সমাধা হয় ?
উত্তৰঃ স্নায়ু কলা (Nervous tissues) আরু পেশী কলাৰ দ্বাৰা প্রাণীৰ দেহত নিয়ন্ত্রণ আরু সমন্বয় কাৰ্য সমাধা হয় ।
৬। বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত কোনবিধ কোষে সহায় কৰে ?
উত্তৰঃ বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত সংবেদী স্নায়ুকোষে (Nerve Cell) সহায় কৰে ।
৭। আমাৰ দেহৰ তিনিটা সংবেদনশীল অংগৰ নাম লিখা ।
উত্তৰঃ অন্তকৰ্ণ, নাক আরু জিভা ।
৮। কিয় স্বাদসংগ্রাহী কোষবিলাকে খাদ্যৰ স্বাদ আরু ঘ্রাণসংগ্রাহী কোষে গোন্ধ অনুভৱ কৰিব পাৰে?
উত্তৰঃ স্বাদসংগ্রাহী কোষবিলাকে খাদ্যৰ স্বাদ আরু ঘ্রাণসংগ্রাহী কোষে গোন্ধ অনুভৱ কৰিব পাৰে, কাৰণ অন্তকৰ্ণ, নাক, জিভা আদিত সংবেদী স্নায়ুকোষ থাকে ।
৯। স্নায়ুকোষবোৰ কিহেৰে গঠিত ?
উত্তৰঃ স্নায়ুকোষবোৰ কোষদেহ আরু স্নায়ু প্রবৰ্ধৰে গঠিত ।
১০। স্নায়ু প্রবদ্ধ কেইপ্রকাৰ আরু কি কি?
উত্তৰঃ স্নায়ু প্রবদ্ধ দুইপ্রকাৰৰ । এক্সন আরু ডেনড্রাইট ।
১১। ডেনড্রেটবোৰে কেনেকৈ বৈদ্যুতিক প্রেৰণা সৃষ্টি কৰে আরু কোষলৈ প্রেৰণ কৰে?
উত্তৰঃ ডেনড্রাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু উদ্দীপনা আরু বাৰ্তা সংগ্রহ কৰে । স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ মাধ্যমেৰে বৈদ্যুতিক প্রেৰণা সৃষ্টি কৰে । এই বৈদ্যুতিক প্রেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ প্রেৰণ কৰে ।
১২। এক্সনবোৰে কেনেকৈ বৈদ্যুতিক প্রেৰণা সৃষ্টি কোষলৈ প্রেৰণ কৰে?
উত্তৰঃ বৈদ্যুতিক প্রেৰণা এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত থকা আন এক স্নায়ুকোষলৈ প্রেৰণ কৰে । এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আরু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয় । এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয় ।
১৩।আমাৰ দেহত স্নায়ু সংবেদন কেনেদৰে প্রেৰণ হয়? বুজাই লিখা ।
অথবাঃ কেনেদৰে বৈদ্যুতিক প্রেৰণাসমূহ বা আমাৰ বিভিন্ন অনুভূতিসমূহ দেহৰ এটা অংশৰ পৰা আনটো অংশলৈ প্রেৰণ কৰে?
উত্তৰঃ সকলোবোৰ বাৰ্তা আরু উত্তেজনাসমূহ অনুভৱ কৰিবৰ বাবে আমাৰ দেহত সংবেদী স্নায়ুকোষ থাকে যিবোৰ আমাৰ সংগ্রাহী অংগ অন্তকৰ্ণ, নাক, জিভা আদিত থাকে ।স্নায়ুকোষবোৰ কোষদেহ আরু স্নায়ুপ্রবদ্ধৰে গঠিত আরু এই স্নায়ুপ্রবদ্ধবোৰ ডেনড্রাইট আরু এক্সন দুটা ভাগত ভাগ কৰা হৈছে । ডেনড্রাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু উদ্দীপনা আরু বাৰ্তা সংগ্রহ কৰে । স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ মাধ্যমেৰে বৈদ্যুতিক প্রেৰণা সৃষ্টি কৰে । এই বৈদ্যুতিক প্রেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ প্রেৰণ কৰে ।
বৈদ্যুতিক প্রেৰণাৰ সৃষ্টি কৰাৰ পাছত ডেনড্রাইটৰ পৰা দেহকোষলৈ আহে । পাছত, এই বৈদ্যুতিক প্রেৰণা এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত থকা আন এক স্নায়ুকোষলৈ প্রেৰণ কৰে । এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আরু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয় । এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয় । এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ুপ্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও পেৰিত হ’ব পাৰে ।
এনেদৰে স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰনৰ দ্বাৰা গঠিত । এই নিউৰবোৰৰ মাধ্যমেৰে বৈদ্যুতিক প্রেৰণাত স্নায়ু অনুভূতি দেহৰ এয়া অংশৰ পৰা অন্য এক অংশলৈ প্রেৰণ হয় ।
১৪। আমি ক’ত প্রতীপ (Reflex) শব্দটো ব্যৱহাৰ কৰো ?
উত্তৰঃ পৰিবেশত সচৰাচৰ ঘটি থকা কিছুমান পৰিঘটনা বুজাবলৈ সাধাৰণতে আমি প্রতীপ (Reflex) শব্দটো ব্যৱহাৰ কৰো ।
১৫। এডাল জ্বলন্ত শিখা স্পৰ্শ কৰাৰ পিছত পৰিঘটনাটো অনুভূত কৰাৰ বাবে কিমান সময়ৰ প্রয়োজন ?
উত্তৰঃ এডাল জ্বলন্ত শিখা স্পৰ্শ কৰাৰ পিছত পৰিঘটনাটো অনুভূত কৰাৰ বাবে আমাৰ ভাবনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি কেনেধৰণে তাক ভাবো । এই পৰিঘটনাটো স্নায়ুপ্রেৰণাই চাৰিওফালে বিয়পাই দিব আরু লগে লগে আমাৰ মন বা ভাবটো সেই অনুভূতি লগত জড়িত হৈ পৰিব । তাৰ পিছত, আমাৰ দেহৰ স্নায়ু কোষে স্নায়ু প্রেৰণা মগজুলৈ প্রেৰণ কৰাৰ মুহূৰ্ততে ইয়াৰ প্রতিক্রিয়া আহিব ।
১৬। আমি কোনো এক পৰিঘটনা (উদাহৰণ-জুইয়ে পোৰা)ৰ প্রতি কেনেদৰে সহাৰি জনাও ?
উত্তৰঃ আমি কোনো পৰিঘটনাৰ অনুভূতিৰ বাবে আমাৰ দেহত নিউৰণেৰে গঠিত কিছু ঘন জালিকাৰে গঠিত কলা থাকে । এই কলাবোৰৰ অৱস্থিতি আমাৰ লাওখোলাৰ অন্তভাগত থাকে । দেহৰ বিভিন্ন অংশৰ পৰা অহা বাৰ্তাসমূহ গ্রহণ কৰাৰ লগে লগে লাওখোলাৰ মগজুৰ ভাৱ বোধ ক্রিয়া জড়িত হৈ পৰে আরু পেশীসমূহক সঞ্চালনৰ কাৰণে নিৰ্দেশ প্রদান কৰে । স্নায়ুসমূহে দেহৰ বিভিন্ন অংশলৈ এই বাৰ্তা প্রেৰণ কৰিব । এক গৰম বস্তুত আমাৰ স্পৰ্শ কৰাৰ পিছত হাতখন জ্বলিবৰ বাবে যি সময় পায় সেই সময়ৰ অন্তৰালত হাতখন আতৰাবৰ বাবে পেশীসমূহক সঞ্চালনৰ বাবে মগজুয়ে বাৰ্তা প্রেৰণ কৰিব ।
১৭। অনুভূতিৰ কাৰণে আমাৰ দেহত কি অংগ থাকে ? ই কিহেৰে গঠিত ? ইয়াৰ অৱস্থিতি ক’ত ?
উত্তৰঃ অনুভূতিৰ কাৰণে আমাৰ দেহত নিউৰণেৰে গঠিত কিছুমান ঘন জালিকাৰে গঠিত কলা থাকে । ইয়াৰ অৱস্থিতি লাওখোলাৰ অগ্রভাগত ।
১৮। প্রতীপ ধনু কাক বোলে ? ই ক’ত অৱস্থিত ? ই কিহেৰে গঠিত ?
উত্তৰঃ উত্তাপৰ অনুভূতি সম্পৰ্কে চিন্তাভাবনা কৰাতকৈ যিবোৰ স্নায়ু তাপ সংবেদক সেইবোৰ পেশী সঞ্চালন কৰা স্নায়ুৰ লগত সংযোগ হৈ থাকে । সংকেত (উত্তাপ) পোৱাৰ লগে লগে সহাঁৰি জনোৱা কাৰ্যতো অতি সোনকালে এই সংযোজকে সমাধা কৰে । এনেধৰণৰ সংযোজকক প্রতীপ ধনু (Reflex Arcs) বোলে ।
বহিঃস্নায়ু আরু অন্তঃস্নায়ু প্রথম যি অংশত লগ লাগি থাকে তাতেই প্রতীপ ধনু লগ লাগি থাকে । দেহৰ বিভিন্ন অংশৰ পৰা অহা স্নায়ুবোৰ লগ লাগি স্নায়ুৰঞ্জু গঠন হৈ মগজুলৈ গৈছে আরু প্রতীপ ধনু এই স্নায়ু ৰজ্জুত গঠিত হৈছে ।
১৯। স্নায়ুৰজ্জু কিহেৰে গঠিত ?
উত্তৰঃ দেহৰ বিভিন্ন অংশৰ পৰা অহা স্নায়ুবোৰ লগ লাগি স্নায়ুৰঞ্জু গঠিত ।
২০। কিয় প্রতীপ ধনু জীৱ-জন্তুৰ দেহত বিকাশ হোৱা নাই ?
উত্তৰঃ মগজুৰ চিন্তা শক্তি খুৱ খৰতকীয়া নোহোৱাৰ বাবে প্রতীপ ধনু জীৱ-জন্তুৰ দেহত বিকাশ হোৱা নাই ।
২১। আমাৰ দেহত প্রতীপ ধনুৰ কিয় সৃষ্টি হৈছে ? ইয়াৰ কাম কি?
উত্তৰঃ চিন্তা উদ্রেককাৰী প্রক্রিয়াৰে অবিহনে ক্ষিপ্রতাৰে কাৰ্য সমাধা কৰাৰ নিমিত্তে প্রতীপ ধনুৰ সৃষ্টি হৈছে । প্রতীপ ধনুৰ কাম হ’ল- কিছুমান স্বয়ংক্রিয় কাৰ্য লগে লগে সমাধা কৰা ।
২২। চিন্তা কৰিব পৰা কাৰ্যটো এটা _____ প্রক্রিয়া আরু ই এক ____ সমন্বয় ।
উত্তৰঃ চিন্তা কৰিব পৰা কাৰ্যটো এটা জটিল প্রক্রিয়া আরু ই এক স্নায়বিক সমন্বয় ।
২৩। চিন্তা কৰিব পৰা কাৰ্যটো ক’ত কেন্দ্রীভূত ?
উত্তৰঃ চিন্তা কৰিব পৰা কাৰ্যটো আমাৰ দেহৰ মুখ্য সমন্বয় কেন্দ্র মস্তিস্কত কেন্দ্রীভূত ।
২৪। কেন্দ্রীয় স্নায়ুতন্ত্র কিহেৰে গঠিত ? ইয়াৰ কাম কি ?
উত্তৰঃ কেন্দ্রীয় স্নায়ুতন্ত্র(Central Nervous System) মস্তিস্ক (Brain) আরু স্নায়ুৰজ্জু (Spinal Cord) লগ লাগি গঠিত । দেহৰ সকলো অংশৰ পৰা কেন্দ্রীয় স্নায়ুতন্ত্রই বাৰ্তা গ্রহণ কৰি একত্রিত কৰি ৰাখে ।
২৫। কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ কেইটামান ঐচ্ছিক কাৰ্য হ’ল- লিখি থকা, কথা বাৰ্তা, চকীখন ঘুৰাই থকা, সভাৰ শেষত হাত চাপৰি মৰা আদি ।
২৬। প্রান্তীয় স্নায়ুতন্ত্র কাক বোলে ? ই কিহেৰে গঠিত ? ইয়াৰ কাম কি?
উত্তৰঃ কেন্দ্রীয় স্নায়ুতন্ত্র আরু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে এক প্রকাৰ স্নায়ুতন্ত্র গঠিত হৈছে । ইয়াক প্রান্তীয় স্নায়ুতন্ত্র (Peripheral Nervous System) বোলে ।
মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় (ক্রেনিয়েল) স্নায়ু আরু স্নায়ুৰজুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহক লৈ প্রান্তীয় স্নায়ুতন্ত্র গঠিত ।
প্রান্তীয় স্নায়ুতন্ত্রৰ কাম হ’ল- মস্তিস্কৰ বিভিন্ন অংশৰদ্বাৰা পৰিচালিত দেহৰ বিভিন্ন বাহ্যিক আরু আভ্যন্তৰীণ কাৰ্যৰ সমন্বয় ৰক্ষা কৰা ।
২৭। আমাৰ মস্তিস্কৰ অংশকেইটা কি কি?
উত্তৰঃ আমাৰ মস্তিস্কৰ বিভিন্ন অংশসমূহ হ’ল- প্রমস্তিস্ক (Fore Brain), মধ্য মস্তিস্ক (Mid Brain) আরু পশ্চাৎ মস্তিস্ক (Hind brain) ।
২৮। প্রমস্তিস্ক কি ? বা মস্তিস্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ কি? ইয়াৰ কাম কি ?
উত্তৰ প্রমস্তিস্ক হ’ল- মস্তিস্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ । প্রমস্তিস্কৰ কাম হ’ল- শৰীৰৰ বিভিন্ন সংগ্রাহী ইন্দ্রিয়ৰ পৰা অহা সংবেদী স্নায়ু প্রেৰণা গ্রহণ কৰা ।
২৯। ভোক অনুভূতি কোনে পৰিচালনা কৰে ? বা ভোক অনুভূতিৰ বাবে ক’ত এক সুকীয়া স্থান থাকে ?
উত্তৰঃ ভোক অনুভূতি প্রমস্তিস্কই পৰিচালনা কৰে । ভোক অনুভূতিৰ বাবে প্রমস্তিস্কত এক সুকীয়া স্থান থাকে ।
৩০। অনৈচ্ছিক কাৰ্য কাক বোলে ? অনৈচ্ছিক কাৰ্যসমূহ কোনে নিয়ন্ত্রণ কৰে ? কেইটামান অনৈচ্ছিক কাৰ্যৰ বা প্রতীপ ক্রিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ কাম আমি ইচ্ছা কৰিলেও নিয়ন্ত্রণ কৰিব নোৱাৰো আরু স্বতঃফুৰ্তভাৱে সংঘটিত হয় অৰ্থাৎ চিন্তা নকৰাকৈ চালিত হৈ থাকে । সেই কামসমূহক অনৈচ্ছিক কাৰ্য বোলে ।
অনৈচ্ছিক কাৰ্যসমূহ মধ্য মস্তিস্ক আরু পশ্চাৎ মস্তিস্কই নিয়ন্ত্রণ কৰে ।
কেইটামান অনৈচ্ছিক কাৰ্যৰ বা প্রতীপ ক্রিয়াৰ উদাহৰণ হ’ল- আহাৰ দেখিলে লালটি ওলোৱা, হৃদস্পন্দন, চকুৰমণিৰ আকাৰ সলনি কৰা, চিন্তাৰ অনুভূতি, আদি ।
৩১। ঐচ্ছিক কাৰ্য কাক বোলে ? ঐচ্ছিক কাৰ্যসমূহ কোনে নিয়ন্ত্রণ কৰে ? কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ কাম আমি ইচ্ছা কৰি নিয়ন্ত্রণ কৰিব পাৰো আরু স্বতঃফুৰ্তভাৱে সংঘটিত নহয় অৰ্থাৎ চিন্তা কৰি চালিত কৰিব পৰা যায় । সেই কামসমূহক ঐচ্ছিক কাৰ্য বোলে ।
ঐচ্ছিক কাৰ্যসমূহ দেহৰ চেৰিবেলাম নামৰ অংশই নিয়ন্ত্রণ কৰে । এই ক্ষেত্রত ঐচ্ছিক কাৰ্যৰ যথাৰ্থ নিৰ্ভৰ কৰে শৰীৰৰ ভংগিমা আরু সমতাৰ ওপৰত ।
কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ হ’ল- এডাল বাঁহত খোজ কঢ়াৰ কথা, চাইকেল চলোৱাৰ কথা, পেঞ্চিল ডাল ধৰাৰ কথা আদি ।
৩২। দুটা প্রতিপ ক্রিয়াৰ উদাহৰণ লিখা ।
উত্তৰঃ দুটা প্রতিপ ক্রিয়াৰ উদাহৰণ হ’ল-
(ক) আহাৰ দেখিলে লালটি ওলোৱা,
(খ) স্বতঃফুৰ্তভাৱে হৃদস্পন্দনৰ স্পন্দন হোৱা
৩৩। কেনেকৈ আমাৰ দেহৰ কলাবোৰ সুৰক্ষিত হৈ থাকে ?
অথবাঃ আমাৰ মস্তিস্কটো কেনেদৰে সুৰক্ষিত হয় ?
উত্তৰঃ মানুহৰ শৰীৰৰ মস্তিস্কটো শৰীৰৰ ভিতৰত সুৰক্ষিত এক ব্যৱস্থাত অৱস্থিত । কৰোটিৰ এক টান আৱৰনৰ ভিতৰত এই মস্তিস্কটো সোমাই থাকে । কৰোটিৰ বাকচৰ ভিতৰত মস্তিস্কটো কছুমান লুপথুপিয়া ধূসৰ দ্রৱ্যৰে গঠিত হয় । এই অংশই বাহিৰৰ পৰা অহা চাপ, খুণ্ডা, আঘাত আদিক ৰক্ষা কৰে । ঠিক তেনেদৰে, আমাৰ দেহত থকা ৰাজহাড়ে স্নায়ুৰজ্জুক সুৰক্ষা প্রদান কৰে ।
৩৪। ৰাজহাড় ক’ত থাকে ? ৰাজহাড়ে কাক সুৰক্ষিত কৰি ৰাখে ?
উত্তৰঃ আমাৰ মানুহৰ পিঠিৰ মাজভাগত ৰাজহাড় থাকে । ৰাজহাড়ে স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে ।
৩৫। স্নায়ু কলাবোৰে কেনেকৈ ক্রিয়া কৰে ?
উত্তৰঃ স্নায়ু কলাবোৰে বাৰ্তা সমূহ গ্রহণ কৰি দেহৰ বিভিন্ন অংশত প্রেৰণ কৰে । স্নায়ু কলাসমূহে বাৰ্তা ওপৰত নিৰ্ভৰ কৰি পেশীসমূহক ক্রিয়া কৰিবৰ বাবে সিদ্ধান্তসমূহ প্রেৰণ কৰে । পেশী কলাসমূহক কাৰ্য সমাধা কৰাত স্নায়ু কলাবোৰে মূখ্য ভূমিকা গ্রহণ কৰে । স্নায়ু কলাবোৰে স্নায়ু প্রবাহ পেশীসমূহলৈ প্রেৰণ কৰে আরু পেশীৰ আঁহবোৰৰ গতি কৰায় । লগতে, স্নায়ুকলাবোৰে বিভিন্ন কোষৰ আকৃতি সলনি কৰি গতি কৰায় ।
৩৬। পেশীকোষবোৰে কেনেকৈ আকৃতি সলনি কৰে?
অথবাঃ পেশী কোষবোৰে কেনেকৈ গতি কৰে?
উত্তৰঃ কোষৰ আকৃতি সলনি কৰি পেশীসমূহে গতি কৰে । পেশীকোষসমূহত এবিধ প্র’টিন মজুত থাকে । যেতিয়া পেশীসমূহে কোনো বৈদ্যুতিক প্রবাহ গ্রহণ কৰে তেতিয়া পেশীসমূহৰ আকৃতি সলনি হয়, এনে সময়ত পেশীকোষৰ প্র’টিনসমূহৰ নতুন শৃংখলৰ বাবে সরু হৈ যায় আরু বাৰ্তাৰ প্রতি সহাৰি জনায় ।
৩৭। প্রাণীয়ে কিহৰ সহায়ত দৈহিক কাৰ্যবোৰ নিয়ন্ত্রণ আরু সমন্বয় ৰক্ষা কৰে ?
উত্তৰঃ প্রাণীয়ে স্নায়ুতন্ত্রৰ সহায়ত দৈহিক কাৰ্যবোৰ নিয়ন্ত্রণ আরু সমন্বয় ৰক্ষা কৰে ।
৩৮। আমি যেতিয়া নিলাজী বা লাজুকী বন (Mimusa) ৰ পাত স্পৰ্শ কৰো তেতিয়া পাতবোৰ জঁই পৰি বা জাপ খাই যায় কিয় ?
অথবাঃ নিলাজী বনে কেনেকৈ উদ্দীপনাৰ বা উত্তেজনাৰ প্রতি সহাৰি জনায় ?
অথবাঃ নিলাজী বনৰ পাত এখিলাই কেনেকৈ গতি বা চলন লাভ কৰে ?
উত্তৰঃ আমি স্পৰ্শ কৰাৰ লগে লগে নিলাজী বনে উত্তেজনাৰ প্রতি সহাৰি জনায় । এই চলনৰ সৈতে বিকাশ বা বৃদ্ধিৰ সম্পৰ্ক নাথাকে । এই ক্ষেত্রত স্পৰ্শ কৰা অংশটো আরু গতি লাভ কৰা অংশটো পৃথক হয় । উদ্ভিদৰ এই দুই অংশৰ মাজত সংযোগ স্থাপনৰ বাবে এক বৈদ্যুতিক-ৰাসায়নিক মাধ্যম থাকে । এই সংযোগৰ মাধ্যমেদি এক কোষৰ পৰা আন এক কোষলৈ উদ্ভিদে সংযোগ ৰক্ষা কৰে । এই চলন প্রক্রিয়া, উদ্ভিদে উদ্ভিদ কোষত থকা পানীৰ তাৰতম্যৰ জৰিয়তে সম্পন্ন কৰে । ইয়াৰ ফলত, কোষবিলাক স্ফীত বা শ্লথ হৈ পৰে । সেয়েহে কোষৰ আকাৰৰ সাল-সলনি ঘটে আরু নিলাজী বা লাজুকী বনৰ পাতবোৰ জঁই পৰি যায় বা জাপ খাই যায় ।
৩৯। যেতিয়া বীজ এটাৰ অংকুৰণ হয় তেতিয়া তাৰ শিপা মাটিৰ তললৈ আরু কাণ্ড বায়ুমণ্ডললৈ অৰ্থাৎ ওপৰলৈ কেনেকৈ গতি কৰে ?
উত্তৰঃ
৪০। কেনেকৈ উদ্ভিদে আকৰ্ষৰ সহায়ত বগাই বা বৃদ্ধি বা চলন বা গতি কৰে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ উদ্ভিদে আকৰ্ষৰ জৰিয়তে অন্য উদ্ভিদ বা জেং বা জেওৰাত বা আন মাধ্যমত ভেঁজা দি বগাই যায় । এই আকৰ্ষবোৰে স্পৰ্শৰ প্রতি সহাৰি জনায় বা উত্তেজিত হয় । কোনো এক আধাৰত যেতিয়া এইবোৰে স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকে বৃদ্ধি নহয় । ইয়াৰ পৰিৱৰ্তে, আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় । ফলস্বরূপে, আকৰ্ষ ডাল আধাৰত পাক খাই আরু ওপৰলৈ বগাই যায় ।
উদাহৰণস্বরূপে- মটৰ মাহ আদি গছবোৰে আকৰ্ষৰ সহায়ত আন কোনো উদ্ভিদৰ গাত বা জেওৰা বা জেং বা আন মাধ্যমত ভেঁজা দি বগাই যাব পাৰে ।
৪১। উদ্ভিদৰ বাবে হোৱা কেইবিধমান চলনৰ নাম লিখা ।
অথবাঃ উদ্ভিদৰ চলনৰ বাবে হোৱা চলন সম্পৰ্কে বুজাই লিখা ।
অথবাঃ উদ্ভিদৰ বিভিন্ন চলনবোৰৰ সূত্র লিখি উদাহৰণ দিয়া ।
উত্তৰঃ উদ্ভিদৰ বিভিন্ন চলনবোৰ হ’লঃ
(ক) আকৰ্ষকৰ চলনঃ
উদ্ভিদে আকৰ্ষৰ জৰিয়তে অন্য উদ্ভিদ বা জেং বা জেওৰাত বা আন মাধ্যমত ভেঁজা দি বগাই যায় । কোনো এক আধাৰত যেতিয়া এইবোৰে স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকে বৃদ্ধি নহয় । ইয়াৰ পৰিৱৰ্তে, আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় । উদাহৰণ- মটৰ মাহ গছৰ বৃদ্ধি ।
(খ) পোহৰানুবেগী (Phototropic) চলনঃ
পোহৰানুবেগী চলন দুই প্রকাৰৰ । কাণ্ডৰ অগ্র অংশ পোহৰৰ দিশত ধাবিত হয়, ইয়াক ঊৰ্ধমুখী চলন আরু শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়, ইয়াক অধোমুখী চলন বোলে । উদাহৰণস্বরূপে- সূৰ্যমুখী ফুলৰ দিন আরু ৰাতিৰ প্রতি দিয়া সহাৰি এক পোহৰানুবেগী চলন ।
(গ) ভূকেন্দ্রাবেগী (Geotropism) চলনঃ
কাণ্ডই সদায় ঊৰ্ধমুখী চলন কৰে আরু শিপাই সদায় অধোমুখী চলন কৰে । এই দুই চলনক পৃথিৱৰ মধ্যাকৰ্ষণিক বলৰ প্রতি সহাৰি দিয়ে বুলি গণ্য কৰা হয় । সেয়েহে, এই চলনক ভূকেন্দ্রাবেগী (Geotropism) চলন বোলা হয় । ভূকেন্দ্রাবেগী চলন হ’ল- কোনো উদ্ভিদৰ চলনৰ ওপৰত মহাকৰ্ষ বা মধ্যাকৰ্ষন বলৰ প্রতিক্রিয়াৰ কাৰণে হোৱা এক চলন বা গতি । উদাহৰণস্বরূপে- শিপা বা মূলবোৰে মাটিৰ তললৈ গতি কৰে ।
(ঘ) জলনুবেগী (Hydrotropism) চলনঃ
হাইড্র’ শব্দৰ অৰ্থ হ’ল পানী বা জল আরু ‘ট্রপিজম’ শব্দৰ অৰ্থ হ’ল-কোনো জীৱৰ দ্বাৰা স্বেচ্ছাসেৱী দৃষ্টি ভংগী ৷ জলনুবেগী (Hydrotropism) চলন হ’ল- উদ্ভিদৰ বৃদ্ধিৰ এক প্রতিক্রিয়া য’ত বৃদ্ধিৰ দিশটো এক উদ্দীপনা বা গ্রেডিয়েটৰ জলৰ/পানীৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে । অথাৎ জলনুবেগী (Hydrotropism) চলন হ’ল- উদ্ভিদৰ এক চলন যি জলৰ দিশত বা জলৰ বিপৰীত দিশত গতি কৰে । উদাহৰণস্বরূপে- মূলা, গাজৰ, বিলাহী আদিৰ শিপাত এনেধৰণৰ চলন দেখা যায় ।
(ঙ) ৰাসায়নুবেগী (Chemotropism) চলনঃ
কেম’ শব্দৰ অৰ্থ হ’ল- ৰস বা ৰাসায়নিক আরু ‘ট্রপিজম’ শব্দৰ অৰ্থ হ’ল-কোনো জীৱৰ দ্বাৰা স্বেচ্ছাসেৱী দৃষ্টি ভংগী ৷ ৰাসায়নুবেগী (Chemotropism) চলন হ’ল- উদ্ভিদৰ এক চলন বা বৃদ্ধি বা গতি যিটো বাহিৰৰ পৰা কোনো ৰাসায়নিক উদ্দীপনাৰ দ্বাৰা সংঘটিত হয় ৷ উদাহৰণস্বরূপে- ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি, ফুলক ফললৈ রূপান্তৰ, আদি ।
(চ) সঞ্জীৱনী পদাৰ্থৰ বাবে চলনঃ
উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আরু দীঘল হোৱা প্রক্রিয়াটোত কিছুমান সঞ্জীৱনী পদাৰ্থই সহায় কৰে । ইয়াকে সঞ্জীৱনী পদাৰ্থৰ বাবে চলন বোলা হয় । উদাহৰণস্বরূপে- উদ্ভিদৰ কাণ্ডৰ অগ্র অংশত অক্সিন (Auxin) নামৰ এক সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয় আরু ইয়ে কোষৰ আকাৰ ডাঙৰ আরু দীঘল হোৱাত সহায় কৰে ।
৪২। উদ্ভিদৰ বৃদ্ধি, বিকাশ আরু চলনৰ দিশ নিৰ্ভৰ কৰা দুটা কাৰক লিখা ।
উত্তৰঃ উদ্ভিদৰ বৃদ্ধি, বিকাশ আরু চলনৰ দিশ নিৰ্ভৰ কৰা দুটা কাৰক হ’ল- পোহৰ আরু মধ্যাকৰ্ষনিক বল ।
৪৩। পোহৰানুবেগী চলন কেইপ্রকাৰ আরু কি কি?
উত্তৰঃ পোহৰানুবেগী চলন দুই প্রকাৰৰ । কাণ্ডৰ অগ্র অংশ পোহৰৰ দিশত ধাবিত হয়, ইয়াক ঊৰ্ধমুখী চলন আরু শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়, ইয়াক অধোমুখী চলন বোলে । উদাহৰণস্বরূপে- সূৰ্যমুখী ফুলৰ দিন আরু ৰাতিৰ প্রতি দিয়া সহাৰি এক পোহৰানুবেগী চলন ।
৪৪। ভূকেন্দ্রাবেগী চলন কাক বোলে ?
অথবাঃ উদ্ভিদৰ ঊৰ্ধমুখী চলন আরু অধোমুখী চলনক কোনে সহাৰি দিয়ে ?
উত্তৰঃ কাণ্ডই সদায় ঊৰ্ধমুখী চলন কৰে আরু শিপাই সদায় অধোমুখী চলন কৰে । এই দুই চলনক পৃথিৱৰ মধ্যাকৰ্ষণিক বলৰ প্রতি সহাৰি দিয়ে বুলি গণ্য কৰা হয় । সেয়েহে, এই চলনক ভূকেন্দ্রাবেগী (Geotropism) চলন বোলা হয় । ভূকেন্দ্রাবেগী চলন হ’ল- কোনো উদ্ভিদৰ চলনৰ ওপৰত মহাকৰ্ষ বা মধ্যাকৰ্ষন বলৰ প্রতিক্রিয়াৰ কাৰণে হোৱা এক চলন বা গতি । উদাহৰণস্বরূপে- শিপা বা মূলবোৰে মাটিৰ তললৈ গতি কৰে ।
৪৫। হাইড্র’ আরু কেম’ শব্দৰ অৰ্থ কি?
উত্তৰঃ হাইড্র’ শব্দৰ অৰ্থ হ’ল পানী বা জল আরু কেম’ শব্দৰ অৰ্থ হ’ল- ৰস বা ৰাসায়নিক ।
৪৬। ৰাসায়নুবেগী চলন বা কেম’ট্রপিজম এক উদাহৰণ দিয়া ।
উত্তৰঃ ৰাসায়নুবেগী চলন বা কেম’ট্রপিজম এক উদাহৰণ হ’ল- ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি ।
৪৭। সূৰ্যমুখী ফুলৰ চলন কোনবিধ চলনৰ অন্তৰ্গত?
উত্তৰঃ সূৰ্যমুখী ফুলৰ চলন পোহৰানুবেগী চলনৰ অন্তৰ্গত ।
৪৮। কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ দুটা প্রথাৰ নাম লিখা ।
উত্তৰঃ কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ দুটা প্রথা হ’ল- বিদ্যুৎ প্রেৰণা (Electrical Inpulse) আরু ৰাসায়নিক সংযোগ ।
৪৯। কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ ক্ষেত্রত থকা বিদ্যুৎ প্রেৰণাৰ তিনিটা সীমাবদ্ধতা লিখা ।
উত্তৰঃ কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ ক্ষেত্রত থকা বিদ্যুৎ প্রেৰণাৰ তিনিটা সীমাবদ্ধতা হ’ল-
(ক) বিদ্যুৎ প্রেৰণা কেৱল স্নায়ু কলাৰ সৈতে সংপৃক্ত হৈ থকা কোষবোৰলৈহে গতি কৰিব পাৰে, প্রাণীৰ সকলোবোৰ কোষলৈ সম্ভৱ নহয় ।
(খ) কোষে অবিৰতভাৱে বিদ্যুৎ সঞ্চাৰণ কৰিব নোৱাৰে ।
(গ) কোষে এক বিদ্যুৎ প্রেৰণা প্রেৰণ কৰাৰ কিছু সময়ৰ পাছতহে অৰ্থাৎ কিছু সময় জিৰণিৰ পাছতহে এক নতুন বিদ্যুত প্রেৰণা প্রেৰণ কৰিব পাৰে ।
৫০। ৰাসায়নিক সংযোগ কি? প্রাণীয়ে কেনেকৈ ৰাসায়নিক সংযোগ সাধন কৰে? ইয়াৰ সুবিধা আরু সীমাবদ্ধতাসমূহ লিখা ।
উত্তৰঃ বৈদ্যুৎ প্রেৰণাৰ সৃষ্টিৰ নিচিনাকৈ বহুকোষী জীৱবোৰে কোষৰ মাজত যোগাযোগ স্থাপনৰ বাবে কিছুমান যৌগ বা সঞ্জীৱনী পদাৰ্থ বা হৰমনৰ মাধ্যমেৰে সংযোগ সাধন কৰা এক প্রক্রিয়াই হ’ল- ৰাসায়নিক সংযোগ ।
বহুকোষী জীৱৰ দেহৰ উদ্দীপক কোষটোৱে ৰাসায়নিক যৌগ এৰি দিয়ে আরু ইয়াৰ চাৰিওফালে ব্যাপন ঘটে । যদি এৰি দিয়া ৰাসায়নিক বাৰ্তাটো কাষত থকা কোষবোৰে বিশেষ অণুৰ জৰিয়তে সংকেতটো চিনাক্ত কৰিব পাৰে, তেতিয়া তথ্যবোৰ চিনি লৈ সঞ্চাৰিত কৰিবলৈ সক্ষম হয় । বহুকোষী জীৱই এই ৰাসায়নিক সংযোগ সাধনৰ বাবে কিছুমান যৌগ বা সঞ্জীৱনী পদাৰ্থ বা হৰমন ব্যৱহাৰ কৰে ।
ইয়াৰ সুবিধাসমূহ হ’ল-
(ক) এই ৰাসায়নিক সংযোগ শৰীৰৰ স্নায়ু কোষ নিৰ্বশেষে সকলোবোৰ কোষলৈ সঞ্চাৰিত হয় ।
(খ) এই ৰাসায়নিক সংযোগ স্থায়ী ।
(গ) এই ৰাসায়নিক সংযোগ সদায় নিয়মীয়াকৈ চলি থাকে ।
ৰাসায়নিক সংযোগ সাধনৰ অসুবিধা হ’ল এই যে এই প্রক্রিয়া অতি মন্থৰ গতিত সম্পন্ন হয় ।
৫১। উদ্ভিদে কেনেকৈ ৰাসায়নিক সংযোগ সাধন কৰে?
উত্তৰঃ উদ্ভিদৰ কিছুমান সঞ্জীৱনী পদাৰ্থ থাকে । এইবোৰৰ সহায়ত উদ্ভিদে বৃদ্ধি, বিকাশ আরু পৰিৱেশ সৈতে ৰাসায়নিক সংযোগ সাধন কৰে । এই সঞ্জীৱনী পদাৰ্থবোৰ সংশ্লেষিত স্থানৰ পৰা কাৰ্য সমাধা স্থান আতৰত থাকিলেও ব্যাপন প্রক্রিয়াৰ মাধ্যমেৰে সেই ঠাই পায়গৈ ।
৫২। উদ্ভিদৰ কাণ্ড কেনেদৰে বৃদ্ধি হয়?
অথবাঃ উদ্ভিদৰ কোষৰ আকাৰ কেনেকৈ ডাঙৰ আরু দীঘল হয় ?
উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ অগ্র অংশত অক্সিন নামৰ এক সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয় । এই সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদ কোষৰ আকাৰ ডাঙৰ আরু দীঘল হোৱাত সহায় কৰে । ইয়াৰ ফলতে, উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি ঘটি থকা অগ্র অংশ পোহৰৰ দিশে গতি কৰে ।
যেতিয়া উদ্ভিদৰ মাত্র একফালৰ পৰাহে পোহৰ উপলব্ধ হয় । তেনে পৰ্যায়ত, অক্সিনৰ পোহৰ নপৰা কাণ্ডৰ অংশলৈ ব্যাপন ঘটে । সাধাৰণতে, পোহৰ নপৰা কাণ্ডৰ অংশত অক্সিনৰ গাঢ়তাই কোষবোৰ দীঘল হোৱাৰ ক্ষেত্রত উদ্দীপনা প্রেৰণ কৰে । ইয়াৰ বাবে, উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে গতি কৰিবৰ বাবে ভাঁজ লয় ।
৫৩। উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদাৰ্থৰ নাম হ’ল- (ক) অক্সিন আরু (খ) জিবাৰেলিন ।
৫৪। কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি?
অথবাঃ এবিধ প্রাকৃতিক সঞ্জীৱনী পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ কোষ বিভাজনত সহায় কৰা প্রাকৃতিক সঞ্জীৱনী পদাৰ্থবিধৰ নাম- চাইট’কাইনিন ।
৫৫। চাইট’কাইনিনে কেনেদৰে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?
অথবাঃ কোনবিধ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ কোষ, যেনে- ফল, বীজ আদি বিভাজনত সহায় কৰে?
অথবাঃ চাইট’কাইনিনে উদ্ভিদৰ কি কাৰ্যত সহায় কৰে? ই ক’ত বেছিকৈ উপলব্ধ হয় ?
উত্তৰঃ চাইট’কাইনিন এক প্রাকৃতিক সঞ্জীৱনী পদাৰ্থ । সেয়েহে, ইয়াৰ গাঢ়তাৰ খৰতকীয়াকৈ কোষ বিভাজন হোৱা স্থান বিশেষকৈ ফল, বীজ আদিত অধিক পৰিমাণে উপলব্ধ হয় । চাইট’কাইনিনে কোষ বিভাজনত সহায় কৰে ।
৫৬। কোনবিধ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে অথবা উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী প্রদান কৰে ?
অথবাঃ গছৰ পাত কিয় সৰে ?
অথবাঃ কোনবিধ সঞ্জীৱনী পদাৰ্থৰ বাবে গছৰ পাত সৰে?
উত্তৰঃ এবচাইচিচ্ এচিড নামৰ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ বৃদ্ধিত বাধা প্রদান কৰে অথবা উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী প্রদান কৰে । ইয়াৰ প্রভাবৰ ফলতেই গছৰ পাত সৰে ।
৫৭।অধিবৃক্ক গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম কি?
উত্তৰঃ অধিবৃক্ক গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম- এড্রিনেলিন ।
৫৮। এড্রিনেলিন হৰম’নবিধে আমাৰ শৰীৰত কেনেদৰে ক্রিয়া কৰে বা সহায় কৰে?
উত্তৰঃ এড্রিনেলিন হৰম’নবিধে আমাৰ শৰীৰত কৰা ক্রিয়া আরু সহায়সমূহ হ’ল-
(ক)অধিবৃক্ক গ্রন্থিয়ে এড্রিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰন কৰে আরু দেহৰ আন আন অংশলৈ কঢ়িয়াই লৈ যায় ।
(খ) এড্রিনেলিন নামৰ হৰম’বিধে হৃদযন্ত্রৰ দৰে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষকলাত ক্রিয়া কৰে ।
(গ) এড্রিনেলিন নামৰ হৰম’নবিধে হৃদ্যন্ত্রৰ ধপ্ ধপনি বঢ়ায় আরু ইয়াৰ ফলতে পেশীসমূহত অক্সিজেনৰ যোগানৰ পৰিমাণ বৃদ্ধি হয় ।
(ঘ) এই হৰম’নবিধৰ ক্রিয়াৰ বাবে, ধমনীবোৰক আগুৰি থকা পেশীসমূহৰ সংকোচন হয় আরু পাচনতন্ত্রৰ লগতে ছালত তেজৰ প্রবাহ কমি যায় । ইয়াৰ বাবে, কংকাল পেশীলৈ তেজ প্রবাহিত হয় ।
(ঙ) ইয়াৰ প্রভাবত, মধ্যচ্ছদা আরু কামিহাড়ৰ পেশী সংকোচনৰ ফলস্বরূপে শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি হয় ।
এনেদৰে এড্রিনেলিন হৰমনৰ সহায়ত এই সকলোবোৰ সহাৰি একেলগে সংঘটিত হয় আরু কোনো এক কাৰ্য সম্পাদন হয় ।
৫৯। হৰম’নবিলাক আমাৰ দেহৰ নিয়ন্ত্রণ আরু সমন্বয় ৰক্ষা কৰাৰ অন্য এক ________ ।
উত্তৰঃ হৰম’নবিলাক আমাৰ দেহৰ নিয়ন্ত্রণ আরু সমন্বয় ৰক্ষা কৰাৰ অন্য এক দ্বিতীয় প্রকাৰৰ তন্ত্র আরু অন্তঃস্রাৱী তন্ত্রৰ অংশ ।
৬০। আমাৰ দেহত আয়ডিনৰ কিয় প্রয়োজন ?
অথবাঃ আমাৰ দেহত আয়ডিনৰ পৰিমাণ কমিলে কি হয় বা কি ৰোগ হব পাৰে ?
অথবাঃ আমাৰ দেহত থাইৰক্সিন হৰম’নৰ কাম কি? দুটা কাম উল্লেখ কৰা ।
উত্তৰঃ থাইৰয়েড গ্রন্থিয়ে থাইৰক্সিন হৰম’ন প্রস্তুত কৰাৰ নিমিত্তে আয়ডিন প্রয়োজন হয় । (ক) থাইৰক্সিন হৰমনে শৰীৰৰ কাৰ্বহাইড্রেট, প্র’টিন আরু চৰ্বীয়ে বিপাকীয় ক্রিয়াসমূহ নিয়ন্ত্রণ কৰে । (খ) লগতে, এই হৰমনে দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰে ।
থাইৰক্সিন হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন এক অতি লাগতিয়াল পদাৰ্থ । খাদ্যত যদি আয়ডিনৰ পৰিমাণ হ্রাস হয় তেনেহ’লে গৰল ৰোগ হব পাৰে ।
৬১। কিয় এজন মানুহ বাউনা হয় বা দুৰ্জয়ওখ হয়?
অথবাঃ কোনবিধ হৰমনে মানুহৰ বৰ্ধন আরু বিকাশত সহায় কৰে ?
অথবাঃ দেহবৰ্ধনকাৰী হৰম’ন কিহে নিঃসৰণ কৰে? ইয়াৰ কাম কি?
অথবাঃ পিটুইটাৰী গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম কি?
উত্তৰঃ পিটুইটাৰী গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধ হ’ল- দেহবৰ্ধনকাৰী হৰম’ন । এই হৰম’নবিধে মানুহৰ দেহৰ বৰ্ধন আরু বিকাশত সহায় কৰে । বাল্যকালত দেহবৰ্ধনকাৰী হৰম’ন নিঃসৰন কমিলে বাউনা হয় আরু বৃদ্ধি পালে দুৰ্জয়ওখ হয় ।
৬২। ১০-১২ বছৰ বয়সত শিশুক আকস্মিক পৰিৱৰ্তনবোৰ হোৱাৰ কাৰণ কি?
অথবাঃ কিশোৰ কালত নিঃসৰণ হোৱা হৰম’ন কেইবিধৰ নাম কি?
অথবাঃ কোনকেইবিধ হৰম’নে কৈশোৰ কালত পৰিৱৰ্তনবোৰ সাধন কৰে?
উত্তৰঃ ১০-১২ বছৰ মান বয়সত কৈশোৰ কালত ল’ৰাৰ টেষ্ট’টেৰন আরু ছোৱালীৰ এষ্ট্র’জেন নিঃসৰন হয় । ইয়াৰ প্রভাবতে, এই বয়সত আকস্মিক কিছুমান পৰিৱৰ্তন হয় ।
৬৩। ডায়েবেটিছ ৰোগৰ কাৰণ কি? ইয়াৰ প্রতিকাৰ কি বা আক্রান্ত ব্যক্তিক ডাক্তৰে কেনেদৰে চিকিৎসা কৰে ?
অথবাঃ কোন গ্রন্থিয়ে ইনচুলিন হৰম’ন নিঃসৰণ কৰে ? ইয়াৰ নিঃসৰণ নহলে বা ইয়াৰ অভাৱত কি কি অসুবিধা হয় ?
উত্তৰঃ অগ্ন্যাশয় গ্রন্থিয়ে ইনচুলিন নামৰ এক হৰম’ন নিঃসৰণ কৰে । ইনচুলিন হৰম’ন বিধৰ সঠিক পৰিমাণত নিঃসৰণ নহলে তেজত গ্লুক’জৰ পৰিমাণ অধিক পৰিমাণে বৃদ্ধি হয় । ইয়াৰ বাবেই, দেহৰ যথেষ্ট ক্ষতি হয় আরু ডায়েবেটিছ ৰোগৰ সৃষ্টি হয় ।
ডায়েবেটিছ ৰোগীক ডাক্তৰে ইনচুলিন বেজী দি ইনচুলিন মাত্রা সমতা কৰে আরু ৰোগবিধ প্রতিকাৰৰ বাবে ব্যৱস্থা কৰে ।
৬৪। কোনবোৰ গ্রন্থিয়ে যথোপযুক্ত হৰম’ন নিঃসৰণ কৰে?
উত্তৰঃ অন্তঃস্রাৱী গ্রন্থিয়ে যথোপযুক্ত হৰম’ন নিঃসৰণ কৰে ।
৬৫। ফিড্-বেক পদ্ধতি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি পদ্ধতিৰ জৰিয়তে দেহৰ হৰম’ন নিঃসৰণৰ সময় আরু পৰিমাণ নিৰ্ধাৰণ কৰা হয় । তাকে ফিড্-বেক পদ্ধতি (Feedback mechanism) বোলে ।
উদাহৰণস্বরূপে- তেজত গ্লুক’জৰ মাত্রা বৃদ্ধি হ’লে অগ্ন্যাশয় কোষবোৰে অধিক পৰিমাণে ইঞ্চুলিন নিঃসৰণ কৰে । আকৌ, যদি তেজত গ্লুক’জৰ মাত্রা হ্রাস পায় তেনেহ’লে ইনচুলিনৰ নিঃসৰণ হ্রাস পায় ।
৬৬। প্রাণীৰ দেহত বিভিন্ন হৰমনবোৰে কেনেদৰে সহায় কৰে ?
অথবাঃ প্রাণীৰ দেহত থকা বিভিন্ন হৰমনবোৰৰ নাম লিখা ।
উত্তৰঃ প্রাণীৰ দেহত থকা বিভিন্ন হৰম’নবোৰ হ’ল-
(ক)এড্রিনেলিন হৰম’নঃ
অধিবৃক্ক গ্রন্থিয়ে নিঃসৰণ এড্রিনেলিন হৰম’নে হৃদযন্ত্রৰ দৰে নিৰ্দিষ্ট কাৰ্যকৰীলখ্য অংগ বা নিৰ্দিষ্ট কোষকলাত ক্রিয়া কৰে আরু ইয়াৰ ফলত হৃদযন্ত্রৰ ধপ্ ধপনি বৃদ্ধি হয় আরু পেশীসমূহত অক্সিজেনৰ যোগান বাঢ়ে ।
(খ) থাইৰক্সিন হৰম’নঃ
থাইৰক্সিন হৰম’নে শৰীৰৰ কাৰ্বহাইড্রেট, প্র’টিন আরু চৰ্বীৰ বিপাকীয় ক্রিয়াসমূহ নিয়ন্ত্রণ কৰে যাৰ ফলত দেহৰ বৃদ্ধিৰ সমতা ৰক্ষা হয় ।
(গ) দেহবৰ্ধনকাৰী হৰম’নঃ
পিটুইটাৰী গ্রন্থিয়ে নিঃসৰণ কৰা দেহবৰ্ধনকাৰী হৰম’নে দেহৰ বৰ্ধন আৰি বিকাশত সহায় কৰে ।
(ঘ)টেষ্ট’টেৰন আরু এষ্ট্র’জেন হৰম’নঃ
কৈশোৰ কালত অথবা ১০-১২ বছৰ মান বয়সত ল’ৰাৰ টেষ্ট’টেৰন আরু ছোৱালীবোৰৰ এষ্ট্র’জেন নামৰ হৰম’ন নিঃসৰণ ঘটে আরু সেই সময়ছোৱাত দেহৰ কিছুমান আকস্মিক পৰিৱৰ্তন সাধন কৰে ।
(ঙ)ইনচুলিন হৰম’নঃ
অগ্ন্যাশয় গ্রন্থিয়ে নিঃসৰণ কৰা ইনচুলিন হৰম’নে তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্রণ কৰি ৰাখে ।
js
Friday, October 24, 2025
SEBA Class X Science অধ্যায়-৭, নিয়ন্ত্রণ আরু সমন্বয়, (Control and coordination)
Subscribe to:
Post Comments (Atom)
English Grammar Advance Uses of Tense(বহল অৰ্থত Tense ৰ ব্যৱহাৰ)
Advance Uses of Tense(বহল অৰ্থত Tense ৰ ব্যৱহাৰ) Present Tense( বৰ্তমান কাল ):- ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
-
ভাৰতৰ ৰাজনৈতিক দল অনুশীলনীৰ প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰঃ চীন। প...
No comments:
Post a Comment