1. যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ’ল一
(a) সমসংস্থ
(b) সমবৃত্তি
(c) নিকটৱৰ্ত্তী
(d) অবশেষাংগ
Ans : (b) সমবৃত্তি
2. মানুহৰ বিকাশ হৈছিল一
(a) এচিয়াত
(b) আফ্ৰিকাত
(c) অষ্ট্ৰেলিয়াত
(d) ইউৰোপত
Ans : (b) আফ্ৰিকাত
3. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্রক্রিয়াক বোলা হয়一
(a) প্ৰজাতিকৰণ
(b) ক্রমবিকাশ
(c) বংশানুক্রম
(d) বিভিন্নতা
Ans : (a) প্ৰজাতিকৰণ
4. যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম?
(a) ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ
(b) কেৱল ওখ
(c) চাপৰ
(d) ওপৰৰ এটাও নহয়
Ans : (b) কেৱল ওখ
5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—
(a) 9:1:1:3
(b) 9:3:3:1
(c) 1:3:9:3
(d) 9:3:1:3
Ans : (b) 9:3:3:1
6. তলৰ কোনযোৰ যৌন ক্ৰম’জ’মে এটি ছোৱালী শিশুক সূচায়—
(a) XY
(b) XX
(c) YY
(d) এটাও শুদ্ধ নহয়
Ans : (b) XX
7. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ—
(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং
(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং
(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত
(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা
Ans : (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা
8. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব—
(a) F2 জনুত
(b) F1 জনুত
(c) F3 জনুত
(d) এটাও শুদ্ধ নহয়
Ans : (a) F2 জনুত
9. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় –
(a) 1:9
(b) 3:1
(c) 9:3:3:1
(d) 9:1:3:3
Ans : (b) 3:1
10. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম —
(a) TT
(b) Tt
(c) tt
(d) tT
Ans : (c) tt
11. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়―
(a) ডাৰউইন
(b) জোহানসেন
(c) বেটিছন
(d) মেণ্ডেল
Ans : (d) মেণ্ডেল
12. বংশগতিৰ ভৌতিক আধাৰ হ’ল―
(a) কোষকেন্দ্র
(b) কোষপ্রৰস
(c) ক্রম’জ’ম
(d) এটাও শুদ্ধ নহয়
Ans : (c) ক্রম’জ’ম
13. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আগুৰংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
Ans : (c) TtWW
14. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল―
(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং
(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
15. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে―
(a) এজন চীনা স্কুলীয়া ল’ৰা
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
Ans : (a) এজন চীনা স্কুলীয়া ল’ৰা
16. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল―
(a) সমসংস্থ
(b) সমবৃত্তিক
(c) নিকটৱৰ্তী
(d) অৱশেষাংগ
Ans : (a) সমসংস্থ
No comments:
Post a Comment