Invitation

js

Sunday, November 23, 2025

প্রাকৃতিক সম্পদ ব্যৱস্থাপনা MCQ

 

1. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল—

(a) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়

(b) বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়

(c) (i) আৰু (ii) এটাও নহয়

(d)(i) আৰু (ii) দুয়োটা

Ans : (d)(i) আৰু (ii) দুয়োটা


2. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত__টা অধ্যায় আছে।

(a) পাচটা

(b) আঠটা

(c) দুটা

(d) চাৰিটা

Ans : (b) আঠটা


3. বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত__টা অধ্যায় আছে।

(a) সাতটা

(c) ন টা

(c) দুটা

(d) চাৰিটা

Ans : (a) সাতটা


4. প্রতি বছৰৰ ___তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়ー

(a) 1 জুন

(b) 5 জুন

(c) 7 জুন

(d) 8 জুন

Ans : (b) 5 জুন


5. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় ?

(a) উদ্যোগপতিসকল

(b) কৃষকসকল

(c) চৰকাৰৰ বন বিভাগ

(d) বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল

Ans : (b) কৃষকসকল


6. অমৃতদেবী বিস্ফোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল ?

(a) পাইন গছ

(b) শাল

(c) খেজুৰ

(d) খেজৰি

Ans : (d) খেজৰি


7. ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?

(a) কয়লা আৰু পেট্ৰ’লিয়াম

(b) পানী

(c) বন আৰু বন্যপ্রাণী

(d) মাটি

Ans : (c) বন আৰু বন্যপ্রাণী


8. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত?

(a) গছ

(b) পানী

(c) নদী

(d) বন্যপ্রাণী

Ans : (a) গছ


9. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?

(a) কুলহ্

(b) খাদিন

(c) এৰি

(d) কাট্টা

Ans : (b) খাদিন


10. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতিー

(a) উত্তৰ প্ৰদেশ

(b) ৰাজস্থান

(c) বিহাৰ

(d) মহাৰাষ্ট্ৰ

Ans : (c) বিহাৰ


11. হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো কি?

(a) নদী

(b) কুলহ্

(c) এৰি

(d) তাল

Ans : (b) কুলহ্


12. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্রলিয়াম দহন কৰিলে উৎপন্ন হয়ー

(a) কার্বন ডাই অক্সাইড

(b) নাইট্ৰ’জেন

(c) ছালফাৰৰ অক্সাইড

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


13. কয়লা আৰু পেট্ৰ’লিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয়?

(a) কার্বন ডাই অক্সাইড

(b) নাইট্ৰ’জেন

(c) ছালফাৰৰ অক্সাইড

(d) কার্বন ম’ন’ক্সাইড

Ans : (a) কার্বন ডাই অক্সাইড


14. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয় ?

(a) কার্বন ম’ন’ক্সাইড

(b) ছালফাৰ ডাই অক্সাইড

(c) কার্বন ডাই অক্সাইড

(d) নাইট্ৰ’জেন ডাই অক্সাইড

Ans : (c) কার্বন ডাই অক্সাইড


15. কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’লー

(a) বায়ু প্রদূষণ

(b) গোলকীয় উত্তাপন

(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


16. তলৰ কোনটো প্রাকৃতিক সম্পদ ক্ষয়িষ্ণু ?

(a) বনাঞ্চল

(b) বন্যপ্রাণী

(c) জীৱাশ্ম ইন্ধন

(d) পানী

Ans : (c) জীৱাশ্ম ইন্ধন

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...