js

Sunday, November 23, 2025

আমাৰ পৰিবেশ MCQ

 


1. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয় ?

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা

(b) পুৰণি ফটা কাপোৰ

(c) প্লাষ্টিকৰ মোনা

(d) পুৰণি বাতৰি কাকত

Ans : (c) প্লাষ্টিকৰ মোনা


2. তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য ?

(a) পলিথিনৰ মোনা

(b) আমৰ বাকলি

(c)ফালি যোৱা চামৰাৰ মোনা

(d) প্লাষ্টিকৰ বটল

Ans : (b) আমৰ বাকলি


3. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে বাধা দিয়ে一

(a) অৱলোহিত ৰশ্মি

(b) দৃশ্যমান পোহৰ

(c) অতিবেঙুনীয়া ৰশ্মি

(d) (a) আৰু (c) দুয়োটাহ

Ans : (c) অতিবেঙুনীয়া ৰশ্মি


4. তলৰ কোনটোৰে এডাল খাদ্যশৃংখল গঠন কৰে ?

(a) বাঁহ, গেছ, আৰু আম

(b) বাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

Ans : (b) বাঁহ, ছাগলী আৰু মানুহ


5. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্ৰান্তিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

Ans : (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস


6. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?

(a) বাঁহ, ঘেঁহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু বাঘ

(c) ছাগলী, গৰু আৰু হাতী

(d) বাঁহ, মাছ আৰু ছাগলী

Ans : (b) ঘাঁহ, ছাগলী আৰু বাঘ


7. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?

(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস

(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস

(c) তোমাক মায়ে ফুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস

(d) ওপৰৰ আটাইকেইটা অভ্যাস ।

Ans : (d) ওপৰৰ আটাইকেইটা অভ্যাস ।


৪. পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত কোৱা হয়—

(a) বায়’ল ‘জী

(b) জুল’জী

(c) চেৰোল ‘জী

(d) ইক’ল’জী

Ans : (d) ইক’ল’জী


9. পৰিস্থিতিতন্ত্ৰত উৎপাদক বোলা হয়—

(a) তৃণভোজী জন্তুক

(b) মাংসহাৰী জন্তুক

(c) সেউজীয়া উদ্ভিদক

(d) বিয়োজকক

Ans : (c) সেউজীয়া উদ্ভিদক


10. খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ—

(a) দ্বিতীয়ক উপভোক্তা

(b) তৃতীয়ক উপভোক্তা

(c) বিয়োজক

(d) উৎপাদক

Ans : (a) দ্বিতীয়ক উপভোক্তা


11. খাদ্য শৃংখলত শক্তিৰ ভঁৰাল হ’ল—

(a) সূর্য

(b) সেউজীয়া উদ্ভিদ

(c) দৃশ্যমান পোহৰ

(d) অতিবেঙুনীয়া ৰশ্মি

Ans : (a) সূর্য


12. কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে?

(a) উৎপাদকে

(b) বিয়োজকে

(c) অনুজীৱই

(d) শেলাইয়ে

Ans : (b) বিয়োজকে


13. তলৰ কোনটো বিয়োজক হয়—

(a) মানুহ

(b) উদ্ভিদ

(c) মাছ

(d) ভেকুৰ

Ans : (d) ভেকুৰ


14. তলৰ কোনটো পৰিঘটনাৰ বাবে আমাৰ খাদ্য় বস্তুত কম পৰিমাণে হলেও কীটনাশক পদাৰ্থৰ অৱশিষ্ট ৰৈ যায়—

(a) খাদ্য় জাল

(b) পৰিস্থিতি তন্ত্ৰ

(c) জৈবিক বিবৰ্ধক

(d) বিয়োজক

Ans : (c) জৈবিক বিবৰ্ধক


15. তলৰ কোনবিধ পদাৰ্থ জীৱ অনিম্নীকৰণ—

(a) কাঠ

(b) কাগজ

(c) কপাহী কাপোৰ

(d) প্লাষ্টিক

Ans : (d) প্লাষ্টিক


16. তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশতন্ত্র ?

(a) বাগিছা

(b) পুখুৰী

(c) হ্রদ

(d) অৰণ্য

Ans : (a) বাগিছা


17. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি –

(a) বেক্টেৰিয়া

(b) ভেঁকুৰ

(c) নীল-সেউজ শেলাই

(d) তৃণভোজী প্রাণী

Ans : (c) নীল-সেউজ শেলাই


18. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে

(a) নীল-সেউজ শেলাই

(b) বেক্টেৰিয়া

(c) সেউজীয়া উদ্ভিদ

(d) পৰজীৱী প্ৰাণী

Ans : (b) বেক্টেৰিয়া


19. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত —

(a) প্রথম

(b) দ্বিতীয়

(c) তৃতীয়

(d) চতুর্থ

Ans : (a) প্রথম


20. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত —

(a) প্রথম

(b) দ্বিতীয়

(c) তৃতীয়

(d) চতুর্থ

Ans : (b) দ্বিতীয়


21. সৰু মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত—

(a) প্রথম

(b) দ্বিতীয়

(c) তৃতীয়

(d) চতুর্থ

Ans : (c) তৃতীয়


22. চতুৰ্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয়-

(a) স্বপোষী জীৱ

(b) সৰু মাংসভোজী প্রাণী

(c) ডাঙৰ মাংসভোজী প্রাণী

(d) তৃণভোজী প্রাণী

Ans : (c) ডাঙৰ মাংসভোজী প্রাণী


23. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।

(a) 10%

(b) 1%

(c) 90%

(d) 100%

Ans : (a) 10%


24. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈব পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল

(a) 1%

(b) 20%

(c) 40 %

(d) 10%

Ans : (d) 10%


25. তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰ এটাত আটাইতকৈ বেছি হয়

(a) উৎপাদক

(b) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী

(c) দ্বিতীয়ক উপভোক্তা বা সৰু মাংসভোজী প্রাণী

(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী

Ans : (a) উৎপাদক


26. অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদার্থ দায়ী

(a) অক্সিজেন

(b) অতি বেঙুনীয়া ৰশ্মি

(c) ক্ল’ৰ ফ্ল’ৰ কাৰ্বন

(d) হিলিয়াম

Ans : (c) ক্ল’ৰ ফ্ল’ৰ কাৰ্বন


27. তলৰ কোনবোৰ গোষ্ঠীত জীৱ অনিম্নীকৰণযোগ্য বস্তু আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফলৰ বাকলি, কেক আৰু নেমু ৰস

(d) কেক, কাঠ আৰু ঘাঁহ

Ans : (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক


28. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে?

(a) খাঁহ, মাছ আৰু ছাগলী

(b) ছাগলী, গৰু আৰু হাতী

(c) ঘাঁহ, ছাগলী আৰু মানুহ

(d) ঘাঁহ, ঘেঁহু আৰু আম

Ans : (c) ঘাঁহ, ছাগলী আৰু মানুহ


29. তলৰ দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্ৰব্য ?

(a) পলিথিনৰ মোনা

(b) আমৰ বাকলি

(c) এলুমিনিয়ামৰ পাত

(d) কাচঁ

Ans : (b) আমৰ বাকলি


30. তলৰ কোনটো জীৱ অনিম্নিকৰণ পেলনীয়া দ্ৰব্য ?

(a) ব্যৱহাৰ হোৱা চাহপাত

(b) ফাটি যোৱা চামৰাৰ বেগ

(c) খালী হোৱা ঔষধৰ বটল

(d) খালী ডাঠ কাগজৰ কাৰ্টন

Ans : (c) খালী হোৱা ঔষধৰ বটল


31. জীৰ অনিম্নিককৰণ পদাৰ্থসমূহ সৰল অৱস্থালৈ ভাঙি নাযায়, কাৰণ—

(a) ইহঁত অতিকৈ কঠিন

(b) ইহঁতৰ ওপৰত তাপ আৰু চাপৰ দৰে ভৌতিক প্ৰক্ৰিয়াবোৰে ক্ৰিয়া নকৰে

(c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়

(d) ওপৰৰ এটাও নহয়

Ans : (c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়


32. জীৱ নিম্নিকৰণ পদাৰ্থসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায় ?

(a) ভৌতিক

(b) ৰাসায়নিক

(c) জৈৱিক

(d) তাপীয়

Ans : (c) জৈৱিক


33. এটা অঞ্চলৰ সকলো আন্তঃক্রিয়াশীল জীৱই অজৈৱিক উপাদনসমূহৰ লগত একেলগে এটা_______গঠন কৰে l

(a) পৰিৱেশ

(b) জৈৱিক সম্প্রদায়

(c) জীৱমণ্ডল

(d) পৰিস্থিতি তন্ত্ৰ

Ans : (d) পৰিস্থিতি তন্ত্ৰ


34. তলৰ কোনবিধ এবিধ বিয়োজক ?

(i) বেক্টেৰিয়া

(ii) শেলাই

(iii) আদ্যপ্রাণী

(iv) ভেঁকুৰ

শুদ্ধ বিকল্পটো হ’ল-

(a) (i), (ii)

(b) (i)

(c) (i), (iv)

(d) (i), (iii)

Ans : (c) (i), (iv)


35. খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰত থাকে—

(a) প্রাথমিক উপভোক্তা

(b) তৃণভোজী প্রাণী

(c) উপভোক্তা

(d) উৎপাদক

Ans : (d) উৎপাদক


36. খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ—

(a) দ্বিতীয়ক উপভোক্তা

(b) উৎপাদক

(c) প্রাথমিক উপভোক্তা

(d) তৃতীয়ক উপভোক্তা

Ans : (c) প্রাথমিক উপভোক্তা

No comments:

Post a Comment

Class 10 Maths Exercise 1.4 Assamese Medium

Class 10 Maths Exercise 1.4 Assamese Medium ১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি)...