Invitation

js

Sunday, November 23, 2025

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ

 


1. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল—

(a) 25 মিটাৰ

(b) 25 ছে. মি.

(c) 2.5 ছে. মি

(d) 2.5 মিটাৰ

Ans : (b) 25 ছে. মি.


2. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘৰ পৰিবৰ্তন হয়?

(a) চকুৰ মণি

(b) চিলিয়াৰী পেশী

(c) চকুৰ পতা

(d) ৰেটিন

Ans : (b) চিলিয়াৰী পেশী


3. ৰামধেনু —

(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়

(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে

(d) ওপৰৰ এটাও নহয়

Ans : (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়


4. অক্ষিগোলকৰ ব্যাস হ’ল প্ৰায়—

(a) 2.1 cm

(b) 2.2 cm

(c) 2.3 cm

(d) 2.4 cm

Ans : (c) 2.3 cm


5. নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে?

(a) 10-12 ঘন্টা

(b) 6-7 ঘন্টা

(c) 2-3 ঘন্টা

(d) 4-5 ঘন্টা

Ans : (d) 4-5 ঘন্টা


6. তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে?

(a) মধুমেহ

(b) উচ্চৰক্তচাপ

(c) এজমা

(d) কেটেৰেক্ট

Ans : (d) কেটেৰেক্ট


7. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?

(a) পোহৰৰ প্ৰতিফলন

(b) পোহৰৰ প্ৰতিসৰণ

(c) পোহৰৰ বিক্ষেপন

(d) ওপৰৰ এটাও নহয়

Ans : (c) পোহৰৰ বিক্ষেপন


8. তলৰ কোনটো পোহৰ দীঘল তৰংগ দৈৰ্ঘ্য়যুক্ত ৰঙৰ—

(a) নীলা

(b) হালধীয়া

(c) সেউজীয়া

(d) ৰঙা

Ans : (d) ৰঙা


9. মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে?

(a) উত্তল লেন্স

(b) সমতল লেন্স

(c) অৱতল লেন্স

(d) ওপৰৰ এটাও নহয

Ans : (c) অৱতল লেন্স


10. চকুৰ প্ৰতিবিম্ব কত গঠন হয় ?

(a) ৰেটিনা

(b) কর্ণিয়া

(c) নেত্রোদ

(d) ইৰিচ

Ans : (a) ৰেটিনা


11. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত—

(a) প্রতিফলন

(b) বিক্ষেপণ

(c) বিচ্ছুরণ

(d) প্ৰতিসৰণ

Ans : (d) প্ৰতিসৰণ


12. অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং—

(a) বগা

(b) নীলা

(c) ৰঙা

(d) বেঙুনীয়

Ans : (b) নীলা


13. কোন অংশৰে চকুত পোহৰ সোমায়—

(a) ৰেটিনা

(b) কর্ণিয়া

(c) নো

(d) ইৰিচ

Ans : (b) কর্ণিয়া


14. ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং—

(a) নীলা

(b) ৰঙা

(c) বগা

(d) ইয়াৰ এটাও নহয়

Ans : (c) বগা


15. সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) প্রতিফলন

(b) বিচ্ছুৰণ

(c) প্ৰতিসৰণ

(d) বিক্ষেপণ

Ans : (d) বিক্ষেপণ


16. চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং—

(a) নীলা

(b) বেঙুনীয়া

(c) ক’লা

(d) ৰঙা

Ans : (c) ক’লা


17. হাইপাৰমেট্ৰ’পিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন স্থান—

(a) ৰেটিনাত

(b) ৰেটিনাৰ সমুখত

(c) ৰেটিনাৰ পিছত

(d) স্ফটিকীয় লেন্‌ছত

Ans : (c) ৰেটিনাৰ পিছত


18. মায়’পিক চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান—

(a) ৰেটিনাত

(b) ৰেটিনাৰ সমুখত

(c) ৰেটিনাৰ পিছত

(d) স্ফটিকীয় লেন্‌ছত

Ans : (b) ৰেটিনাৰ সমুখত


19. ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো—

(a) মায়’পিয়া

(b) হাইপাৰমেট্ৰ’পিয়া

(c) কেটেৰেক্ট

(d) প্ৰেছবায়’পিয়া

Ans : (b) হাইপাৰমেট্ৰ’পিয়া


20. ব্যক্তি এগৰাকীৰ চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ’ল—

(a) মায়’পিয়া

(b) প্ৰেছবায়’পিয়া

(c) কেটেৰেক্ট

(d) হাইপাৰমেট্ৰ’পিয়া

Ans : (a) মায়’পিয়া


21. মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (c) বিক্ষেপণ


22. চকুৰ সৈতে জড়িত অংশবিলাকে কি ৰূপান্তৰ কৰে—

(a) পোহৰক স্নায়বিক সংকেতলৈ

(b) পোহৰক চুম্বকীয় সংকেতলৈ

(c) পোহৰক বৈদ্যুতিক সংকেতলৈ

(d) ওপৰৰ এটাও নহয়

Ans : (c) পোহৰক বৈদ্যুতিক সংকেতলৈ


23. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান—

(a) কর্ণিয়া

(c) চকুৰ মণি

(b) চকুৰ পতা

(d) অক্ষিপট

Ans : (d) অক্ষিপট


24. চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে?

(a) চকুৰ মণি

(b) ইৰিচ

(c) ৰেটিনা

(d) অক্ষিপট

Ans : (b) ইৰিচ


25. বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণক কোৱা হয়—

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (a) বিচ্ছুৰণ


26. তলৰ কোনটো টিণ্ডেল পৰিঘটনাৰ হৈতে জড়িত ?

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (c) বিক্ষেপণ


27. মানুহৰ দুটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—

(a) 100°

(b) 180°

(c) 200°

(d) 160°

Ans : (b) 180°


28. মানুহৰ এটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—

(a) 100°

(b) 180°

(c) 200°

(d) 150°

Ans : (d) 150°

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...