js

Saturday, January 17, 2026

SEBA Class X Assamese Chapter 9 – ইণ্টাৰনেটৰ তিতা – মিঠা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 9 – ইণ্টাৰনেটৰ তিতা – মিঠা

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰ: কুঁৱলীয়ে নৱম শ্ৰেণীৰপৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ ৱাৰ সুবাদত দেউতাকে তাইৰ জ্ঞানৰ পৰিধি অধিক বিস্তাৰিত কৰিবলৈ কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল।

(খ) ইন্টাৰনেট কি?

উত্তৰ: Interconnection of Networks এই শব্দকেইটাৰ প্রথম অংশৰ সংযোজন ঘটি Internet শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ Net (নেট) বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা এক ব্যৱস্থা অর্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱর্ক। সহজভাৱে বুজিবলৈ হ’লে এখন নেটৱর্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে। তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰ: কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰ: পূজাৰ বন্ধত কুঁৱলীহঁত দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাচ কি?

উত্তৰ: ‘ভাইৰাচ’ বা ‘Virus’-ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital informa-resources under seize. ই হৈছে এক কম্পিউটাৰ প্ৰগ্ৰেম যাক এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা হয়। ই নিজকে কম্পিউটাৰত সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰ বিজুতি ঘটাব পাৰে। সেই বিষয়ে মূল ব্যৱহাৰকাৰীজনে একো অনুমান কৰিবলৈ সক্ষম নহয়।

২। w.w.w বা ৱেব কি?

উত্তৰ: ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থকণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গবেষণাকেন্দ্র চার্ন (European Organisation of Nuclear Research চমুকৈ CERNত ৱর্ল্ড ৱাইড ৱেব বা www-ৰ জন্ম হয়। পৃথিৱীব্যাপী সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা বিভিন্ন পৰস্পৰ সংলগ্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এই ৱেব বর্তমান অতি জনপ্রিয়। এই জনপ্রিয়তাৰ মূল কাৰণ হৈছে www-ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক অতি সহজে আহৰণ কৰিব পাৰি।

৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰপৰা কি কি কথা জানিব পাৰিলে?

উত্তৰ: কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণ যিয়ে দেউতাকৰ চাকৰি সূত্রে মস্কোত থাকে আৰু তাতেই পঢ়া-শুনা কৰে, তাইলৈ ই-মেইল কৰিলে। লগে লগে শ্বেৰণে তাইৰ ই-মেইলৰ সঁহাৰি জনাই সিহঁত য’ত আছে বন্ধত মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা কুঁৱলীলৈ প্ৰেৰণ কৰিলে। এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে। তাই উপলব্ধি কৰিলে যে ই-মেইলৰদ্বাৰা বন্ধু-বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক বোমাঞ্চকৰ সোৱাদ ল’ব পাৰি। সেয়ে তাই শ্বেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধৱীবোৰলৈ ই-মেইল দিয়া আৰম্ভ কৰিলে আৰু এওঁলোকৰপৰা লাভ কৰা প্ৰত্যুত্তৰৰ পৰা দেশ-বিদেশৰ বহু নজনা কথা জানিব পাৰিলে আৰু বহুতো নতুন নতুন অভিজ্ঞতা লাভ কৰিলে।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰ: ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বিভিন্ন ধৰণৰ নতুন অভিজ্ঞতা আহৰণ কৰিলে। কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল পঠিয়াই তাৰ সঁহাৰি ৰূপে বন্ধত শ্বেৰণৰ মাক-দেউতাৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰে সৈতে তাইৰ অভিজ্ঞতাৰ বর্ণনাৰ বিষয়ে জানিব পাৰিলে, ভিডিঅ’ কলিঙ উপভোগ কৰি তাই যেন মুখামুখিকৈ কাৰোবাৰ লগত বহি কথা পাতি আছে সেয়া অনুভৱ কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰপৰা তাই বিজ্ঞান বিষয়ক বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল’লে। সপ্তাহৰ নিৰ্দ্ধাৰিত কেইটামান দিনত কুঁৱলীয়ে পঢ়া সামৰি অলপ সময় মনোৰঞ্জনৰো আমেজ ল’লে। নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহ শুনা আৰু দৰ্শন কৰাৰ লগতে খেল-ধূলাও উপভোগ কৰিলে। ইণ্টাৰনেটত কুঁৱলীয়ে দক্ষিণ ভাৰতলৈ যোৱাৰ টিকিট কাটিলে, হোটেল বন্দৱস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেল কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে। ই-বেংকিঙৰ সহায়ত হোটেলৰ কোঠাৰ অগ্রিম ভাড়া জমা দিলে। ই-কমাৰ্চৰ সুবিধাত সাজ-পোছাক আৰু লাগতিয়াল সামগ্রী ক্ৰয় কৰিলে। এইদৰে কুঁৱলীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰি বিভিন্ন সুবিধা লাভ কৰিলে।

৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰ: ‘ভাইৰাচ’ বা ‘Virus’-ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital information resources under seize. ই হৈছে এক কম্পিউটাৰ প্ৰ’গ্ৰেম যাক এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা হৈছে। ভাইৰাচে নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰ’গ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰ বিজুতি ঘটাব পাৰে। এই বিষয়ে মূল ব্যৱহাৰকাৰীজন অকণো অৱগত নহয়।। তেওঁৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ ভাইৰাচে এই কাৰ্য কৰিব পাৰে। এন্টিভাইৰাচ চফ্টৱেৰ এটা কম্পিউটাৰটোত অন্তর্ভুক্ত কৰি ভাইৰাচৰ আক্ৰমণৰপৰা কম্পিউটাৰটো বিপদমুক্ত কৰিব পাৰি।

৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”-কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ: ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা হৈছে বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগত গবেষণা কৰি থকা শ্বাবানা বাইদেউ।

বর্তমান সময়ত মানৱ জীৱনধাৰণৰ এক অতি প্রয়োজনীয় বিষয় হৈছে ইন্টাৰনেট। ইয়াৰ প্রয়োগে মানৱ জীৱন অধিক খৰতকীয়া কৰি তুলিছে। ইয়াৰ প্ৰয়োগে মানুহৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিছে। মানুহ বিজ্ঞান, কলা বা আন যিকোনো বিষয়ে জানিব বিচাৰিলে কম্পিউটাৰত টাইপ কৰি দিলেই হ’ল। ইণ্টাৰনেটৰপৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰে। ইণ্টাৰনেটৰ এটা অংগ ই-মেইলৰ যোগেদি বিভিন্ন ঠাই ভ্ৰমণৰ চাক্ষুস বৰ্ণনা ৰঙীন ফটোৰ সৈতে দেখা পাব পাৰি, ভিডিঅ’ কলিঙ সোৱাদ ল’ব পাৰি। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰপৰা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পাৰি। আজৰি সময়ত মনোৰঞ্জনৰ সোৱাদ ল’ব পাৰি। ই-বেংকিঙৰ দ্বাৰা সময় আৰু কষ্ট লাঘৱ কৰি টিকট কটা, হোটেল বন্দৱস্ত কৰা, হোটেলৰ ভাড়া দিয়া, বজাৰ-সমাৰ কৰা আদি কাৰ্য কৰিব পাৰি। এইদৰে ইণ্টাৰনেটৰপৰা আজিৰ মানৱ সমাজে আৰু বিভিন্ন ধৰণৰ সা-সুবিধা আহৰণ কৰিব পাৰে।

ইণ্টাৰনেটৰ এই মিঠা সুবিধাবোৰৰ লগতে বহুতো তিতা অসুবিধাও আছে। আজি-কালি বেছিভাগ মানুহেই ইন্টাৰনেটৰ ৰঙীন জগতখনৰ প্রতিহে বেছি আকৃষ্ট হোৱা দেখা গৈছে। আনকি ছাত্র-ছাত্রীসকলেও স্কুললৈ সাজু হোৱাৰ আগলৈকে, স্কুলৰপৰা আহিয়েই মুখ হাত ধুই নাকে মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয়। মাজতে মাত্ৰ স্কুলৰ ঘৰুৱা কামখিনি কৰিলৈ পুনৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈ বা কেতিয়াবা তাৰ পাছতো ইণ্টাৰনেটত ব্যস্ত হৈ থাকে। তেওঁলোকে ইণ্টাৰনেট থকা মোবাইলৰ ফেচবুক, ৱাটছ এপ আদিৰ বিভিন্ন ধৰণৰ মেছেজবোৰৰ মাজতে ব্যস্ত হৈ থাকি ভাল পায়। চৌপাশৰ পৰিৱেশৰ প্ৰতি তেওঁলোকৰ কোনো ভ্রূক্ষেপ নাই। মাজে মাজে কাণত হেডফোন লগাই গান, চিনেমাৰ ৰঙীন পৃথিৱীখনতো মচণ্ডল হৈ থাকে। সেইদৰে ইণ্টাৰনেটত থকা গেমবোৰৰ অধিক গুৰুত্ব দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কমি আহিছে। বাহিৰা কিতাপ, আলোচনী, – বাতৰি-কাকত আদিৰ লগত সম্পর্ক নোহোৱা হৈ পৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা-বাতৰিৰ ৰূপ লৈ সমাজখনত বিভিন্ন ধৰণে ক্ষতিসাধনো কৰিছে।

এইদৰে ইণ্টাৰনেটৰপৰা মানুহৰ যিমান সুবিধা হৈছে সিমান অসুবিধাও হৈছে। গতিকে সকলোৱে দৃঢ়প্রতিজ্ঞ হৈ ইণ্টাৰনেটৰ বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলি সীমাহীন সুবিধাসমূহ গ্রহণ কৰিলে মানৱসভ্যতাক উন্নতিৰ জখলাত আগুৱাই লৈ যাব পাৰিব।

৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা” গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰ: ইণ্টাৰনেট বর্তমান মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈছে। ইয়াৰ মিঠা সুবিধা থকাৰ দৰে তিতা অসুবিধাও আছে। গল্পটোত কুঁৱলী, তাইৰ ভায়েক নিয়ৰ, শ্বেৰণ, কুঁৱলীৰ আন এগৰাকী বান্ধৱী আৰু বান্ধৱীগৰাকীৰ ভায়েকৰ দ্বাৰা গল্পকাৰে গল্পটোৰ কাহিনীভাগ উপস্থাপন কৰিছে। কুঁৱলীৰ দেউতাকে পৰীক্ষাত ভাল ফল দেখুৱাৰ বাবে কুঁৱলীক এটা ইণ্টাৰনেট সংযোগী কম্পিউটাৰ উপহাৰ দিছে। ইয়াৰদ্বাৰা তেওঁ কুঁৱলীৰ জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে। ইণ্টাৰনেট ব্যৱহাৰ কৰি তাই অত্যন্ত সুখী হৈছে কাৰণ তাৰপৰা তাই www বা ৱেবৰ বিষয়ে জানিব পাৰিছে। ইয়াক ব্যৱহাৰ কৰি তাই বিভিন্ন ধৰণৰ নজনা কথা শিকিব পাৰিছে। বেব পেজ, রেব চাইট, হ’মপেজ, ব্রাউজাৰ আদিৰ বিষয়েও তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিছে। ই-মেইল, ই-বেংকিঙৰ সুবিধা গ্রহণ কৰিছে। এইদৰে ইন্টাৰনেট ব্যৱহাৰ কৰি তাই বহুতো মিঠা সুবিধা গ্ৰহণ কৰিছে। ইয়াৰদ্বাৰা সময় আৰু কষ্ট বহু পৰিমাণে লাঘৱ হৈছে।

ইন্টাৰনেটৰ যিমান মিঠা সুবিধা আছে সিমান তিতা অসুবিধাও আছে। লাহে লাহে তাই নেটৰ ৰঙীন জগতখনৰ ভিতৰত সোমাই পৰিছে। স্কুললৈ সাজু হোৱাৰ আগলৈকে, স্কুলৰপৰা আহিয়েই মুখ-হাত ধুই নাকে মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লৈছে। মাজতে মাত্ৰ স্কুলৰ ঘৰুৱা কামখিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈকে, কেতিয়াবা তাৰ পিছলৈয়ো ইণ্টাৰনেটৰ সৈতেই ব্যস্ত হৈ পৰিছে। তাইৰ বান্ধৱীগৰাকীৰ ইণ্টাৰনেট সংযোগী মোবাইল ফোনটোলৈ অহা মেছেজবোৰৰ মাজতো স্কুল চলি থকা সময়ত সময় সুবিধা বুজি দুয়ো ব্যস্ত হৈ পৰিছে। বান্ধৱীজনীয়ে সকলো সময়তেই মোবাইলতে ব্যস্ত হৈ থাকে। মাজে মাজে কাণত হেডফোন লগাই গান, চিনেমাৰ ৰঙীন পৃথিৱীত মচণ্ডল হৈ পৰে। চৌপাশৰ পৰিৱেশৰ প্ৰতি কোনো ভ্রূক্ষেপ নাই। বান্ধৱীজনীৰ ভায়েকে ইণ্টাৰনেটত গেম খেলি পঢ়া-শুনাৰ প্ৰতি অমনোযোগী হৈ পৰিছে। ফলত পৰীক্ষাৰ ফলাফল বেয়া কৰিছে। কুঁৱলীয়েও অনুভৱ কৰিছে তায়ো যেন ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ লাহে লাহে পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰেপৰা – ক্রমাৎ আঁতৰি আহিছে। অনৱৰতে কম্পিউটাৰৰ সন্মুখত বহি থকাৰ ফলত এলাহ ভাব লাহে লাহে বাঢ়িব ধৰিছে। এইদৰে ইণ্টাৰনেটৰ তিতা অসুবিধাবোৰ গল্পকাৰে গল্পটোত সুন্দৰকৈ প্রকাশ কৰিছে। গতিকে ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণত গল্পকাৰ সার্থক হৈছে বুলি আমি ক’ব পাৰোঁ।

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্র-জীবনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ: বৰ্তমান সময়ত ইণ্টাৰনেট মানৱ জীৱনৰ এক অত্যাবশ্যকীয় অংশ হিচাপে পৰিগণিত হৈছে। ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰতো ই বর্তমান অতি প্রয়োজনীয় বস্তু। শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ নুই কৰিব নোৱাৰি। কিন্তু ছাত্র-জীৱনত ইয়াৰ অত্যধিক ব্যৱহাৰে নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইণ্টাৰনেটৰ ৰঙীন জগতখনে ছাত্রসকলক অতি সোনকালে আৰু সহজে আকৰ্ষিত কৰিব পাৰে। বহুতো ল’ৰা-ছোৱালীয়ে ইণ্টাৰনেটত গেম খেলি পঢ়া-শুনাৰ প্ৰতি অমনোযোগী হৈ পৰে। সুবিধা পালেই স্কুল খটি কৰি দিনৰ দিনটো মোবাইলত গেম খেলাত ব্যস্ত হৈ থাকে। ইয়াত অত্যধিক আকৃষ্ট হৈ পৰাৰ ফলত চৌপাশৰ পৰিৱেশ, আত্মীয় স্বজন, ওচৰ-চুবুৰীয়া আদি সকলোৰে প্রতি অমনোযোগী হয়। উৎসব-অনুষ্ঠান আদিৰ পৰাও আঁতৰি থাকিব পাৰিলেই যেন ভাল পায়। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতেই অবিৰাম উটি ভাঁহি থাকি দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশত সম্পূর্ণ আনমনা হৈ পৰে। ঘৰুৱা কাম-বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল ইণ্টাৰনেটতেই ব্যস্ত হৈ থাকে। ফলত দেহত এলাহ ভাবে দেখা দিবলৈ ধৰে। ইয়াৰ উপৰি ইয়াৰ অত্যধিক ব্যৱহাৰৰ ফলত মূৰৰ বিষ, চকুৰ দৃষ্টি শক্তি কমি যোৱা আদি নানা ধৰণৰ উপসর্গই দেখা দিব পাৰে। ই ছাত্র-জীৱনত পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা জন্মায়। ছাত্র-ছাত্রীসকলে বাহিৰা কিতাপ-পত্র, আলোচনী, বাতৰি-কাকত আদিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে।

ভাষা-বিষয়ক:

৯। বাক্য ৰচনা কৰা :

চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা

উত্তৰ:

চিনাকি-অচিনাকি = দুখীয়া অথচ মেধাৱী ছাত্রজনক সহায় কৰিবলৈ চিনাকি-অচিনাকি

বিভিন্নজন আগুৱাই আহিল।

অলীক-সপোন = সেই দুষ্ট মানুহজনে সহজ সৰল মানুহখিনিক অলীক-সপোন দেখুৱাই তেওঁলোকৰ ধন-সোণ, টকা-পইচা সকলো লুটি-পুটি লৈ গ’ল।

নাকে-মুখে = ল’ৰাহঁতে পঢ়াশালিৰপৰা আহি নাকে-মুখে ভাত এগাল সুমুৱাই পথাৰলৈ দৌৰ মাৰিলে।

পৰীক্ষা-নিৰীক্ষা = বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত বিজ্ঞানীসকলে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰাৰ সত্যতা প্রমাণ কৰিছিল।

১১। অর্থ লিখা: (অভিধান চাই):

ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

উত্তৰ:

শব্দ অর্থ

ক্ষতি —— লোকচান

বিজুতি ——- জুতি বা স্বাদৰ অভাৱ

গুণা-গঁথা ——- চিন্তা কৰা কাৰ্য

উদাস ——- অনুৰাগৰ অভাৱ, বৈৰাগ্য

পুঞ্জীভূত ——- স্তূপীকৃত

No comments:

Post a Comment

SEBA Class X Assamese Chapter 1 – বৰগীত পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 1 – বৰগীত   ভাৱ-বিষয়ক: ১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : (ক) “… নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে...