১। অতি চমুকৈ উত্তৰ দিয়াঃ
ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল।
খ) সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰঃ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।
গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।
ঘ) কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে।
২। হল এৱে তোৰ সময় হবৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।
ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে?
উত্তৰঃ ইয়াত কবিয়ে হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে।
৩। নহলে যে বিশ্ব সভাত
নহব তোৰ বহাৰ ঠাই।
বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
উত্তৰঃ ঝাড়ুৰে সাৰি-পুছি গৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশকনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কৈছে।
৪। ধৰ ঝাড়ু ধৰ ভাই - কবিতাটিৰ মূলভাৱ লিখা।
৫। ব্যাখ্যা কৰাঃ
ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।
উত্তৰঃ আমাৰ সমাজত পৰস্পৰ মাজত থকা ভেদাভেদ, হিংসা, খিয়লা-খিয়লি আদিবোৰ হৈছে মলি স্বৰূপ। এই মলিবোৰ সমাজত বেছি হৈ যোৱা ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে।
খ) ধৰ ঝাড়ু ধৰ ভাই
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।
উত্তৰঃ উক্ত কবিতাটো কবিয়ে দেশ পৰাধীন হৈ থকা সময়ত আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰিছে।
যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজত পৰাধীন হৈ থাকিব লগীয়া হৈছিল তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদ ভাৱ আতৰায় সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলায় আহিব আহ্বান জনাইছিল।
৬। ধৰ ঝাড়ু ধৰ ভাই -কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা?
ভাষা-বিষয়কঃ
১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ
ক) হীনে-ঘিণে- পৰৰ গোলামি হলে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়।
খ) ধাৰে-ঋণে- ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হলেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল।
গ) ঘৃণা-ঘৃণি- আমি এজনে আনজনক ঘৃণা-ঘৃণি ভাৱে চাব নালাগে।
ঘ) জাহি-জাবৰ- জাহি-জাবৰ সমূহে ঘৰৰ লেতেৰা কৰে।
ঙ) সাৰি-পুছি- ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰা হয়।
চ) মলি-মামৰ- এটা সময়ত আমাৰ সমাজত মলি মামৰে ভৰি পৰিছিল।
২। তলৰ শব্দবোৰত মূৰ্ধন্য ণ হোৱা কাৰণ দৰ্শোৱাঃ
ক) সোণ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ণ হয়।
খ) ঘৃণা- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।
গ) ঋণ- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।
৩। বিপৰীত শব্দ লিখাঃ
ক) ঘৃণা-
খ) স্বাৰ্থ- নিস্বাৰ্থ
গ) জীৱন- মৰণ
ঘ) বীৰ- দুৰ্বল।
js
Tuesday, March 15, 2022
ধৰ ঝাড়ু ধৰ ভাই
Subscribe to:
Post Comments (Atom)
CBSE Class VIII Mathematics Class Plan
CBSE Class VIII Mathematics (Ganita Prakash) — 160-Day Lesson Plan A comprehensive, day-to-day instructional p...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment