বিজ্ঞান
অধ্যায় ৩ - অনু আৰু পৰমাণু
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. সোণৰ চিহ্ন হৈছে—
(a) Ag
(b) Au
(c) Ar
(d) As
উত্তৰঃ (b) Au.
2. পৰমাণুবোৰ অবিভাজ্য বুলি কোনে মত আগবঢ়াইছিল?
(a) ব’ৰ।
(b) ৰাডাৰ ফৰ্ড।
(c) আইনষ্টাইন।
(d) ডেল্টন।
উত্তৰঃ (d) ডেল্টন।
3. ক্ল’ৰিনৰ পাৰমাণৱিক ভৰ—
(a) 23 u
(b) 35.5 u
(c) 2.3 u
(d) 35 u
উত্তৰঃ (b) 35.5 u
4. এমনিয়াত নাইট্ৰ’জেন আৰু হাইড্ৰ’জেনৰ ভৰৰ অনুপাত হৈছে—
(a) 14:3
(b) 1:3
(c) 3:14
(d) 3:1
উত্তৰঃ (a) 14:3
5. তলৰ কোনটোৰ সৰ্ব্বাধিক সংখ্যক পৰমাণু আছে।
(a) 18 গ্রাম O₂
(b) 18 গ্রাম H₂O
(c) 18 গ্রাম CO₂
(d) 18 গ্রাম CO₄
উত্তৰঃ (d) 18 গ্রাম CO₄
6. যিকোনো গেছৰ এক ম’লত থকা পৰমাণু সংখ্যা হ’ল—
(a) 7.022 × 10²³
(b) 6.022 × 10²³
(c) 60.22×10²³
(d) 6022 × 10²³
উত্তৰঃ (b) 6.022 × 10²³
7. কাৰ্বন মন’ক্সাইডৰ সংকেত হ’ল—
(a) Co
(b) CO₂
(c) CO₃
(d) Co
উত্তৰঃ (d) CO
৪. ছালফিউৰিক এছিডৰ গ্ৰাম আণৱিক ভৰ—
(a) 98g
(b) 98u
(c) 9.8g
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) 98g
9. তলৰ কোনটো 0.5 ম’ল অক্সিজেন ভৰ—
(a) 8g
(b) 32g
(c) 16g
(d) 24g
উত্তৰঃ (c) 16g
10. 6.022 × 10²³ টা হাইড্ৰ’জেন অনুৰ ম’লৰ পৰিমাণ হ’ল—
(a) 10 ম’ল
(b) 20 ম’ল
(c) 1 ম’ল
(d) 30 ম’ল
উত্তৰঃ (c) 1 ম’ল।
11. তলৰ কোনটো মৌলই এটাতকৈ অধিক যোজ্যতা । দেখুওৱাই—
(a) আয়ৰন।
(b) ছ’ডিয়াম।
(c) হাইড্ৰ’জেন।
(d) অক্সিজেন।
উত্তৰঃ (a) আয়ৰন।
12. Al₂O₃ত এলুমিনিয়ামৰ যোজ্যতা হ’ল—
(a) 2
(b) 3
(c) 1
(d) 0
উত্তৰঃ (b) 3
13. তলৰ কোনটো দ্বিমৌলিক যৌগ—
(a) N₂
(b) O₂
(c) CH₄
(d) Cl₂
উত্তৰঃ (c) CH₄
14. তলৰ কোনটো CaCl₂ ৰ গোট ভৰ—
(a) 141u
(b) 131u
(c) 121u
(d)111u
উত্তৰঃ (d) 111u
15. 52g Heত থকা ম’লৰ পৰিমান হ’ল—
(a) 3 ম’ল।
(b) 6 ম’ল।
(c) 13 ম’ল।
(d) 10 ম’ল।
উত্তৰঃ (c) 13 ম’ল।
16. পানীৰ অনুত থকা হাইড্ৰ’জেন আৰু অক্সিজেনৰ পৰমাণুবোৰৰ সংখ্যাৰ অণুপাত হ’ল—
(a) 4 : 1
(b) 2 : 1
(c) 3 : 1
(d) 5 : 1
উত্তৰঃ (b) 2 : 1
17. হাইড্ৰ’জেন পৰমাণুৰ ব্যাসাৰ্দ্ধ হ’ল—
(a) 10k⁻⁴m
(b) 10⁻²m
(c) 10⁻¹⁰m
(d) 10⁻⁹m
উত্তৰঃ (c) 10⁻¹⁰ m
18. কোনজন বিজ্ঞানীয়ে পদাৰ্থৰ অবিভাজ্য কণাবোৰৰ বাবে পৰমাণু শব্দটোৰ উদ্ভাৱন কৰিছিল—
(a) ডেম’ক্রিটাছ।
(b) লিউছিপ্পাছ।
(c) কনাদ।
(d) লেভয়ছিয়াৰ।
উত্তৰঃ (c) কনাদ।
19. পদাৰ্থৰ পৰিমাণৰ SI একক হ’ল—
(a) গ্রাম।
(b) লিটাৰ।
(c) ম’ল।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) ম’ল।
20. সম্ভ্ৰান্ত গেছবোৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা—
(a) 4 টা বা ৪টা।
(b) 2টা বা টো।
(c) 2টা বা ৪টা।
(d) 4টা বা টো।
উত্তৰঃ (c) 2টা বা ৪টা।
অতি চমু প্রশ্ন উত্তৰ:
1. ভৰৰ নিত্যতা বিধিটো লিখা।
উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে ৷ ইয়াকে ভৰৰ নিত্যতা বিধি বোলে।
2. নির্দিষ্টনুপাত বিধিটো লিখা।
উত্তৰঃ এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে। ইয়াকে নির্দিষ্টনুপাত বিধি বোলে।
3. ডেল্টনৰ মতে পৰমাণু কি?
উত্তৰঃ ডেল্টনৰ মতে, সকলো পদার্থ অতি ক্ষুদ্র কণাৰে গঠিত। ইয়াকে পৰমাণু বোলে।
4. IUPAC সম্পূর্ণ নাম কি?
উত্তৰঃ IUPAC – International Union of Pure and Applied Chemistry.
5. কপাৰ কোনটো শব্দৰ পৰা লোৱা হৈছিল?
উত্তৰঃ চাইপ্রাচ।
6. এক পাৰমাণৱিক ভৰ একক কাক বোলে?
উত্তৰঃ C-12 ৰ এটা পৰমাণুৰ ভৰৰ ঠিক
1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ বোলে।
7. আপেক্ষিক পাৰমাণৱিক ভৰ বুলিলে কি বুজা?
উত্তৰঃ C-12ৰ 1/12 অংশ ভৰৰ লগত তুলনা কৰি অন্য মৌলৰ পৰমাণুৰ ভৰ নিৰ্ণয় কৰা হয়। ইয়াকে আপেক্ষিক পাৰমাণবিক ভৱ বোলা হয়।
৪. কেটায়ন কি?
উত্তৰঃ ধনাত্মকভাৱে আহিত কণাক কেটায়ন বোলে।
9. আয়ন কি?
উত্তৰঃ ধাতু আৰু আধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে। এইবোৰক আয়ন বোলে।
10. এনায়ন কি?
উত্তৰঃ ঋণাত্মকভাৱে আহিত কণাক এনায়ন বোলে।
11. NaCIৰ কেটায়ন আৰু এনায়ন দুটা লিখা।
উত্তৰঃ কেটায়ন হ’ল Na⁺ আৰু এনায়ন হ’ল CF⁻।
12. বহুপাৰমাণবিক আয়ন কাক বোলে?
উত্তৰঃ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহুপাৰমাণৱিক আয়ন বোলা হয়।
13. বহুপাৰমাণৱিক আয়নৰ নাম লিখা যাৰ চিহ্ন Co₃²⁻।
উত্তৰঃ কার্বনেট।
14. ছডিয়াম নাইট্ৰেটৰ সংকেত লিখা।
উত্তৰঃ NaNo₃
15. তলত দিয়া সংকেতেৰে বুজোৱা যৌগবোৰ নাম লিখা।
(i) (NH₄)₂ So₄
(ii) CaCo₃
উত্তৰঃ (i) এম’নিয়াম ছালফেট।
(ii) কেলছিয়াম কার্বনেট।
16. (i) পানী আৰু (ii) নাইট্রিক এছিডৰ আপক্ষিক আণবিক ভৰ গণনা কৰা।
উত্তৰঃ (i) দুটা হাইড্ৰ’জেন আৰু অক্সিজেনৰ পৰমাণু থকা H₂O ৰ আণৱিক ভৰ
= 2×1+1×16
= 18U
(ii) HNO₃ৰ আণবিক ভৰ
= 1+14+16×3
= 16U
17. 1 ম’ল বুলিলে কি বুজা?
উত্তৰঃ পদাৰ্থৰ 1টা অণুৰ ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক 1 ম’ল কোৱা হয়।
18. এভ’গেড্ৰ ধ্ৰুৱক কাক বোলে?
উত্তৰঃ যিকোনো এটা পদাৰ্থৰ 1 ম’ল থকা কণাৰ সংখ্যা স্থিৰ। এই মান 6.022×10²³ টা। ইয়াকে এভ’গেড্ৰৰ ধ্ৰুৱক বোলে।
19. IU হাইড্ৰ’জেন মানে কি বুজা?
উত্তৰঃ হাইড্ৰ’জেনৰ 1টা প্ৰটনক বুজা যায়।
20. 1 গ্রাম হাইড্ৰ’জেন মানে কি বুজা?
উত্তৰঃ 6.022×10²³ টা হাইড্ৰ’জেন পৰমাণু থাকে।
21. তলত দিয়া যৌগবোৰ গঠন হওঁতে ব্যৱহাৰ হোৱা মৌলবোৰৰ নাম লিখা।
(a) পোৰা চূণ।
(b) বেকিং পাউডাৰ।
উত্তৰঃ (a) পোৰা চূণ – কেলছিয়াম আৰু অক্সিজেন।
(b) বেকিং পাউডাৰ – ছডিয়াম, হাইড্ৰ’জেন, কার্বন আৰু অক্সিজেন।
22. 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ কিমান?
উত্তৰঃ 14U
23. ম’লাৰ ভৰ কাক বোলে?
উত্তৰঃ এক ম’ল পৰমাণুৰ ভৰক ম’লাৰ ভৰ বোলে।
24. 12 গ্রাম অক্সিজেন গেছক ম’লত প্ৰকাশ কৰা।
উত্তৰঃ 32 গ্রাম অক্সিজেন = 1 মল
∴ 1 গ্রাম অক্সিজেন = 1/32 ম’ল
∴ 12 গ্রাম অক্সিজেন = 1/32×12 ম’ল
= 0.375 ম’ল অক্সিজেন
25, 0.5 ম’ল পানীক গ্ৰামত প্ৰকাশ কৰা।
উত্তৰঃ ম’ল পানী = 18 গ্রাম পানী
0.5 ম’ল পানী = 18 ×.5 গ্রাম পানী
= 9 গ্রাম পানী
26. CaCl₂ ৰ সংকেত গোট ভৰ গণনা কৰা।
উত্তৰঃ Caৰ পাৰমাণৱিক ভৰ
= (2×CIৰ পাৰমাণৱিক ভৰ)
= 40+2×35.5 = 40+71 = 111U
27. আর্গনৰ পাৰমাণৱিকতা কি?
উত্তৰঃ এক পাৰমাণৱিক।
28. হাইড্ৰ’জেনৰ পাৰমাণৱিকতা কি?
উত্তৰঃ দ্বিপাৰমাণৱিক।
29. ছালফাৰৰ পাৰমাণৱিকতা কি?
উত্তৰঃ বহু পাৰমাণৱিক।
No comments:
Post a Comment