js

Friday, September 20, 2024

SEBA Class IX Science Chapter 4 MCQ Assamese Medium

বিজ্ঞান

অধ্যায় ৪ - পৰমাণুৰ গঠন



বহুবিকল্প বাছনি প্রশ্নোত্তৰ:



1. তলৰ কোন জন বিজ্ঞানীয়ে ইলেক্ট্রন আৱিষ্কাৰ কৰিছিল—

(a) ইগ’ল্ডষ্টেইনে।

(b) জে জে থমছনে।

(c) ইৰাডাৰ ফ’ৰ্ডে।

(d) নীয়েল বৰে।

উত্তৰঃ (b) জে জে থমছনে।



2. ইলেক্ট্রন এটাৰ ভৰ প্ৰ’টন এটাৰ  প্ৰায় _______ ।

(a) 1 /100 গুণ।

(b) 1/3000 গুণ।

(c) 1/2000 গুণ।

(d) 1/4000 গুণ।

উত্তৰঃ (c) 1/2000 গুণ।



3. তলৰ কোন জন বিজ্ঞানীয়ে নিউট্রন আৱিষ্কাৰ কৰিছিল।

(a) জে জে থমছনে।

(b) জে‚ছাডউইকে।

(c) ইগ’ল্ডষ্টেইনে।

(c) ই ৰাডাৰ ফ’ৰ্ডে।

উত্তৰঃ (b) জে‚ছাডউইকে।



4. L কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ’ল—

(a) 18 টা।

(b) ৪ টা।

(c) 2 টা।

(d) 32 টা।

উত্তৰঃ (b) ৪ টা।



5. এটা কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যাক প্ৰকাশ কৰা সংকেতটো হ’ল—

(a) n²

(b) 2n²

(c) 3n²

(d) 4n²

উত্তৰঃ (b) 2n²



6. তলৰ কোনজন বিজ্ঞানীয়ে পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল?

(a) ডেল্টনে।

(b) জে. জে. ছমাছনে।

(c) ই ৰাডাৰ ফৰ্ডে।

(d) জে. ছাড়উফকে।

উত্তৰঃ (c) ই ৰাডাৰ ফৰ্ডে।



7. নিউক্লিয়াছৰ আধান—

(a) ধনাত্মক।

(b) ঋণাত্মক।

(c) আধানহীন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ধনাত্মক।



. নিউক্লিছাৰ ব্যাসার্দ্ধ পৰমাণুৰ ব্যাসার্দ্ধতকৈ ———গুণে কম।

(a) 10⁻¹³

(b) 10³

(c) 10⁻⁵

(d) 10⁵

উত্তৰঃ (c) 10⁻⁵



9. নিষ্ক্রিয় মৌলসমূহৰ যোগফল হ’ব—

(a) 2

(b) 3

(c) 4

(d) 0

উত্তৰঃ (d) 0



10. তলৰ কোনটো হাইড্ৰ’জেন সমস্থানিক নহয়—

(a) প্রটিয়াম।

(b) ডয়টেৰিয়াম।

(c) নাইট্ৰ’জেন।

(d) ট্রিটিয়াম।

উত্তৰঃ (c) নাইট’জেন।



11. তলৰ কোনটো মৌলৰ পৰমাণুত নিউট্রন নাথাকে?

(a) প্রটিয়াম।

(b) হিলিয়াম।

(c) লিথিয়াম।

(d) ছ’ডিয়াম।

উত্তৰঃ (a) প্রটিয়াম।



12. কেলছিয়াম আৰু আৰ্গন—

(a) ভৰ সংখ্যা একে নহয়।

(b) ইলেক্ট্ৰনৰ সংখ্যা একে।

(c) সমভাৰী।

(d) সমস্থানিক।

উত্তৰঃ (c) সমভাৰী।



13. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই আবিষ্কাৰ কৰিছিল—

(a) পাৰমাণৱিক নিউক্লিয়াছ।

(b) ইলেক্ট্রন।

(c) নিউক্ট্রন।

(d) প্ৰ’টন।

উত্তৰঃ (a) পাৰমাণৱিক নিউক্লিয়াছ।



14. মৌল এটাৰ সমস্থানিকবোৰৰ থাকে—

(a) একে ভৌতিক ধর্ম।

(b) ভিন্ন ৰাসায়নিক ধর্ম।

(c) প্ৰ’টন।

(d) (d) নিউট্রন।

উত্তৰঃ (b) ভিন্ন ৰাসায়নিক ধর্ম।



15. CI আয়নত যোজক ইলেক্ট্ৰনৰ সংখ্যা—

(a) 16

(b) 8

(c) 17

(d) 18

উত্তৰঃ (b) 8 



16. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ উলেকট্ৰনীয় বিন্যাস—

(a) 2.8

(b) 8.2.1

(c) 2.1.8

(d) 2.8.1

উত্তৰঃ (d) 2.8.1



17. তলৰ কোনটো এটা গৰল ৰোগৰ কাৰণ—

(a) কাবাল্টৰ এটা সমস্থানিক।

(b) আয়ডিনৰ এটা সমস্থানিক।

(c) ইউৰেনিয়ামৰ এটা সমস্থানিক।

(d) ক্ল’ৰিণৰ এটা সমস্থানিক।

উত্তৰঃ (b) আয়ডিনৰ এটা সমস্থানিক।



18. কেথড ৰশ্মিত থকা কনিটোৰ নাম―

(a) প্ৰটন

(b) নিউট্ৰন

(c) ইলেক্ট্ৰন

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) ইলেক্ট্ৰন।



19. নিউক্লিয় ৰিয়েক্টৰত ব্যৱহাৰ হয়—

(a) ক’বাল্টৰ এটা সমস্থানিক।

(b) ইউৰেনিয়ামৰ এটা সমস্থানিক। 

(c) আয়ডিনৰ এটা সমস্থানিক।

(d) ক্ল’ৰিণৰ এটা সমস্থানিক।

উত্তৰঃ (b) ইউৰেনিয়ামৰ এটা সমস্থানিক।



20. প্ৰটনৰ আধান হ’ল—

(a) ধনাত্মক।

(b) ঋণাত্মক।

(c) আধান হীন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) ধনাত্মক।

অতি চমু প্রশ্ন উত্তৰঃ



1. কেণেল ৰশ্মি বুলিলে কি বুজা

উত্তৰঃ ইলেক্ট্ৰন চিনাক্ত হোৱাৰ আগতে গণ্ডষ্টেইে গেছৰ বিদ্যুত মোক্ষণত এবিধ নতুন বিকিৰণৰ উপস্থিতি ধৰা পেলাইছিল। ইয়াকে কেণেল ৰশ্মি বুলি কোৱা হৈছিল।



2. কোনে ইলেক্ট্রন প্রথমে চিনাক্ত কৰিছিল?

উত্তৰঃ জে. জে. থমছন।



3. এটা প্ৰটনৰ ভৰ কিমান

উত্তৰঃ এটা প্ৰটনৰ ভৰ এটা ইলেক্ট্ৰনৰ ভৰতকৈ 2000 গুণ মোটামোটিভাৱে বেছি।



4. এটা পৰমাণু কিয় বৈদ্যুতিকভাৱে উদাসীন

উত্তৰঃ ধনাত্মক আৰু ঋণাত্মক আধান এটা পৰমাণুত  সমানভাৱে থাকে। গতিকে এটা পৰমাণু বৈদ্যুতিকভাৱে

উদাসীন।

 

5. শক্তিস্তৰ কি ?

উত্তৰঃ পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান অণুমোদিত কক্ষপথ থাকে। এই কক্ষপথবোৰক শক্তিস্তৰ বোলে।



6. ভৰসংখ্যা কাক বোলে?

উত্তৰঃ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে।



7. ছডিয়ামৰ পাৰমাণৱিক ভৰ 23U. তেন্তে তলত দিয়াবোৰ গণনা কৰা। 

(i) পাৰমাণৱিক সংখ্যা।

(ii) প্ৰটনৰ সংখ্যা।

(iii) নিউট্ৰনৰ সংখ্যা আৰু।

(iv) ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা।

উত্তৰঃ (i) ছড়িয়ামৰ পাৰমাণৱিক সংখ্যা = 11

(ii) ছডিয়ামৰ প্ৰটনৰ সংখ্যা = 11

(iii) ছডিয়ামৰ নিউট্ৰনৰ সংখ্যা = 23 – 11 = 12

(iv) ছডিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা = 11



8. এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ 27U. এলুমিনিয়ামৰ 

(i) প্ৰটনৰ সংখ্যা 

(ii) ইলেক্ট্ৰনৰ সংখ্যা 

(iii) পাৰমাণৱিক সংখ্যা আৰু 

(iv) নিউট্ৰনৰ সংখ্যা গণনা কৰা ৷

উত্তৰঃ 

(i) এলুমিনিয়ামৰ প্ৰটনৰ সংখ্যা = 13

(ii) এলুমিনিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা = 13

(iii) এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা = 13

(iv) এলুমিনিয়ামৰ নিউট্ৰনৰ সংখ্যা = 27-13 =14



9. যোজ্যতা ইলেক্ট্রন বুলিলে কি বুজা?

উত্তৰঃ পৰমাণুৰ বহিতম কক্ষপথত থকা ইলেক্ট্ৰনৰ সংখ্যাক যোজক ইলেক্ট্রন বোলে। 



10. যোজ্যতা কাক বোলে?

উত্তৰঃ পৰমাণু এটাই যৌগ বা অণু গঠন কৰোতে এক

নির্দিষ্ট সংখ্যক অণুহে আদান-প্রদান নাইবা ভাগ-বতৰা কৰিব পাৰে। সেই সংখ্যাটোক পৰমাণুটোৰ যোজ্যতা বোলে।



11. পাৰমাণৱিক সংখ্যা বুলিলে কি বুজা?

উত্তৰঃ পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যাক পাৰমাণৱিক সংখ্যা বোলে। 



12. নিউক্লিয়ন কাক বোলে?

উত্তৰঃ প্ৰটন আৰু নিউট্রন একেলগে নিউক্লিয়ান বোলে। 



13. কৰিণৰ পাৰমাণবিক সংখ্যা  17 আৰু ভৰ সংখ্যা 37U. ইয়াক চিহ্নৰ সৈতে লিখা।

উত্তৰঃ 3517 Cl

14. সমস্থানিক বুলিলে কি বুজা?

উত্তৰঃ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰসংখ্যা বেলেগ বেলেগ। এনে পৰমাণু সমূহক সমস্থানিক বোলে।



15. সমভাৰী বুলিলে কি বুজা?

উত্তৰঃ বেলেগ বেলেগ পাৰমাণবিক সংখ্যা বিশিষ্ট একে ভ-সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক সমভাবী বোলে।



16. হাইড্ৰ’জেন ৰ সমস্থানিকবোৰৰ নাম লিখা। 

উত্তৰঃ (i) প্রটিয়াম (ii) ডিউটেৰিয়াম (iii) ট্রিছিয়াম।



17. হাইড্ৰ’জেন সমস্থানিকবোৰৰ নিউট্ৰনৰ সংখ্যা লিখা।

উত্তৰঃ (i) প্ৰটিয়ামৰ নিউট্ৰনৰ সংখ্যা = 1

(ii) ডিউটেৰিয়ামৰ নিউট্ৰনৰ সংখ্যা = 2

(iii) ট্ৰিছিয়ামৰ নিউট্ৰনৰ সংখ্যা = 3



18. হাইড্ৰ’জেনৰ সমস্থাণিকবোৰৰ পাৰমাণৱিক সংখ্যা লিখা।

উত্তৰঃ

(i) প্ৰট্রিয়ামৰ পাৰমাণৱিক সংখ্যা = 1

(ii) ডিউটেৰিয়ামৰ পাৰমাণৱিক সংখ্যা = 1

(iii) ট্ৰিছিয়ামৰ পাৰমাণৱিক সংখ্যা = 1



19. ক্লৰিণৰ সমস্থানিক দুটা লিখা।

উত্তৰঃ ³⁵₁₇CI আৰু ³⁷₁₇CI



20. কাৰ্বনৰ সমস্থানিক দুটা লিখা।

উত্তৰঃ ¹²₆C আৰু ¹⁴₆C



21. এটা সমভাৰীৰ উদাহৰণ দিয়া।

উত্তৰঃ 4020Ca আৰু 4020 Ar



22. আৰ্গনৰ বিভিন্ন কক্ষপথত ইলেক্ট্রন কেনে ধৰণে থাকে লিখা।

উত্তৰঃ K কক্ষপথত থাকে = 2টা ইলেক্ট্রন।

L কক্ষপথত থাকে = ৪ টা ইলেক্ট্রন।

M কক্ষপথত থাকে = ৪ টা ইলেক্ট্রন।



23. ক্লৰিণৰ যোজ্যতা কিমান?

উত্তৰঃ 1



24. ইউৰেনিয়ামৰ সমস্থাণিকৰ ব্যৱহাৰ লিখা।

উত্তৰঃ নিউক্লিয়াৰ ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ

কৰা হয়।



25. আয়ডিনৰ সমস্থাণিকৰ ব্যৱহাৰ লিখা।

উত্তৰঃ গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। 



26. কোবাল্টৰ সমস্থানিক ব্যৱহাৰ লিখা।

উত্তৰঃ কেনচাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।



27. কোন পৰমাণুৰ নিউট্ৰন নাই ৷

উত্তৰঃ হাইড্ৰ’জেন।


No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...