js

Friday, September 20, 2024

SEBA Class IX Science Chapter 5 MCQ Assamese Medium

বিজ্ঞান

অধ্যায় - জীৱৰ মৌলিক একক



বহুবিকল্প বাছনি প্রশ্নোত্তৰ:



1. কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল—

(a) স্বোৱান।

(b) ৰবাৰ্ট হুক।

(c) শ্লেইডেন।

(d) ৰবাৰ্ট ব্ৰাউন।

উত্তৰঃ (b) ৰবাৰ্ট হুক।

2.কোষবেৰ হ’ল——

(a) নিৰ্জীৱ আৰু ভেদ্য।

(b) সজীৱ আৰু অৰ্ধভেদ্য।

(c) সজীৱ আৰু ভেদ্য।

(d) নিৰ্জীৱ আৰু অৰ্ধভেদ্য।

উত্তৰঃ (c) সজীৱ আৰু অৰ্ধভেদ্য।

3. জীৱ দেহত প্ৰ’টিন সংশ্লেষণ হয়—

(a) লাইছ’জ’মত।

(b) মাইট‘কণ্ড্ৰিয়াত।

(c) গলগি সংঘত।

(d) ৰাইব’জ’মত।

উত্তৰঃ (d) ৰাইব’জ’মত।

4. কোষাবৰণ গঠিত হয়—

(a) চেলুলজৰে।

(b) চেলুল’জ আৰু পেকটিনেৰে।

(c) স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে।

(d) লিগনিন আৰু প্ৰটিনৰে।

উত্তৰঃ (c) স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে।

5. তলৰ কোনটো অংশৰ খাদ্যত নিহিত শক্তিযুক্ত কৰে—

(a) ৰাইব’জম।

(b) গলগি সংঘই।

(c) মাইট‘কণ্ড্রিয়াই।

(d) মাইট‘কণ্ড্রিয়াই।

উত্তৰঃ (c) মাইট‘কণ্ড্রিয়াই।

6. অর্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন

হোৱা প্ৰক্ৰিয়াক বোলা হয়— 

(a) ব্যাপন।

(b) আসৃতি।

(c) প্রস্বেদন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) আসৃতি।

7. ক্রম‘জ’মবিলাক গঠিত হয়—

(a) RNA আৰু প্ৰ’টিনৰ দ্বাৰা।

(b) DNA আৰু RNA ৰ দ্বাৰা।

(c) DNA আৰু প্ৰ’টিনৰ দ্বাৰা।

(d) (a) আৰু (b)

উত্তৰঃ (c) DNA আৰু প্ৰ’টিনৰ দ্বাৰা।

. লাইছ’ক’ম গঠনত সহায় কৰে—

(a) ৰাইব‘জম।

(b) মাইট’কণ্ড্রিয়াই।

(c) গলজি সংঘই।

(d) ৰসধানীয়ে।

উত্তৰঃ (c) 10⁻⁵

9. উদ্ভিদকোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ

আগুৰি থকা অংশ প্ৰায়—

(a) 50-90%

(b) 30-90%

(c) 40-90%

(d) 10-90%

উত্তৰঃ (a) 50-90%

10. কোষৰ কোনটো অংশই নিজৰ প্রটিন নিজে তৈয়াৰ কৰি ল’ব পাৰে—

(a) গলজি সংঘ।

(b) মাইট ‘কণ্ড্রিয়াই।

(c) ৰাইব ‘জমে।

(d) লাইছ জ’মে।

উত্তৰঃ (b) মাইট‘কণ্ড্রিয়াই।

11. এমিবাই খাদ্য ভক্ষণ কৰি মজুত কৰি ৰখা অংশটোক বোলা হয়—

(a) প্লাষ্টিড।

(b) অন্তঃপ্রৰসীয় জালিকা।

(c) খাদ্য ৰিক্তিকা।

(d) লাইছ’জম।

উত্তৰঃ (c) খাদ্য ৰিক্তিকা।

12. DNA ৰ কাৰ্যকৰী একক বোলা হয়—

(a) কোষপ্রস।

(b) ৰসধানী।

(c) জিন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) জিন।

13. সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগানুটো হ’ল—

(a) মাইট‘কন্ড্রিয়া। 

(b) ৰসধানী।

(c) হৰিৎকণা।

(d) গলজি সংঘ।

উত্তৰঃ (c) হৰিৎকণা।

14. প্রাণীকোষৰ বহিৰতম তৰপটো হ’ল—

(a) কোষবেৰ।

(b) কোষাবৰণ।

(c) নিউক্লিয়াবৰণ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ  (b) কোষাৰৰণ।

15. আটাইতকৈ ডাঙৰ কোষটো হৈছে—

(a) অস্থি কোষ।

(b) ৰক্ত কোষ।

(c) স্নায়ু কোষ।

(d) উট পক্ষীৰ কণী।

উত্তৰঃ (d) উট পক্ষীৰ কণী।

16. তলৰ কোনটো অংশক কোষৰ শক্তিৰ ভড়াল বোলা হয়—

(a) কোষকেন্দ্রক।

(b) ৰসধানীক।

(c) মাইট’কণ্ড্ৰিয়াক।

(d) লাইছ’জমক।

উত্তৰঃ (d) কোষকেন্দ্রক।

17. তলৰ কোনটো উক্তি সত্য নহয়—

(a) কোষবেৰ প্ৰাণী কোষত নাথাকে।

(b) লাইছ’জমক আত্মঘাতী মোনা বোলা হয়।

(c) কোষবেৰ উদ্ভিদকোষত নাথাকে।

(d) মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভড়াল বোলা হয়।

উত্তৰঃ (c) কোষবেৰ উদ্ভিদকোষত নাথাকে।

18. তলৰ কোনটো অংশক কোষৰ আত্মঘাটি মোনা বোলা হয়—

(a) মাইট’কণ্ড্ৰিয়াক।

(b) লাইছ’জ’মক।

(c) ৰসধানীক।

(d) গলজি সংঘক।

উত্তৰঃ (b) লাইছ’জমক।

19. প্ৰট‘প্লাজম আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল— 

(a) পার্কিনজি।

(b) ৰবাৰ্ট হুক।

(c) শেইডেন।

(d) ৰবাৰ্ট ব্ৰাউন।

উত্তৰঃ (a) পার্কিনজি।

20. তলৰ কোনজন বিজ্ঞানীয়ে কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল—

(a) স্বোৱান।

(b) লিউৱেন হুক।

(c) ৰবাৰ্ট ব্ৰাউন।

(d) ৰবাৰ্ট হুক।

উত্তৰঃ (c) ৰবাৰ্ট ব্রাউন।

অতি চমু প্রশ্ন উত্তৰঃ



1. কোষ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ৰবাৰ্ট হুক।

2. আসৃতি বুলিলে কি বুজা ?

উত্তৰঃ অর্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অনুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক আসৃতি বোলে।

3. অল্পাসাৰী দ্ৰৱ কাক বোলে

উত্তৰঃ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা লঘু হ’লে কোষে পানী আসৃতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিব। এনে দ্রৱক অল্পাসাৰী দ্ৰৱ বোলে।

4. সমসাৰী দ্ৰৱ কাক বোলে

উত্তৰঃ কোষ এটাৰ চাৰিওপাশৰ মাধ্যমটোৰ পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় তেতিয়া কোষাবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয়। এনে দ্ৰৱক সমাহাৰী দ্ৰৱ বোলে।

5. আসৃতিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ শিপাই পানী শোষণ কৰা প্ৰক্ৰিয়াটো  আসৃতিৰ এক উদাহৰণ ৷

6. অন্তঃকোষীয় ভক্ষণ বুলিলে কি বুজা

উত্তৰঃ কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিবেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বোলে।

7. অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ এমিবাই অন্তঃকোষীয় ভক্ষণ প্রক্রিয়াৰে খাদ্য

গ্ৰহণ কৰে।

8. কোষবেৰ বুলিলে কি বুজা ?

উত্তৰঃ উদ্ভিদ কোষত কোষাবৰণখনৰ ওপৰিও বহিঃআৱৰণ হিচাপে এখন ডাঠ, মোটা আবৰণ থাকে৷ ইয়াকেই কোষবেৰ বোলে ৷

9. কোষবেৰখন কিহেৰে গঠিত?

উত্তৰঃ উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ ছেলুলজৰে গঠিত।

10. ছেলুলজ কি? ইয়াৰ কাম কি?

উত্তৰঃ ছেলুলজ হ’ল এবিধ জটিল ৰাসায়নিক পদার্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে।

11. প্রট’প্লাজম সংকোচন কাক বোলে?

উত্তৰঃ উদ্ভিদ কোষৰ পৰা পানী আসুতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ’লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। ইয়াকে প্রট প্লাজম সংকোচন বোলে।

12. হৰিংকণা কাক বোলে?

উত্তৰঃ উদ্ভিদ দেহত থকা সেউজীয়া ৰঞ্জক অণুক হৰিংকণা বোলে।

13. কোষকেন্দ্ৰাৱৰণ কাক বোলে

উত্তৰঃ কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষকেন্দ্ৰাৱৰণ বোলে। 

14. DNAৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ DNA – Deoxyribonucleic Acid

15. ক্ৰম‘জম কিহেৰে গঠিত?

উত্তৰঃ ক্ৰম’জম DNA আৰু প্ৰটিনেৰে গঠিত।  

16. জিন কাক বোলে?

উত্তৰঃ DNA ৰ কাৰ্য্যকৰী এককক জিন বোলে। 

17. কেন্দাৰণ নথকা এবিধ জীৱৰ উদাহৰণ দিয়া।

উত্তৰ‍ঃ বেক্টেৰিয়া।

18. নিউক্লিয়ইড কি?

উত্তৰঃ স্পষ্ট কেন্দ্ৰাৱৰণ নথকা কোষৰ কেন্দ্ৰাঅঞ্চলত কেৱল নিউক্লিক এচিডহে থাকে। ইয়াকে নিউক্লিয়াইড বোলে।  

19. প্রকোষকেন্দ্ৰীয় জীৱ কাক বোলে?

উত্তৰঃ যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে তেনেবিলাক জীৱক প্রকোষ কেন্দ্রীয় জীৱ বোলে। 

20. সংকোষকেন্দ্রীয় জীব কাক বোলে?

উত্তৰঃ যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে তেনেবিলাক জীৱৰ সংকোষকেন্দ্রীয় জীৱ বোলে।

21. কিছুমান গুৰুত্বপূৰ্ণ কোষ অংগাণুৰ নাম লিখা। 

উত্তৰঃ অন্তঃপ্রৰসীয় জালিকা, গলজি সংঘ, লাইছ’জম,মাইট’কণ্ডিয়া, প্লাষ্টিড আৰু ৰসাধনী।

22. ER সম্পূর্ণ নাম কি?

উত্তৰঃ ER – Endoplasmic reticulum (অন্তঃপ্রথমীয় জালিকা)

23. RERৰ সম্পূর্ণ নাম কি?

উত্তৰঃ RER -‌ Rough Endoplasmic reticulum (খহটা অন্তঃপ্রৰসীয় জালিকা

24. SERৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ SER – Smooth Endoplasmic reticulum (মসৃণ অন্তঃ প্রৰসীয় জালিকা)

25. ৰাইব‘জমক’ত থাকে?

উত্তৰঃ ৰাইব‘জম RER ত থাকে।

26. ৰাইব‘জমৰ কাম কি?

উত্তৰঃ প্ৰটিন উৎপাদন কৰে।

27. SERৰ কাম কি?

উত্তৰঃ অন্তঃকোষীয় বিসাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে। 

28. গলজি সংঘৰ কাম কি?

উত্তৰঃ গলজি সংঘৰ কাৰ্য্য হ’ল সঞ্চয়, উৎপাদিত পদার্থবিলাকৰ ৰন্ধন আৰু ৰূপান্তৰণ ৷ 

29. ৰাইব‘জমৰ কাম কি?

উত্তৰঃ লাইচ জমে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্রব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদার্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। 

30. কোষৰ আত্মঘাতী বোমা কাক কোৱা হয়

উত্তৰঃ লাইচ‘জমক।

31. ATP ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ ATP -‌ Adenosine triphosphate. 

32. মাইট’কন্ড্রিয়া কি?

উত্তৰঃ মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভড়াল বুলি কোৱা হয় ৷

33. কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয়?

উত্তৰঃ ATPক।

33. দুই প্ৰকাৰৰ প্লাষ্টিডৰ নাম লিখা?

উত্তৰঃ বৰ্ণকণা আৰু অবৰ্ণকণা। 

34. হৰিৎকণা কাক বোলে?

উত্তৰঃ যিবিলাক প্লাষ্টিডত পত্ৰহৰি‍ নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাকক হৰিৎকণা বুলি কোৱা হয়।

35. অবর্ণকণা কাক বোলে

উত্তৰঃ ৰঞ্জক পদার্থ নথকা প্লাষ্টিডক অবর্ণকণা বোলে।

36. ৰসধানী বা ৰিক্তিকাৰ কাম কি?

উত্তৰঃ ৰসধানীয়ে গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰাখে।

37. প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ প্ৰকোষকেন্দ্ৰীয় কোষক মাত্র এডাল ক্রম জম

থাকে আনহাতে সংকোষকেন্দ্রীয় কোষত এডালতকৈ বেছি ক্রম’জম থাকে।

38. প্রকোষকেন্দ্রীয় কোষৰ আকাৰ কি

উত্তৰঃ 1 মাইক্ৰনৰ পৰা 10 মাইক্ৰণৰ ভিতৰত।



No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...