js

Thursday, September 12, 2024

SEBA Class IX Social Science [History] Chapter 5 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ইতিহাস

অধ্যায় ৫ঃ অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি



Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:



1. অসম ইংগ বার্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিল?

() ৩ খন।

() ৪ খন।

() ৫ খন।

() ১ খন।

উত্তৰঃ () ৪ খন।

2. গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰে?

() গৌৰজিৎ।

() মাৰজিৎ।

() পেম্বার্টন।

() গোবিন্দ চন্দ্ৰ।

উত্তৰঃ () পেম্বার্টন।

3. ১৮২২ চনত মানসকলে চট্টগ্রামত কাক বন্দী কৰিছিল?

() ইংৰাজ।

() আহোম।

() মোগল।

() এটাও নহয়।

উত্তৰঃ () ইংৰাজ সকলক।

4. বৃটিছে ব্ৰহ্মপুত্ৰ উপনত্যকাত প্ৰবেশ কৰিছিল?

() ঢাকা আৰু দৰং হৈ।

() কামৰূপ আৰু কলকাত হৈ।

() চিলেট আৰু শিৱসাগৰ হৈ।

() ঢাকা আৰু গোৱালপাৰা হৈ।

উত্তৰঃ () ঢাকা আৰু গোৱালপাৰা হৈ।

5. ১৮২০ চনত ডেভিদ স্কটক কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল?

() ব্রহ্মপুত্র উপত্যকা।

() বৰাক উপত্যকা।

() ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।

() এটাও নহয়।

উত্তৰঃ () ব্ৰহ্মপুত্ৰ উপত্যকা।

6. বৃটিছসকলে অসমত ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজনক দিছিল?

() ডেভিদ স্কট।

() হলৰইড।

() জনার্দন বৰবৰুৱা।

() মেথিউজ।

উত্তৰঃ () জনার্দন বৰবৰুৱা।

7. নগাৱৰ খাজনা আদায়ৰ দায়িত্ব কাক দিছিল?

() লতা পানীফুকন।

() আৰাধন ৰয়।

() জনার্দন বৰবৰুৱা।

() এজনো নহয়।

উত্তৰঃ () আৰাধন ৰয়।

8. জনমুৰি কৰক দৰঙত কি কৰ বুলি জনা গৈছিল?

() জুহাল কৰ।

() চৰু কৰ।

() পাইক কৰ।

() সেউজ কৰ।

উত্তৰঃ () জুহাল কৰ ৷

9. ডেভিদ স্কটৰ মৃত্যু কেতিয়া হৈছিল?

() ১৮০০ চন।

() ১৮২০ চন।

() ১৮৩০ চন।

() ১৮৩১ চন।

উত্তৰঃ () ১৮৩১ চন।

10. ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগাইছিল?

() দুই।

() তিনি।

() চাৰি।

() এক।

উত্তৰঃ () তিনি।

11. ‘এছিয়াটিক ছ’চাইটি অৱ বেঙ্গল নামৰ আলোচনীখন কোনে লিখিছিল?

() মেজৰ জেনকিন্স।

() হকিন্স।

() ৰবাৰ্টছন।

() গ্রীয়েৰ্চন।

উত্তৰঃ () মেজৰ জেনকিন্স।

12. প্রথম ভাগৰ জাহাজ কাৰ দিনত প্ৰচলন হৈছিল?

() ডেভিদ স্কট।

() ৰবাৰ্টছন।

() জনার্দন বৰবৰুৱা।

() মেজৰ জেনকিন্স।

উত্তৰঃ () মেজৰ জেনকিন্স।

13. টিকট কৰ কেতিয়া প্ৰচলন কৰিছিল?

() ১৮৫৬ চন।

() ১৮৬০ চন।

() ১৮৫৮ চন।

() ১৮৫২ চন।

উত্তৰঃ () ১৮৫৮ চন।

14. আয়কৰ কেতিয়া প্ৰচলন হৈছিল?

() ১৮৬০ চন।

() ১৮৫৫ চন।

() ১৮৫৬ চন।

() ১৮৫৮ চন।

উত্তৰঃ () ১৮৬০ চন।

15. অসমত বৃটিছ প্ৰশাসনৰ বিৰোধীতা কৰা প্ৰথমজন অসমীয়া—

() মণিৰাম দেৱান।

() পিয়লি ফুকন।

() গোমধৰ কোঁৱৰ।

() হৰনাথ।

উত্তৰঃ () গোমধৰ কোঁৱৰ৷

16. কিমান চনত পিয়লি বৰফুকন আৰু জিউৰাম ঢুলীয়াক ফাঁচি দিয়া হয়?

() ১৮৩০ চন।

() ১৮৩১ চন।

() ১৮৩৬ চন।

() ১৮২৯ চন।

উত্তৰঃ () ১৮৩০ চন।

17. পিয়লি বৰফুকন আৰু জীউৰাম ঢুলীয়াক কোন ঠাইত ফাঁচি দিয়ে?

() তিনিচুকীয়া জিলাত।

() শিৱসাগৰ জিলাত।

() ধুবুৰী জিলাত।

() নলবাৰী।

উত্তৰঃ () শিৱসাগৰ জিলাত।

18. মটক ৰাজ্যৰ ৰাজধানী ক’ত আছিল?

() তেজপুৰ।

() ৰঙাপাৰা।

() ৰঙাগড়া।

() দলগাঁও।

উত্তৰঃ () ৰঙাগড়া।

19. শদিয়াখোৱা গোঁহাইৰ মৃত্যু কেতিয়া হৈছিল?

() ১৮৩০ চন।

() ১৮২৫ চন।

() ১৮৪০ চন।

() ১৮৩৫ চন।

উত্তৰঃ () ১৮৩৫ চন।

20. গাৰোপাহাৰৰ সদৰ ঠাই ক’ত অৱস্থিত?

() গোৱালপাৰা।

() তুৰা।

() ডিমাপুৰ।

() ডিফু।

উত্তৰঃ () তুৰা।

21. বৃটিছ সকলে কেতিয়া নগাপাহাৰ দখল কৰিছিল?

() ১৮৬৬ চন।

() ১৮৬৮ চন।

() ১৮৭০ চন।

() ১৮৬৫ চন।

উত্তৰঃ () ১৮৬৬ চন।

22. প্রথম ইংগ বর্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ সংগঠিত হৈছিল?

() ১৭২০-২৫

() ১৮২০-২৬

() ১৮২৪-২৬ 

() ১৮২৬-৩০

উত্তৰঃ () ১৮২৪-১৮২৬ চনলৈ।

23. ‘মানসকলে মহুগড়ৰ যুঁজত কোনজন আহোম ৰজাক পৰাভূত কৰিছিল?

() গৌৰীনাথ সিংহ।

() গম্ভীৰ সিং।

() চন্দ্ৰকান্ত সিংহ।

() এটাও নহয়।

উত্তৰঃ () চন্দ্ৰকান্ত সিংহ।

24. ডেভিড স্কটক কেতিয়াৰ পৰা অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছিল?

() ১৯২০

() ১৮৪০

() ১৮২৬

() ১৮২০

উত্তৰঃ () ১৮২০ খ্রীষ্টাব্দৰ পৰা।

25. প্রশাসনিক সুবিধাৰ বাবে বৃটিছে অসমক কেইটা ভাগত ভাগ কৰিছিল?

() দুটা।

() তিনিটা।

() চাৰিটা।

() ভাগ কৰা নাছিল।

উত্তৰঃ () দুটা।

26. ডেভিড স্কটৰ প্ৰশাসনিক কামৰ সহায়ৰ বাবে কোনজনক অসমলৈ পঠোৱা হৈছিল?

() নিউভিল।

() আদম হোৱাইট।

() মেকমোৰেইন। 

() এজনো নহয়।

উত্তৰঃ () আদম হোৱাইট।

27. জনমূৰি কৰক দৰঙত কি বোলা হৈছিল?

() পাইক কৰ।

() গৃহ কৰ।

() চৰুকৰ।

() পৰিবহণ কৰ।

উত্তৰঃ () চৰুকৰ।

28. ডেভিড স্কটৰ মৃত্যুৰ পিছত অসমলৈ অহা কমিছনাৰ জনৰ নাম কি?

() উইলিয়াম।

() ক্রেক্রফট।

() আদাম হুৱাইট। 

() এজনো নহয়।

উত্তৰঃ () ক্রেফট।

29. জেনকিন্সে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল?

() ১৮৫৮

() ১৬৮০

() ১৯০০

() ১৮৬০

উত্তৰঃ () ১৮৬০ চনত।

30. জীউৰাম দুলীয়াক কেতিয়া ফাঁচী দিয়া হৈছিল?

() ১৮৩০ খ্রীষ্টাব্দৰ আগষ্টত।

() ১৮৩১ খ্ৰীষ্টাব্দৰ নৱেম্বৰত।

() ১৮৪০ খ্রীষ্টাব্দৰ আগষ্টত।

() এটাও নহয়।

উত্তৰঃ () ১৮৩০ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত।

31. কেপ্তেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে?

() ১৮৪০

() ১৮৪৫

() ১৮৩৫

() ১৮২৬

উত্তৰঃ () ১৮৩৫ চনত।

32. ১৮৯৮ চনত কোনখন পাহাৰ অসমৰ লগত চামিল কৰা হয়?

() সূৰ্য পাহাৰ।

() বৰাইল পাহাৰ।

() লুচাই পাহাৰ।

() গাৰো পাহাৰ।

উত্তৰঃ () লুচাই পাহাৰ।

33. পুৰন্দৰ সিংহ ৰজা হোৱাৰ বিনিময়ত ইংৰাজক বছৰি কিমান টকা কৰ দিব লগা হৈছিল?

() এটকাও নহয়।

() ৫০ হাজাৰ টকা।

() ১ লাখ টকা।

() ১০,০০০ টকা।

উত্তৰঃ () ৫০ হাজাৰ টকা।

অতি চমু প্রশ্ন উত্তৰ:

1. বৃটিছে কোনজন ৰজাক চিলেটলৈ নির্বাসন দিছিল?

উত্তৰঃ জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক।

2. শেষ আহোম ৰজাজন কোন আছিল?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

3. তিৰৎসিং কোন ঠাইৰ দেশপ্রেমিক আছিল?

উত্তৰঃ খাচী দেশপ্রেমিক।

4. গোবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল?

উত্তৰঃ কাছাৰ ৰাজ্যৰ ৰজা আছিল।

5. ডেভিড স্কট কোন আছিল?

উত্তৰঃ এজন সুদক্ষ ইংৰাজ প্রশাসক।

6. ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?

উত্তৰঃ ৰবাৰ্টছন।

7. তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?

উত্তৰঃ খাচী ৰাজ্যৰ।

8. মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?

উত্তৰঃ বৰসেনাপতি।

9. জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?

উত্তৰঃ পুৰন্দৰ সিংহই।

10. বৃটিছে কাক পঞ্চাছ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?

উত্তৰঃ গোবিন্দ চন্দ্ৰক।

11. আহোম সকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল?

উত্তৰঃ তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ প্ৰথমছোৱালৈকে।

12. আহোম ৰাজবংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ চুকাফা।

13. আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ প্রায় ছশ বছৰ ৷

14. ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন?

উত্তৰঃ গম্ভীৰ সিং।

15. লম্বোদৰ বৰফুকন কোন?

উত্তৰঃ উজনি অসমৰ দেৱান।

16. ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩১ চনত।

17. জেনকিন্সে অসম সম্বন্ধে লিখা আলোচনীখনৰ নাম কি?

উত্তৰঃ এছিয়াটিক ছ’ছাইটি অৱ বেংগল।

18. কিমান চনত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৪৩ চনত।

19. পিয়লি ফুকন আৰু জীউৰাম দুলীয়াক কেতিয়া ফাঁচি দিয়া হৈছিল?

উত্তৰঃ ১৮৩০ চনৰ আগষ্ট মাহত।

20. জেনকিন্সে কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৮৫৮ চনত।

21. মটকৰ ৰাজধানী ক’ত আছিল?

উত্তৰঃ ৰঙাগড়া।

22. গাৰো পাহাৰক জিলালৈ উন্নীত কৰে?

উত্তৰঃ ১৮৩৯ চনত।

23. বৃটিছ সকলে নগাপাহাৰত অধিপত্য বিস্তাৰ কৰিছিল___

উত্তৰঃ ১৮৬৬ খ্রীষ্টাব্দত।

24. ৰবাৰ্টছন কোন আছিল?

উত্তৰঃ এজন কর্মপটু বিষয়া।

25. শদিয়াখোৱা গোহাঁইৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৫ চনত।

No comments:

Post a Comment