Class 9 Assamese lesson 1 শিশুলীলা , নৱম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ পাঠ : ১ (শিশুলীলা) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
Class 9 Assamese lesson 1 শিশুলীলা , নৱম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ পাঠ : ১ (শিশুলীলা) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
✅(১) শ্রীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হৈছিল ।
✅(২) শ্রীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ মৃত্যু ১৫৬৮ চনত হৈছিল ।
✅(৩) শ্রীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱৰ আলিপুখুৰীত ।
✅(৪) শিশুলীলা পাঠটিৰ ৰচক কোন ?
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ।
✅(৫) মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল - নৱ বৈষ্ণৱ ধৰ্ম ।
✅(৬) 'নন্দজায়া' কোন ?
উত্তৰ👉👉 'নন্দজায়া' হ'ল শ্ৰী কৃষ্ণৰ মাতৃ যশোদা ।
✅(৭) পুত্ৰক খেদন্ত মহাসতী । ইয়াত মহাসতী বুলি কাক কৈছে ?
উত্তৰ👉👉 পুত্ৰক খেদন্ত মহাসতী । ইয়াত মহাসতী বুলি শ্ৰী কৃষ্ণৰ মাতৃ যশোদাৰ কথা কৈছে ।
✅(৮) 'মথনি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 'মথনি' শব্দৰ অৰ্থ হ'ল - গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।
✅(৯) "যাক যোগী নাপাৱৈ ধ্যানত" - ইয়াত কাৰ কথা কৈছে ।
উত্তৰ👉👉 ইয়াত শ্ৰী কৃষ্ণৰ কথা কৈছে ।
✅(১০) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল - 'কীৰ্ত্তন-ঘোষা' ।
✅(১১) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা দুখন অংকীয়া নাটৰ নাম লিখাঁ ।
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা দুখন অংকীয়া নাটৰ নাম হ'ল - 'ৰুক্মিণীহৰণ', 'পাৰিজাত হৰণ', 'কেলিগোপাল', 'কালিদমন', 'ৰামবিজয়' আদি ।
✅(১২) 'চিহ্নযাত্ৰা' কি ?
উত্তৰ👉👉 'চিহ্নযাত্ৰা' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন সংলাপবিহীন নাট ।
✅(১৩) মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ মূল উদ্দেশ্য কি আছিল ।
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ ।
✅(১৪) শ্ৰী কৃষ্ণই কাক লৱণু খাবলৈ দিছিল ?
উত্তৰ👉👉 শ্ৰী কৃষ্ণই তেওঁৰ লগৰীয়া বান্দৰবোৰক লৱণু খাবলৈ দিছিল ।
✅(১৫) ক্ষৌম বস্ত্ৰ শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 ক্ষৌম বস্ত্ৰ শব্দৰ অৰ্থ হৈছে - পাটৰ কাপোৰ ।
✅(১৬) মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক কি গীত বোলা হয় ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক বৰগীত বোলা হয় ।
✅(১৭) বান্ধন্ত কৃষ্ণক আনি ধৰি - কোনে কৃষ্ণক ধৰি আনি বান্ধিছিল ?
উত্তৰ👉👉 মাক যশোদাই কৃষ্ণক ধৰি আনি বান্ধিছিল ।
✅(১৮) মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ মৃত্যু হৈছিল ভেলা মধুপুৰত ।
✅(১৯) মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্রিয় শিষ্য কোন আছিল ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্রিয় শিষ্য আছিল মাধৱদেৱ ।
✅(২০) মহাপুৰুষ শংকৰদেৱে লিখা দুখন কাব্য গ্ৰন্থৰ নাম লিখা ।
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱে লিখা দুখন কাব্য গ্ৰন্থৰ নাম হ'ল - 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' ।
✅(২১) শ্ৰী কৃষ্ণৰ আন এটা নাম ?
উত্তৰ👉👉শ্ৰী কৃষ্ণৰ আন এটা নাম হৈছে - গোবিন্দ ।
✅(২২) শ্ৰী কৃষ্ণৰ মাকৰ নাম কি আছিল ?
উত্তৰ👉👉 নন্দ আৰু যশোদাই কৃষ্ণক কেৱল লালন-পালন হে কৰিছিল । শ্ৰী কৃষ্ণৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম আছিল দৈৱকী আৰু বসুদেৱ ।
✅(২৩) 'প্রয়াসি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 প্রয়াসি' শব্দৰ অৰ্থ হৈছে যত্ন কৰি ।
✅(২৪) দধি মথোতে যশোদাই কি কাপোৰ পিন্ধি আছিল ?
উত্তৰ👉👉 দধি মথোতে যশোদাই পাটৰ কাপোৰ পিন্ধি আছিল।
✅(২৫) মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰীত । তেওঁ অকল ধৰ্মগুৰুৱেই নহয় , অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতাও আছিল । শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্যিক । তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক । শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল 'কীৰ্ত্তন-ঘোষা' । 'ৰুক্মিণীহৰণ', 'হৰিশ্চন্দ্ৰ উপাখ্যান' আদি কাব্য ৰচনা কৰাৰ লগতে বহুতো বৰগীত ৰচনা কৰিছিল । 'ভক্তিৰত্নাকৰ' শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্বমূলক গ্ৰন্থ । এইজনা মহাপুৰুষৰ মৃত্যু হয় ১৫৬৮ চনত ।