js

Wednesday, July 23, 2025

Class 8 science lesson 1 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ১ (শস্য উৎপাদন আৰু ব্যৱস্থাপনা) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ


Class 8  science lesson 1 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ১ (শস্য উৎপাদন আৰু ব্যৱস্থাপনা) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ


                ☑️অনুশীলনী :🥰

☑️ (১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা।

         [ ওপঙি, পানী, শস্য, পোষক দ্ৰব্য,  চহোৱা ]

💕 (ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ------------- বুলি কোৱা হয়। (১)
উত্তৰ👉👉 শস্য

💕 (খ) শস্য সিঁচাৰ আগতে মাটি ডৰা ------------- হয়। (৩)
উত্তৰ👉👉 চহোৱা


💕 (গ) নষ্ট হোৱা বীজৱোৰ পানীত ------------- থাকে। (৪)
উত্তৰ👉👉 ওপঙি

💕 (ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ------------- আৰু ----------- প্ৰয়োজন হয়। 
উত্তৰ👉👉 পোষকদ্ৰব্য আৰু পানীৰ




💕 (২) 'ক' স্তম্ভৰ লগত 'খ' স্তম্ভ  মিলোৱা - 
     উত্তৰ👉👉

          (ক)                   (খ)              
(i) খাৰিফ শস্য  ---- (ঙ) ধান আৰু যৱ
(ii) ৰবি শস্য  ---  (ঘ) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ --- (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট                    
(iv) জৈৱিক সাৰ ---- (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোৱৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য।

     
☑️ (৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

          💕 (ক) খাৰিফ শস্য (২)
উত্তৰ👉👉 ধান, মাকৈ, ছয়াবিন, বাদাম, কপাহ আদি হ'ল খাৰিফ শস্যৰ উদাহৰণ। 


           💕 (খ) ৰবি শস্য (২)
উত্তৰ👉👉 ঘেঁহু, বুট, মটৰ, সৰিয়হ, তিচি আদি হ'ল ৰবি শস্যৰ উদাহৰণ। 


☑️ (৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।

           💕 (ক) মাটি চহোৱা (২)

উত্তৰ👉👉 মাটি চহোৱা শস্য উৎপাদানৰ প্ৰথম কাম। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা টিলা কৰা। টিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। টিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে।


          💕 (খ) বীজ সিঁচা (৪) 

উত্তৰ👉👉 বীজ সিঁচাটো হ'ল শস্য উৎপাদানৰ প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি ল'ব পাৰে। সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত বীজবোৰ সিঁচিব লাগে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খুৱাই দিব লাগে। 
 

      💕 (গ) বনবাত নিৰোৱা (১০)
উত্তৰ👉👉 অপতৃণ আতৰোৱাকে  বনাবাত নিৰোৱা বুলি কোৱা হয়। যিহেতু অপতৃণৰো শস্যৰ পানী পোষক দ্ৰব্য আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে অপতৃণ নিৰোৱা অতি প্ৰয়োজন। নহ'লে অপতৃণে শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায় ।


         💕 (ঘ) মৰণা মৰা (১০)
উত্তৰ👉👉 চপোৱা শস্যৰ বিজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু, মহ, টেক্টৰ আদিৰ দ্বাৰা মৰণা মৰা হয়। 


☑️ (৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা। (৭)
উত্তৰ👉👉 জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ মাজত পাৰ্থক্য - 
(ক) ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱন কিন্তু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য।
(খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় কিন্তু জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি।
(গ) ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে কিন্তু জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে। 

☑️ (৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। (৭,৯)
উত্তৰ👉👉 সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানীৰ যোগান ধৰাকে জলসিঞ্চন বোলে। 
          পানী সংৰক্ষন কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল -
(i) পানী ছটিওৱা ব্যৱস্থা = পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ভূমিত এই ব্যৱস্থা অতি উপযোগী। এই পদ্ধতিত পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয়, তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। 
(ii) পানী নিগৰোৱা ব্যৱস্থা = এই ব্যৱস্থাত পানী নিগৰাই টোপ- টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । এই ব্যৱস্থাই উদ্ভিদক টোপ-টোপকৈ পানীৰ যোগান ধৰে। সেয়ে, পানীৰ মুঠেই অপচয় নহয়।


☑️ (৭) বৰ্ষা ঋতুত যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি হ'ব ? আলোচনা কৰা ।
উত্তৰ👉👉 ঘেঁহু হ'ল শীতকালত উৎপাদিত কৰা এবিধ ৰবি শস্য। সেইবাবে এই শস্যক বেছি পানীৰ প্ৰয়োজন নহয়। বৰ্ষা ঋতুত অধিক পৰিমাণে বৰষুণ হয়। বৰ্ষা ঋতুত অধিক পৰিমাণে বৰষুণ হয় বাবে ঘেঁহু শস্যৰ খেতি বৰ্ষা ঋতুত কৰাটো সুবিধাজনক নহয়। 


☑️ (৮) একে লেথাৰিয়ে শস্যৰ  উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা। (৫)
উত্তৰ👉👉 মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰব্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পোষক দ্ৰব্যৰ অতি প্ৰয়োজন। কিছুমান অঞ্চলৰ খেতিয়কে একেডৰা মাটিতে এবিধ শস্যৰ পাছত আনবিধ শস্যৰ খেতি কৰে। এনেদৰে একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰি থাকিলে মাটি ডৰাৰ পোষক দ্ৰব্যৰ কমি যায়। ফলত শস্য উৎপাদনত বাধা জন্মে। 


✅ (৯) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? (১০)
উত্তৰ👉👉 খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই অপ্ৰয়োজনীয় উদ্ভিদো গজে এই অনাৱশ্যকীয় উদ্ভিদ সমূহকে অপতৃণ বোলে। 
         অপতৃণ নিয়ন্ত্ৰণৰ উপায়সমূহ -
অপতৃণ বিলাক শস্যৰ বীজ সিঁচাৰ আগতে মাটি চহাওতে উঘালি মাৰি পেলাব লাগে। অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ কৰি অপতৃণ বিলাক ধ্বংস কৰিব পাৰি। 


✅ (১০) তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়।
উত্তৰ👉👉 কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা হ'ল - 
(৫) মাটি চহোৱা 
(৬) পথাৰত হাল বোৱা
(৪) বীজ সিঁচা/ ৰোৱা
(৭) সাৰ প্রয়োগ
(২) জলসিঞ্চন 
(৩) খেতি চপোৱা 
(১) চেনিৰ কাৰখানালৈ শস্য পঠোৱা।


✅ (১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।
উত্তৰ👉👉

                 👇পথালিকৈ - 👇
(১) গুটি 
উত্তৰ👉👉 বীজ
(৪) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া। 
উত্তৰ👉👉 ৰাইজ'বিয়াম

                 👇 তললৈ - 👇
(২) পথাৰত পানী যোগান ধৰা ব্যৱস্থা 
উত্তৰ👉👉 জলসিঞ্চন 
(৩) শীত কালত খেতি কৰা শস্য 
উত্তৰ👉👉 ৰবিশস্য
(৫) এবিধ ৰাসায়নিক সাৰ 
উত্তৰ👉👉 ইউৰিয়া
(৬) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম।
উত্তৰ👉👉 মৰণা 

 

No comments:

Post a Comment

SEBA Class X Mathematics Chapter 2 Exercise 2.3 Solutions

পাঠ ২ বহুপদ Polynomials Exercise 2.3 1. \(P(x) \) বহুপদটোক \(g(x) \) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ...