js

Wednesday, July 23, 2025

SEBA HSLC ASSAMESE GRAMMAR. এটা শব্দত প্রকাশ কৰা।

 HSLC ASSAMESE GRAMMAR.
এটা শব্দত প্রকাশ কৰা।
(1) যি কথাৰ অৰ্থ নাই। [HSLC 15]
উত্তৰ নিৰৰ্থক
(2) এবাৰ গুটি লাগি মৰা গছ। [HSLC 15]
উত্তৰ ঔষধি
(3) যি কণীৰ পৰা জন্মে। [HSLC 16]
উত্তৰ অণ্ডজ
(4) যাক সহজে লংঘন কৰিব নোৱাৰি। [HSLC 12]
উত্তৰ অলংঘ্য
(5) বাটেদি যোৱা মানুহ। [HSLC 12]
উত্তৰ বাটৰুৱা
(6) ঘৰতে থাকি কৰিব পৰা উদ্যোগ। [HSLC 13]
উত্তৰ কুটীৰ শিল্প
(7) যাৰ মৰণ নাই। [HSLC 13]
উত্তৰ আমৰণ
(8) যাক পৰিহাৰ কৰিব নোৱাৰি। [HSLC 14]
উত্তৰ অপৰিহাৰ্য
(9)কাঁহৰ বাচন গঢ়োতা। [HSLC 11, 13]
উত্তৰ কঁহাৰ
(10) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে। [HSLC 12]
উত্তৰ কৃতজ্ঞ, অকৃতঘ্ন
(11) মাটিৰ বাচন সাজোঁতা। [HSLC 12]
উত্তৰ কুমাৰ
(12) যিজনে ইন্দ্রিয় জয় কৰিব পাৰে। [HSLC 14]
উত্তৰ জিতেন্দ্রয়
(12) যিজনে ইন্দ্রিয় জয় কৰিব পাৰে। [HSLC 14]
উত্তৰ জিতেন্দ্রয়
(13) যাৰ কোনো শত্রু জন্মা নাই। [HSLC 14]
উত্তৰ অজাতশত্রু
(14) কঁঠালৰ সৰু কলি। [HSLC 14]
উত্তৰ মুচি
(15) পনীয়া গাখীৰ দিয়া গাইগৰু। [HSLC 15, 18]
উত্তৰ জলাহী
16) যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই। [HSLC 15]
উত্তৰ নাস্তিক
17) যি আগেয়ে হোৱা নাই। [HSLC 16]
উত্তৰ অভূতপূর্ব
(18) একে গুৰুৰ শিষ্য। [HSLC 16]
উত্তৰ সতীর্থ
(19) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।
[HSLC 16]
উত্তৰ অকৃতজ্ঞ, কৃতঘ্ন
(20) বিষ্ণুৰ ভকত যি তেওঁ। [HSLC 17]
উত্তৰ বৈষ্ণৱ
(21) ৰান্ধি খাব পৰা কলৰ পুলি। [HSLC 17]
উত্তৰ পচলা
(22) একে মাতৃৰ গৰ্ভত জন্ম যাৰ। [HSLC 17]
উত্তৰ সহোদৰ, সোদৰ
(23) একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক।
[HSLC 17]
উত্তৰ অঘৰী
(24) যি একেলগে পঢ়ে। [HSLC 18]
উত্তৰ সহপাঠী
(25) যাক মূল্য দি কিনিব নোৱাৰি। [HSLC 18]
উত্তৰ অমূল্য
(26) যাক পৰিত্যাগ কৰিব নোৱাৰি। [HSLC 18]
উত্তৰ অপৰিহাৰ্য
(27) ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি।[HSLC 19]
উত্তৰ: প্রত্যুৎপন্নমতি
(28) ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত।
[HSLC 19]
উত্তৰ প্ৰাতঃ স্মৰণীয়
(29) নেজ নমৰা বেঙৰ পোৱালি। [HSLC 19]
উত্তৰ: লালুকী
(30) কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী
মানুহ। [HSLC 20]
উত্তৰ
সঁজাতী
(31) চুহি খাব লগা বস্তু। [HSLC 20]
উত্তৰ: চুহ্য
(32) যি কোনো পক্ষ নলয়। [HSLC 22]
উত্তৰ: নিৰপেক্ষ
(33) যাৰ দয়া মমতা নাই। [HSLC 22]
উত্তৰ:নিৰ্দয়
(34) যি কথা কোৱা উচিত নহয়। [HSLC 22]
উত্তৰ অনুচিত
(35) যাৰ দুই হাত সমানে চলে। [HSLC 23]
উত্তৰ সব্যসাচী
(36) হঠাতে হোৱা ঘটনা। [HSLC 23]
উত্তৰ আকস্মিক
(37) যি সকলো জানে। [HSLC 23]
উত্তৰ সৰ্বজ্ঞ

No comments:

Post a Comment

SEBA Class X Mathematics Chapter 2 Exercise 2.3 Solutions

পাঠ ২ বহুপদ Polynomials Exercise 2.3 1. \(P(x) \) বহুপদটোক \(g(x) \) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ...