Class 10 Science Chapter 15 MCQ
(আমাৰ পৰিবেশ)
1. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?
(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা
(b) পুৰণি ফটা কাপোৰ
(c) প্লাষ্টিকৰ মোনা
(d) পুৰণি বাতৰি কাকত
Ans : (c) প্লাষ্টিকৰ মোনা
2. তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য?
(a) পলিবিনৰ মোনা
(b) আমৰ বাকলি
(c) ফালি যোৱা চামৰাৰ মোনা
(d) প্লাষ্টিকৰ বটল
Ans : (b) আমৰ বাকলি
3. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ'জনে বাধা দিয়ে-
(a) অৱলোহিত ৰশ্মি
(b) দৃশ্যমান পোহৰ
(c) অতিবেঙুনীয়া ৰশ্মি
(d) (a) আৰু (c) দুয়োটাই
Ans : (c) অতিবেঙুনীয়া ৰশ্মি
4. তলৰ কোনটোৰে এডাল খাদ্যশৃংখল গঠন কৰে?
(a) বাঁহ, গেছ, আৰু আম
(b) বাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
Ans : (b) বাঁহ, ছাগলী আৰু মানুহ
5. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্রান্তিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
Ans : (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
6. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) বাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু বাঘ
(c) ছাগলী, গৰু আৰু হাতী
(d) বাঁহ, মাছ আৰু ছাগলী
Ans : (b) ঘাঁহ, ছাগলী আৰু বাঘ
7. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস
(c) তোমাক মায়ে ফুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
Ans : (d) ওপৰৰ আটাইকেইটা অভ্যাস।
8. পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত কোৱা হয়-
(a) বায়'ল 'জী
(b) জুল'জী
(c) টেকনল'জী
(d) ইক'ল'জী
Ans : (d) ইক'ল'জী
9. পৰিস্থিতিতন্ত্ৰত উৎপাদক বোলা হয়-
(a) তৃণভোজী জন্তুক
(b) মাংসহাৰী জন্তুক
(c) সেউজীয়া উদ্ভিদক
(d) বিয়োজকক
Ans : (c) সেউজীয়া উদ্ভিদক
10. খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ-
(a) দ্বিতীয়ক উপভোক্তা
(b) তৃতীয়ক উপভোক্তা
(c) বিয়োজক
(d) উৎপাদক
Ans : (a) দ্বিতীয়ক উপভোক্তা
11. খাদ্য শৃংখলত শক্তিৰ ভঁৰাল হ'ল-
(a) সূর্য
(b) সেউজীয়া উদ্ভিদ
(c) দৃশ্যমান পোহৰ
(d) অতিবেঙুনীয়া ৰশ্মি
Ans : (a) সূর্য
12. কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে?
(a) উৎপাদকে
(b) বিয়োজকে
(c) অনুজীৱই
(d) শেলাইয়ে
Ans : (b) বিয়োজকে
13. তলৰ কোনটো বিয়োজক হয়-
(a) মানুহ
(b) উদ্ভিদ
(c) মাছ
(d) ভেকুৰ
Ans : (d) ভেকুৰ
14. তলৰ কোনটো পৰিঘটনাৰ বাবে আমাৰ খাদ্য বস্তুত কম পৰিমাণে হলেও কীটনাশক পদাৰ্থৰ অৱশিষ্ট ৰৈ যায়-
(a) খাদয় জাল
(b) পৰিস্থিতি তন্ত্র
(c) জৈবিক বিবর্ধক
(d) বিয়োজক
Ans : (c) জৈবিক বিবর্ধক
15. তলৰ কোনবিধ পদার্থ জীৱ অনিম্নীকৰণ-
(a) কাঠ
(b) কাগজ
(c) কপাহী কাপোৰ
(d) প্লাষ্টিক
Ans : (d) প্লাষ্টিক
js
Monday, July 28, 2025
SEBA Class 10 Science Chapter 15 MCQ (আমাৰ পৰিবেশ)
Subscribe to:
Post Comments (Atom)
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment