Assamese MCQs on chemical reactions:
1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) তাপবর্জী
উত্তৰঃ (b) বিযোজন
2. তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে?
(a) অপসাৰণ
(b) বিযোজন
(c) দ্বিঅপসৰণ
(d) সংযোজন
উত্তৰঃ (c) দ্বিঅপসৰণ
3. প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) তাপগ্রাহী
(b) তাপবর্জী
(c) সংযোজন
(d) অধঃক্ষেপণ
উত্তৰঃ (b) তাপবর্জী
4. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে—
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO
উত্তৰঃ (d) C, ZnO
5. MnO₂ + 4HCl → MnCl₂ + 2H₂O + Cl₂ — এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে—
(a) HCl, MnO₂
(b) HCl, MnCl₂
(c) MnO₂, HCl
(d) MnO₂, Cl₂
উত্তৰঃ (a) HCl, MnO₂
6. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল —
(a) মেগনেছিয়াম কাৰ্বনেট
(b) মেগনেছিয়াম নাইট্ৰেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্ৰক্সাইড
উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড
7. পোৰা চুণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) তাপবর্জী
(d) (a) আৰু (c)
উত্তৰঃ (d) (a) আৰু (c)
8. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয় –
(a) SO₂
(b) SO₃
(c) Fe₂O₃
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
9. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) তাপবর্জী
উত্তৰঃ (b) বিযোজন
10. লেড নাইট্ৰেট তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয় –
(a) PbO
(b) NO₂
(c) N₂
(d) O₂
উত্তৰঃ (c) N₂
11. ছিলভাৰ ব্ৰ'মাইড সূৰ্যৰ পোহৰত ছিলভাৰত পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ?
(a) বিযোজন
(b) সংযোজন
(c) তাপগ্রাহী
(d) (a) আৰু (c)
উত্তৰঃ (d) (a) আৰু (c)
12. কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বিঅপসৰণ
(d) সংযোজন
উত্তৰঃ (a) অপসৰণ
13. BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl – এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ?
(a) অপসৰণ
(b) দ্বিঅপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)
উত্তৰঃ (d) (b) আৰু (c)
14. 2Cu + O₂ → 2CuO – এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে –
(a) CuO, O₂
(b) Cu, O₂
(c) O₂, CuO
(d) Cu, CuO
উত্তৰঃ (b) Cu, O₂
15. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক'লা
(b) মুগা
(c) সেউজীয়া
(d) ৰঙা
উত্তৰঃ (c) সেউজীয়া
16. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক'লা
(b) সেউজীয়া
(c) মুগা
(d) মটীয়া
উত্তৰঃ (a) ক'লা
17. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে –
(a) মলি আঁতৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্ৰক্সাইডৰ তৰপটো আঁতৰাবলৈ
উত্তৰঃ (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
18. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া?
(a) 2AgCl → 2Ag + Cl₂
(b) 2H₂O → 2H₂ + O₂
(c) 2AgBr → 2Ag + Br₂
(d) CaCO₃ → CaO + CO₂
উত্তৰঃ (d) CaCO₃ → CaO + CO₂
19. এটা জঁকা সমীকৰণ সত্তলিত কৰাৰ ভিত্তি হ'ল –
(a) শক্তিৰ সংৰক্ষণৰ সূত্র
(b) স্থিৰানুপাত বিধি
(c) ভৰৰ নিত্যতা বিধি
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) ভৰৰ নিত্যতা বিধি
20. xPb(NO₃)₂ → yPbO + zNO₂ + O₂ – এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আৰু z ৰ মানবোৰ ক্ৰমে –
(a) 2, 3, 4
(b) 2, 2, 4
(c) 2, 2, 2
(d) 3, 2, 4
উত্তৰঃ (b) 2, 2, 4
21. কেলচিয়াম অক্সাইডত পানী যোগ কৰিলে –
(i) মিশ্ৰণৰ উষ্ণতা বাড়ে।
(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে।
(iii) কেলচিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়।
(iv) এটা তাপগ্রাহী বিক্ৰিয়া সংঘটিত হয়।
শুদ্ধ বিকল্পটো হ'ল –
(a) (i), (iii)
(b) (ii), (iii)
(c) (i), (iii), (iv)
(d) কেৱল (iv)
উত্তৰঃ (a) (i), (iii)
22. ছোডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –
(i) ছোডিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হয়।
(ii) এটা অপসৰণ বিক্রিয়া সংঘটিত হয়।
(iii) এটা দ্বিঅপসৰণ বিক্রিয়া সংঘটিত হয়।
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়।
শুদ্ধ বিকল্পটো হ'ল –
(a) (i), (ii), (iii)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)
উত্তৰঃ (d) (i), (iii), (iv)
23. তলৰ কোনটো সংযোজন বিক্রিয়া নহয়?
(a) CaO + H₂O → Ca(OH)₂
(b) C + O₂ → CO₂
(c) CH₄ + 2O₂ → CO₂ + 2H₂O
(d) 2H₂ + O₂ → 2H₂O
উত্তৰঃ (c) CH₄ + 2O₂ → CO₂ + 2H₂O
24. লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল –
(a) NO₂
(b) PbO
(c) O₂
(d) Pb
উত্তৰঃ (a) NO₂
25. বগা ছিলভাৰ ক্ল'ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব –
(a) বগা
(b) ৰঙা
(c) মটীয়া
(d) হালধীয়া
উত্তৰঃ (c) মটীয়া
26. তলৰ কোনটো বিক্ৰিয়া ক'লা-বগা ফটোগ্রাফীত ব্যৱহৃত হয়?
(a) Fe + CuSO₄ → FeSO₄ + Cu
(b) 2AgBr → 2Ag + Br₂
(c) 2H₂O → 2H₂ + O₂
(d) 2Pb(NO₃)₂ → 2PbO + 4NO₂ + O₂
উত্তৰঃ (b) 2AgBr → 2Ag + Br₂
27. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
(i) লেড বিজাৰিত হৈছে।
(ii) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে।
(iii) কাৰ্বন জাৰিত হৈছে।
(iv) লেড অক্সাইড বিজাৰিত হৈছে।
শুদ্ধ বিকল্পটো হ'ল –
(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (i), (ii) আৰু (iii)
(d) সকলো
উত্তৰঃ (a) (i) আৰু (ii)
28. Fe₂O₃ + 2Al → ...
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ –
(a) এটা সংযোজন বিক্ৰিয়া
(b) এটা দ্বিঅপসৰণ বিক্ৰিয়া
(c) এটা বিযোজন বিক্ৰিয়া
(d) এটা অপসৰণ বিক্ৰিয়া
উত্তৰঃ (d) এটা অপসৰণ বিক্ৰিয়া
29. কি ঘটে যেতিয়া লঘু হাইড্ৰোক্ল'ৰিক এছিড লোহাৰ গুৰিত যোগ কৰা হয়?
(a) হাইড্ৰজেন গেছ আৰু লোহাৰ ক্ল'ৰাইড উৎপন্ন হয়
(b) ক্ল'ৰিন গেছ আৰু লোহাৰ হাইড্ৰক্সাইড উৎপন্ন হয়
(c) বিক্ৰিয়া নঘটে
(d) লোহাৰ লৱণ আৰু পানী উৎপন্ন হয়
উত্তৰঃ (a) হাইড্ৰজেন গেছ আৰু লোহাৰ ক্ল'ৰাইড উৎপন্ন হয়
30. তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য?
(a) অৱস্থাৰ পৰিৱৰ্তন
(b) ৰঙৰ পৰিৱৰ্তন
(c) গেছৰ উদ্ভৱ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
No comments:
Post a Comment