Class X Science Control and Coordination MCQ
1. তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে-
(a) এক্সন।
(b) ডেনড্রাইট।
(c) মায়েলিন আৱৰণী।
(d) কোষদেহ।
উত্তৰঃ (b) ডেনড্রাইট।
2. এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়-
(a) বৈদ্যুতিক প্ৰেৰণা।
(b) চুম্বকীয় প্ৰেৰণা।
(c) তাপ।
(d) ৰাসায়নিক পদার্থ।
উত্তৰঃ (d) ৰাসায়নিক পদার্থ।
3. বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়-
(a) এক্সন।
(b) কোষদেহ।
(c) ডেনড্রাইট।
(d) মায়েলিন আৱৰণী।
উত্তৰঃ (a) এক্সন।
4. পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ'ল-
(a) ঐচ্ছিক ক্রিয়া।
(b) অনৈচ্ছিক ক্রিয়া।
(c) প্রতীপ ক্রিয়া।
(d) স্বতঃস্ফূর্ত ক্রিয়া।
উত্তৰঃ (c) প্রতীপ ক্রিয়া।
5. আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ –
(a) ঐচ্ছিক ক্রিয়া।
(b) প্রতীপ ক্রিয়া।
(c) অনৈচ্ছিক ক্রিয়া।
(d) হৃদ ক্রিয়া।
উত্তৰঃ (b) প্রতীপ ক্রিয়া।
6. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়-
(a) মস্তিষ্ক।
(b) স্নায়ু।
(c) স্নায়ুৰজ্জু।
(d) মেৰুদণ্ড।
উত্তৰঃ (c) স্নায়ুৰজ্জু।
7. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়-
(a) স্নায়ুতন্ত্র।
(b) প্রান্তীয় স্নায়ুতন্ত্র।
(c) প্রতীপ ক্রিয়া।
(d) প্রতীপ ধনু।
উত্তৰঃ (d) প্রতীপ ধনু।
৪. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ
(a) স্নায়ুৰজ্জু।
(b) মস্তিষ্ক।
(c) স্নায়ু।
(d) নিউৰণ।
উত্তৰঃ (b) মস্তিষ্ক।
9. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্র গঠিত হয়-
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(c) কেন্দ্রীয় স্নায়ুতন্ত্র।
(d) অন্তঃস্রাবী তন্ত্র।
উত্তৰঃ (c) কেন্দ্ৰীয় স্নায়ুতন্ত্র।
10. কেন্দ্রীয় স্নায়ুতন্ত্র আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্রবিধ হ'ল-
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) অন্তঃস্রাবী তন্ত্র।
(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(d) ৰেচন তন্ত্র।
উত্তৰঃ (a) প্ৰান্তীয় স্নায়ুতন্ত্র।
11. তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ-
(a) মধ্যমস্তিষ্ক।
(b) ছেৰিবেলাম।
(c) প্রমস্তিষ্ক।
(d) মেদুলা।
উত্তৰঃ (c) প্ৰমস্তিষ্ক।
12. আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ'ল-
(a) মেদুলা।
(b) ছেৰিবেলাম।
(c) মধ্যমস্তিষ্ক।
(d) প্রমস্তিষ্ক।
উত্তৰঃ (d) প্ৰমস্তিষ্ক।
13. ঐচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি -
(a) প্রমস্তিষ্ক।
(b) মধ্যমস্তিষ্ক।
(c) পশ্চাদ মস্তিষ্ক।
(d) স্নায়ুৰজ্জু।
উত্তৰঃ (a) প্ৰমস্তিষ্ক।
14. ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্রিয়া নিয়ন্ত্রণ কৰা মস্তিষ্কৰ অংশটি-
(a) প্রমস্তিষ্ক।
(b) মধ্যমস্তিষ্ক।
(c) মেদুলা।
(d) ছেৰিবেলাম।
উত্তৰঃ (c) মেদুলা।
15. ৰচী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়া- কলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি-
(a) মেদুলা।
(b) ছেৰিবেলাম।
(c) ছেৰিব্ৰাম।
(d) মধ্যমস্তিষ্ক।
উত্তৰঃ (b) ছেৰিবেলাম।
16. তলৰ কোনবিধ অণুৰ পুনৰসজ্জাৰ দ্বাৰা প্ৰাণীৰ পেশীকোষে কোনো স্নায়বিক প্ৰেৰণাৰ প্ৰতিক্ৰিয়া স্বৰূপে চলন দেখুৱায়।
(a) লিপিড।
(b) কার্বহাইড্রেট।
(c) প্রটিন।
(d) পানী।
উত্তৰঃ (c) প্ৰটিন।
17. তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয়-
(a) পোহৰৰ দিশত কাণ্ড বেকা হোৱা।
(b) সংবেদনশীল উদ্ভিদৰ পাত জই পৰা।
(c) কাণ্ডৰ ঊর্ধ্বমুখী চলন।
(d) পানীৰ দিশলৈ শিপা বেকা হোৱা।
উত্তৰঃ (b) সংবেদনশীল উদ্ভিদৰ পাত জই পৰা।
18. তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদকোষে নিজৰ আকৃতি সলনি কৰে-
(a) প্ৰটিনৰ পুনৰসজ্জাৰ দ্বাৰা।
(b) কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি।
(c) পানীৰ বাষ্পীভৱনৰ দ্বাৰা।
(d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা।
উত্তৰঃ (d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা।
19. তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়-
(a) জলানুবেগী।
(b) ৰসায়নুবেগী।
(c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্রতিক্রিয়াত চলন।
(d) ভূকেন্দ্রাবেগী।
উত্তৰঃ (c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন।
20. পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয়-
(a) জলানুবেগী।
(b) ভূকেন্দ্রাবেগী।
(c) ৰসায়নুবেগী।
(d) পোহৰানুবেগী।
উত্তৰঃ (b) ভূকেন্দ্ৰাবেগী।
21. ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ-
(a) ভূকেন্দ্রাবেগী।
(b) পোহৰানুবেগী।
(c) ৰসায়নুবেগী।
(d) জলানুবেগী।
উত্তৰঃ (c) ৰসায়নুবেগী।
22. বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সাধিত হয়-
(a) হৰম'ন।
(b) বৈদ্যুতিক প্ৰেৰণা।
(c) চুম্বকীয় সংকেত।
(d) পোহৰ।
উত্তৰঃ (a) হৰম'ন।
23. উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা উদ্ভিদ হৰম'নবিধ-
(a) জিবাৰেলিন।
(b) অক্সিন।
(c) ছাইট'কাইনিন।
(d) ইথিলিন।
উত্তৰঃ (b) অক্সিন।
24. তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি হৰম'ন নহয়-
(a) অক্সিন।
(b) ছাইট'কাইনিন।
(c) এবছিছিক এছিড।
(d) জিবাৰেলিন।
উত্তৰঃ (c) এবছিছিক এছিড।
25. উদ্ভিদদেহত কোষ বিভাজনত সহায় কৰা হন নবিধ হল-
(a) ছাইট'কাইনিন।
(b) অক্সিন।
(c) জিবাৰেলিন।
(d) এবছিছিক এছিড।
উত্তৰঃ (a) ছাইট'কাইনিন।
26. উদ্ভিদৰ পাত লেৰেলি যোৱাৰ লগত জড়িত উদ্ভিদ হৰম'নবিধ-
(a) ছাইটকাইনিন।
(b) এবছিছিক এছিড।
(c) জিবাৰেলিন।
(d) অক্সিন।
উত্তৰঃ (b) এবছিছিক এছিড।
27. উদ্ভিদদেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম'নবিধ-
(a) ছাইট'কাইনিন।
(b) জিবাৰেলিন।
(c) অক্সিন।
(d) এবছিছিক এছিড।
উত্তৰঃ (d) এবছিছিক এছিড।
28. তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম'নসমূহ অংশ-
(a) কেন্দ্রীয় স্নায়ুতন্ত্র।
(b) প্রান্তীয় স্নায়ুতন্ত্র।
(c) অন্তঃস্রাবী তন্ত্র।
(d) পাচন তন্ত্র।
উত্তৰঃ (c) অন্তঃস্রাবী তন্ত্র।
29. তলৰ কোনটো হৰম'ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়-
(a) থাইৰ 'ক্সিন।
(b) ইনচুলিন।
(c) বৃদ্ধি হৰম'ন।
(d) এষ্ট্র'জেন।
উত্তৰঃ (a) থাইৰ 'ক্সিন।
30. তলৰ কোনটো হৰম'নৰ অভাৱত গৰল ৰোগ হয় –
(a) ইনচুলিন।
(b) টেষ্ট'ষ্টাৰণ।
(c) থাইৰ'ক্সিন।
(d) এড্রিনেলিন।
উত্তৰঃ (c) থাইৰ'ক্সিন।
31. তলৰ কোনটো হৰম'নৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে-
(a) থাইৰ'ক্সিন।
(b) ইনচুলিন।
(c) এষ্ট্র'জেন।
(d) এড্রিনেলিন।
উত্তৰঃ (b) ইনচুলিন।
32. শৈশৱ কালত হোৱা তলৰ কোনটো হৰম'নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে –
(a) থাইৰ'ক্সিন।
(b) ইনচুলিন।
(c) এড্রিনেলিন।
(d) বৃদ্ধি হৰম'ন।
উত্তৰঃ (d) বৃদ্ধি হৰম'ন।
33. পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ-
(a) এষ্ট্র'জেন।
(b) টেষ্ট'ষ্টাৰণ।
(c) এড্রিনেলিন।
(d) থাইৰ 'ক্সিন।
উত্তৰঃ (b) টেষ্ট'ষ্টাৰণ।
34. স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ—
(a) টেষ্ট'ষ্টাৰণ।
(b) ইনচুলিন।
(c) থাইৰ 'ক্সিন।
(d) এষ্ট্র'জেন।
উত্তৰঃ (d) এষ্ট্ৰ'জেন।
35. পিটুইটাৰী গ্রন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল-
(a) থাইৰ'ক্সিন।
(b) ইনচুলিন।
(c) বৃদ্ধি হৰম'ন।
(d) টেষ্ট'ষ্টাৰণ।
উত্তৰঃ (c) বৃদ্ধি হৰম'ন।
36. অগ্নাশয়ে ক্ষৰণ কৰা হৰম'নবিধ -
(a) ইনচুলিন।
(b) এড্রিনেলিন।
(c) বৃদ্ধি হৰম'ন।
(d) এষ্ট্র'জেন।
উত্তৰঃ (a) ইনচুলিন।
37. থাই ৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ –
(a) এড্রিনেলিন।
(b) বৃদ্ধি হৰম'ন।
(c) থাইৰ'ক্সিন।
(d) ইনচুলিন।
উত্তৰঃ (c) থাইৰ'ক্সিন।
38. শুক্রাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল -
(a) এষ্ট্র'জেন।
(b) টেষ্ট'ষ্টাৰণ।
(c) বৃদ্ধি হৰম'ন।
(d) ইনচুলিন।
উত্তৰঃ (b) টেষ্ট'ষ্টাৰণ।
39. ডিম্বাশয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল-
(a) এষ্ট্র'জেন।
(b) ইনচুলিন।
(c) থাইৰ 'ক্সিন।
(d) টেষ্ট'ষ্টাৰণ।
উত্তৰঃ (a) এষ্ট্ৰ'জেন।
40. তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত হোৱা ৰোগ-
(a) মেলেৰিয়া।
(b) কুকুৰীকণা।
(c) ডায়েবেটিছ।
(d) উচ্চ ৰক্তচাপ।
উত্তৰঃ (c) ডায়েবেটিছ।
41. তলৰ কোনবিধ হৰম'নৰ অভাৱত হোৱা ৰোগ বা অবস্থা নহয়-
(a) গৰল।
(b) ডায়েবেটিছ।
(c) বাওনা হোৱা।
(d) উচ্চ ৰক্তচাপ।
উত্তৰঃ (d) উচ্চ ৰক্তচাপ।
42. তলৰ কোনবিধ প্ৰাণী হৰম'নে বিপদসংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ লগত
মোকাবিলা কৰিবলৈ সাজু কৰি তোলে-
(a) এড্রিনেলিন।
(b) বৃদ্ধি হৰম'ন।
(c) থাইৰ'ক্সিন।
(d) ইনচুলিন।
উত্তৰঃ (a) এড্রিনেলিন।
43. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে দায়ী মস্তিষ্কৰ অংশটো হ'ল-
(a) প্রমস্তিষ্ক।
(b) মধ্যমস্তিষ্ক।
(c) পশ্চাৎমস্তিষ্ক।
(d) হাইপ'থেলামাচ।
উত্তৰঃ (a) প্ৰমস্তিষ্ক।
js
Wednesday, July 30, 2025
SEBA Class X Science Control and Coordination MCQ
Subscribe to:
Post Comments (Atom)
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment