js

Wednesday, July 30, 2025

SEBA Class X Science Heredity and Evolution MCQ

 Class X Science Heredity and Evolution MCQ


1. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম –
(a) TT
(b) Tt
(c) tt
(d) tT

উত্তৰঃ (c) tt

2. তলৰ কোনযোৰ যৌন ক্ৰম জ'মে এটি ছোৱালী শিশুক সূচায়-
(a) XY
(b) XX
(c) YY
(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (b) XX

3. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ-
(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং।
(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং।
(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত।
(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

4. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্রকাশ পাব-
(a) F₂ জনুত।
(b) F3 জনুত।
(c) F₁ জনুত।
(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (a) F₂ জনুত।

5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় -
(a) 1:9
(b) 9:3:3:1
(c) 3:1
(d) 9:1:3:3

উত্তৰঃ (c) 3 : 1

6. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়-
(a) 9:1:1:3
(b) 9:3:3:1
(c) 1:3:9:3
(d) 9:3:1:3

উত্তৰঃ (b) 9:3:3:1

7. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয় –
(a) ডাৰউইন।
(b) জোহানসেন।
(c) বেটিছন।
(d) মেণ্ডেল।

উত্তৰঃ (d) মেণ্ডেল।

৪. বংশগতিৰ ভৌতিক আধাৰ হ'ল-
(a) কোষকেন্দ্র।
(b) কোষপ্ৰৰস।
(c) ক্রম'জ'ম।
(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (c) ক্ৰম'জ'ম।

9. জীৱৰ ক্ৰমবিকাশ প্রক্রিয়াত, যি প্রক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়-
(a) প্ৰজাতিকৰণ।
(b) ক্রমবিকাশ।
(c) বংশানুক্রম।
(d) বিভিন্নতা।

উত্তৰঃ (a) প্ৰজাতিকৰণ।

10. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল। ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়-
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw

উত্তৰঃ (c) TtWW

11. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল -
(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং।
(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত।
(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে-
(a) এজন চীনা স্কুলীয়া ল'ৰা।
(b) এটা চিম্পাঞ্জী।
(c) এটা মকৰা।
(d) এটা বেক্টেৰিয়া।

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল'ৰা।

13. বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কাৰ্যত একে ধৰণৰ অংগবোৰ হ'ল-
(a) সমসংস্থ।
(b) সমবৃত্তিক।
(c) নিকটবর্তী।
(d) অৱশেষাংগ।

উত্তৰঃ (b) সমবৃত্তিক।

14. মানুহৰ বিকাশ হৈছিল-
(a) এছিয়া।
(b) আফ্রিকা।
(c) অস্ট্রেলিয়া।
(d) ইউৰোপ।

উত্তৰঃ (b) আফ্রিকা।

15. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ'ল
(a) সমসংস্থ।
(b) সমবৃত্তিক।
(c) নিকটৱৰ্তী।
(d) অৱশেষাংগ।

উত্তৰঃ (a) সমসংস্থ।

No comments:

Post a Comment