js

Wednesday, July 30, 2025

SEBA Class X Science Human Eye and Colourful World MCQ

 Class X Science Human Eye and Colourful World MCQ

1. তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ'কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়-
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) স্ফটিকীয় লেন্‌ছ।
(d) চকুৰ মণি।

উত্তৰঃ (c) স্ফটিকীয় লেন্‌ছ।

2. তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে –
(a) চকুৰ মণি।
(b) কর্ণিয়া।
(c) লেন্‌ছ।
(d) চিলিয়াৰী পেশী।

উত্তৰঃ (a) চকুৰ মণি।

3. তলৰ কোনটো অংশই চকুৰ লেন্‌দ্ৰৰ বক্ৰতা সলনি কৰে?
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) চকুৰ মণি।
(d) চিলিয়াৰী পেশী।

উত্তৰঃ (d) চিলিয়াৰী পেশী।

4. সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা-
(a) অসীম।
(b) 25cm
(c) 2.5 cm
(d) 250m

উত্তৰঃ (b) 25cm

5. সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা-
(a) 25 cm
(b) 100 cm
(c) অসীমত।
(d) 100km

উত্তৰঃ (c) অসীমত।

6. কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ'লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব-
(a) মায়'পিয়া।
(b) হাইপাৰমেট্ৰ 'পিয়া।
(c) প্রেছবায়'পিয়া।
(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) মায়'পিয়া।

7. কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ'লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ'ব-
(a) প্রেছবায়'পিয়া।
(b) মায়'পিয়া।
(c) হাইপাৰমেট্ৰ'পিয়া।
(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) হাইপাৰমেট্ৰ'পিয়া।

৪. বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ'ল–
(a) মায়'পিয়া।
(b) প্রেছবায়'পিয়া।
(c) হাইপাৰমেট্ৰ'পিয়া।
(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) প্ৰেছবায়'পিয়া।

9. প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়-
(a) প্রিজমৰ কোণ।
(b) নির্গত কোণ।
(c) প্ৰতিসৰণ কোণ।
(d) বিচ্যুতি কোণ।

উত্তৰঃ (d) বিচ্যুতি কোণ।

10. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়?
(a) নীলা।
(b) বেঙুনীয়া।
(c) ৰঙা।
(d) কমলা।

উত্তৰঃ (c) ৰঙা।

11. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ কেঁকা হয়?
(a) বেঙুনীয়া।
(b) ৰঙা।
(c) হালধীয়া।
(d) নীল।

উত্তৰঃ (a) বেঙুনীয়া।

12. সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্রিজমৰ ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীগৰাকী আছিল-
(a) গেলিলিঅ'।
(b) টিণ্ডেল।
(c) নিউটন।
(d) ফ্লেমিং।

উত্তৰঃ (c) নিউটন।

13. বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ'ল-
(a) প্রতিফলন।
(b) প্ৰতিসৰণ।
(c) বিক্ষেপণ।
(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

14. তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্রিম সূর্যোদয় আৰু পলম সূর্যাস্ত দেখো-
(a) প্ৰতিসৰণ।
(b) প্রতিফলন।
(c) বিচ্ছুৰণ।
(d) বিক্ষেপণ।

উত্তৰঃ (a) প্ৰতিসৰণ।

15. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত-
(a) প্রতিফলন।
(b) বিক্ষেপণ।
(c) বিচ্ছুৰণ।
(d) প্ৰতিসৰণ।

উত্তৰঃ (d) প্ৰতিসৰণ।

16. অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং –
(a) বগা।
(b) নীলা।
(c) ৰঙা।
(d) বেঙুনীয়া।

উত্তৰঃ (b) নীলা।

17. মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল –
(a) বিচ্ছুৰণ।
(b) প্ৰতিসৰণ।
(c) বিক্ষেপণ।
(d) প্রতিফলন।

উত্তৰঃ (c) বিক্ষেপণ।

18. ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং-
(a) নীলা।
(b) ৰঙা।
(c) বগা।
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) বগা।

19. সূর্যোদয় আৰু সূর্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল-
(a) প্রতিফলন।
(b) বিচ্ছুৰণ।
(c) প্ৰতিসৰণ।
(d) বিক্ষেপণ।

উত্তৰঃ (d) বিক্ষেপণ।

20. চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং-
(a) নীলা।
(b) বেঙুনীয়া।
(c) ক'লা।
(d) ৰঙা।

উত্তৰঃ (c) ক'লা।

21. ব্যক্তি এগৰাকীৰ চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ'ল –
(a) মায়'পিয়া।
(b) প্রেছবায়'পিয়া।
(c) কেটেৰেক্ট।
(d) হাইপাৰমেট্ৰ'পিয়া।

উত্তৰঃ (a) মায়'পিয়া।

22. ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো –
(a) মায়'পিয়া।
(b) হাইপাৰমেট্ৰ'পিয়া।
(c) কেটেৰেক্ট।
(d) প্রেছবায়'পিয়া।

উত্তৰঃ (b) হাইপাৰমেট্ৰ'পিয়া।

23. চকুৰ কোনটো অংশই পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে –
(a) কর্ণিয়া।
(b) নেত্র-স্নায়ু।
(c) অক্ষিপট।
(d) চিলিয়াৰী পেশী।

উত্তৰঃ (c) অক্ষিপট।

24. চকুৰ কোনটো অংশই বৈদ্যুতিক সংকেতক মস্তিষ্কলৈ প্ৰেৰণা কৰে-
(a) অক্ষিপট।
(b) নেত্র – স্নায়ু।
(c) চিলিয়াৰী পেশী।
(d) নেত্রমেদ।

উত্তৰঃ (b) নেত্ৰ-স্নায়ু।

25. বগা পোহৰ সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যোৱা পৰিঘটনাটো হ'ল –
(a) প্ৰতিসৰণ।
(b) প্রতিফলন।
(c) বিক্ষেপণ।
(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

26. ৰামধেনু-
(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়।
(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।
(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে।
(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।

27. যেতিয়া আমি দূৰৰ কোনো বস্তুলৈ লক্ষ্য কৰো, তেতিয়া-
(a) চিলিয়াৰী পেশীবোৰ শিথিল অৱস্থাত থাকে।
(b) চকুৰ লেখন খীণ হয়।
(c) চকুৰ লেন্‌দ্ৰৰ ফ'কাছ দৈর্ঘ্য বাড়ে।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

28. যেতিয়া আমি ওচৰৰ বস্তুলৈ লক্ষ্য কৰো, তেতিয়া –
(a) চিলিয়াৰী পেশীৰ সংকোচন ঘটে।
(b) চকুৰ লেন্‌দ্ৰৰ বক্রতা কমে।
(c) চকুৰ লেন্‌দ্ৰৰ ফ'কাছ দৈর্ঘ্য বাড়ে।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (a) চিলিয়াৰী পেশীৰ সংকোচন ঘটে।

29. মায়পিয়া বিকাৰত ভোগা ব্যক্তি এগৰাকীৰ বাবে-
(a) চকুৰ দুৰ বিন্দু অসীমতকৈ ওচৰত থাকে।
(b) চকুৰ লেন্‌ছে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে।
(c) দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয়, কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

30. ব্যক্তি এগৰাকীয়ে দূৰ দৃষ্টি প্রস্ততাত ভুগিছে।
(i) তেওঁৰ চকুৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক 25cm তকৈ অধিক দূৰত্বত অৱস্থিত হৈছে।
(ii) তেওঁৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি আহিচকুৰ পৰা ওচৰৰ আন এটা বিন্দুত অৱস্থিত হৈছে।
(iii) চকুৰ লেন্‌ছে ওচৰৰ কোনো বস্তুৰ পৰা অহা পোহৰ ৰশ্মি অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ
অভিসাৰী কৰে।
(iv) চকুৰ লেন্‌ছে দূৰৰ কোনো বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি অক্ষিপটৰ সন্মুখত গঠন কৰে।
ইয়াৰে শুদ্ধ উক্তি/ উক্তিবোৰ হ'ল-
(a) (i), (iii) আৰু (iv)
(b) (i) আৰু (iii)
(c) (ii) আৰু (iv)
(d) (ii) আৰু (iii)

উত্তৰঃ (b) (i) আৰু (iii)

31. প্রিজমৰ দুখন আয়তাকাৰ পার্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোক বোলা হয়-
(a) বিচ্যুতি কোণ।
(b) প্রিজমৰ কোণ।
(c) পৃষ্ঠীয় কোণ।
(d) পার্শ্বীয় কোণ।

উত্তৰঃ (b) প্রিজমৰ কোণ।

32. অতি উচ্চতাত উৰা বিমানযাত্ৰীয়ে আকাশখন ক'লা দেখে কাৰণ-
(a) এনে উচ্চতাত পোহৰ বিক্ষেপিত হৈ শেষ হৈ যায়।
(b) দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যতকৈ কণাৰ আকাৰ সৰু।
(c) এনে উচ্চতাত বায়ুমণ্ডল নাথাকে।
(d) এনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

উত্তৰঃ (d) এনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

33. সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণ হ'ল –
(a) বায়ুমণ্ডলীয় প্রতিসৰণ।
(b) বিক্ষেপণ।
(c) বিচ্ছুৰণ।
(d) প্রতিফলন।

উত্তৰঃ (a) বায়ুমণ্ডলীয় প্ৰতিসৰণ।

34. গ্ৰহবোৰে তিৰবিৰ নকৰে। কাৰণ-
(a) ইহঁত পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত।
(b) ইহঁত পোহৰৰ বিন্দু উৎস।
(c) ইহঁতৰ পৰা অহা পোহৰৰ প্ৰতিসৰণ নঘটে।
(d) ইঁহতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি।

উত্তৰঃ (d) ইঁহতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি।

35. বিপদ সংকেত বুজোৱা পোহৰৰ ৰং ৰঙা। ইয়াৰ কাৰণ হ'ল-
(a) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি বেছিকৈ হয়।
(b) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি কমকৈ হয়।
(c) ৰঙা ৰঙৰ পোহৰৰ বিচ্ছুৰণ নঘটে।
(d) ৰঙা ৰঙৰ পোহৰ বিচ্ছুৰিত হয়।

উত্তৰঃ (b) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি কমকৈ হয়।

36. মহাকাশচাৰী এজনে আকাশৰ ৰং ক'লা দেখাৰ কাৰণ-
(a) মহাকশত পোহৰৰ বিচ্ছুৰণ নঘটে।
(b) মহাকাশত পোহৰৰ প্ৰতিফলন নঘটে।
(c) মহাকশত পোহৰৰ বিক্ষেপণ নঘটে।
(d) মহাকাশত পোহৰৰ প্ৰতিসৰণ নঘটে।

উত্তৰঃ (c) মহাকশত পোহৰৰ বিক্ষেপণ নঘটে।

37. তলৰ কোনটোৱে টিণ্ডেল ক্রিয়া দেখুৱাব?
(a) চেনিৰ দ্ৰৱ।
(b) নিমখৰ দ্ৰৱ।
(c) কপাৰ ছালফেটৰ দ্ৰৱ।
(d) শ্বেতসাৰৰ দ্ৰৱ।

উত্তৰঃ (d) শ্বেতসাৰৰ দ্ৰৱ।

38. মায়'পিক চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান-
(a) ৰেটিনা ত।
(b) ৰেটিনাৰ সমুখত।
(c) ৰেটিনাৰ পিছত।
(d) স্ফটিকীয় লেন্থত।

উত্তৰঃ (b) ৰেটিনাৰ সমুখত।

39. হাইপাৰমেট্ৰ'পিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান-
(a) ৰেটিনাত।
(b) ৰেটিনাৰ সমুখত।
(c) ৰেটিনাৰ পিছত।
(d) স্ফটিকীয় লেন্থত।

উত্তৰঃ (c) ৰেটিনাৰ পিছত।


No comments:

Post a Comment