Redirect Image

js

Sunday, November 23, 2025

নিয়ন্ত্ৰণ আৰু সমন্বয় MCQ

 


1. উদ্ভিদদেহত কোষ বিভাজনত সহায় কৰা হৰম’নবিধ—

(a)চাইট’কাইনিন

(b) অক্সিন

(c) জিবাৰেলিন

(d) এবচাইচিচ এচিড

Ans : (a)চাইট’কাইনিন


2. দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা—

(a) এক্সন আৰু ডেনড্রাইট

(b) এক্সন আৰু হাইড্ৰাইট

(c) এক্সন আৰু থাইমাচ

(d) ওপৰৰ এটাও নহয়

Ans : (a) এক্সন আৰু ডেনড্রাইট


3. হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ?

(a) ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা

(b) ফিড্‌-আপ পদ্ধতিৰ দ্বাৰা

(c) নন-ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা

(d) ওপৰৰ এটাও নহয়

Ans : (a) ফিড্‌-বেক পদ্ধতিৰ দ্বাৰা


4. উদ্ভিদৰ পাত সৰি যোৱাৰ লগত জড়িত উদ্ভিদ হৰম’নবিধ —

(a) চাইট’কাইনিন

(b) এবচাইচিচ এচিড

(c) জিবাৰেলিন

(d) অক্সিন

Ans : (b) এবচাইচিচ এচিড


5. অগ্নাশ গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ—

(a) ইনচুলিন

(b) এড্রিনেলিন

(c) বৃদ্ধি হৰম’ন

(d) এষ্ট্ৰ’জেন

Ans : (a) ইনচুলিন


6. মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকাৰ্য্য নিয়ন্ত্ৰণ কৰে, সেইটো হ’ল—

(a) কৰোটি

(b) চেৰিব্ৰাম

(c) চেৰিবেলাম

(d) মেডুলা

Ans : (c) চেৰিবেলাম


7. তলৰ কোনটো হৰম’নৰ অভাৱত গৰল ৰোগ হয়—

(a) ইনচুলিন

(b) টেষ্ট ষ্টাৰণ

(c) থাইৰ’ক্সিন

(d) এড্রিনেলিন

Ans : (c) থাইৰ’ক্সিন


8. উদ্ভিদদেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম’নবিধ —

(a) চাইট’কাইনিন

(b) জিবাৰেলিন

(c) অক্সিন

(d) এবচাইচিচ এচিড

Ans : (d) এবচাইচিচ এচিড


9. পৰিৱেশৰ কোনো পৰিবৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—

(a) ঐচ্ছিক ক্রিয়া

(b) অনৈচ্ছিক ক্রিয়া

(c) প্রতীপ ক্রিয়া

(d) স্বতঃস্ফূর্ত ক্রিয়া

Ans : (c) প্রতীপ ক্রিয়া


10. আমাৰ ভোক লাগিলে লালটি ক্ষণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ—

(a) ঐচ্ছিক ক্রিয়া

(b) প্রতীপ ক্রিয়া

(c) অনৈচ্ছিক ক্রিয়া

(d) ৰাসায়নিক ক্রিয়া

Ans : (b) প্রতীপ ক্রিয়া


11. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ—

(a) স্নায়ুৰজ্জু

(b) মস্তিষ্ক

(c) স্নায়ু

(d) নিউৰণ

Ans : (b) মস্তিষ্ক


12. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—

(a) প্রান্তীয় স্নায়ুতন্ত্র

(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র

(c) কেন্দ্রীয় স্নায়ুতন্ত্র

(d) অন্তঃস্রাবী তন্ত্র

Ans : (c) কেন্দ্রীয় স্নায়ুতন্ত্র


13. কেন্দ্রীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্রবিধ হ’ল—

(a) প্রান্তীয় স্নায়ুতন্ত্র

(b) অন্তঃস্রাবী তন্ত্র

(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র

(d) ৰেচন তন্ত্ৰ

Ans : (a) প্রান্তীয় স্নায়ুতন্ত্র


14. তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য কৰা অংশ—

(a) মধ্যমস্তিষ্ক

(b) চেৰিবেলাম

(c) প্রমস্তিষ্ক

(d) মেডুলা

Ans : (c) প্রমস্তিষ্ক


15. আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টি সংবেদন গ্ৰহণ কৰা অংশটি হ’ল—

(a) মেডুলা

(b) চেৰিবেলাম

(c) মধ্যমস্তিষ্ক

(d) প্রমস্তিষ্ক

Ans : (d) প্রমস্তিষ্ক


16. ঐচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি—

(a) প্রমস্তিষ্ক

(b) মধ্যমস্তিষ্ক

(c) পশ্চাৎ মস্তিষ্ক

(d) স্নায়ুৰজ্জু

Ans : (a) প্রমস্তিষ্ক


17. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়—

(a) মস্তিষ্ক

(b) স্নায়ু

(c) স্নায়ুৰজ্জু

(d) মেৰুদণ্ড

Ans : (c) স্নায়ুৰজ্জু


18. তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয় —

(a) পোহৰৰ দিশত কাণ্ড বেকা হোৱা

(b) সংবেদনশীল উদ্ভিদৰ পাত জঁই পৰা

(c) কাণ্ডৰ ঊৰ্ধ্বমুখী চলন

(d) পানীৰ দিশলৈ শিপা বেকা হোৱা

Ans : (b) সংবেদনশীল উদ্ভিদৰ পাত জঁই পৰা


19. তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদকোষে নিজৰ আকৃতি সলনি কৰে —

(a) প্ৰটিনৰ পুনৰসজ্জাৰ দ্বাৰা

(b) কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি

(c) পানীৰ বাষ্পীভৱনৰ দ্বাৰা

(d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা

Ans : (d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা


20. তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়—

(a) জলানুবেগী

(b) ৰসায়নুবেগী

(c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন

(d) ভূকেন্দ্রাবেগী

Ans : (c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন


21. পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয়—

(a) জলানুবেগী

(b) ভূকেন্দ্রাবেগী

(c) ৰসায়নুবেগী

(d) পোহৰানুবেগী

Ans : (b) ভূকেন্দ্রাবেগী


22. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়—

(a) মস্তিষ্ক

(b) স্নায়ু

(c) স্নায়ুৰজ্জু

(d) মেৰুদণ্ড

Ans : (c) স্নায়ুৰজ্জু


23. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়—

(a) স্নায়ুতন্ত্র

(b) প্রান্তীয় স্নায়ুতন্ত্র

(c) প্রতীপ ক্রিয়া

(d) প্রতীপ ধনু

Ans : (d) প্রতীপ ধনু


24. ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ—

(a) ভূকেন্দ্রাবেগী

(b) পোহৰানুবেগী

(c) ৰসায়নুবেগী

(d) জলানুবেগী

Ans : (c) ৰসায়নুবেগী


25. বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সাধিত হয় —

(a) হৰম’ন

(b) বৈদ্যুতিক প্ৰেৰণা

(c) চুম্বকীয় সংকেত

(d) পোহৰ

Ans : (a) হৰম’ন


26. তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম’নসমূহ অংশ—

(a) কেন্দ্রীয় স্নায়ুতন্ত্র

(b) প্রান্তীয় স্নায়ুতন্ত্র

(c) অন্তঃস্রাবী তন্ত্র

(d) পাচন তন্ত্র

Ans : (c) অন্তঃস্রাবী তন্ত্র


27. তলৰ কোনটো হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়—

(a) থাইৰ ‘ক্সিন

(b) ইনচুলিন

(c) বৃদ্ধি হৰম’ন

(d) এষ্ট্ৰ’জেন

Ans : (a) থাইৰ ‘ক্সিন


28. তলৰ কোনটো হৰম’নৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে—

(a) থাইৰ ‘ক্সিন

(b) ইনচুলিন

(c) এই জেন

(d) এড্রিনেলিন

Ans : (b) ইনচুলিন


29. শৈশৱ কালত হোৱা তলৰ কোনটো হৰম’নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে—

(a) থাইৰ ‘ক্সিন

(b) ইনচুলিন

(c) এড্রিনেলিন

(d) বৃদ্ধি হৰমন বা দেহবৰ্ধনকাৰী হৰমন

Ans : (d) বৃদ্ধি হৰমন বা দেহবৰ্ধনকাৰী হৰমন


30. পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হম’নবিধ —

(a) এষ্ট্ৰ’জেন

(b) টেষ্ট’টেৰন

(c) অভিনেলিন

(d) থাইৰ ‘ক্সিন

Ans : (b) টেষ্ট’টেৰন


31. স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ—

(a) টেষ্ট’টেৰন

(b) ইনচুলিন

(c) থাইৰ ‘ক্সিন

(d) এষ্ট্ৰ’জেন

Ans : (d) এষ্ট্ৰ’জেন


32. পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ —

(a) থাইৰ ‘ক্সিন

(b) ইনচুলিন

(c) বৃদ্ধি হৰম’ন

(d) টেষ্ট’টেৰন

Ans : (c) বৃদ্ধি হৰম’ন


33. থাই ৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ —

(a) এড্রিনেলিন

(b) বৃদ্ধি হৰম’ন

(c) থাইৰ’ক্সিন

(d) ইনচুলিন

Ans : (c) থাইৰ’ক্সিন

No comments:

Post a Comment

Indian Economy MCQ Set-20

Indian Economy MCQ Set-20 Q.1  Which of the following is the biggest contributor of foreign exchang...