1. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ?
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় শক্তি
(d) বায়ু শক্তি
Ans : (b) জীৱভৰ
2. তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস —
(a) বায়ু শক্তি
(b) জল শক্তি
(c) জৈৱ-ভৰ
(d) জীৱাশ্মজাত ইন্ধন
Ans : (d) জীৱাশ্মজাত ইন্ধন
3. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?
(a) জৈৱ উপাদান
(b) নিউক্লীয় শক্তি
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
Ans : (b) নিউক্লীয় শক্তি
4. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰিৰ
(b) নিউক্লীয় শক্তি
(c) গোবৰ গেছ
(d) কয়লা
Ans : (b) নিউক্লীয় শক্তি
5. তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?
(a) জীৱাশ্মজাত ইন্ধন
(b) তাপভিত্তিক শক্তি প্রকল্প
(c) জলশক্তি প্রকল্প
(d) সৌৰশক্তি
Ans : (d) সৌৰশক্তি
6. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) গোবৰ গেছ
(c) কয়লা
(d) নিউক্লীয় শক্তি
Ans : (d) নিউক্লীয় শক্তি
7. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান
Ans : (c) নিউক্লীয় শক্তি
8. পেট্ৰ’ল আৰু ডিজেল হৈছে—
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ নকৰা শক্তিৰ উৎস
(c) শক্তিৰ মুখ্য উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
Ans : (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
9. পেট্ৰ’লিয়ামৰ পাতনত জড়িত এটা প্রক্রিয়া হৈছে—
(a) ঘনীভৱন
(b) বাষ্পীভৱন
(c) পাতন
(d) তৰলীকৰণ
Ans : (b) বাষ্পীভৱন
10. এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—
(a) 65%
(b) 78%
(c) 95%
(d) 99%
Ans : (c) 95%
11. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো—
(a) খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ
(b) কেল’ৰি মান বঢ়াবলৈ
(c) আঁতৰাবলৈ
(d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ
Ans : (d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ
12. এল. পি. জিক সংৰক্ষিত কৰা হয়—
(a) উচ্চ চাপত
(b) কম উষ্ণতাত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰত উল্লেখ কৰা আটাইকেইটা
Ans : (a) উচ্চ চাপত
13. নিউক্লীয় শক্তি উৎপাদন কৰা হয়—
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা
Ans : (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
14. প্লাষ্টিকবোৰ—
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি
(c) জীৱনমনীয়
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস
Ans : (a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
15. তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে—
(a) এক্টিন
(b) বিউটিন
(c) বিউটেন
(d) পেন্টেন
Ans : (c) বিউটেন
16. কিহৰ পৰা ক’ক উৎপন্ন হয়—
(a) পেট্রলিয়াম
(b) বিটুমিনাচ কয়লা
(c) কাঠ কয়লা
(d) আয়ন
Ans : (b) বিটুমিনাচ কয়লা
17. তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি—
(a) জোৱাৰ শক্তি
(b) ভূতাপীয় শক্তি
(c) তৰংগ শক্তি
(d) মহাসামূদ্রিক তাপীয় শক্তি
Ans : (b) ভূতাপীয় শক্তি
18. তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস—
(a) জীৱাশ্ম ইন্ধন
(b) তাপভিত্তিক শক্তি প্রকল্প
(c) জলশক্তি প্রকল্প
(d) নিউক্লীয় শক্তি
Ans : (c) জলশক্তি প্রকল্প
19. সেউজ গৃহ গেছটো হ’ল—
(i) কার্বন ডাই অক্সাইড
(ii) মিথেন
(iii) ছালফাৰ ডাই অক্সাইড
(iv) নাইট্ৰ’জেন ডাই অক্সাইড
শুদ্ধ উত্তৰটো হ’ল
(a) (i)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)
Ans : (b) (i), (ii)
20. জৈৱ-গেছত থকা মিথেনৰ শতকৰা পৰিমাণ—
(a) 50%
(b) 75%
(c) 80%
(d) 95%
Ans : (b) 75%
21. জৈৱ-গেছ এটা উত্তম ইন্ধন। কাৰণ—
(i) ইয়াৰ উত্তাপন ক্ষমতা বেছি
(ii) ই ধোঁৱাবিহীনভাৱে জ্বলে
(iii)ই দহনৰ পিছত কোনো অৱশিষ্ট নেৰে
(iv) ইয়াত 75% পর্যন্ত মিথেন থাকে
শুদ্ধ উত্তৰটো হ’ল
(a) আটাইবোৰ
(b) (i), (ii), (iii)
(c) (iv)
(d) (i)
Ans : (a) আটাইবোৰ
22. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছে এটা—
(a) ৰৌদ্রোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন
Ans : (b) ডাৱৰীয়া দিন
No comments:
Post a Comment