Redirect Image

js

Sunday, November 23, 2025

বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া MCQ

 


1. চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য一

(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।

(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।

(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।

Ans : (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।


2. প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল 一

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(d) ওপৰৰ এটাও নহয়।

Ans : (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি


3. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য 一

(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম।

(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা।

(c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

(d) কুণ্ডলীত প্ৰবাহৰ মান’ বঢ়ালে কুণ্ডলীৰ অন্তর্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে ।

Ans : (c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।


4. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহমুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—

(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।

(b) চৌম্বক ক্ষেত্ৰখনৰ মান

(c) পৰিবাহীৰ দৈৰ্ঘ্য

(d) ওপৰৰ আটাইকেইটা।

Ans : (d) ওপৰৰ আটাইকেইটা।


5. চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল一

(a) চৌম্বক ক্ষেত্ৰৰ দিশ

(b) পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ

(c) (a) আৰু (b) দুয়োটা

(d) ওপৰৰ এটাও নহয়

Ans : (c) (a) আৰু (b) দুয়োটা


6. চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(d) ওপৰৰ এটাও নহয়।

Ans : (b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি


7. এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়?

(a) বৃহৎ সংখ্যক পাকৰ কুণ্ডলী

(b) স্থায়ী চুম্বক

(c) আৰ্মেচাৰ

(d) ব্ৰাছ

Ans : (b) স্থায়ী চুম্বক


8. বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল一

(a) গেলভেন’মিটাৰ

(b) এমিটাৰ

(c) ভল্টমিটাৰ

(d) ওপৰৰ এটাও নহয়।

Ans : (a) গেলভেন’মিটাৰ


9. চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল一

(a) কুণ্ডলীৰ গতিৰ দিশ

(b) চৌম্বক ক্ষেত্ৰৰ দিশ

(c) (a) আৰু (b) দুয়োটা

(d) ওপৰৰ এটাও নহয়

Ans : (c) (a) আৰু (b) দুয়োটা


10. চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল一

(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

(d) ওপৰৰ এটাও নহয়।

Ans : (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি


11. ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ’ল一

(a) 25Hz

(b) 50Hz

(c) 100Hz

(d) 5Hz

Ans : (b) 50Hz


12. ভাৰতত AC ৰ দিশ সলনি হয় প্রতি—

(a) 0.01 ছেকেণ্ড

(b) 0.02 ছেকেণ্ড

(c) 1 ছেকেণ্ডত

(d) 5 ছেকেণ্ডত

Ans : (a) 0.01 ছেকেণ্ড


13. ভাৰতত সজীৰ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভবভেদৰ মান一

(a) 100V

(b) 250V

(c) 200V

(d) 220V

Ans : (d) 220V


14. প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল一

(a) কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ

(b) কুণ্ডলীৰ ব্যাসাৰ্দ্ধ

(c) কুণ্ডলীৰ পাকৰ সংখ্যা

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


15. এটা AC জেনেৰেটৰত ব্যৱহৃত হয়一

(a) দুটা স্লিপ ৰিং

(b) এটা ফলা আঙুঠি

(c) (a) নাইবা (b)

(d) ওপৰৰ এটাও নহয়

Ans : (a) দুটা স্লিপ ৰিং


16. এটা DC জেনেৰেটৰত ব্যবহৃত হয়一

(a) দুটা স্লিপ ৰিং

(b) এটা ফলা আঙুঠি

(c) (a) নাইবা (b)

(d) ওপৰৰ এটাও নহয়।

Ans : (b) এটা ফলা আঙুঠি


17. তলৰ কোনটোৱে এটা বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কাম কৰে —

(a) আয়তাকাৰ কুণ্ডলী

(b) স্লিপ রিং

(c) ব্ৰাছ

(d) ফলা আঙঠি

Ans : (d) ফলা আঙঠি


18. এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্রতি一

(a) দুটা পাকৰ মূৰ্ত

(b) এটা পাকৰ মূৰত

(c) আধা পাকৰ মূৰত

(d) চাৰি পাকৰ মূৰত

Ans : (b) এটা পাকৰ মূৰত


19. পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে চৌম্বক ক্ষেত্ৰ এখনত ৰখা প্রবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সর্বোচ্চ হ’ব?

(a) 45°

(b) 90°

(c) 120°

(d) 180°

Ans : (b) 90°


20. পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহী এডালত প্ৰয়োগ হোৱা বল শূন্য হ’ব ?

(a) 45°

(b) 90

(c) 60°

(d) 180°

Ans : (d) 180°


23. এটা AC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়?

(a) ফলা আঙুঠি

(b) দুটা সম্পূর্ণ আঙুঠি

(c) ব্ৰাছ

(d) চুম্বক

Ans : (a) ফলা আঙুঠি


24. তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছে?

(a) বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি

(b) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

(d) চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্রয়োগ হয়

Ans : (a) বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি


25. তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে一

(a) বৈদ্যুতিক জেনেৰেটৰ

(b) গেলভেন ‘মিটাৰ

(c) বৈদ্যুতিক মটৰ

(d) এমিটাৰ

Ans : (c) বৈদ্যুতিক মটৰ


26. তলৰ কোনটো সঁজুলিয়ে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে?

(a) বৈদ্যুতিক জেনেৰেটৰ

(b) গেলভেন ‘মিটাৰ

(c) বৈদ্যুতিক মটৰ

(d) এমিটাৰ

Ans : (a) বৈদ্যুতিক জেনেৰেটৰ


27. চৌম্বক ক্ষেত্ৰ আৰু চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাৰ গতিৰ দিশৰ মাজৰ তলৰ কোনটো কোণৰ বাবে কুণ্ডলীত আৱিষ্ট প্রবাহ সর্বোচ্চ হয় ?

(a) 60°

(b) 90°

(c) 45°

(d) 180°

Ans : (b) 90°


28. ঘৰুৱা বৰ্তনীত তলৰ কোনটো এটা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ব্যৱহাৰ হয় যাতে সঁজুলিৰ ধাতৱ শৰীৰলৈ নিঃসৰিত প্রবাহে ব্যৱহাৰ কৰাজনক প্রচণ্ড বৈদ্যুতিক আঘাত নিদিয়ে一

(a) সজীৱ তাঁৰ

(b) উদাসীন তাঁৰ

(c) ফিউজ

(d) ভূমি সংলগ্ন তাৰ

Ans : (d) ভূমি সংলগ্ন তাৰ


29. হ্রস্ব বর্তনী বা অভাৰলোডিং হোৱাৰ পৰা বৰ্তনীসমূহক সুৰক্ষা দিবলৈ ঘৰুৱা বৰ্তনীত তলৰ কোনটো সুৰক্ষামূলক ব্যৱস্থা লোৱা হয় ?

(a) সজীৱ তাঁৰ

(b) উদাসীন তাঁৰ

(c) ফিউজ

(d) ভূমি সংলগ্ন তাঁৰ

Ans : (c) ফিউজ


30. এটা বৈদ্যুতিক মটৰত ব্যৱহাৰ হয়一

(i) স্থায়ী চুম্বক

(ii) এটা ঘূর্ণায়মান কুণ্ডলী

(iii) দুটা পূর্ণ আঙুঠি

(iv) এটা ফলা আঙুঠি

শুদ্ধ উত্তৰটো হ’ল

(a) (i), (ii), (iii)

(b) (i), (ii)

(c) কেৱল (iv)

(d) (i), (ii), (iv)

Ans : (d) (i), (ii), (iv)


31. এটা DC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়?

(a) ফলা আঙুঠি

(b) দুটা সম্পূর্ণ আঙুঠি

(c) ব্ৰাছ

(d) চুম্বক

Ans : (b) দুটা সম্পূর্ণ আঙুঠি

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...