1. প্রপেনৰ অণু এটাত থাকে一
(a) 10 সহযোজী বান্ধনি
(b) 9 সহযোজী বান্ধনি
(c) 11 সহযোজী বান্ধনি
(d) 8 সহযোজী বান্ধনি
Ans : (a) 10 সহযোজী বান্ধনি
2. বিউটেনৰ অণু এটাত থাকে一
(a) 9 সহযোজী বান্ধনি
(b) 4 সহযোজী বান্ধনি
(c) 13 সহযোজী বান্ধনি
(d) 10 সহযোজী বান্ধনি
Ans : (c) 13 সহযোজী বান্ধনি
3. তিনি-কার্বনযুক্ত যৌগ প্রপানেলত থকা কাৰ্যকৰী মূলকটো হ’ল一
(a) কিট’ন
(b) এলক’হল
(c) এলডিহাইড
(d) হেল’জেন
Ans : (c) এলডিহাইড
4. তলৰ কোনটো যৌগৰ কাৰ্বন পৰমাণুবোৰৰ মাজত কেবল এক বান্ধনি আছে?
(a) C_2H_4
(b) C_2H_6
(c) C_3H_6
(d) C_5H_{10}
Ans : (b) C_2H_6
5. ডলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি আছে?
(a) C_2H_4
(b) C_2H_6
(c) C_3H_8
(d) C_5H_{12}
Ans : (a) C_2H_4
6. তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত ?
(a) CnH2n+2
(b) CnH4n
(c) CnH2n-2
(d) CnH2n
Ans : (a) CnH2n+2
7. তলৰ কোনটো এলকিনৰ সাধাৰণ সংকেত ?
(a) CnH2n+2
(b) CnH4n
(c) CnH2n-2
(d) CnH2n
Ans : (d) CnH2n
8. তলৰ কোনটো একলাইনবোৰৰ সাধাৰণ সংকেত ?
(a) CnH2n+2
(b) CnH4n
(c) CnH2n-2
(d) CnH2n
Ans : (c) CnH2n-2
9. কার্বনে অজস্ৰ প্ৰকাৰৰ যৌগ গঠন কৰাৰ কাৰণ –
(i) কেটিনেচন
(ii) কার্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ
(iii) কাৰ্বনৰ চতুৰ্যোজ্যতা
(iv) কাৰ্বনৰ শক্তিশালী বান্ধনিৰ গঠন
ইয়াৰ শুদ্ধ কিয়াটো হ’ল
(a) (i), (ii)
(b) (ii), (iii)
(c) (i), (iv)
(d) (i), (iii)
Ans : (d) (i), (iii)
10. গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানল উত্তপ্ত কৰিলে উৎপন্ন হয়一
(a) ছ’ডিয়াম ইথ’ক্সাইড আৰু হাইড্ৰ’জেন
(b) ইথিন আৰু পানী
(c) ছ’ডিয়াম ইথান’য়েট আৰু পানী
(d) এষ্টাৰ
Ans : (b) ইথিন আৰু পানী
11. অতিৰিক্ত গাঢ় ছালফিউৰিক এছিডৰ লগত ইথানলে বিক্ৰিয়া কৰি ইথিন উৎপন্ন কৰা প্ৰক্ৰিয়াত গাঢ় ছালফিউৰিক এছিডে তলৰ কোনটো হিচাপে কাম কৰে ?
(a) জাৰক পদাৰ্থ
(b) বিজাৰক পদার্থ
(c) অনুঘটক
(d) নিৰুদক পদার্থ
Ans : (d) নিৰুদক পদার্থ
12. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এছিড বুলি অভিহিত কৰিবা?
(a) বিশুদ্ধ ইথানয়িক এছিড
(b) ভিনেগাৰ
(c) লঘু ইথানয়িক এছিড
(d) ওপৰৰ আটাইকেইটা
Ans : (a) বিশুদ্ধ ইথানয়িক এছিড
13.
ছ’ডিয়াম হাইড্রক্সাইডৰ লগত বিক্ৰিয়া ঘটি এষ্টাৰ পুনৰ এলক’হল আৰু
কার্বক্সিলিক এচিডৰ ছ’ডিয়াম লৱণলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটোক বোলা হয়一
(a) এষ্টাভিৱন
(b) চেপ’নিফিকেচন
(c) হাইড্ৰ’জেনেচন
(d) কেটিনেচন
Ans : (b) চেপ’নিফিকেচন
14. কার্বক্সিলিক এচিড আৰু এলক’হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল一
(a) ইথ’ক্সাইড
(b) ছ’ডিয়াম ই থান’য়েট
(c) এষ্টাৰ
(d) ছ’ডিয়াম কার্বনেট
Ans : (c) এষ্টাৰ
15. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো ৰিক্ৰিয়াৰ উদাহৰণ ?
(a) এষ্টাভিবন
(b) চেপনিফিকেচন
(c) প্রতিস্থাপন
(d) হাইড্ৰ’জেনেচন
Ans : (d) হাইড্ৰ’জেনেচন
16. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো হল一
(a) প্রতিস্থাপন
(b) যোগাত্মক
(c) জাৰণ
(d) বিজাৰণ
Ans : (c) জাৰণ
17. পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে ?
(a) নীলা
(b) লগীয়া
(c) ধোঁৱাযুক্ত
(d) ৰঙা
Ans : (a) নীলা
18. এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল一
(a) 12u
(b) 1u
(c) 14u
(d) 2u
Ans : (c) 14u
19. সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উলাংক ক্রমে
(a) বৃদ্ধি হয়
(b) হ্রাস পায়
(c) একে থাকে
(d) এটাও নহয়
Ans : (a) বৃদ্ধি হয়
20. ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল一
(a) CO_2
(b) H_2
(c) O_2
(d) C
Ans : (b) H_2
21. বিউটেন ( C_4H_1 ) ৰ গঠন সমযোজীৰ সংখ্যা一
(a) 2
(b) 3
(c) 0
(d) 1
Ans : (a) 2
22. কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়一
(a) প্রতিস্থাপন
(b) এষ্টাভিৱন
(c) কেটিনেচন
(d) চেপনিফিকেচন
Ans : (c) কেটিনেচন
23. তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ一
(a) চাইক্ল’হেক্সেন
(b) চাইক্ল ‘বিউটেন
(c) চাইক্ল’পেন্টেন
(d) বেনজিন
Ans : (d) বেনজিন
24. এডাল হাইড্র’কার্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্রতিস্থাপিত হোৱা অনাকার্বন মৌলটোক বোলা হয়一
(a) বিষম পৰমাণু
(b) সমগণ
(c) কাৰ্যকৰী মূলক
(d) সমযোজী
Ans : (a) বিষম পৰমাণু
25. পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা一
(a) 2
(b) 3
(c) 4
(d) 5
Ans : (b) 3
26. ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কার্বন ইথিন প্রস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যবহৃত হয় –
(a) লঘু HCl
(b) গাঢ় HCl
(c) গাঢ় H_2SO_4
(d) লঘু H_2SO_4
Ans : (c) গাঢ় H_2SO_4
No comments:
Post a Comment